প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মাতৃভাষাত চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰম্ভ হোৱা কাৰ্যৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
16 OCT 2022 7:07PM by PIB Guwahati
ভূপালত হিন্দী ভাষাত চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰম্ভ হোৱা কাৰ্যৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে এই ঐতিহাসিক পদক্ষেপে লাখ লাখ শিক্ষাৰ্থীক নিজৰ ভাষাত চিকিৎসা বিজ্ঞানৰ শিক্ষা লাভ কৰাত উপকৃত কৰিব আৰু দেশত এক ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব। তেওঁ আৰু কয় যে এই পদক্ষেপে শিক্ষাৰ্থীসকলৰ বাবে সুযোগৰ একাধিক দুৱাৰ মুকলি কৰিব।
গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰত এই শুভাৰম্ভিণিয়ে দেশত এক বৃহত্ ইতিবাচক পৰিৱৰ্তন সাধন কৰিব। ইয়াৰ জৰিয়তে, লাখ লাখ শিক্ষাৰ্থীয়ে তেওঁলোকৰ ভাষাত চিকিৎসা বিজ্ঞানৰ শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ বাবে অনেক সুযোগৰ দুৱাৰ মুকলি হ'ব।"
***
DS/TS/KG
(ৰিলিজ আই ডি : 1868711)
অতিথি কক্ষ : 133
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam