প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অমিতাভ বচ্চনৰ ৮০ তম জন্মদিনত শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 11 OCT 2022 11:02AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অমিতাভ বচ্চনক তেওঁৰ ৮০ তম জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, অমিতাভ বচ্চন হৈছে ভাৰতৰ সবাতোকৈ অনন্য এক চলচ্চিত্ৰ ব্যক্তিত্ব, যিয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি দৰ্শকক আকৰ্ষিত কৰি আহিছে, আৰু মনোৰঞ্জন দিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"অমিতাভ বচ্চন জীক ৮০ তম জন্মদিনৰ শুভেচ্ছা জনাইছো। তেওঁ ভাৰতৰ সবাতোকৈ অনন্য চলচ্চিত্ৰ ব্যক্তিত্ববোৰৰ মাজৰ এগৰাকী, যিয়ে দৰ্শকসকলক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মন্ত্ৰমুগ্ধ কৰি ৰাখিছে, মনোৰঞ্জন দি আহিছে। তেওঁৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছো।

 

*****

DS/SH/RD


(रिलीज़ आईडी: 1867159) आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Gujarati , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam