প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘ক’ভিড-১৯’ কালৰ প্ৰাক মুহূৰ্তৰ পৰা সৰ্বাধিক সংখ্যক যাত্ৰীৰ অভিলেখ গঢ়াৰ বাবে অসামৰিক বিমান পৰিবহণক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
11 OCT 2022 10:26AM by PIB Guwahati
দৈনিক ৪ লাখ যাত্ৰীৰ সংখ্যা স্পৰ্শ কৰাই কেৱল নহয়, বৰং ‘ক’ভিড-১৯’ কালৰ প্ৰাকমুহূৰ্তৰ পৰা এই পৰ্যন্ত সৰ্বাধিক সংখ্যক যাত্ৰীৰ অভিলেখ ৰচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসামৰিক বিমান পৰিবহণক উচ্চ প্ৰশংসা কৰিছে। শ্ৰী মোদীয়ে আৰু কয় যে ‘স্বাচ্ছন্দ্যপূৰ্ণ জীৱন’ আৰু ‘অৰ্থনৈতিক প্ৰগতি’ৰ বাবে অতিকে প্ৰয়োজনীয় বুলি বিবেচিত দেশৰ সকলো প্ৰান্তকে সামৰি যোগাযোগ ব্যৱস্থাক আৰু উন্নত কৰি তোলাটোত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব।
অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াৰ এক ‘টুইট’ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়;
“খুবেই ভাল সংকেত! ‘স্বাচ্ছন্দ্যপূৰ্ণ জীৱন’ আৰু ‘অৰ্থনৈতিক প্ৰগতি’ৰ বাবে অতিকে প্ৰয়োজনীয় বুলি বিবেচিত দেশৰ সকলো প্ৰান্তকে সামৰি যোগাযোগ ব্যৱস্থাক আৰু উন্নত কৰি তোলাটোত বিশেষ গুৰুত্ব আৰোপ কৰাটোৱেই হৈছে আমাৰ লক্ষ্য”।
***
DS/SH
(रिलीज़ आईडी: 1866991)
आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam