প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইণ্ডিয়া ম’বাইল কংগ্ৰেছ আৰু ভাৰতত ৫জি সেৱাৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Posted On: 01 OCT 2022 5:30PM by PIB Guwahati

এই ঐতিহাসিক ক্ষণত উপস্থিত মোৰ কেবিনেট সতীৰ্থসকল, দেশৰ ঔদ্যোগিক জগতখনৰ প্ৰতিনিধিসকল, আন-আন বিশিষ্ট ব্যক্তিসকল, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল!

এই সন্মিলনখনি বৈশ্বিক যদিও ইয়াৰ কণ্ঠ স্থানীয়। তদুপৰি ইয়াৰ আৰম্ভণিও স্থানীয়। আজিৰ দিনটোৱে ২১ শতিকাৰ উন্নয়নশীল ভাৰতৰ সম্ভাৱনাক প্ৰতিফলিত কৰিছে। ‘আজাদী কা অমৃত মহোৎসৱ’ ৰ এই সময়ছোৱাত ২০২২ ৰ ১ অক্টোবৰ তাৰিখটো ইতিহাসত লিপিবদ্ধ হৈ থাকিব। দ্বিতীয়তে আৰম্ভ হৈছে নৱৰাত্ৰিৰ পৱিত্ৰ উপলক্ষ। এই উৎসৱত ‘শক্তি’ ক পূজা কৰা হয়। একেদৰে ২১ শতিকাৰ সৰ্ববৃহৎ শক্তিৰো আজি শুভাৰম্ভেৰে ভাৰতক এক নতুন শিখৰলৈ নিয়া হৈছে। আজি দেশ আৰু দেশৰ টেলিকম উদ্যোগৰ জৰিয়তে ১৩০ কোটি ভাৰতীয়ই ৫জি ৰ ৰূপত এক সুন্দৰ উপহাৰ লাভ কৰিছে। ইয়াৰ লগে-লগে দেশত ৫জি ৰ নতুন যুগৰ আৰম্ভ হৈছে। ৫জি হৈছে সুযোগৰ অসীম সম্ভাৰৰ এক আৰম্ভণি। এয়া লাভৰ বাবে প্ৰতিজন ভাৰতীয়কে অভিনন্দন জনাইছো।

 

বন্ধুসকল,

গৌৰৱৰ এই মুহূৰ্তত মই এটা কথা সন্তোষেৰে ক’ব খুজিছো যে ৫জি ৰ প্ৰচলন হোৱাৰ লগে-লগে গ্ৰামাঞ্চলৰ বিদ্যালয়, গাওঁ, শ্ৰমিক আৰু দুৰ্বল লোকসকলৰ সন্তানেও আমাৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিছে। অলপ পূৰ্বে উত্তৰ প্ৰদেশৰ গ্ৰামাঞ্চলৰ এখন বিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ সৈতে ৫জি হ’ল’গ্ৰাম প্ৰযুক্তিৰ জৰিয়তে চিনাকি হৈছিলো। ২০১২ ৰ নিৰ্বাচনত মই হ’ল’গ্ৰামৰ জৰিয়তে প্ৰচাৰ অব্যাহত ৰাখোতে সেয়া আছিল বিশ্ববাসীৰ বাবে এক আশ্চৰ্য্যৰ বিষয়। আজি এই প্ৰযুক্তি প্ৰত্যেক গৃহস্থীত উপনীত হৈছে। মই উপলব্ধি কৰো যে নতুন প্ৰযুক্তিয়ে তেওঁলোকৰ বাবে শিক্ষাৰ অৰ্থ সলনি কৰিছে। একেদৰে ৫জি ৰ জৰিয়তে আনকি গুজৰাট, মহাৰাষ্ট্ৰ আৰু ওড়িশাৰ গাঁৱসমূহৰ প্ৰত্যন্ত বিদ্যালয়সমূহৰ শিশুসকলেও শীৰ্ষ বিশেষজ্ঞৰ সৈতে শ্ৰেণীকোঠাত নতুন-নতুন কথা শিকিছে। তেওঁলোকে নতুন যুগৰ শ্ৰেণীকোঠা লাভ কৰাটো সঁচাকৈয়ে এক ৰোমাঞ্চকৰ অভিজ্ঞতা।

 

বন্ধুসকল,

৫জি সন্দৰ্ভত ভাৰতৰ প্ৰচেষ্টাই সকলোৰে বাবে আন এক বাৰ্তা বহন কৰিছে। সেয়া হৈছে নব্য ভাৰত কেৱল প্ৰযুক্তিৰ গ্ৰাহকেই নহয়, বৰঞ্চ এনে প্ৰযুক্তিৰ বিকাশ আৰু কাৰ্য্যকৰীকৰণত ভাৰতে অতিশয় সক্ৰিয় ভূমিকা পালন কৰিব। ভৱিষ্যতৰ ৱাইৰলেছ প্ৰযুক্তিৰ ডিজাইনৰ লগতে ইয়াৰে জড়িত উৎপাদন ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ২জি, ৩জি আৰু ৪জি ৰ যুগত প্ৰযুক্তিৰ বাবে ভাৰত অন্য দেশৰ ওপৰত নিৰ্ভৰশীল আছিল। কিন্তু ৫জি ৰ জৰিয়তে ভাৰতে এক নতুন ইতিহাস ৰচনা কৰিছে। ৫জি ৰ জৰিয়তে ভাৰতে প্ৰথমবাৰৰ বাবে টেলিকম প্ৰযুক্তিৰ ক্ষেত্ৰত বৈশ্বিক মানদণ্ড নিৰ্ধাৰণ কৰিছে। ভাৰতে আনতকৈ আগত অৱস্থান গ্ৰহণ কৰিছে। আজি ইন্টাৰনেট ব্যৱহাৰ কৰা প্ৰতিজন ব্যক্তিয়ে বুজি পাইছে যে ৫জি য়ে ইন্টাৰনেটৰ সমগ্ৰ ফ্ৰেমৱৰ্ক সলনি কৰিব। সেইবাবেই আজি ৫জি য়ে ভাৰতৰ যুৱ-প্ৰজন্মৰ বাবে কঢ়িয়াই আনিছে অপাৰ সুযোগ। মই আনন্দিত যে এখন উন্নত ভাৰতৰ সংকল্পৰে আগবাঢ়ি যোৱা আমাৰ দেশখনে বিশ্বৰ আন দেশসমূহৰ সৈতে খোজ মিলাই অগ্ৰসৰ হৈছে। ভাৰতৰ বাবে, লগতে ডিজিটেল ইণ্ডিয়া অভিযানৰ বাবে এয়া এক বৃহৎ সফলতা।

 

বন্ধুসকল,

ডিজিটেল ইণ্ডিয়াৰ কথা ক’লে একাংশই ইয়াক কেৱল এখনি চৰকাৰী আঁচনি বুলি ভাৱে। কিন্তু ডিজিটেল ইণ্ডিয়া কেৱল এটা নাম নহয়, বৰঞ্চ ই দেশখনৰ উন্নয়নৰ বাবে এক বৃহৎ দৃষ্টি। এই দৃষ্টিৰ লক্ষ্য হৈছে এনে প্ৰযুক্তিক সাধাৰণ জনতাৰ মাজলৈ লৈ যোৱা, যিয়ে জনসাধাৰণৰ বাবে কাম কৰে আৰু জনসাধাৰণৰ সৈতে সংযোগ স্থাপন কৰে। মোৰ এতিয়াও মনত আছে, ম’বাইল খণ্ডৰ সৈতে জড়িত এই দৃষ্টিৰ বাবে কৌশলৰ কথা ব্যক্ত কৰোতে মই পুনৰবাৰ কৈছিলো যে আমাৰ পদ্ধতি আংশিক নহৈ সামগ্ৰিক হ’ব লাগে। ডিজিটেল ইণ্ডিয়াৰ সফলতাৰ বাবে এই খণ্ডটোৰ সকলো মাত্ৰা একেলগে সামৰি লোৱাটো প্ৰয়োজনীয় আছিল। গতিকে, আমি একেলগে ৪ টা স্তম্ভ আৰু চাৰিটা দিশত মনোনিৱেশ কৰিছিলো। প্ৰথম - ডিভাইচৰ খৰচ, দ্বিতীয় - ডিজিটেল সংযোগ, তৃতীয় - ডাটাৰ খৰচ, চতুৰ্থ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল - 'ডিজিটেল প্ৰথম' ধাৰণা।

 

বন্ধুসকল,

প্ৰথম স্তম্ভটো অৰ্থাৎ ডিভাইচটোৰ মূল্যৰ কথা আহিলে এটা কথা অতিশয় স্পষ্ট হৈ পৰে; আমি আত্মনিৰ্ভৰশীল হ’লেহে এটা ডিভাইচৰ খৰচ কমিব পাৰে। আপোনালোকৰ নিশ্চয় মনত আছে যে মই আত্মনিৰ্ভৰশীলতাৰ কথা কওঁতে বহুতে মোক ঠাট্টা কৰিছিল। ২০১৪ লৈকে আমি বহিঃৰাষ্ট্ৰৰপৰা প্ৰায় ১০০ শতাংশ ম’বাইল ফোন আমদানি কৰিছিলো। সেয়েহে আমি এই খণ্ডত আত্মনিৰ্ভৰশীল হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো। আমি ম’বাইল প্ৰস্তুতৰ ইউনিট বৃদ্ধি কৰিলো। ২০১৪ ত দেশত মাত্ৰ ২ টা ম’বাইল প্ৰস্তুতৰ ইউনিট আছিল অৰ্থাৎ ৮ বছৰ পূৰ্বে ইয়াৰ সংখ্যা মাত্ৰ ২ টা আছিল। কিন্তু এতিয়া এই সংখ্যা ২০০ ৰোধিক। ভাৰতত ম’বাইলৰ উৎপাদন বৃদ্ধি কৰিবলৈ আমি ইনচেনটিভ প্ৰদানেৰে ব্যক্তিগত খণ্ডক উৎসাহিত কৰিলো। আজি পিএলআই আঁচনিৰে এই পদক্ষেপক সম্প্ৰসাৰিত কৰা হৈছে। এই প্ৰচেষ্টাৰ ফল অতি ইতিবাচক ৰূপত লাভ কৰা হৈছে। আজি ম’বাইল ফোন উৎপাদনত ভাৰতে বিশ্বৰ ভিতৰত ২ নং স্থান দখল কৰিছে। তদুপৰি, পূৰ্বে আমি ম’বাইল আমদানি কৰিছিলো। ইয়াৰ বিপৰীতে আজি আমি সমগ্ৰ বিশ্বলৈ ম’বাইল ৰপ্তানি কৰিছো। কল্পনা কৰকচোন! ২০১৪ ত ম’বাইল ফোনৰ ৰপ্তানি শূন্য হোৱাৰ বিপৰীতে আজি আমি হাজাৰ কোটি টকাৰ ম’বাইল ৰপ্তানিকাৰী এখন দেশত পৰিণত হৈছো। আমি এখন ৰপ্তানীকাৰী দেশ হৈ পৰিছো। স্বাভাৱিকতে এই সকলোবোৰ প্ৰচেষ্টাই ডিভাইচটোৰ খৰচ হ্ৰাস কৰিছে। এতিয়া আমি কম খৰচত অধিক সুবিধা লাভ কৰিছো।

 

বন্ধুসকল,

ডিভাইচৰ ব্যয়ৰ পিছত আমি কাম কৰি থকা দ্বিতীয়টো স্তম্ভ হ’ল ডিজিটেল সংযোগ। আপোনালোক অৱগত যে যোগাযোগ খণ্ডৰ প্ৰকৃত শক্তি সংযোগত নিহিত হৈ আছে। যিমানে বেছি জনতাক সংযোগ কৰিব, সিমানেই খণ্ডটোৰ বাবে ভাল। আমি ব্ৰডবেণ্ড সংযোগৰ কথা ক’লে ইয়াৰ ২০১৪ ত ৬ কোটি ব্যৱহাৰকাৰী আছিল। আজি তেওঁলোকৰ সংখ্যা ৮০ কোটিৰো অধিক হৈছেগৈ। ইন্টাৰনেট সংযোগৰ সংখ্যাৰ কথা ক’বলৈ গ’লে ২০১৪ ত ২৫ কোটি ইন্টাৰনেট সংযোগ আছিল যদিও আজি এই সংখ্যা প্ৰায় ৮৫ কোটিত উপনীত হৈছে। ইয়াৰোপৰিও মন কৰিবলগীয়া কথাটো হৈছে যে আজি আমাৰ গ্ৰামাঞ্চলসমূহত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা চহৰসমূহত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যাতকৈ ক্ষীপ্ৰতাৰে বৃদ্ধি পাইছে। আৰু এনে হোৱাৰ বিশেষ কাৰণ আছে। ২০১৪ ত অপ্টিকেল ফাইবাৰে দেশখনৰ ১০০ তকৈয়ো কম পঞ্চায়তত উপনীত হোৱাৰ বিপৰীতে আজি অপ্টিকেল ফাইবাৰ এক লাখ ৭০ হাজাৰৰো অধিক পঞ্চায়তত উপনীত হৈছে। এতিয়া ১০০ ক এক লাখ ৭০ হাজাৰৰে তুলনা কৰক! ঠিক যেনেকৈ চৰকাৰখনে প্ৰতিঘৰ গৃহস্থীতে বিদ্যুৎ যোগানৰ অভিযান আৰম্ভ কৰিছিল, ঠিক তেনেকৈ হৰ ঘৰ জল অভিযানৰ জৰিয়তে সকলোকে বিশুদ্ধ পানী যোগানৰ কাম কৰিছিল, উজ্জ্বলা আঁচনিৰ জৰিয়তে দৰিদ্ৰতম লোকসকলক ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰা হয় আৰু কোটি-কোটি লোকক জন ধন যোজনাৰ জৰিয়তে সংযোগ কৰা হৈছে। একেদৰে আমাৰ চৰকাৰে ‘সকলোৰে বাবে ইন্টাৰনেট’ ৰ লক্ষ্যৰে কাম কৰি আছে।

 

বন্ধুসকল,

ডিজিটেল সংযোগৰ সম্প্ৰসাৰণৰ লগে-লগে তথ্যৰ বাবে ব্যয়ো সমানেই গুৰুত্বপূৰ্ণ হৈ পৰে। এয়া আছিল ডিজিটেল ইণ্ডিয়াৰ তৃতীয় স্তম্ভ যাৰ ওপৰত আমি পূৰ্ণ শক্তিৰে কাম কৰিছো। টেলিকম খণ্ডলৈ অহা সকলো বাধা আমি আঁতৰ কৰিছো। ইয়াৰ পূৰ্বে টেলিকম খণ্ডটোৱে দৃষ্টিহীনতা আৰু স্বচ্ছতাৰ অভাৱত বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ৪জি প্ৰযুক্তিৰ সম্প্ৰসাৰণৰ বাবে আমি আগবঢ়োৱা নীতিগত সমৰ্থন সন্দৰ্ভত আপোনালোক জ্ঞাত। ইয়াৰ ফলত তথ্যৰ ব্যয় বহু পৰিমাণে হ্ৰাস পায় আৰু দেশত ডাটা বিপ্লৱৰ সূচনা হয়। এই তিনিটা কাৰক প্ৰত্যক্ষ কৰি, যথাঃ ডিভাইচৰ খৰচ, ডিজিটেল সংযোগ আৰু ডাটাৰ খৰচ – ইয়াৰ বহুগুণক প্ৰভাৱ সকলোতে দেখা পোৱা গৈছে।

 

কিন্তু বন্ধুসকল,

এইসমূহৰ বাহিৰেও আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে দেশখনত গঢ় লৈ উঠা ‘ডিজিটেল ফাৰ্ষ্ট’ ৰ ধাৰণা। এটা সময়ত অভিজাত শ্ৰেণী , পণ্ডিত শ্ৰেণীৰ এমুঠিমান লোকে সদনৰ কিছুমান ভাষণ চাই ঠাট্টা কৰিছিল। আগতে তেওঁলোকে ভাবিছিল যে দুখীয়া মানুহে ডিজিটেল গ্ৰহণৰ ক্ষমতা নাই বা তেওঁলোকে ডিজিটেলক বুজিব নোৱাৰে। আগতে তেওঁলোকে সন্দেহ কৰিছিল। তেওঁলোকে সন্দেহ কৰিছিল যে দুখীয়া মানুহে ডিজিটেলৰ অৰ্থও বুজি নাপাব। কিন্তু দেশৰ সাধাৰণ মানুহৰ বুদ্ধি আৰু তেওঁলোকৰ অনুসন্ধিৎসু মনটোৰ ওপৰত মোৰ সদায় আস্থা আছে। নতুন প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্ৰত দৰিদ্ৰ ভাৰতীয়সকলো আগবাঢ়ি অহা দেখিছো আৰু এইখিনিতে এটা অভিজ্ঞতা অৱগত কৰিব খুজিছো। সম্ভৱতঃ ২০০৭-০৮ বা ২০০৯-১০ ৰ সময়ছোৱা আছিল। মই গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলো কিন্তু এটা অঞ্চল আছিল য’লৈ মই কেতিয়াও যোৱা নাছিলো। জনজাতীয় অধ্যুষিত অঞ্চল আছিল আৰু অতি পিছপৰা অঞ্চল আছিল। গতিকে, আমি তাত এবাৰ এটা অনুষ্ঠান আয়োজন কৰিছিলো। সেই অঞ্চলটো এনেকুৱা আছিল যে তাত কোনো বৃহৎ প্ৰকল্প ৰূপায়ণৰ অৱকাশ নাছিল। ই আছিল বহুলাংশে এখন বনাঞ্চল-ভূমি। অৱশেষত তাত এটা চিলিং চেন্টাৰ স্থাপনৰ কথা ভৱা হ’ল। এই গাখীৰৰ চিলিং চেন্টাৰটোৰ বাবে ২৫ লাখ টকা ব্যয় কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। মই কৈছিলো, "মই নিজেই ইয়াৰ উদ্বোধন কৰিম। ২৫ লাখ টকাৰ প্ৰজেক্টই হওঁক বা মাত্ৰ ২৫,০০০ টকাৰ প্ৰজেক্টেই হওঁক, কোনো কথা নাই।“ এতিয়া মানুহে অনুভৱ কৰে যে মুখ্যমন্ত্ৰীয়ে ক্ষুদ্ৰ-ক্ষুদ্ৰ প্ৰজেক্ট উদ্বোধন কৰাটো উচিত নহয়। কিন্তু কথাটো তেনেকুৱা নহয়। সেয়ে মই সেই গাওঁখনলৈ গৈছিলো। মই তাত আনকি ৰাজহুৱা সভা পাতিবলৈয়ো ঠাই নাছিল। ঠাইখনৰপৰা ৪ কিলোমিটাৰ দূৰত এখন সৰু খেলপথাৰ আছিল। গতিকে, তাত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছিল। আমি চিলিং চেন্টাৰলৈ যাওঁতে, গাখীৰৰ বাবে শাৰী পাতি থিয় হৈ থকা জনজাতীয় মাতৃ-ভনীহঁতক দেখিছিলো। সেয়ে আমি তালৈ গৈ উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰাৰ সময়ত তেওঁলোকে গাখীৰৰ পাত্ৰবোৰ থৈ ম’বাইলেৰে ফটো তুলিবলৈ ধৰাত ইমান প্ৰত্যন্ত অঞ্চলৰ লোকে ম’বাইলৰ সহায়ত ফটো ক্লিক কৰি থকা কাৰ্য্যত আচৰিত হৈছিলো। সেয়ে মই তেওঁলোকৰ ওচৰলৈ গৈ সুধিলো- "আপোনালোকে এই ফটোসমূহেৰে কি কৰিব?" তেওঁলোকে ক'লে যে তেওঁলোকে 'ডাউনল’ড' কৰিব। এই শব্দকেইটা শুনি মই সঁচাকৈয়ে আচৰিত হ'লো। এয়াই হৈছে আমাৰ দেশৰ গাওঁসমূহৰ শক্তি। দৰিদ্ৰ মাতৃ-ভনীসকলৰ শক্তি। তেওঁলোকৰ মুখৰপৰা ওলোৱা ‘ডাউনল’ড’ শব্দটোৱে তেওঁলোকৰ বুদ্ধিমত্তা আৰু নতুন-নতুন কথা শিকাৰ বিষয়ে আমাক এক ধাৰণা দিয়ে। মই কালি গুজৰাটত আছিলো। আম্বাজী তীৰ্থ এলেকা চাবলৈ যাওঁতে বাটত সৰু-সৰু গাওঁ প্ৰত্যক্ষ কৰিছিলো। আধাতকৈ অধিক লোকে ম’বাইলেৰে ভিডিঅ’ ৰেকৰ্ডিং কৰি আছিল। এয়াই হৈছে আমাৰ দেশৰ শক্তি! আমি এই ক্ষমতাক আওকাণ কৰিব নোৱাৰো আৰু দেশৰ অভিজাত শ্ৰেণীৰ একাংশ লোকেহে আমাৰ দুখীয়া ভাই-ভনীসকলক বিশ্বাস নকৰে। অৱশেষত আমি ‘ডিজিটেল প্ৰথম’ ৰ দৃষ্টিৰে আগবাঢ়ি যাবলৈ সক্ষম হ’লো। চৰকাৰখনে নিজেই আগবাঢ়ি গৈ ডিজিটেল পেমেন্টৰ পথ সহজ কৰি তুলিছে। চৰকাৰে নিজেই এপটোৰ জৰিয়তে নাগৰিককেন্দ্ৰিক ডেলিভাৰী সেৱাক প্ৰোৎসাহিত কৰিছে। কৃষকৰ কথাই হওঁক বা ক্ষুদ্ৰ দোকানীৰ কথাই হওঁক, আমি এপটোৰ জৰিয়তে তেওঁলোকৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ উপায় প্ৰদান কৰিছো। আজি আপোনালোকে ইয়াৰ ফল দেখিবলৈ পাইছে। আজি প্ৰযুক্তি সঁচা অৰ্থত গণতান্ত্ৰিক হৈ পৰিছে। আপোনালোকেও দেখিছে যে আমাৰ ‘ডিজিটেল ফাৰ্ষ্ট’ পদ্ধতিয়ে দেশৰ জনসাধাৰণক ক’ৰোনা মহামাৰীৰ সময়ত বিশ্বৰ মূল উন্নত দেশসমূহে নিজৰ নাগৰিকক সহায় কৰিবলৈ সংগ্ৰাম কৰি থকাৰ সময়ত দেশবাসীক কিমান সহায় কৰিছিল। টকা, ডলাৰ, পাউণ্ড, ইউৰ’ আৰু সকলো তেওঁলোকৰ কোষাগাৰত আছিল। তেওঁলোকেও পুঁজি আগবঢ়োৱাৰ সিদ্ধান্ত লৈছিল যদিও ৰাইজৰ কাষ চাপিবলৈ কোনো উপায় নাছিল। আনহাতে, ভাৰতে দেশখনৰ নাগৰিকৰ একাউন্টলৈ এটা ক্লিকতে হাজাৰ-হাজাৰ কোটি টকা হস্তান্তৰ কৰিছিল। ডিজিটেল ইণ্ডিয়াৰ শক্তিৰ বাবেই পৃথিৱীখন স্তব্ধ হৈ পৰোতে আমাৰ ল’ৰা-ছোৱালীহঁতে অনলাইন ক্লাছৰ মাধ্যমেৰে পঢ়া-শুনা কৰিছিল। চিকিৎসালয়সমূহে এক অসাধাৰণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও চিকিৎসকসকলে টেলি-মেডিচিনৰ জৰিয়তে তেওঁলোকৰ ৰোগীসকললৈ চিকিৎসা সেৱা আগবঢ়াইছিল। কাৰ্য্যালয়সমূহ বন্ধ হৈ পৰিছিল যদিও ‘ৱৰ্ক ফ্ৰম হ’ম’ অব্যাহত আছিল। আজি আমাৰ ওচৰত ক্ষুদ্ৰ ব্যৱসায়ী, ক্ষুদ্ৰ উদ্যোগী, স্থানীয় শিল্পী, শিপিনীসকল আছে আৰু ডিজিটেল ইণ্ডিয়াই সকলোকে এখন মঞ্চ প্ৰদান কৰিছে। ই এখন বজাৰৰ সৃষ্টি কৰিছে। আজি যদি আপুনি শাক-পাচলিৰ বজাৰ বা স্থানীয় বজাৰলৈ যায়, তেন্তে এজন ক্ষুদ্ৰ পথৰ কাষৰ বেপাৰীয়েও আপোনাক ইউপিআই ৰ সহায়ত ধন দিবলৈ ক’ব। এবাৰ এটা ভিডিঅ’ৰ চাইছিলো য’ত এজন ভিক্ষা খোজা লোকেও ডিজিটেলভাৱে ধনখিনি লৈছিল। ইয়াৰ স্বচ্ছতা অতুলনীয়! এই পৰিৱৰ্তনে সুবিধাসমূহ সহজে লাভ কৰিব পৰা মাত্ৰেকে এজন লোক ক্ষমতাশালী হৈ পৰাকে সূচিত কৰিছে।

 

বন্ধুসকল,

আজি দেশখনে সাক্ষী হোৱা টেলিকম খণ্ডৰ বিপ্লৱে এই কথাই সূচাই যে চৰকাৰখনে সঠিক উদ্দেশ্যৰে কাম কৰা মাত্ৰেকে নাগৰিকৰ আশা-আকাংক্ষা বৃদ্ধি পাবলৈ বেছি সময় নালাগে। এইটোৱেই হৈছে ২জি ৰ উদ্দেশ্য আৰু ৫জি ৰ উদ্দেশ্যৰ মাজৰ পাৰ্থক্য। কেতিয়াও নোপোৱাতকৈ পলমকৈয়ে ভাল। ভাৰত আজি বিশ্বৰ সস্তীয়া আৰু সুলভ মূল্যত ডাটা উপলব্ধ দেশসমূহৰ মাজত অন্যতম। পূৰ্বে ১ জিবি ডাটাৰ ব্যয় আছিল প্ৰায় ৩০০ টকা, বিপৰীতে আজি ১ জিবি ডাটাৰ বাবে ব্যয় মাত্ৰ ১০ টকা হৈছে। আজি ভাৰতত এজন ব্যক্তিয়ে এমাহত গড়ে ১৪ জিবি ডাটা ম’বাইলত ব্যৱহাৰ কৰি আছে। ২০১৪ ত এই ১৪ জিবি ডাটাৰ ব্যয় আছিল প্ৰতিমাহে প্ৰায় ৪,২০০ টকা। আজি একেখিনি ডাটা ১০০ টকা বা ১৫০ টকাত উপলব্ধ হৈছে। অৰ্থাৎ আজি প্ৰতিমাহে প্ৰায় ৪,০০০ টকা দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে ম’বাইলৰ ডাটাৰ ব্যয়ৰ ক্ষেত্ৰত সঞ্চয় কৰিছে। আমাৰ চৰকাৰখনৰ ইমানবোৰ প্ৰচেষ্টাৰে ভাৰতত ডাটাৰ ব্যয় অতি কম কৰি তোলা হৈছে। প্ৰতিমাহে ৪,০০০ টকা সঞ্চয় কৰাটো সৰু কথা নহয়। ইয়াক লৈ আমি প্ৰচাৰৰ বিপৰীতে কেৱল দেশৰ জনসাধাৰণৰ জীৱন যাত্ৰাৰ সুবিধা বৃদ্ধিতহে গুৰুত্ব আৰোপ কৰি আহিছো।

 

বন্ধুসকল,

এটা কথা সততে কোৱা হয় যে ভাৰতে প্ৰথম তিনিটা ঔদ্যোগিক বিপ্লৱৰ সুবিধা গ্ৰহণ কৰিবপৰা নাছিল। কিন্তু মই বিশ্বাস কৰো যে ভাৰতে কেৱল চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰাই নহয়, বৰঞ্চ ইয়াৰ নেতৃত্বও দিব আৰু বিজ্ঞজনে এয়া কেৱল ভাৰতৰ দশক হোৱাৰ বিপৰীতে এই সমগ্ৰ শতিকাটো ভাৰতৰ বুলি ক’বলৈ আৰম্ভ কৰিছে। ৪ জিৰ আগমনৰ পিছত ভাৰতে প্ৰযুক্তিৰ জগতখনত যিদৰে আগবাঢ়িছে, সেয়া আমি সকলোৱেই প্ৰত্যক্ষ কৰিছো। ভাৰতৰ নাগৰিকে প্ৰযুক্তিৰ ক্ষেত্ৰত সমান সুযোগ লাভ কৰা মাত্ৰেকে বিশ্বৰ কোনেও তেওঁলোকক পৰাস্ত কৰিব নোৱাৰে। গতিকে আজি যেতিয়া ভাৰতত ৫জি মুকলি কৰা হৈছে, মই নিজেই অতিশয় আত্মবিশ্বাসী বুলি অনুভৱ কৰিছো বন্ধুসকল। মই ভৱিষ্যতৰ আগজাননী দিবলৈ সক্ষম হৈছো আৰু আমি আমাৰ হৃদয় আৰু মনত থকা সপোনবোৰ পূৰণ হোৱা দেখিবলৈ পাম। কাকতলীয়াকৈ ক’ব পাৰি যে মাত্ৰ কেইসপ্তাহমান পূৰ্বে ভাৰত বিশ্বৰ ৫ম বৃহত্তম অৰ্থনীতিৰ দেশত পৰিণত হৈছে। আৰু সেয়ে, এয়া আমাৰ যুৱক-যুৱতীসকলৰ বাবে এক সুযোগ, যিসকলে ৫জি প্ৰযুক্তিৰ সহায়ত নানা উদ্ভাৱনেৰে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিব। ৫জি প্ৰযুক্তিৰ ব্যৱহাৰেৰে নিজকে আগুৱাই নিবপৰা আমাৰ উদ্যোগীসকলৰ বাবে এয়া এক সুযোগ। ভাৰতৰ সাধাৰণ লোকৰ বাবেও এয়াই সুযোগ যিসকলে এই প্ৰযুক্তি ব্যৱহাৰেৰে স্বকীয় দক্ষতা বৃদ্ধি, আপ-স্কিল, পুনৰ দক্ষতা বৃদ্ধি কৰিব পাৰে আৰু নিজৰ ধাৰণাবোৰ বাস্তৱলৈ ৰূপান্তৰিত কৰিব পাৰে।

 

বন্ধুসকল,

আজিৰ এই ঐতিহাসিক কাৰ্য্যসূচীয়ে আমাৰ বাবে এখন ৰাষ্ট্ৰ হিচাপে আৰু ভাৰতৰ নাগৰিক হিচাপে নতুন প্ৰেৰণাৰ সঞ্চাৰ কৰিছে। অভূতপূৰ্ব গতিত ভাৰতৰ বিকাশ ত্বৰান্বিত কৰিবলৈ আমি এই ৫জি প্ৰযুক্তি ব্যৱহাৰ নকৰো কিয়? আমি অতিশয় দ্ৰুতগতিত আমাৰ অৰ্থনীতিৰ সম্প্ৰসাৰণৰ বাবে এই ৫জি প্ৰযুক্তি ব্যৱহাৰ নকৰো কিয়? এই ৫জি প্ৰযুক্তি ব্যৱহাৰ কৰি আমি কিয় আমাৰ উৎপাদনশীলতা বৃদ্ধি নকৰো?

 

বন্ধুসকল,

এই প্ৰশ্নসমূহৰ মাজত প্ৰতিজন ভাৰতীয়ৰ বাবে এটা সুযোগ, এটা প্ৰত্যাহ্বান, এটা সপোন আৰু এটা সংকল্প নিহিত হৈ আছে। মই জ্ঞাত যে আজি যিসকলে ৫জি ৰ শুভাৰম্ভণিৰ সময়ত সৰ্বাধিক উৎসাহেৰে প্ৰত্যক্ষ কৰি আছে, সেইসকল হৈছে মোৰ দেশৰ যুৱ-প্ৰজন্ম বা নৱ-প্ৰজন্ম। আমাৰ টেলিকম উদ্যোগৰ বাবে কেইবাটাও বৃহৎ সুযোগে অপেক্ষা কৰি আছে। কেইবাটাও নতুন নিয়োগৰ সুযোগ সৃষ্টি হ’বলৈ গৈছে। মই নিশ্চিত, আমাৰ উদ্যোগ, আমাৰ প্ৰতিষ্ঠান আৰু আমাৰ যুৱক-যুৱতীসকলে একেলগে এই দিশত অবিৰতভাৱে কাম কৰিব। মই কেইবাদিনো ধৰি অব্যাহত প্ৰদৰ্শনীখন বুজিবলৈ চেষ্টা কৰিছিলো। মই ইমান টেক-চেভি নহয় যদিও বুজিবলৈ চেষ্টা কৰিছিলো। এইখিনি দেখি মই চৰকাৰক জনাব বিচাৰো যে ইয়াক ক’ত-ক’ত প্ৰয়োগ কৰি আমাৰ চৰকাৰৰ বিভিন্ন বিভাগত অন্তৰ্ভুক্ত কৰিব পাৰি, তাৰ ব্যৱস্থা কৰিব লাগে যাতে ইয়াৰ প্ৰভাৱ চৰকাৰৰ নীতিসমূহতো দেখা যায়। এই প্ৰদৰ্শনী ৫ দিন ধৰি চলিব। বিশেষকৈ প্ৰযুক্তিবিদ্যাৰ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনাইছো যে তেওঁলোকে আহি এয়া চাওঁক আৰু পৃথিৱীখন কেনেদৰে সলনি হৈছে সেয়া বুজিবলৈ চেষ্টা কৰক। এবাৰ দেখিলেই বহুত নতুন কথা লক্ষ্য কৰিব। আপোনাসৱো সংযুক্ত হ’ব পাৰে। লগতে এই টেলিকম খণ্ডটোৰে জড়িত লোকসকলক ক’ব বিচাৰিছো যে মই প্ৰতিটো ষ্টল প্ৰত্যক্ষ কৰি বহু সন্তোষ পাইছিলো আৰু তেওঁলোকে মোক কৈছিল যে সকলোখিনিক থলুৱাভাৱে নিৰ্মাণ কৰা হৈছে। সকলোৱে বৰ গৌৰৱেৰে এই কথা মোক কৈছিল। মই সুখী হৈছিলো যদিও মনলৈ আৰু এটা কথা আহিছিল। মই ভাবিছিলো যে বজাৰত বিভিন্ন ধৰণৰ গাড়ী আছে। প্ৰত্যেকৰে নিজস্ব ব্ৰেণ্ড আৰু স্বকীয়তা আছে। কিন্তু এই গাড়ীসমূহৰ স্পেয়াৰ পাৰ্টছ এমএছএমই খণ্ডটোৱে উৎপাদন কৰে। একোটা এমএছএমই ৰ এটা-এটা কাৰখানাই ছয় প্ৰকাৰৰ বাহনৰ স্পেয়াৰ পাৰ্টছ তৈয়াৰ কৰে আৰু সৰু-সৰু মেৰামতিৰ কাম কৰে। মই ক’ব খুজিছো যে আপোনালোকেও ইয়াত হাৰ্ডৱেৰ প্ৰদৰ্শন কৰিছে। মই এটা বিশাল বাতাবৰণ সৃষ্টি কৰিব বিচাৰো। মই কোনো ব্যৱসায়ী নহয়। ধনৰ লগত মোৰ কোনো সম্পৰ্ক নাই, কিন্তু এইদৰে খৰচটো এবাৰতে কমি যাব বুলি মই বিশ্বাস কৰো। এয়াই আমাৰ এমএছএমই খণ্ডটোৰ শক্তি। আপোনালোক সকলোৱে একেলগে কাম কৰিলেহে খৰচ কমিব। সাধাৰণতে আমি একেলগে কৰা বহুতো কাম আছে। মই এনেও দেখিছো যে ষ্টাৰ্টআপত কাম কৰা বেছিভাগ যুৱকে এই ক্ষেত্ৰত দক্ষতাসম্পন্ন হৈ পৰিছে। মই ষ্টাৰ্টআপসকলকো ক’ব খুজিছো যে আপোনালোকে এই ক্ষেত্ৰত কিমান সেৱা আগবঢ়াব পাৰে, সেয়া অনুধাৱন কৰক। কিমান যে ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ ব্যৱস্থা গঢ়ি তুলিব পাৰি? মই আৰু এটা কথা ক’ব খুজিছো। ভাৰতৰ অন্ততঃ সকলো জিলা সদৰতে জনসাধাৰণৰ জীৱনত এই ৫জি কেনেকৈ উপযোগী হ’ব পাৰে? জনসাধাৰণক অৱগতকৰণৰ প্ৰদৰ্শনীৰ আয়োজন কৰিব পাৰি নে? মোৰ অভিজ্ঞতাৰ পৰা এটা সৰু উদাহৰণ দিব খুজিছো। ২৪ ঘন্টাই বিদ্যুতৰ যোগান অব্যাহত থকাটো আমাৰ দেশৰ সপোন আছিল। গুজৰাটত থাকোতে মই জ্যোতিগ্ৰাম যোজনা নামৰ এখন আঁচনি ৰূপায়ণ কৰিছিলো আৰু মোৰ সপোন আছিল গুজৰাটৰ প্ৰতিঘৰ গৃহস্থীলৈ ২৪x৭ জুৰি বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰা। তেতিয়া মোক সকলো বিষয়াই কৈছিল যে এয়া সম্ভৱ নহ’বও পাৰে। গতিকে এটা সহজ সমাধান সূত্ৰ তেওঁলোকক প্ৰদান কৰিছিলো। মই কৈছিলো যে আমি কৃষি ফিডাৰ আৰু ঘৰুৱা ফিডাৰ পৃথক কৰিব লাগে। তেনে কৰাৰ পিছত আমি প্ৰতিখন জিলাৰ কাম সম্পূৰ্ণ কৰিছিলো। গতিকে, এটা কাম সম্পূৰ্ণ হ’ল। তাৰ পিছত আমি সেই জিলাখনত এখন বৃহৎ সন্মিলন অনুষ্ঠিত কৰো। ২-২.৫ লাখ লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল কিয়নো ২৪ ঘন্টাই বিদ্যুতৰ যোগান লাভ কৰাৰ কথাটো আছিল এক অতিশয় আনন্দৰ কথা! এয়া ২০০৩-০৪-০৫ ৰ কথা। বিদ্যুতেৰে সম্পন্ন কৰিব পৰা সকলো কাম আৰু বিদ্যুতেৰে চলিবপৰা সকলো মেচিনৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিলো। এই সম্পৰ্কে জনসাধাৰণক অৱগত কৰাটোও প্ৰয়োজনীয় আছিল। তাৰ পিছত মই প্ৰত্যক্ষ কৰা কথাটো হ’ল এই বিশাল প্ৰদৰ্শনীলৈ আহি দৰ্জীসকলেও ২৪ ঘন্টাই উপলব্ধ বিদ্যুতেৰে নিজৰ মেচিনবোৰ স্থাপন সম্পৰ্কে চিন্তা কৰিবলৈ চেষ্টা কৰিছিল; আনকি মৃৎশিল্পীজনেও তেওঁ কেনে ধৰণৰ বৈদ্যুতিক সঁজুলি ক্ৰয় কৰিব, সেয়া চিন্তা কৰিছিল আৰু সমগ্ৰ দেশৰ মাতৃ-কন্যাসকলেও পাকঘৰত ব্যৱহাৰ কৰিবপৰা বৈদ্যুতিক সঁজুলিৰ বিষয়ে চিন্তা কৰিবলৈ ধৰিছিল। সেই সময়তে এখন বিশাল বজাৰৰ সূচনা হয় আৰু বিদ্যুতৰ একাধিক উপযোগিতা সম্পৰ্কে চৰ্চা আৰম্ভ হৈছিল। একেদৰে ৫জি ৰ জৰিয়তে জনসাধাৰণে তেওঁলোকৰ জীৱনত একাধিক উপযোগিতাৰ কথা ভাবিবলৈ আৰম্ভ কৰিব কাৰণ ইয়াৰদ্বাৰা ভিডিঅ’সমূহে যথেষ্ট দ্ৰুতগতিত ডাউনল’ড কৰিব পৰা হ’ব। এজন ব্যক্তিয়ে ৰিল চাবলৈ বেছি সময় নালাগিব। ইন্টাৰনেটৰপৰা ফোনটো বিচ্ছিন্ন নহ’ব। স্পষ্ট ভিডিঅ’ আৰু অডিঅ’ ৰ সৈতে ভিডিঅ’ কনফাৰেন্স হ’ব পাৰে। ফোন কল কৰিব পাৰিব। তদুপৰি এইটো এটা জীৱন পৰিৱৰ্তনকাৰী ব্যৱস্থা হ’বলৈ আগবাঢ়িছে। সেয়েহে মই এই উদ্যোগটোক অনুৰোধ জনাব খুজিছো যে ভাৰতৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু প্ৰতিখন জিলালৈ গৈ ৫জি ৰ প্ৰয়োগ কৰিবপৰা দিশসমূহৰ সম্পৰ্কে অৱগতকৰণৰ ব্যৱস্থা কৰক আৰু আমি একেখিনিত মূল্য সংযোজন কৰাটো প্ৰয়োজনীয়। গতিকে এইটো আপোনাৰ বাবে এক সেৱা হ’ব আৰু এই প্ৰযুক্তি কেৱল কথা পাতি বা যিকোনো ভিডিঅ’ চোৱাতে সীমাবদ্ধ থাকিব নালাগে। ইয়াক ব্যৱহাৰেৰে সম্পূৰ্ণ বিপ্লৱৰ সূচনা কৰিব লাগে আৰু আমি ১৩০ কোটি লোকৰ কাষ চাপিব লাগিব। ইয়াৰ বাবে বেছি সময় নালাগে। আমি মাত্ৰ ড্ৰোন নীতি আৰম্ভ কৰিছিলোহে। আজি মই দেখিছো যে বহু অঞ্চলৰ জনসাধাৰণে ড্ৰোনৰ জৰিয়তে কীটনাশক ছঁটিওৱাৰ কাম আৰম্ভ কৰিছে। তেওঁলোকে ড্ৰোন চলাবলৈ শিকিছে আৰু সেইবাবেই মই বিশ্বাস কৰো যে আমি এই ব্যৱস্থাসমূহ গ্ৰহণ কৰা উচিত।

 

আৰু বন্ধুসকল,

অনাগত সময়ত দেশখনে নিৰন্তৰভাৱে এনে প্ৰযুক্তিৰাজিৰ নেতৃত্ব বহন কৰিব, যাৰ উৎপত্তিস্থল হ’ব ভাৰত, যিয়ে ভাৰতক বিশ্বৰ এখনি আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব। সেই বিশ্বাসৰেই আপোনালোক আটাইকে শুভেচ্ছা জনালো! শক্তি পূজাৰ শুভ উপলক্ষতে শক্তিৰ এক পৰম মাধ্যম ৫জি লাভৰ বাবে পুনৰবাৰ সমূহ দেশবাসীক অভিনন্দন জনাইছো। বহু-বহু ধন্যবাদ!

 

***

DS/LP/IG/AK/SB



(Release ID: 1866741) Visitor Counter : 166