প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাবনগৰত ₹৫২০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ


বিশ্বৰ প্ৰথমটো চিএনজি টাৰ্মিনেলৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

ভাবনগৰত আঞ্চলিক বিজ্ঞান কেন্দ্ৰও উদ্বোধন প্ৰধানমন্ত্ৰীৰ

সৌনী যোজনা লিংক ২ ৰ পেকেজ ৭, ২৫ মেগাৱাটৰ পালিতানা সৌৰ পিভি প্ৰকল্প, এপিপিএল কন্টেইনাৰ প্ৰকল্পকে ধৰি অন্যান্য একাধিক প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰীৰ

সৌনী যোজনা লিংক ২ ৰ পেকেজ ৯, চোৰভাদলা জ’নৰ পানী যোগান প্ৰকল্পকে ধৰি প্ৰকল্পৰাজিৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

“৩০০ বছৰীয়া যাত্ৰাত ভাবনগৰে নিৰন্তৰভাৱে বৃদ্ধি হৈ আহিছে আৰু সৌৰাষ্ট্ৰৰ সাংস্কৃতিক ৰাজধানী হিচাপে নিজৰ পৰিচয় দাঙি ধৰিছে”

“যোৱা দুটা দশকত গুজৰাট উপকূলক ভাৰতৰ সমৃদ্ধিৰ দুৱাৰমুখ হিচাপে গঢ়ি তুলিবলৈ মনোযোগী প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে”

“ভাবনগৰে বন্দৰ চালিত উন্নয়নৰ এক দৃষ্টান্ত হিচাপে আত্মপ্ৰকাশ কৰিছে”

“লোথাল বিশ্বৰ অতিশয় পুৰণি বন্দৰ আৰু লোথাল সামুদ্ৰিক সংগ্ৰহালয়ৰ স্থাপনে অঞ্চলটোৰ এক নতুন পৰিচয় সৃষ্টি কৰিব”

“কৃষক সবলীকৰণেৰে সংগতি ৰাখি মাছমৰীয়াসকলক ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হৈছে”

“দ্বৈত ইঞ্জিনৰ চৰকাৰে অনগ্ৰসৰসকলক সহায়ৰ অংগীকাৰ কৰিছে”

“দৰিদ্ৰৰ সপোন আৰু আকাংক্ষাৰাজিয়ে মোক অবিৰতভাৱে কাম কৰিবল

Posted On: 29 SEP 2022 3:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাবনগৰত ৫২০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাবনগৰত বিশ্বৰ প্ৰথমটো চিএনজি টাৰ্মিনেল আৰু ব্ৰাউনফিল্ড বন্দৰৰ আধাৰশিলা স্থাপন কৰে। ২০ একৰ ভূমিত পৰিবেষ্টিত আৰু প্ৰায় ১০০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰটোও প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে। এই কার্য্যসূচীতে প্রধানমন্ত্রীগৰাকীয়ে সৌনী যোজনা লিংক পেকেজ , ২৫ মেগাৱাটৰ পালিতানা সৌৰ পিভি প্রকল্প, এপিপিএল কন্টেইনাৰ (আৱাদক্রুপা প্লাষ্টোমেক প্রাইভেট লিমিটেড) প্রকল্পকে ধৰি অন্যান্য একাধিক প্রকল্পও উদ্বোধন কৰে আৰু সৌনী যোজনা লিংক পেকেজ , চোৰভাদলা পানী যোগান প্ৰকল্পকে ধৰি আন-আন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

এই কাৰ্য্যসূচী সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰখৰ দৰ মাজতো গৰিষ্ঠসংখ্যক লোক এই অনুষ্ঠানলৈ অহাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয়, দেশখনে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উদযাপনৰ শুভলগনতে ভাবনগৰে ইয়াৰ প্ৰতিষ্ঠাৰ ৩০০ বছৰ সম্পূৰ্ণ কৰিছে ৩০০ বছৰীয়া এই যাত্ৰাত ভাবনগৰে নিৰন্তৰভাৱে বৃদ্ধি পোৱাৰ লগতে সৌৰাষ্ট্ৰৰ সাংস্কৃতিক ৰাজধানী হিচাপে নিজৰ পৰিচয় দাঙি ধৰিছে। আজি আৰম্ভ আৰু পৰিকল্পনা কৰা প্ৰকল্পসমূহৰ জৰিয়তে ভাবনগৰৰ এই উন্নয়ন যাত্ৰাই এক নতুন গতি লাভ কৰিব। ৰাজকোট-জামনগৰ-ভাবনগৰ অঞ্চলত অতি সোনকালে চুৰাট-বড়োদৰা-আহমেদাবাদৰ দৰে আন্তঃগাঁথনি সমৃদ্ধ বুলি তেখেতে দৃঢ় বিশ্বাস সদৰী কৰে। তেখেতে কয় যে উদ্যোগ, কৃষি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত ভাবনগৰৰ অপাৰ সম্ভাৱনা আছে। আজিৰ কাৰ্য্যসূচী এই দিশত ডাবল ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাৰ এক দৃষ্টান্ত।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাবনগৰ এখনি উপকূলৱৰ্তী জিলা আৰু গুজৰাটত দেশৰ ভিতৰতে সুদীৰ্ঘ উপকূল আছে। কিন্তু স্বাধীনতাৰ পিছৰ দশকসমূহত উপকূলীয় উন্নয়নৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বাবেই এই বিশাল উপকূলৰেখা জনসাধাৰণৰ বাবে এক প্ৰকাৰৰ বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছিল। ডাবল ইঞ্জিন চৰকাৰে কৰা কামৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা দুটা দশকত চৰকাৰে গুজৰাট উপকূলক ভাৰতৰ সমৃদ্ধিৰ দুৱাৰমুখ হিচাপে গঢ়ি তুলিবলৈ আন্তৰিক প্ৰচেষ্টা অব্যাহত ৰাখিছে। আমি গুজৰাটত বহু বন্দৰৰ উন্নয়ন সাধন কৰিছো, বহু বন্দৰৰ আধুনিকীকৰণ কৰিছো”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, “নিয়োগৰ নতুন সুযোগ সৃষ্টি কৰা হৈছে।প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে গুজৰাট হৈছে এলএনজি টাৰ্মিনেল থকা দেশৰ প্ৰথমখন ৰাজ্য আৰু আজি গুজৰাটত এনে তিনিটা এলএনজি টাৰ্মিনেল আছে।

উপকূলীয় বাতাবৰণৰ গুৰুত্বৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই উদ্যোগসমূহৰ বাবে উপকূলীয় উদ্যোগ আৰু শক্তি নেটৱৰ্ক গঢ়ি তোলাত চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মাছমৰীয়া সমাজখনৰ সুবিধাৰ্থে ফিছিং বন্দৰ নিৰ্মাণ কৰা হৈছে আৰু মৎস্য সংসাধনক প্ৰসাৰিত কৰা হৈছে। এই অঞ্চলত সুন্দৰবনৰো বিকাশ হৈছিল। শ্ৰী মোদীয়ে লগতে কয় যে কেন্দ্ৰৰ তদানীন্তন চৰকাৰেই কৈছিল যে উপকূলীয় অঞ্চল এটা কেনেকৈ গঢ়ি তুলিব পাৰি, সেই সম্পৰ্কে গুজৰাটৰপৰা বহু অভিজ্ঞতা আহৰণ কৰিব পাৰি। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰে জলজ কৃষিক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। গুজৰাট উপকূল সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ আমদানি-ৰপ্তানিৰ ক্ষেত্ৰত এক বৃহৎ ভূমিকা পালনৰ উপৰিও আজি লাখ-লাখ লোকৰ বাবে কৰ্মসংস্থাপনৰ মাধ্যমত পৰিণত হৈছে। আজি গুজৰাটৰ উপকূল নবীকৰণযোগ্য শক্তি আৰু হাইড্ৰজেন বাতাবৰণৰ সমাৰ্থক হিচাপে পৰিগণিত হৈছে”, তেখেতে আৰু কয়, “আমি সৌৰাষ্ট্ৰক শক্তিৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছো। আজি দেশৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত এই অঞ্চলটো এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ পৰিছে।

প্রধানমন্ত্রীগৰাকীয়ে কয় যে ভাবনগৰ বন্দৰে এখনি আত্ম-নিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্রত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু ৰাজ্যখনত শতাধিক নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব। ষ্টৰেজ, পৰিবহণ আৰু লজিষ্টিকছৰ সৈতে জড়িত ব্যৱসায়ৰ সম্প্ৰসাৰণ ”, শ্ৰী মোদীয়ে লগতে কয়। আলাং জাহাজ ব্ৰেকিং য়াৰ্ডৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাহন স্ক্ৰেপেজ নীতিৰ সৰ্ববৃহৎ লাভ অৰ্জনকাৰী ভাবনগৰ। তেখেতে স্ক্ৰেপেজ লোৰপৰা কন্টেইনাৰ নিৰ্মাণৰ আনুষংগিক সুযোগসমূহৰ ওপৰতো আলোকপাত কৰে।

লোথাল আমাৰ ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ অতিশয় পুৰণি বন্দৰ আৰু লোথাল সামুদ্ৰিক সংগ্ৰহালয়ৰ স্থাপনে অঞ্চলটোৰ এক নতুন পৰিচয় সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ইয়াক সমগ্ৰ বিশ্বৰ পৰ্যটন মানচিত্ৰত স্থাপন কৰিবলৈ ক্ষীপ্ৰতাৰে কাম অব্যাহত আছে। লোথালৰ লগতে ভেলাৱদাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ইক’-টুৰিজিম চাৰ্কিটে ক্ষুদ্ৰ ব্যৱসায়ীসকলকে প্ৰমুখ্য কৰি ভাবনগৰক লাভৱান কৰিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়। শ্ৰী মোদীয়ে সজাগতাৰ অভাৱত অঞ্চলটোৰ মাছমৰীয়াসকলে সংকটজনক পৰিস্থিতিৰ সন্মুখীন বলগীয়া হোৱা সময়ছোৱাৰ কথা সদৰী কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ৰ কথা মনত পেলাই কয় যে মাছমৰীয়াসকলক কেইবাটাও বুটাম থকা এটা বিশেষ ৰঙা বাস্কেট প্ৰদান কৰা হৈছিল। জৰুৰীকালীন অৱস্থাত মাছমৰীয়াসকলে বুটাম টিপি সহায়ৰ বাবে উপকূলৰক্ষী কাৰ্য্যালয়ক মাতিবলগীয়া হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে মাছমৰীয়াসকলক তেওঁলোকৰ নাওঁৰ অৱস্থা উন্নত কৰিবলৈ ৰাজসাহায্য প্ৰদান কৰা হৈছে। কৃষক সবলীকৰণৰে সংগতি ৰাখি মাছমৰীয়াসকলক ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হৈছে”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজকোটত আৰম্ভ হোৱা সৌনী যোজনা কাৰ্য্যকৰী হোৱাৰ পিছত সাধিত পৰিৱৰ্তনক লৈ সন্তোষ প্ৰকাশ কৰে। কিছুমান দিশত প্ৰাৰম্ভিক অসূয়াৰ মাজতো প্ৰকল্পটোৰ অদম্য অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আজি সৌনী যোজনাই নৰ্মদাক উল্কাপিণ্ডৰ গতিৰে লৈ গৈছে।প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আজি উদ্বোধন কৰা প্ৰকল্পসমূহে নৰ্মদা নৈৰ পানী ভাবনগৰ আৰু আমৰেলীৰ বহু জিলালৈ বোঁৱাই নিব। শ্ৰী মোদীয়ে কয় যে ইয়াৰদ্বাৰা আমৰেলী জিলাৰ ৰাজুলা আৰু খাম্ভা তালুকৰ লগতে ভাবনগৰৰ গৰিয়াধৰ, জেছাৰ আৰু মহুৱা তালুকৰ কেইবাখনো গাঁৱৰ কৃষকসকল বহুলাংশে উপকৃত ব। ভাবনগৰ, গিৰ সোমনাথ, আমৰেলী, বোটাড, জুনাগড়, ৰাজকোট আৰু পোৰবন্দৰ জিলাৰ - গাওঁ আৰু কেইবাখনো চহৰত উপনীত কৰাবলৈয়ো আজিৰপৰা কাম আৰম্ভ হৈছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অনগ্ৰসৰ লোকসকলক সমৰ্থনৰ বাবে ডাবল ইঞ্জিন চৰকাৰে অংগীকাৰ কৰিছে। দৰিদ্ৰতম লোকে সম্পদ আৰু মৰ্য্যাদা লাভ কৰা মাত্ৰেকে কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰে দৰিদ্ৰতাক অতিক্ৰম কৰিবলৈ সক্ষম হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “গুজৰাটত আমি প্ৰায়ে গৰীব কল্যাণ মেলাৰ আয়োজন কৰো। এনে এক অনুষ্ঠানতে মই এই ভাবনগৰত এগৰাকী বাইদেউক এখন ট্ৰাইচাইকেল অৰ্পণ কৰিছিলো। তেতিয়া তেওঁ মোক কেতিয়াও ট্ৰাইচাইকেল চলাই পোৱা নাই বুলি কৈছিল। গতিকে ইলেক্ট্ৰিক ট্ৰাইচাইকেলহে দিয়ক। এই বিশ্বাস আৰু দুখীয়াৰ এই সপোনৰাজি আজিও মোৰ শক্তি। এই সপোনৰাজি, দুখীয়াৰ এই আকাংক্ষাই মোক অবিৰতভাৱে কাম কৰিবলৈ শক্তি প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাবনগৰৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা মনত পেলাই পুৰণি সহযোগীসকলক স্মৰণ কৰে। তেখেতে কয় যে আজিৰ প্ৰকল্পসমূহে ভাবনগৰৰ উজ্জ্বল ভৱিষ্যতক গঢ় দিব। তেখেতৰ প্ৰতি জনসাধাৰণৰ নিত্য বৃদ্ধি পোৱা মৰমৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে।

এই কাৰ্য্যসূচীত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডবিয়া, সাংসদ শ্ৰী চি আৰ পাটিল, ডঃ ভাৰতীবেন চিয়াল আৰু শ্ৰী নৰনভাই কচ্চাদিয়াকে প্ৰমুখ্য কৰি বিশিষ্ট লোকসকল উপস্থিত থাকে।

 

পৃষ্ঠপট

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাবনগৰত ৫২০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাবনগৰত বিশ্বৰ প্ৰথমটো চিএনজি টাৰ্মিনেল আৰু ব্ৰাউনফিল্ড বন্দৰৰ আধাৰশিলা স্থাপন কৰে। ৪০০০ কোটিৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ বলগীয়া এই বন্দৰটোত বিশ্বৰ প্ৰথমটো চিএনজি টাৰ্মিনেলৰ বাবে অত্যাধুনিক আন্তঃগাঁথনিৰ লগতে বিশ্বৰ চতুৰ্থ বৃহত্তম লক গেটৰ ব্যৱস্থাও থাকিব। চিএনজি টাৰ্মিনেলৰ উপৰিও এই বন্দৰটোৱে অঞ্চলটোৰ আগন্তুক বিভিন্ন প্ৰকল্পৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। বন্দৰটোত থাকিব এটি অত্যাধুনিক কন্টেইনাৰ টাৰ্মিনেল, বহুমুখী টাৰ্মিনেল আৰু লিকুইড টাৰ্মিনেলৰ লগতে বৰ্তমানৰ পথ আৰু ৰেলৱে নেটৱৰ্কৰ সৈতে প্ৰত্যক্ষ সুগম সংযোগ। এই ব্যৱস্থাই কেৱল কাৰ্গপৰিচালনাৰ ক্ষেত্ৰত খৰচ ৰাহিৰে অৰ্থনৈতিক লাভৰ সৃষ্টি কৰাই নহয়, বৰঞ্চ অঞ্চলটোৰ লোকসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব। লগতে, চিএনজি আমদানি টাৰ্মিনেলে স্বচ্ছ শক্তিৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে শক্তিৰ অতিৰিক্ত বিকল্প উৎস প্ৰদান কৰিব।

২০ একৰ ভূমিত পৰিবেষ্টিত আৰু প্ৰায় ১০০ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভাবনগৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰটোও প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে। এই কেন্দ্ৰটোত মেৰিন একুৱাটিক গেলেৰী, অটবাইল গেলেৰী, বেল বঁটা গেলেৰী - ফিজিঅলজি এণ্ড মেডিচিন, ইলেক্ট্ৰ’-মেকানিক্স গেলেৰী আৰু বাঅলজি চাইন্স গেলেৰীকে ধৰি কেইবাটাও থিম ভিত্তিক গেলেৰী আছে। এই কেন্দ্ৰই শিশুসকলৰ বাবে এনিমেট্ৰনিক ডাইনছৰ, বিজ্ঞান বিষয়ভিত্তিক খেলনা ৰে, প্ৰকৃতি অন্বেষণমূলক ভ্ৰমণ, গতি চিমুলেটৰ, পৰ্টেবল সৌৰ নিৰীক্ষণ কেন্দ্ৰ আদিৰ দৰে আউটড ইনষ্টলেশ্যনৰ জৰিয়তে শিশুসকলৰ বাবে আৱিষ্কাৰ আৰু অন্বেষণৰ এক সৃষ্টিশীল মঞ্চও প্ৰশস্ত কৰিব।

এই কার্য্যসূচীতে প্রধানমন্ত্রীগৰাকীয়ে সৌনী যোজনা লিংক পেকেজ , ২৫ মেগাৱাটৰ পালিতানা সৌৰ পিভি প্রকল্প, এপিপিএল কন্টেইনাৰ (আৱাদক্রুপা প্লাষ্টোমেক প্রাইভেট লিমিটেড) প্রকল্পকে ধৰি অন্যান্য একাধিক প্রকল্পও উদ্বোধন কৰে আৰু সৌনী যোজনা লিংক পেকেজ , চোৰভাদলা পানী যোগান প্ৰকল্পকে ধৰি অন্যান্য প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

এই ব্যাপক উন্নয়নমূলক প্ৰকল্পসমূহৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনে বিশ্বমানৰ আন্তঃগাঁথনি উন্নয়ন, নগৰীয়া গতিশীলতা বৃদ্ধি আৰু বহু-মডেল সংযোগৰ অগ্ৰগতি সাধনৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। সাধাৰণ জনতাৰ ইজ অৱ লিভিং বৃদ্ধিৰ ক্ষেত্ৰত তেখেতৰ চৰকাৰৰ নিৰন্তৰ মনোনিৱেশকো প্ৰদৰ্শন কৰিছে।

 

***

DS/TS/SB



(Release ID: 1864891) Visitor Counter : 67