প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বন্দে ভাৰত এক্সপ্ৰেছ আৰু আহমেদাবাদ মেট্ৰো ৰে'ল প্ৰকল্প পৰ্যায়-১ৰ উদ্বোধনত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

Posted On: 30 SEP 2022 5:24PM by PIB Guwahati

ভাৰত মাতা কী- জয়,

ভাৰত মাতা কী- জয়,

ভাৰত মাতা কী- জয়,

আজি ২১শ শতিকাৰ ভাৰতৰ বাবে, আৰ্বান কানেক্টিভিটীৰ বাবে আৰু আত্মনিৰ্ভৰ হোৱা ভাৰতৰ বাবে বহুত ডাঙৰ দিন। অলপ সময়ৰ আগতে মই গান্ধীনগৰ-মুম্বাই, বন্দে ভাৰত এক্সপ্ৰেছৰ দ্ৰুত গতিৰ ভ্ৰমণৰ অভিজ্ঞতা লাভ কৰিলো। এই ভ্ৰমণ আছিল কেইমিনিটমানৰ, কিন্তু এয়া মোৰ বাবে বহুত গৌৰৱেৰে ভৰা ক্ষণ আছিল। এয়া দেশৰ তৃতীয় আৰু গুজৰাটৰ প্ৰথম বন্দে ভাৰত ট্ৰেইন। কালপুৰ ৰে'লৱে ষ্টেচনৰ পৰা কালপুৰ মেট্ৰো ষ্টেচন আৰু আকৌ তাৰ পৰা আহমেদাবাদ মেট্ৰোৰ ভ্ৰমণ কৰি মই থলতেজ পালোগৈ। অৰ্থাৎ কোনোবা বাহিৰৰ পৰা বন্দে ভাৰতৰ জৰিয়তে আহিলে তাৰ পাছত পোনপটীয়াকৈ মেট্ৰোত উঠি নিজৰ ঘৰলৈ যাব পাৰে বা কামৰ বাবে চহৰৰ আন অংশলৈ যাব পাৰে আৰু গতি ইমানেই দ্ৰুত যে যি শ্বিডিউলড কাৰ্যক্ৰমত প্ৰস্তুত কৰা হৈছিল, তাতকৈ ২০ মিনিট আগতেই মই থলতেজ পালোগৈ। মই আজি ট্ৰেইনত ভ্ৰমণ কৰি আছিলো, ডিপাৰ্টমেণ্টৰ মানুহে বিভিন্ন সুফলৰ কথা কৈ থাকে, বিজ্ঞাপনো দি থাকে। কিমান স্পীড আছে, কি আছে, কি ব্যৱস্থা আছে সকলো। কিন্তু আৰু এটা পদক্ষেপ যিটোত হয়তো ডিপাৰ্টমেণ্টৰ মনোযোগ পৰা নাই। মোৰ সেয়া ভাল লাগিল, মই ক'ব বিচাৰিছো। মই এই যি বন্দে ভাৰত ট্ৰেইন, মই কোনো গণিতজ্ঞ নহওঁ, কোনো বৈজ্ঞানিক নহওঁ। কিন্তু মোতামুতি মই অনুমান কৰিব পাৰো যে বিমানত যাত্ৰা কৰাৰ সময়ত ভিতৰলৈ যিমান শব্দ আহে, বন্দে ভাৰত ট্ৰেইনত সেই শব্দ হয়তো এশভাগ কমি যায়। অৰ্থাৎ এগুণ বেছি শব্দ বিমানত হয়। বিমানত যদি কথা-বতৰা পাতিবলগা হয় তেতিয়া যথেষ্ট অসুবিধা থাকে। মই বন্দে ভাৰত ট্ৰেইনত দেখি আছিলো, আৰামেৰে মই মানুহৰ সৈতে কথা পাতিছিলো। কিয়নো বেলেগ কোনো শব্দই নাছিল। ইয়াৰ অৰ্থ হৈছে যিসকল লোক আকাশী যানত অভ্যস্ত, তেওঁলোকে যদি এই শব্দৰ বিষয়ে জানিব পাৰে, মই পূৰা বিশ্বাস কৰো যে তেওঁলোকে আকাশী যান নহয় বৰং বন্দে ভাৰত ট্ৰেইন পছন্দ কৰিব। আৰু মোৰ আহমেদাবাদবাসীয়ে মোৰ আহমেদাবাদক শতবাৰ প্ৰণাম কৰিব, নৱৰাত্ৰিৰ উৎসৱ হওক, ৰাতি পূৰা দাণ্ডিয়া চলি থাকক, নিজৰ চহৰ, নিজৰ গুজৰাট শুই নপৰক, এনে নৱৰাত্ৰিৰ দিনত এনে গৰমৰ মাজত ইমান ডাঙৰ বিশাল জনসমূহৰ সাগৰ, মই প্ৰথমবাৰ দেখিছো ভাই, মই ইয়াতে ডাঙৰ হৈছো, এনেকুৱা ডাঙৰ কাৰ্যক্ৰম আহমেদাবাদে কৰিছে, এয়া মোৰ প্ৰথম অভিজ্ঞতা। আৰু সেয়ে আহমেদাবাদবাসীক মোৰ শ শ প্ৰণাম। আৰু তাৰ অৰ্থ এইটোৱেই যে আহমেদাবাদবাসীক মেট্ৰো কি তাৰ উপলব্ধি আছে। মই এবাৰ মোৰ আৰবান ডেভেলপমেণ্টৰ মন্ত্ৰীসকলৰ সৈতে কথা পাতিছিলো। মই ক'লো যে আপোনালোকে মেট্ৰো, যিটো সমগ্ৰ দেশত কৰা দৰকাৰ, আমাৰ দায়িত্ব, কিন্তু আপোনালোকক আহমেদাবাদবাসীয়ে সকলোতকৈ অধিক ৰিটাৰ্ণ দিব, তেওঁলোকে মোক সুধিছিল কেনেকৈ, মই ক'লো আমাৰ আহমেদাবাদীয়ে হিচাপ কৰে যে অটোৰিক্সাত যাওঁ যদি কিমান হ'ব, কিমান সময় লাগিব, কিমান গৰম লাগিব আৰু মেট্ৰোত যাওঁ যদি ইমান হ'ব, তুৰন্তেই তেওঁ মেট্ৰোলৈ আহি যাব। সবাতোকৈ অধিক আৰ্থিক লাভ কৰিব, সেয়া আহমেদাবাদৰ পেছেঞ্জাৰে কৰিব। সেয়ে তো আমাৰ আহমেদাবাদত এটা সময়ত, মই আহমেদাবাদৰ অটো ৰিক্সাৱালা এইবুলি গীত গাইছিল। এতিয়া মেট্ৰোৱালাই এনেকৈ গীত গাব। মই সঁচাই আজি আহমেদাবাদক যিমানেই অভিনন্দন নজনাওঁ, যিমানেই প্ৰণাম নজনাওঁ, সিমানেই কম হ'ব বন্ধুসকল। আজি আহমেদাবাদে মোৰ অন্তৰ জয় কৰিলে।

 

ভাতৃ আৰু ভগ্নীসকলৰ,

২১শ শতিকাৰ ভাৰতে দেশৰ চহৰসমূহৰ পৰা নতুন গতি লাভ কৰিব। আমি সলনি হোৱা সময় আৰু সলনি হোৱা প্ৰয়োজনৰ সৈতে নিজৰ চহৰকো নিৰন্তৰ আধুনিক কৰা উচিত। চহৰত পৰিবহনৰ প্ৰণালী আধুনিক হওক, ছিমলেছ কানেক্টিভিটী হওক, যাতায়াতৰ এটা সম্পদে আনটোক ছাপ'ৰ্ট কৰক, এয়া কৰাটো বহুত আৱশ্যকীয়, আৰু যি গুজৰাটত মোদীৰ ওপৰত তন্ন তন্নকৈ নজৰ ৰখা লোক আছে, তেওঁলোক এনেয়েও এক ভাল সমুদায় আৰু এক চতুৰ সমুদায়ো। তেওঁলোকৰ হয়তো মনত আছে যে যেতিয়া মই ইয়াৰ মুখ্যমন্ত্ৰী আছিলো, মোৰ বছৰ মনত নাই, বহুত বছৰৰ আগতে আমি আহমেদাবাদত মাল্টি মডেল ট্ৰেন্সপোৰ্টেচনক লৈ এখন গ্লবেল ছামিট কৰিছিলো। অৰ্থাৎ সেই সময়তো মোৰ মগজুত খেলাইছিল। কিন্তু কিছুমান বিষয় ভাৰত চৰকাৰৰ হোৱা বাবে মই তেতিয়া কৰিব পৰা নাছিলো। এতিয়া আপোনালোকে মোক তালৈ পঠিয়ালে বাবে মই এই কাম কৰিলো। কিন্তু এই ভাবনা আজি সাকাৰ হোৱা দেখিছো আৰু এই ভাবনাৰেই যোৱা আঠ বছৰত চহৰসমূহৰ আন্তঃগাঁথনিৰ ওপৰত ইমান ডাঙৰ বিনিয়োগ কৰি থকা হৈছে। আঠ বছৰত এখনৰ পাছত এখন দুই ডজনৰো অধিক চহৰত মেট্ৰো হয় আৰম্ভ হৈছে অথবা দ্ৰুতগতিত কাম চলি আছে। দেশৰ কেইবাডজন সৰু চহৰক এয়াৰ কানেক্টিভিটীৰে সংযুক্ত কৰা হৈছে। উড়ান যোজনাই সৰু চহৰসমূহত বিমান সুবিধা দিয়াত বহুত ডাঙৰ ভূমিকা পালন কৰি আছে। আমাৰ যি ৰে'লৱে ষ্টেচন আছিল, তাৰ কি স্থিতি আছিল সেয়া আপোনালোকে ভালদৰেই জানে। আজি গান্ধীনগৰ ৰে'লৱে ষ্টেচন পৃথিৱীৰ যিকোনো এয়াৰপৰ্টতকৈ কম নহয় আৰু দুদিন আগতে ভাৰত চৰকাৰে আহমেদাবাদ ৰে'লৱে ষ্টেচনকো আধুনিক বনোৱাৰ স্বীকৃতি দিলে।

 

বন্ধুসকল,

দেশৰ চহৰসমূহৰ বিকাশৰ ওপৰত ইমান অধিক ফোকাছ, ইমান ডাঙৰ বিনিয়োগ এইবাবেই কৰি থকা হৈছে কিয়নো এই চহৰে অহা ২৫ বছৰত বিকশিত ভাৰতৰ নিৰ্মাণ সুনিশ্চিত কৰিব। এয়াই আহমেদাবাদ, সুৰাত, বৰোদা, ভোপাল, ইন্দৌৰ, জয়পুৰ এই সকলোৱে হিন্দুস্তানৰ ২৫ বছৰৰ ভাগ্য গঢ়িব। এই বিনিয়োগ কেৱল কানেক্টিভিটীতে সীমিত নহয়, বৰং কেইবাডজন চহৰত স্মাৰ্ট সুবিধা হৈ আছে, মূল সুবিধাৱলীৰ সংশোধন কৰি থকা হৈছে। মুখ্য চহৰসমূহৰ আশেপাশে থকা এলেকা, ছাবআৰ্বৰ বিকাশ কৰি থকা হৈছে। টুইন চিটীৰ বিকাশ কেনেকৈ হয়, গান্ধীনগৰ, আহমেদাবাদ ইয়াৰ উত্তম উদাহৰণ। অনাগত সময়ত গুজৰাটত অনেক টুইন চিটীৰ বিকাশৰ আধাৰ প্ৰস্তুত হৈ আছে। এতিয়ালৈকে আমি কেৱল নিউয়ৰ্ক-নিউজাৰ্ছি, নিউয়ৰ্ক-নিউছাৰ্ছি টুইন চিটী শুনি আছিলো। মোৰ হিন্দুস্তান পিছপৰি থাকিব নোৱাৰে আৰু আপোনালোকে নিজৰ চকুৰ আগত চাব পাৰিব। আহমেদাবাদ, গান্ধীনগৰৰ বিকাশ টুইন চিটীৰ সেই মডেল, তেনেকৈয়ে আমাৰ ওচৰত আনন্দ-নডীয়াদ, সিফালে ভৰুচ-অংকলেশ্বৰ, বলসাড আৰু বাপী, সুৰাত আৰু নৱচাৰী, ভদোদৰা-হালোল কালোল, মোৰবী-বাংকানেৰ আৰু মেহসাণা-কড়ী এনেকুৱা বহুত টুইন চিটীয়ে গুজৰাটৰ পৰিচয় আৰু শক্তিশালী কৰিব। পুৰণি চহৰসমূহৰ সংশোধন আৰু সিবিলাকৰ বিস্তাৰত মনোযোগৰ লগতে এনে নতুন চহৰো নিৰ্মাণ কৰি থকা হৈছে, যি গ্লবেল বিজনেছ ডিমাণ্ড অনুসৰি প্ৰস্তুত হৈ আছে। গিফ্ট চিটীও এনেকুৱা প্লাগ এণ্ড প্লে সুবিধাযুক্ত চহৰৰ বহুত উত্তম উদাহৰণ।

 

বন্ধুসকল,

মোৰ মনত আছে, যেতিয়া মই গিফ্ট চিটীৰ কথা হয়তো ২০০৫-০৬ত কৈছিলো আৰু সেই সময়ত যি মোৰ ভিজন আছিল, তাৰ এটা ভিডিঅ' প্ৰজেকচন কৰা হৈছিল। তেতিয়া বহুত মানুহে ভাবিছিল যে এইবোৰ কি কথা কৈছে বাৰু, এইবোৰ আমাৰ দেশত হ'ব পাৰে জানো। এনেকৈ মই সেই সময়ত লিখা পঢ়িছিলো আৰু শুনিছিলোও। আজি গিফ্ট চিটী আপোনালোকৰ চকুৰ আগত থিয় হৈছে বন্ধুসকল। আৰু চাওঁতে চাওঁতেই হাজাৰ হাজাৰ লোকক ৰোজগাৰ দিয়া কেন্দ্ৰ হৈ আছে।

 

বন্ধুসকল,

এটা সময় আছিল যেতিয়া আহমেদাবাদত পৰিবহনৰ অৰ্থ কি, আমাৰ ইয়াত পৰিবহনৰ অৰ্থ কি ৰঙা বাছ, ৰঙা দুৱাৰ আৰু ৰঙা বাছ আৰু ঘুৰি পকি ৰিক্সাৱালা।

 

বন্ধুসকল,

যেতিয়া মোক গুজৰাটে আপোনালোকৰ সেৱাৰ সুযোগ দিলে তেতিয়া মোৰ সৌভাগ্য হ'ল যে আমি ইয়াত বিআৰটি কৰিডৰত কাম কৰিবলৈ পালো। এয়াও দেশত প্ৰথম আছিল। মোৰ তো বিআৰটি বাছৰ প্ৰথম যাত্ৰাৰ সাক্ষী হোৱাৰ সৌভাগ্যও হৈছিল, আৰু মোৰ মনত আছে যে মানুহ বিদেশৰ পৰা আহোতে নিজৰ পৰিবাৰক কৈছিল যে এইবাৰ যেতিয়া গুজৰাটলৈ যাম তেতিয়া অলপ বিআৰটিত ভ্ৰমণ কৰিব লাগিব, বহুত পঢ়িছো, বহুত শুনিছো।

 

বন্ধুসকল,

তেতিয়াও প্ৰচেষ্টা এয়াই আছিল যে সাধাৰণ নাগৰিক, সাধাৰণ লোকৰ সুবিধা কেনেকৈ বাঢ়িব। তেওঁলোকৰ বাবে বাধাহীন কানেক্টিভিটীৰ লাভ কেনেকৈ হ'ব। আৰু গণতন্ত্ৰ আৰু শাসনৰ এইটোৱেই কাম যে সাধাৰণ মানুহৰ আৱশ্যকতা অনুসৰি আৰু দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ সংকল্পৰে বিকাশৰ যাত্ৰাক এই দুটা চিৰিত চলাব লাগিব। আজি সেই সপোনকে ভব্য ৰূপত আমি সঁচা হোৱা দেখি আছো। মই এই উপলক্ষে হৃদয়ৰ পৰা আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো।

 

বন্ধুসকল,

আজি আহমেদাবাদ মেট্ৰোৰ প্ৰায় ৩২ কিঃমিঃ ছেকচনত যাত্ৰা আৰম্ভ হৈছে, আৰু এই কথা শুনি আপোনালোক আচৰিত হ'ব। ভাৰতত মেট্ৰো আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে এয়া প্ৰথমবাৰ এনে ৰেকৰ্ড হৈছে যে একেলগে প্ৰায় ৩২ কিঃমিঃ যাত্ৰাৰ লোকাৰ্পণ হৈছে। ইয়াৰ আৰু এটা বিশেষত্ব আছে। ৰে'লৱে লাইনৰ ওপৰেৰে মেট্ৰো ট্ৰেক নিৰ্মাণৰ কঠিন প্ৰত্যাহ্বান সত্বেও এই কাম দ্ৰুতগতিত সম্পূৰ্ণ হৈছে। ইয়াৰ ফলত মেট্ৰোৰ বাবে অতিৰিক্ত মাটিৰ আৱশ্যকো নহ'ল। আজি মেট্ৰোৰ প্ৰথম ফেজৰ লোকাৰ্পণ হৈছে, একেদৰে ফেজ-২ত গান্ধীনগৰক সংযোগ কৰা হৈছে।

 

ভাতৃ আৰু ভগ্নীসকল,

আহমেদাবাদ আৰু মুম্বাইৰ মাজত আৰম্ভ হোৱা বন্দে ভাৰত ট্ৰেইনে দেশৰ দুখন ডাঙৰ চহৰৰ মাজৰ যাত্ৰা আৰামদায়কো কৰিব আৰু দূৰত্বও কম কৰিব। সাধাৰণ এক্সপ্ৰেছ ট্ৰেইনেৰে আহমেদাবাদৰ পৰা মুম্বাই পাওঁতে প্ৰায় সাত-চাৰে সাত, আঠ-চাৰে আঠ ঘণ্টা লাগি যায়। কেতিয়াবা তাতকৈও বেছি সময় লাগে। শতাব্দী ট্ৰেইনেও কেতিয়াবা ছয়-চাৰে ছয়, সাত-চাৰে সাত ঘণ্টালৈকে সময় লয়। কিন্তু বন্দেভাৰত ট্ৰেইনে এতিয়া খুওব বেছি ৫ ঘণ্টাতে আহমেদাবাদৰ পৰা মুম্বাই পোৱাব। লাহে লাহে ইয়াত আৰু সংশোধন হ'ব, আৰু আজি যেতিয়াই মই বন্দে ভাৰত ট্ৰেইন বনোৱা চেন্নাইত আছিলো। তাক বনোৱা সকলো ইঞ্জিনিয়াৰ, ৱায়াৰমেন, ফিটাৰ, ইলেক্ট্ৰিচিয়ান, এই সকলোৰে সৈতে লগ হওঁ আৰু মই তেওঁলোকক সুধিলো, ক'লে চাহাব আপুনি আমাক কাম দিয়ক, আমি ইয়াতকৈও ভাল বনাম, ইয়াতকৈও বেগী বনাম আৰু সোনকালে বনাম। মোৰ দেশৰ ইঞ্জিনিয়াৰ, টেকনিচিয়ান তেওঁলোকৰ এই আত্মবিশ্বাস, তেওঁলোকৰ এই ভৰষাই মোক এই কথাৰ ওপৰত বিশ্বাসেৰে ক'বলৈ অনুপ্ৰাণিত কৰিছে যে দেশে ইয়াতকৈও দ্ৰুতগতিত অগ্ৰসৰ হ'ব। ইমানেই নহয়, বাকী ট্ৰেইনবিলাকৰ তুলনাত ইয়াত অধিক যাত্ৰী যাব পাৰিব। মই এবাৰ কাশী ষ্টেচনত সুধিছিলো। মই ক'লো ভাই বন্দে ভাৰত ট্ৰেইনৰ কি অভিজ্ঞতা? ক'লে আটাইতকৈ বেছি টিকট বন্দে ভাৰতৰ গৈ আছে। মই ক'লো সেয়া কেনেকৈ সম্ভৱ? ক'লে চাহাব, দুখীয়া মানুহে ইয়াত যাবলৈ পছন্দ কৰে, মজদুৰ মানুহে পছন্দ কৰে। মই ক'লো কিয়? ক'লে চাহাব তাৰ দুটা লজিক আছে। এক-লাগেজ ভিতৰলৈ নিবলৈ যথেষ্ট ঠাই আছে। আৰু দ্বিতীয়তে ইমান সোনকালে পাই যায় যে গৈ যদি কাম কৰে তেন্তে সিমান ঘণ্টাত টিকটৰ যি পইচা, সেয়াও ওলাই যায়। এয়া বন্দে ভাৰতৰ শক্তি।

 

বন্ধুসকল,

আজি এই উপলক্ষে মই আপোনালোকক এই কথাও ক'ব বিচাৰো যে ডবল ইঞ্জিনৰ চৰকাৰৰ লাভ কেনেকৈ আহমেদাবাদ প্ৰজেক্টে পালে। যেতিয়া বোটাদ ৰে'ল লাইনৰ অভাৰহেড স্পেচ মেট্ৰো প্ৰজেক্টৰ বাবে ব্যৱহাৰ কৰাৰ কথা আহে, তেতিয়া কেন্দ্ৰ চৰকাৰে লগেলগে ইয়াক মঞ্জুৰী দি দিলে। ইয়াৰ ফলত ৱাসণা-ওল্ড হাইক'ৰ্ট ৰুটৰ মেট্ৰোৰ কাম সোনকালেই আৰম্ভ হোৱাটো সম্ভৱপৰ হ'ল। আহমেদাবাদ মেট্ৰোৰ ওপৰত যেতিয়া আমি কাম কৰিবলৈ আৰম্ভ কৰো তেতিয়া ৰুট এনেকৈ প্লেন কৰা হ'ল যে যাৰ ফলত দুখীয়াৰো দুখীয়াৰ যাতে লাভ হয়। এই কথা মনত ৰখা হয় যে য'ত পাব্লিক ট্ৰেন্সপোৰ্টৰ সবাতোকৈ বেছি প্ৰয়োজন, য'ত ৰাস্তা পাৰ হোৱাত বহুত বেছি সময় লাগে, তাৰ মাজেৰে মেট্ৰো যাব। আহমেদাবাদ মাল্টিমডেল কানেক্টিভিটীৰ কেন্দ্ৰ হওক, ইয়াৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়া হয়। কালুপুৰত আজি মাল্টিমডেল হাব বনাই থকা হৈছে। ইয়াত বিআৰটি ষ্টেচনৰ সন্মুখতে আৰু গ্ৰাউণ্ড ফ্লৰত চিটী বাছ ৰ'ব, টেক্সি আৰু প্ৰাইভেট কাৰৰ বাবে আপাৰ ফ্লৰত সুবিধা থাকিব। সৰসপুৰ এণ্ট্ৰীৰ ফালে নতুন মেট্ৰো ষ্টেচন আছে আৰু হাই স্পীড ৰে'ল ষ্টেচনকো ড্ৰপ আৰু পিকআপ, পাৰ্কিঙৰ দৰে সুবিধাৰে সংযুক্ত কৰি থকা হৈছে। কালুপুৰ ৰোড অভাৰব্ৰীজক সৰসপুৰ ৰোড অভাৰব্ৰীজেৰে সংযুক্ত কৰিবলৈ ষ্টেচনৰ সন্মুখত ১৩ লেনৰ ৰোড বনোৱা হ'ব। কালুপুৰৰ উপৰিও সবৰমতী বুলেট ট্ৰেইন ষ্টেচনকো মাল্টিমডেল ট্ৰেন্সপোৰ্ট হাবৰ ৰূপত বিকশিত কৰি থকা হৈছে।

 

বন্ধুসকল,

চহৰৰ আমাৰ দুখীয়া, আমাৰ মধ্য শ্ৰেণীৰ পৰিয়াল, মিডল ক্লাছৰ বন্ধুসকল ধোঁৱাযুক্ত বাছৰ পৰা মুক্ত হওক, ইয়াৰ বাবে ইলেকট্ৰিক বাছ নিৰ্মাণ আৰু সঞ্চালনৰ বাবে ভাৰত চৰকাৰে এফএএমই যোজনা বনাইছে। যাতে পৰিৱেশৰো ৰক্ষা হয়, মানুহে শব্দৰ পৰাও মুক্তি পাব, ধোঁৱাৰ পৰাও মুক্তি পাব আৰু গতি দ্ৰুত পাব। এই যোজনাৰ জৰিয়তে এতিয়ালৈকে দেশত ৭ হাজাৰৰো অধিক ইলেকট্ৰিক বাছ স্বীকৃতি দিয়া হৈছে। এই বাছবোৰত কেন্দ্ৰ চৰকাৰে প্ৰায় চাৰে ৩ হাজাৰ কোটি টকা খৰচ কৰিছে। গুজৰাটৰ বাবেও এতিয়ালৈকে চাৰে ৮ শ ইলেকট্ৰিক বাছ স্বীকৃত হৈছে, যাৰ মাজৰ বহু বাছ আজি ইয়াত ৰাস্তাতো নামিছে।

 

ভাতৃ আৰু ভগ্নীসকল,

দীৰ্ঘ সময় ধৰি আমাৰ ইয়াত চহৰসমূহক জামৰ পৰা মুক্ত কৰা, আমাৰ ট্ৰেইনৰ গতি বঢ়াবলৈ গম্ভীৰ প্ৰয়াস হোৱা নাই। কিন্তু আজিৰ ভাৰতে স্পীডক, গতিক, জৰুৰী বুলি ভাবে, দ্ৰুততা বিকাশৰ গেৰাণ্টী বুলি ভাবে। গতিক লৈ এই আগ্ৰহ আজি গতিশক্তি নেচনেল মাষ্টাৰ প্লেনতো দেখা যায়, নেচনেল লজিষ্টিকছ পলিচীতো দেখা যায়, আৰু আমাৰ ৰে'লৱেৰ গতি বঢ়োৱাৰ অভিযানতো স্পষ্ট হয়। আজি দেশৰ ৰে'ল নেটৱৰ্ক, আজি মেড ইন ইণ্ডিয়া, বন্দে ভাৰত ট্ৰেইনক চলাবলৈ দ্ৰুতগতিত সাজু হৈ আছে। ঘণ্টাত ১৮০ কিঃমিঃলৈকে গতিৰ এই ভাৰতীয় ৰে'লৱেৰ দশাও সলনি হ'ব, দিশো সলনি হ'ব, এয়া মোৰ সম্পূৰ্ণ বিশ্বাস। অহা বছৰ আগষ্ট মাহলৈকে ৭৫খন বন্দে ভাৰত এক্সপ্ৰেছ ট্ৰেইন চলাৰ লক্ষ্যত আমি দ্ৰুতগতিত কাম কৰি আছো। ভাৰতৰ বন্দে ভাৰত ট্ৰেইনৰ ভাল গুণ হৈছে যে ই মাত্ৰ ৫২ ছেকেণ্ডত ১০০ কিঃমিঃ প্ৰতি ঘণ্টাত গতি কৰে। এতিয়া চীতা অহাত বেছিভাগ মিডিয়াত ইয়াৰ চৰ্চাও কৰিছে যে চীতাই দৌৰাৰ গতি কিমান ছেকেণ্ডত ধৰি লয়। ৫২ ছেকেণ্ডত এই ট্ৰেইনে গতি ধৰি লয়।

 

বন্ধুসকল,

আজি দেশৰ ৰে'ল নেটৱৰ্কৰ বহুত ডাঙৰ অংশ মানৱ ৰহিত গেটৰ পৰা মুক্ত হৈছে। ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰ যেতিয়া সাজু হৈ যাব তেতিয়া মালগাড়ীৰ স্পীডো বাঢ়িব আৰু পেছেঞ্জাৰ ট্ৰেইনত হোৱা পলমো কম হ'ব। আৰু বন্ধুসকল, যেতিয়া মালগাড়ীৰ স্পীড বাঢ়িব তেতিয়া গুজৰাটৰ যি বন্দৰ আছে, পৰ্ট যে আছে আমাৰ, সেয়া ইয়াতকৈ কেইবাগুণ বেছি দ্ৰুততাৰে কাম কৰিবলৈ আৰম্ভ কৰিব। হিন্দুস্তান পৃথিৱীজুৰি পাবলৈ লাগি যাব। আমাৰ মাল এক্সপৰ্ট হ'বলৈ লাগিব আৰু বিদেশৰ পৰা যি বস্তু আহে সেইবোৰেও বহুত দ্ৰুতগতিত আমাক আগবঢ়াই নিব। কিয়নো গুজৰাট ভৌগোলিক ৰূপত উত্তৰ ভাৰতৰ একেবাৰে ওচৰত। লেণ্ড লক এৰিয়াৰ পৰা ওচৰ। সেয়ে গুজৰাটৰ সমুদ্ৰ তীৰৰ সৰ্বাধিক লাভ হোৱাৰ সম্ভাৱনা আছে। সমগ্ৰ সৌৰাষ্ট্ৰ আৰু কচ্চৰ বহুত বেছি মুনাফা হ'ব।

 

বন্ধুসকল,

স্পীডৰ লগতে আজি আন্তঃগাঁথনিৰ বিকাশক লৈ চিন্তাতো বহুত ডাঙৰ পৰিৱৰ্তন আহিছে। যোৱা ৮ বছৰত আমি আন্তঃগাঁথনিক জন আকাংক্ষাৰ সৈতে সংযুক্ত কৰিছো। এটা সময় এনেকুৱাও আছিল যেতিয়া আন্তঃগাঁথনিক লৈ ঘোষণা কেৱল নিৰ্বাচনী লাভালাভৰ কথা মনত ৰাখি হৈছিল। কৰদাতাৰ আয়ৰ ব্যৱহাৰ ৰাজনৈতিক স্বাৰ্থত কৰা হৈছিল। ডবল ইঞ্জিনৰ চৰকাৰে এই ভাবনা সলনি কৰিলে। স্থায়ী প্ৰগতিৰ আধাৰ মজবুত আৰু দূৰদৰ্শী ভাবনাৰে নিৰ্মিত আন্তঃগাঁথনিৰ সৈতে থাকে, আজি এই ভাবনাৰেই ভাৰতে কাম কৰি আছে, ভাৰতে বিশ্বত নিজৰ স্থান প্ৰস্তুত কৰি আছে।

 

বন্ধুসকল,

স্বাধীনতাৰ অমৃত কালত বিকশিত ভাৰতৰ নিৰ্মাণৰ বাবে আধুনিক আন্তঃগাঁথনিৰ নিৰ্মাণক আমি আৰু গতি দিব লাগিব। গুজৰাটত ডবল-ইঞ্জিনৰ চৰকাৰে ইয়াৰ বাবে গম্ভীৰতাৰে প্ৰয়াসো কৰি আছে। মোৰ বিশ্বাস আছে যে সকলোৰে প্ৰয়াসত এই কাম আমি যি সময়ত বিচাৰো, সেই সময়লৈকে আমি কৰি উঠিম। এয়া মই বিশ্বাস দিছো।

 

বন্ধুসকল,

আজিৰ দিনটো মহত্বপূৰ্ণ। কিন্তু মই আজি গুজৰাটৰ মানুহক আৰু এটা কামৰ বাবে অনুৰোধ কৰিব বিচাৰো। মই জানো যে দুই-চাৰি দিনতে যেতিয়া মেট্ৰো সকলোৰে বাবে মুকলি হ'ব তেতিয়া সোনকালে যাব, চাব বহুত মানুহ যাব। কিন্তু মই বিচাৰো আমাৰ নবম, দশম, একাদশ, দ্বাদশৰ শিশু, আমাৰ ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট, ৰে'লৱেৰ পৰা আৰ্বান মিনিষ্ট্ৰীৰ সৈতে কথা পাতি, মেট্ৰোৰ লোকৰ সৈতে কথা পাতি গৈ অধ্যয়ন কৰক যে ইমান দলৈ খান্দি এই ৰে'লৱে ষ্টেচন কেনেকৈ নিৰ্মাণ হ'ল? কিমান খৰচ কৰিবলগা হ'ল? এই পইচা কাৰ? আমি দেশবাসীৰ। এবাৰ আমি এই শিক্ষা দি থাকিম যে এই কাম কেনেকৈ হ'ল? কিমান ডাঙৰ হ'ল? কিমান সময়ত হ'ল? কি কি ধৰণৰ প্ৰযুক্তি লাগিছে? তেতিয়া আমাৰ শিশুৰ বিকাশৰ বাবেও কামত আহিব আৰু সেয়ে শিক্ষা বিভাগৰ প্ৰতি মোৰ আহ্বান যে মেট্ৰো ষ্টেচনৰ সংগ কেৱল মেট্ৰো ট্ৰেইনত যাত্ৰা কৰিবৰ বাবে নহয়। তেওঁলোকক দেখুৱাব লাগে যে এয়া কেনেকৈ নিৰ্মাণ হৈছে? কেনেকৈ চলে? কি কাম কৰে? ইমান তলত টানেল কেনেকৈ নিৰ্মাণ হ'ল? ইমান দীঘল দীঘল টানেল কেনেকৈ নিৰ্মাণ হ'ল? তেওঁলোকৰ এটা বিশ্বাস জন্ম হ'ব যে টেকনলজিৰে দেশত কি প্ৰগতি হৈ আছে আৰু তাৰ অউনাৰশ্বিপ হ'ব। যেতিয়া আপোনালোকে মোৰ দেশৰ নতুন প্ৰজন্মক এয়া তোমাৰ, এয়া তোমাৰ ভৱিষ্যতৰ বাবে, যেতিয়া এবাৰ মোৰ নজোৱানৰ এই কথাৰ উপলব্ধি হ'ব, তেওঁলোকে কেতিয়াও কোনো আন্দোলনত এনে সম্পত্তিৰ ওপৰত হাত লগোৱাৰ চেষ্টা নকৰিব। তেওঁলোকৰ সিমানেই যন্ত্ৰণা হ'ব যিমান তেওঁলোকৰ নিজৰ ঘৰৰ সম্পত্তিৰ লোকচান হ'লে হয়। তেওঁৰ চাইকেলখন যদি সামান্য ক্ষতি হ'লে যি যন্ত্ৰণা হয়, সেই যন্ত্ৰণা তেওঁ মেট্ৰোৰ ক্ষতি হ'লে অনুভৱ হ'ব। কিন্তু ইয়াৰ বাবে আমাৰ সকলোৰে দায়িত্ব আছে যে আমি আমাৰ নতুন প্ৰজন্মক প্ৰশিক্ষিত কৰিব লাগিব। তেওঁলোকৰ সহানুভূতি জগাব লাগিব, বন্দে ভাৰত বুলি ক'লেই মা ভাৰতীৰ ছবি মনলৈ অহা উচিত। মোৰ ভাৰত মাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এই বন্দে ভাৰত দৌৰি আছে, যি বন্দে ভাৰতে দেশক দৌৰাব। এয়া মনোভাব, এয়া সংবেদনশীলতা, এয়া শিক্ষাৰ নতুন নতুন মাধ্যম,  কিয়নো ৰাষ্ট্ৰীয় শিক্ষা নীতিত ব্যৱস্থা আছে যে আপোনালোকে শিশুক সেই ঠাইবোৰলৈ নি তেওঁলোকক দেখুৱাওক, যদি ঘৰত কলহ আছে তেন্তে কওক কুমাৰৰ ঘৰলৈ নি তেওঁলোকে কলহ কেনেকৈ বনায়। তেওঁলোকক এই মেট্ৰো ষ্টেচনো দেখুৱাব লাগে। মেট্ৰোৰ সকলো ব্যৱস্থা বুজাব লাগে। আপোনালোকে চাওক সেই শিশুসকলৰ মনত সেই ভাব হ'ব, তেওঁলোকৰো কেতিয়াবা লাগিব, ময়ো ইঞ্জিনিয়াৰ হৈ যাওঁ, ময়ো মোৰ দেশৰ বাবে কিবা কাম কৰো। এনে সপোন তেওঁলোকৰ ভিতৰত ৰাখিব পাৰি বন্ধুসকল। সেয়ে মেট্ৰো কেৱল যাত্ৰাৰ বাবে নহয়, মেট্ৰো সফলতাৰ বাবেও কামত অহা দৰকাৰ। এই আহ্বানেৰেই মই আকৌ এবাৰ আজি আহমেদাবাদবাসীক, গুজৰাটৰ মানুহক আৰু দেশবাসীক এয়া বহুত ডাঙৰ উপহাৰ দি গৰ্ব অনুভৱ কৰিছো, সন্তোষ পাইছো আৰু আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো। মোৰ সৈতে সম্পূৰ্ণ হাত ওপৰলৈ তুলি সম্পূৰ্ণ জোৰেৰে কওক,

 

ভাৰত মাতা কী- জয়,

ভাৰত মাতা কী- জয়,

ভাৰত মাতা কী- জয়,

বহুত বহুত ধন্যবাদ!

***

DS/ST/DK



(Release ID: 1864134) Visitor Counter : 133