প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আহমেদাবাদৰ আহমেদাবাদ এডুকেচন ছ’চাইটিত আহমেদাবাদ মেট্ৰ’ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ


গান্ধীনগৰ ষ্টেচনত গান্ধীনগৰ আৰু মুম্বাইৰ মাজত নতুন বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিলে প্ৰধানমন্ত্ৰীয়ে

আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ ফ্লেগ অফ কৰিলে প্ৰধানমন্ত্ৰীয়ে

“একবিংশ শতিকাৰ ভাৰতৰ নগৰ সংযোগ আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে আজি এটা ডাঙৰ দিন”

“একবিংশ শতিকাৰ ভাৰতে দেশৰ চহৰসমূহৰ পৰা নতুন গতি লাভ কৰা দিশত অগ্ৰসৰ হৈছে”

“দেশৰ মেট্ৰ’ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা অংশ একে সময়তে কাৰ্যক্ষম কৰা হৈছে”

Posted On: 30 SEP 2022 1:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদৰ আহমেদাবাদ এডুকেচন ছচাইটিত আয়োজিত এক ৰাজহুৱা অনুষ্ঠানত আহমেদাবাদ মেট্ৰপ্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰে৷ প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰো ফ্লেগ অফ কৰি কালুপুৰ ষ্টেচনৰ পৰা দূৰদৰ্শন কেন্দ্ৰ মেট্ৰ’ ষ্টেচনলৈ মেট্ৰ’যোগে যাত্ৰা কৰে। প্ৰধানমন্ত্ৰীয়ে আজি গান্ধীনগৰ ষ্টেচনত গান্ধীনগৰ-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছত ফ্লেগ অফ কৰি তাৰ পৰা কালুপুৰ ৰে’লৱে ষ্টেচনলৈ ৰে’লত যাত্ৰা কৰে।

এই উপলক্ষে সমবেত জনতাক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে বিংশ শতিকাৰ ভাৰতৰ নগৰ সংযোগ আৰু আত্মনিৰ্ভৰ ভাৰত বাবে আজি এটা ডাঙৰ দিন৷ তেওঁ বন্দে ভাৰত ৰে’ল আৰু আহমেদাবাদ মেট্ৰ’ত যাত্ৰা কৰি আনন্দ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে বন্দে ভাৰত এক্সপ্ৰেছৰ ভিতৰত হোৱা শব্দ গুমগুমনি প্ৰতিৰোধৰ প্ৰশংসা কৰে যত বিমান সংস্থাৰ ভিতৰত অনুভৱ কৰা শব্দৰ তুলনাত শব্দএশ শতাংশলৈ হ্ৰাস কৰা হৈছে। এক ব্যক্তিগত টোকাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ জনসাধাৰণক বিপুল ভোটদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰি আন্তৰিকতাৰে আহমেদাবাদৰ যাতায়তৰ বুদ্ধি আৰু হিচাপ-নিকাচৰ কথা উল্লেখ কৰে। মই আহমেদাবাদক ইমান প্ৰণাম কৰিব নোৱাৰো, যিমান আজি আহমেদাবাদে মোৰ হৃদয় জয় কৰিছে”, আতিথ্যত আপ্লুত হৈ প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে একবিংশ শতিকাৰ ভাৰতে দেশৰ চহৰসমূহৰ পৰা নতুন গতি লাভ কৰাৰ দিশত অগ্ৰসৰ হৈছে। পৰিৱৰ্তিত সময়ৰ লগে লগে পৰিৱৰ্তিত প্ৰয়োজনীয়তাৰ সৈতে আমাৰ চহৰসমূহক নিৰন্তৰ আধুনিকীকৰণ কৰাটো প্ৰয়োজনীয়”, শ্ৰী মোদীয়ে কয়। তেওঁ উল্লেখ কৰে যে চহৰখনৰ পৰিবহণ ব্যৱস্থাটো আধুনিক হব লাগে আৰু ইয়াত নিৰৱচ্ছিন্ন সংযোগ থাকিব লাগে যত এটা পৰিবহণ পদ্ধতিয়ে আনটোক সমৰ্থন কৰে। এই চিন্তাধাৰা অনুসৰি নগৰীয়া আন্তঃগাঁথনিত বিশাল বিনিয়োগ কৰা হৈছে। বিগত ৮ বছৰত দুডজনতকৈ অধিক চহৰত হয় মেট্ৰআৰম্ভ হোৱাই নহয়, কাম উন্নত পৰ্যায়ত আছে। কেইবা ডজন সৰু চহৰক বিমান সংযোগ আৰু উড়ান আঁচনিৰ জৰিয়তে সংযোগ কৰা হৈছে। একেদৰে ৰেলৱে ষ্টেচনসমূহতো পৰিৱৰ্তন সাধন কৰা হৈছে। আজি গান্ধীনগৰ ৰেলৱে ষ্টেচন বিশ্বৰ কোনো বিমানবন্দৰতকৈ কম নহয়”, তেওঁ কয়। আহমেদাবাদ ৰেলৱে ষ্টেচনৰ আধুনিকীকৰণৰ বাবে চৰকাৰৰ সিদ্ধান্তৰ কথাও তেওঁ উল্লেখ কৰে৷

আহমেদাবাদ-গান্ধীনগৰৰ সফলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে টুইন চিটী উন্নয়নৰ ধাৰণাৰ সফলতাৰ কথা ব্যাখ্যা কৰে৷ তেওঁ কয় যে আনন্দ-নাদিয়াদ, ভৰুচ অংকলেশ্বৰ, ভালছাদ আৰু ভাপী, ছুৰাট আৰু নৱছাৰী, বদোদৰা-হালোল কালোল, মৰভি-ৱাংকনেৰ আৰু মেহছানা কাদিৰ দৰে বহু টুইন চিটীয়ে গুজৰাটৰ পৰিচয়ক আৰু অধিক শক্তিশালী কৰিব।

আগন্তুক ২৫ বছৰত উন্নত মৰ্যাদা নিশ্চিত কৰাৰ ক্ষেত্ৰত আহমেদাবাদ, ছুৰাট, বদোদৰা, ভূপাল, ইন্দোৰ, জয়পুৰ আদি চহৰৰ ভূমিকাৰ কথা উল্লেখ কৰে শ্ৰী মোদীয়ে। প্রধানমন্ত্রীয়ে আলোকপাত কৰে যে পুৰণি চহৰসমূহৰ উন্নতি আৰু সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব দিয়াৰ সমান্তৰালভাৱে বিশ্বৰ ব্যৱসায়ীসকলৰ দাবী অনুযায়ী নতুন চহৰসমূহ গঢ়ি তোলা হৈছে৷ “গিফ্ট চিটিসমূহো এনে প্লাগ এণ্ড প্লেৰ সুবিধাৰ এক অতি উত্তম উদাহৰণ”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ মেট্ৰৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথ একেবাৰতে কাৰ্যক্ষম কৰা হৈছে। ৰেলৱে লাইনৰ ওপৰত মেট্ৰট্ৰেক নিৰ্মাণৰ প্ৰত্যাহ্বানৰ মাজতো প্ৰকল্পটো দ্ৰুতগতিত সম্পূৰ্ণ হোৱাৰ কথাও তেওঁ লক্ষ্য কৰে।

বন্দে ভাৰত এক্সপ্ৰেছৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে আহমেদাবাদ আৰু মুম্বাইৰ দুখন ডাঙৰ চহৰৰ মাজৰ যাত্ৰা আৰামদায়ক হৈ উঠিব আৰু লগতে দূৰত্বও হ্ৰাস কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এক্সপ্ৰেছ ৰেলে আহমেদাবাদৰ পৰা মুম্বাইলৈ যাত্ৰা সম্পূৰ্ণ কৰিবলৈ প্ৰায় সাতৰ পৰা আঠ ঘণ্টা সময় লাগে, আনহাতে শতাব্দী ৰেলে চাৰে ছয়ৰ পৰা সাত ঘণ্টা সময় লয়। আনহাতে, বন্দে ভাৰত এক্সপ্ৰেছত গান্ধীনগৰৰ পৰা মুম্বাইলৈ যাত্ৰা সম্পূৰ্ণ কৰিবলৈ সৰ্বাধিক চাৰে পাঁচ ঘণ্টা সময় লাগিব বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে আলোকপাত কৰে যে বন্দে ভাৰত এক্সপ্ৰেছত আন ৰেলতকৈ অধিক যাত্ৰীয়ে যাত্ৰা কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে বন্দে ভাৰতৰ বন্দে ভাৰত ৰে’লৰ ৰূপকাৰ আৰু নিৰ্মাণ কৰা কাৰিকৰী লোক আৰু অভিযন্তাসকলৰ সৈতে হোৱা মত বিনিময়ৰ কথাও উল্লেখ কৰে আৰু তেওঁলোকৰ উদ্যোগ আৰু আত্মবিশ্বাসৰ বাবে তেওঁৰ প্ৰশংসা প্ৰকাশ কৰে। কাশী ৰেলৱে ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছত বৃদ্ধি পোৱা যাত্ৰীৰ ভিৰৰ বিষয়ে তেওঁক জনোৱা কথা-বতৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সামগ্ৰী ৰখা কোঠা বৃদ্ধি আৰু যাতায়ত হ্ৰাস পোৱাৰ বাবে এয়া শ্ৰমিক আৰু দৰিদ্ৰ লোকৰ বাবে ৰে’ল যাত্ৰাৰ সময়, এয়া বন্দে ভাৰতৰ শক্তি”, শ্ৰী মোদীয়ে লগতে কয়। প্ৰধানমন্ত্ৰীয়ে লগতে ব্যাখ্যা কৰে যে দ্বৈত ইঞ্জিন চৰকাৰৰ বাবে প্ৰকল্পটো দ্ৰুতভাৱে সম্পূৰ্ণ কৰাৰ বাবে মেট্ৰপ্ৰকল্পসমূহৰ বাবে অনুমতি আৰু অন্যান্য অনুমোদন অতি ক্ষিপ্ৰতাৰে লাভ কৰা হৈছিল। দৰিদ্ৰ আৰু আৰ্তজনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মেট্ৰৰ বাবে ৰুট প্লেনিং কৰা হৈছিল। কালুপুৰে এটা মাল্টিমডেল হাব লাভ কৰিছে বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰে ইলেক্ট্ৰিক বাছ নিৰ্মাণ আৰু পৰিচালনাৰ বাবে ফেম আঁচনি আৰম্ভ কৰিছে যাতে চহৰৰ দৰিদ্ৰ, মধ্যবিত্ত বন্ধুসকলে বাছৰ পৰা নিৰ্গত হোৱা ধোঁৱাৰ পৰা মুক্তি পাব পাৰে। এতিয়ালৈকে এই আঁচনিৰ অধীনত দেশত সাত হাজাৰৰো অধিক বৈদ্যুতিক বাছৰ অনুমোদন জনোৱা হৈছে”, শ্ৰী মোদীয়ে লগতে কয়, “কেন্দ্ৰীয় চৰকাৰে প্ৰায় এই বৈদ্যুতিক বাছবোৰত ৩৫০০ কোটি টকা ব্যয় কৰিছে।প্ৰধানমন্ত্ৰীয়ে জনোৱা মতে, এই আঁচনিৰ অংশ হিচাপে এতিয়ালৈকে গুজৰাট ৰাজ্যত ৮৫০খন বৈদ্যুতিক বাছ প্ৰৱৰ্তন কৰা হৈছে, ইয়াৰে এশখন ইতিমধ্যে গুজৰাটৰ পথত চলি আছে।

বিগত সময়ৰ কেন্দ্ৰীয় চৰকাৰসমূহক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে চহৰসমূহত যান-জঁট নিৰ্মূলৰ বাবে কৰা বিসংগতিপূৰ্ণ কামৰ কথা আঙুলিয়াই দিয়ে। শ্ৰী মোদীয়ে ভাষণৰ মাজতে কয় যে একবিংশ শতিকাৰ ভাৰতে গতিক এক গুৰুত্ব কাৰক আৰু ক্ষিপ্ৰ বিকাশৰ নিশ্চয়তা হিচাপে গণ্য কৰে। প্ৰধানমন্ত্ৰীয়ে জনোৱা মতে গতিৰ ওপৰত এই চাপ ৰাষ্ট্ৰীয় গতিশক্তিৰ মাষ্টাৰ প্লেন আৰু ৰাষ্ট্ৰীয় লজিষ্টিক নীতিতো স্পষ্টকৈ দেখা যায়। আমাৰ ৰেলৱেৰ গতি বৃদ্ধিৰ অভিযানতো এই কথা স্পষ্ট হৈ পৰিছে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়। অহা বছৰৰ আগষ্ট মাহৰ ভিতৰত ৭৫ খন বন্দে ভাৰত ৰেল চলোৱাৰ ক্ষেত্ৰত আমি দ্ৰুতগতিত কাম কৰি আছো। ভাৰতৰ বন্দে ভাৰত ৰেলখনৰ সৌন্দৰ্য্য হল ই মাত্ৰ ৫২ ছেকেণ্ডতে ১০০ কিলোমিটাৰ গতিবেগ লাভ কৰে বুলি তেওঁ সদৰি কৰে

ৰেলৱে নেটৱৰ্কত হোৱা উন্নয়নৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ ৰেল নেটৱৰ্কৰ এক বৃহ অংশ মানৱবিহীন গেটৰ পৰা মুক্ত কৰা হৈছে। এবাৰ ইষ্টাৰ্ণ আৰু পশ্চিম ডেডিকেটেড ফ্ৰেইট কৰিডৰ সাজু হলে মালবাহী ৰেলৰ গতিও বৃদ্ধি পাব আৰু যাত্ৰীবাহী ৰেৰো বিলম্বতা হ্ৰাস পাব”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে দেশত আন্তঃগাঁথনি উন্নয়নৰ বিষয়ে চিন্তা প্ৰক্ৰিয়াত হোৱা চমকপ্ৰদ পৰিৱৰ্তনৰ লগতে গতিক চালিকা কাৰক হিচাপে স্বীকাৰ কৰে। বিগত ৮ বছৰত আমি আন্তঃগাঁথনিক জনসাধাৰণৰ আকাংক্ষাৰ সৈতে সংযোগ কৰিছোশ্ৰী মোদীয়ে লগতে কয়, “এটা সময় আছিল যেতিয়া কেৱল নিৰ্বাচনী লাভ-লোকচানৰ কথা মনত ৰাখি আন্তঃগাঁথনি সম্পৰ্কীয় ঘোষণা কৰা হৈছিল। কৰদাতাৰ আয় কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবেহে ব্যৱহাৰ কৰা হৈছিল।দ্বৈত ইঞ্জিন চৰকাৰে এই চিন্তাধাৰা সলনি কৰিছে।পৰিৱৰ্তনসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বহনক্ষম প্ৰগতিৰ ভিত্তি হৈছে শক্তিশালী আৰু দূৰদৰ্শী চিন্তাৰে নিৰ্মিত আন্তঃগাঁথনি আৰু আজি যি কাম চলি আছে সেয়া এই চিন্তাধাৰাৰ সৈতে একাকাৰ হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে বিদ্যালয় আৰু অভিযান্ত্ৰিক ক্ষেত্ৰৰ ছাত্ৰ-ছাত্ৰীসকলক মাটিৰ তলেৰে আৰু মাটিৰ ওপৰেৰে মেট্ৰনিৰ্মাণৰ ক্ষেত্ৰত যি বিশাল কাম কৰিবলগীয়া হয় আৰু ইয়াত কি ধৰণৰ বিনিয়োগ হয়, সেই বিষয়ে সংবেদনশীল কৰি তোলাৰ কামনা ব্যক্ত কৰে। ইয়াৰ ফলত দেশৰ প্ৰগতিৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ভূমিকা সম্পৰ্কে তেওঁলোকৰ বিশ্বাস বৃদ্ধি হব আৰু লগতে তেওঁলোকৰ মাজত মালিকীস্বত্ববোধৰ সৃষ্টি হব। ইয়াৰ লগে লগে এনে এটা প্ৰজন্মৰ উত্থান ঘটিব যিয়ে কেতিয়াও ৰাজহুৱা সম্পত্তিৰ ক্ষতি নকৰে কাৰণ তেওঁলোকে সেইবোৰ মালিকীস্বত্ব, প্ৰচেষ্টা আৰু বিনিয়োগৰ সম্পৰ্কে বুজি পাব।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীয়ে আজাদী কা অমৃত কালত এখন উন্নত ভাৰত গঢ়ি তুলিবলৈ আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ দিশত অধিক গতি আৰু শক্তিৰ প্ৰয়োজনীয়তাৰ বাবে আহ্বান জনায়। ‘গুজৰাটৰ দ্বৈত ইঞ্জিন চৰকাৰেও ইয়াৰ বাবে গুৰুত্বসহকাৰে চেষ্টা চলাইছে। মই বিশ্বাস কৰো যে সবকা প্ৰয়াসৰ দ্বাৰা (সকলোৰে প্ৰচেষ্টা) এই কাম বাস্তৱায়িত হ’ব৷”

এই উপলক্ষে অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য্য দেৱব্ৰত, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, সাংসদ শ্ৰী চি আৰ পাটিল, ৰে’লবিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী দৰ্শনা বিক্ৰম জাৰদোশ আৰু আহমেদাবাদৰ মেয়ৰ শ্ৰী কিৰিত পাৰমাৰ উপস্থিত থাকে।

পটভূমিঃ

বন্দে ভাৰত এক্সপ্ৰেছে অসংখ্য উচ্চমানৰ আৰু বিমানৰ দৰে ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰে ইয়াত থলুৱাভাৱে বিকশিত কৰা ট্ৰেইন কলিজিন এভয়ডেন্স চিষ্টেম-কাভাচকে ধৰি উন্নত অত্যাধুনিক সুৰক্ষা বৈশিষ্ট্যৰে সজ্জিত কৰা হৈছে। সকলো শ্ৰেণীতে পিছলৈ হাউলি যাব পৰা আসন থকাৰ বিপৰীতে এক্সিকিউটিভ কোচসমূহ ১৮০ ডিগ্ৰী ঘূৰণসক্ষম আসনৰ অতিৰিক্ত বৈশিষ্ট্য আছে। প্ৰতিটো কোচত ৩২ ইঞ্চি স্ক্ৰীণ আছে যাৰ জৰিয়তে যাত্ৰীসকলক তথ্য আৰু মনোৰঞ্জন প্ৰদান কৰিব৷

আহমেদাবাদৰ এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদ মেট্ৰপ্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰিব। ইয়াত এপাৰেল পাৰ্কৰ পৰা থালটেজলৈকে প্ৰায় ৩২ কিলোমিটাৰ পূব-পশ্চিম কৰিডৰ আৰু মটেৰাৰ পৰা গ্যাপুৰলৈ উত্তৰ-দক্ষিণ কৰিডৰ অন্তৰ্ভুক্ত কৰা হৈছে। পূব-পশ্চিম কৰিডৰৰ থালটেজ-ভাষ্ট্ৰল পথত ১৭টা ষ্টেচন আছে। এই কৰিডৰত চাৰিটা ষ্টেচন থকা ৬.৬ কিলোমিটাৰ মাটিৰ তলৰ যোৱা অংশও আছে। গ্যাপুৰৰ সৈতে মটেৰা ষ্টেডিয়াম সংযোগ কৰা ১৯ কিলোমিটাৰ উত্তৰ-দক্ষিণ কৰিডৰত আছে ১৫টা ষ্টেচন। ৫০ ১২,৯০০ কোটিতকৈ অধিক  টকা ব্যয়েৰে সমগ্ৰ প্ৰথম পৰ্যায়ৰ প্ৰকল্পৰ কাম নিৰ্মাণ কৰা হৈছে। আহমেদাবাদ মেট্ৰ' হৈছে এটা বৃহ অত্যাধুনিক আন্তঃগাঁথনি প্ৰকল্প য'ত মাটিৰ তলৰ সুৰংগ, ভায়াডাক্ট আৰু দলং, উচ্চ আৰু ভূগৰ্ভস্থ ষ্টেচনৰ ভৱন, বিস্ফোৰণমুক্ত ৰে'ল ট্ৰেক আৰু চালকবিহীন ৰে'ল পৰিচালনা অনুসৰি ৰোলিং ষ্টক আদি জড়িত হৈ আছে, যিটোৱে শক্তিৰ ব্যৱহাৰৰ প্ৰায় ৩০-৩৫% ৰাহি কৰিব। ৰেলখনত অত্যাধুনিক ছাচপেনচন ব্যৱস্থা আছে যিটোৱে যাত্ৰীসকলক অতি মসৃণভাৱে যাত্ৰা কৰাৰ অভিজ্ঞতা প্ৰদান কৰিবআহমেদাবাদৰ প্ৰথম পৰ্যায়ৰ মেট্ৰপ্ৰকল্পৰ উদ্বোধন কৰিলে মহানগৰীৰ জনসাধাৰণক বিশ্বমানৰ মাল্টি মডেল সংযোগৰ সুবিধা হব। ভাৰতীয় ৰেলৱে, আৰু বাছ ব্যৱস্থা (বিআৰটিএছ, জিএছআৰটিচি আৰু চিটি বাছ সেৱা)ৰ সৈতে মাল্টি মডেল সংযোগ প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ৰাণীপ, বদজ, এইচি ষ্টেচন আদিত বিআৰটিএছৰ সৈতে আৰু গান্ধীধাম, কালুপুৰ আৰু বৰমতী ষ্টেচনত ভাৰতীয় ৰেলৱেৰ সৈতে সংযোগ আছে। কালুপুৰত মেট্ৰলাইনটো মুম্বাই আৰু আহমেদাবাদক সংযোগ কৰা ক্ষিপ্ৰগতিৰ ৰেল ব্যৱস্থাৰ সৈতে সংযোগ কৰিব। এই ব্যাপক উন্নয়নমূলক প্ৰকল্পসমূহৰ উদ্বোধন আৰু আধাৰশিলাত বিশ্বমানৰ আন্তঃগাঁথনি উন্নয়ন, নগৰীয়া গতিশীলতা বৃদ্ধি আৰু মাল্টিডাল সংযোগ উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়বদ্ধতাকে প্ৰতিফলিত হৈছে। ইয়াৰ উপৰি সাধাৰণ মানুহৰ সহজ জীৱন-যাপনৰ সুবিধা বৃদ্ধিৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰে নিৰন্তৰভাৱে প্ৰদান কৰি অহা গুৰুত্বক প্ৰদৰ্শন কৰা হৈছে।

 

***

DS/TS/DB



(Release ID: 1864065) Visitor Counter : 122