তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

আশা পাৰেখলৈ দাদাচাহেব ফাল্কে বঁটা, ২০২০


৩০ ছেপ্টেম্বৰত ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান

বঁটা প্ৰদান অনুষ্ঠানত পৌৰহিত্য কৰিব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুয়ে

Posted On: 27 SEP 2022 1:35PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আজি কিংবদন্তি অভিনেত্ৰী শ্ৰীমতী আশা পাৰেখলৈ ২০২০ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। নতুন দিল্লীত অনুষ্ঠিতব্য ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত বঁটাটি প্ৰদান কৰা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে এই ঘোষণা কৰি কয়, “মই দাদাচাহেব ফাল্কে বাছনি জুৰীয়ে ভাৰতীয় চলচ্চিত্ৰলৈ আজীৱন দৃষ্টান্তমূলক অৱদান আগবঢ়োৱাৰ বাবে শ্ৰীমতী আশা পাৰেখ জীক স্বীকৃতি জনোৱা আৰু বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণৰ কথা ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো।” মন্ত্ৰীজনে লগতে ৩০ ছেপ্টেম্বৰ, ২০২২ ত ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে আৰু ইয়াত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুয়ে পৌৰহিত্য কৰিব বুলি কয়।

শ্ৰীমতী আশা পাৰেখ এগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ অভিনেত্ৰী, পৰিচালক আৰু প্ৰযোজক তথা এগৰাকী সুদক্ষ ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। এগৰাকী শিশু অভিনয় শিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰি তেওঁ দিল দেকে দেখো ত মুখ্য নায়িকা হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু ৯৫ খনৰো অধিক চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কাটি পাটাং, তিচৰী মনজিল, লাভ ইন টকিঅ, আয়া শাৱন ঝুম কে, আন মিল’ সাজনা, মেৰা গাওঁ মেৰা দেশ ৰ দৰে জনপ্ৰিয় চলচ্চিত্ৰসমূহত অভিনয় কৰিছে।

শ্ৰীমতী পাৰেখে ১৯৯২ ত পদ্মশ্ৰী সন্মান লাভ কৰিছিল। তেওঁ ১৯৯৮-২০০১ ত কেন্দ্রীয় চলচ্চিত্র প্ৰমাণীকৰণ ব’ৰ্ডৰ মুৰব্বী হিচাপেও কাৰ্য্যনিৰ্বাহ কৰিছিল।

শ্ৰী অনুৰাগ ঠাকুৰে লগতে পাঁচজনীয়া জুৰীয়ে শ্ৰীমতী পাৰেখলৈ এই বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰে। ৫২ সংখ্যক দাদাচাহেব ফাল্কে বঁটাৰ বাছনিৰ বাবে এই জুৰীত থকা চলচ্চিত্ৰ জগতখনৰ পাঁচজন সদস্য হৈছেঃ

১। শ্ৰীমতী আশা ভোছলে

২। শ্ৰীমতী হেমা মালিনী

৩। শ্ৰীমতী পুনম ধিলন

৪। শ্ৰী টি.এছ. নাগাভৰণ

৫। শ্ৰী উদিত নাৰায়ণ

***



(Release ID: 1862537) Visitor Counter : 124