প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মধ্য প্ৰদেশৰ শ্যোপুৰত মহিলা আত্ম সহায়ক গোটৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পাঠ

Posted On: 17 SEP 2022 5:47PM by PIB Guwahati

ভাৰত মাতা কী- জয়,

ভাৰত মাতা কী- জয়,

ভাৰত মাতা কী- জয়,

মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগুভাই পেটেল, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীমান শিৱৰাজ সিংহ জী চৌহান, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থসকল, মধ্য প্ৰদেশ চৰকাৰৰ মন্ত্ৰীগণ, সাংসদ আৰু বিধায়ক বন্ধু, বিশাল সংখ্যাত উপস্থিত হোৱা আন সকলো সহায়ক গোটৰ সৈতে জড়িত মাতৃ-ভগ্নীসকলক প্ৰণাম!

আপোনালোক সকলোকে আত্ম সহায়ক গোট সন্মিলনলৈ বহুত-বহুত আদৰণি। এতিয়া আমাৰ মুখ্যমন্ত্ৰী জীয়ে, আমাৰ নৰেন্দ্ৰ সিংহ জী তোমৰে মোৰ জন্মদিন স্মৰণ কৰিলে। মোৰ বেছি মনত নাথাকে, কিন্তু যদি সুবিধা হয়, যদি কিবা কাৰ্যক্ৰমৰ দায়িত্ব নাথাকে তেতিয়া সাধাৰণতে মোৰ প্ৰয়াস থাকে যে মোৰ মাৰ ওচৰলৈ যাওঁ, তেওঁৰ চৰণ চুই আশীৰ্বাদ লওঁ। কিন্তু আজি মই মাৰ ওচৰলৈ তো যাব নোৱাৰিলো। কিন্তু মধ্য প্ৰদেশৰ আদিবাসী অঞ্চলৰ, অন্য সমাজৰ গাঁৱে-গাঁৱে পৰিশ্ৰম কৰা এই লাখ লাখ মাতৃয়ে মোক আজি ইয়াত আশীৰ্বাদ দি আছে। এই দৃশ্য আজি মোৰ মাই যেতিয়া দেখিব, তেওঁ নিশ্চয় সন্তোষ পাব যে যদিও সন্তান আজি তেওঁৰ ওচৰলৈ নগ'ল, কিন্তু লাখ লাখ মাতৃয়ে মোক আশীৰ্বাদ দিছে। মোৰ মাৰ আজি বেছি প্ৰসন্নতা হ'ব। আজি ইমান বৃহৎ সংখ্যাত মাতৃ-ভগ্নীসকল, কন্যাসকল এয়া আপোনালোকৰ আশীৰ্বাদ আমাৰ বাবে বহুত ডাঙৰ শক্তি। এটা বহুত ডাঙৰ ইন্ধন, মটিভেচন। আৰু মোৰ বাবে তো দেশৰ মাতৃ-ভগ্নীসকল, দেশৰ কন্যাসকল মোৰ সবাতোকৈ ডাঙৰ ৰক্ষাকবচ। শক্তিৰ স্ৰোত, মোৰ প্ৰেৰণা।

ইমান ডাঙৰ বিশাল সংখ্যাত অহা ভাতৃ-ভগ্নীসকল আজি আৰু এটা মহত্বপূৰ্ণ দিৱস। আজি বিশ্বকৰ্মা পূজাও হৈ আছে। বিশ্বকৰ্মা জয়ন্তীত আত্ম সহায়ক গোটৰ ইমান ডাঙৰ সন্মিলন, নিজস্ব ভাৱেই এটা বহুত ডাঙৰ বিশেষতাৰ ৰূপত মই চাওঁ। মই আপোনালোক সকলোকে, সকলো দেশবাসীক বিশ্বকৰ্মা পূজাৰো বহুত বহুত শুভকামনা জনাইছো। মই আজি এই কথাতো আনন্দিত যে ভাৰতৰ মাটিলৈ এতিয়া ৭৫ বছৰৰ পাছত চীতা আকৌ উভতি আহিছে। এতিয়াৰ পৰা কিছু সময়ৰ পূৰ্বে মোৰ কুনো নেচনেল পাৰ্কত চীতাকেইটাক এৰি দিয়াৰ সৌভাগ্য হ'ল। মই আপোনালোক সকলোকে আহ্বান জনাওঁ। জনাওঁ আহ্বান? আপোনালোকে উত্তৰ দিয়ে যদি জনাওঁ? আহ্বান জনাওঁ? আহ্বান জনাওঁ সকলোকে? এই মঞ্চত থকাসকলকো আহ্বান জনাওঁ? সকলোৱে কৈছে যে মই আহ্বান জনাওঁ। আজি এই ক্ষেত্ৰৰ পৰা আমি সমগ্ৰ বিশ্বক এটা বাৰ্তা দিব বিচাৰিছো। আজি যেতিয়া আঠটা চীতা প্ৰায় ৭৫ বছৰৰ পাছত আমাৰ দেশৰ মাটিলৈ উভতি আহিল। সুদূৰ আফ্ৰিকাৰ পৰা আহিল। দীঘলীয়া যাত্ৰা কৰি আহিল। আমাৰ বহুত ডাঙৰ অতিথি আহিল। এই অতিথিসকলৰ সন্মানত মই এটা কাম কওঁ কৰিবনে? এই অতিথিসকলৰ সন্মানত আমি সকলোৱে নিজৰ ঠাইত থিয় হৈ দুয়োখন হাত ওপৰলৈ কৰি তালী বজাই আমাৰ অতিথিসকলক আদৰণি জনাওক। জোৰেৰে তালী বজাওক আৰু যি আমাক এই চীতা দিছে। সেই দেশবাসীকো আমি ধন্যবাদ জনাইছো। যি দীঘলীয়া সময়ৰ পিছত আমাৰ এই কামনা পূৰণ কৰিলে। সজোৰে তালী বজাওক বন্ধুসকল। এই চীতাকেইটাৰ সন্মানত তালী বজাওক। মই আপোনালোকৰ ওচৰত বহুত বহুত কৃতজ্ঞ।

মই দেশৰ মানুহক, মধ্য প্ৰদেশৰ মানুহক এই ঐতিহাসিক উপলক্ষত বহুত-বহুত অভিনন্দন জনাইছো। কিন্তু ইয়াতকৈও অধিক মই আপোনালোক সকলোকে, এই অঞ্চলৰ নাগৰিকসকলক এক বিশেষ অভিনন্দন জনাইছো। হিন্দুস্তান তো বহুত ডাঙৰ। অৰণ্যও বহুত আছে। বন্য পশুও বহু ঠাইত আছে। কিন্তু এই চীতা আপোনালোকৰ ইয়ালৈ অহাৰ ভাৰত চৰকাৰে সিদ্ধান্ত কিয় ল'লে? আপোনালোকে কেতিয়াবা ভাবিছেনে? এয়াইতো সকলোতকৈ ডাঙৰ কথা। এই চীতা আপোনালোকক অৰ্পণ এই কাৰণেই কৰা হৈছে যে আপোনালোকৰ ওপৰত আমাৰ ভৰষা আছে। আপোনালোকে বিপদ মোকাবিলা কৰিব, কিন্তু চীতাৰ ওপৰত বিপদ আহিবলৈ নিদিয়ে, এয়া মোৰ বিশ্বাস। এই কাৰণেই আজি মই আপোনালোক সকলোকে এই আঠটা চীতাৰ দায়িত্ব অৰ্পণ কৰিবলৈ আহিছো আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে এই দেশৰ মানুহে কেতিয়াও মোৰ বিশ্বাস ভংগ কৰা নাই। মধ্য প্ৰদেশৰ মানুহে কেতিয়াও মোৰ বিশ্বাসত ডাগ লগোৱা নাই আৰু এই শ্যোপুৰ এলেকাৰ মানুহকো মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে মোৰ বিশ্বাসত ডাগ লাগিবলৈ নিদিয়ে। আজি মধ্য প্ৰদেশত আত্ম সহায়ক গোটসমূহৰ দ্বাৰা ৰাজ্যত ১০ লাখ বৃক্ষ ৰোপণো কৰি থকা হৈছে। পৰিৱেশ ৰক্ষাৰ বাবে আপোনালোক সকলোৰে এই সংগঠিত প্ৰয়াস, ভাৰতৰ পৰিৱেশৰ প্ৰতি প্ৰেম, বৃক্ষৰ মাজতো পৰমাত্মা দেখা পোৱা মোৰ দেশ আজি এই প্ৰয়াসৰ ফলত ভাৰতে এটা নতুন শক্তি পাব।

 

বন্ধুসকল,

যোৱা শতাব্দীৰ ভাৰত আৰু এই শতাব্দীৰ নতুন ভাৰতৰ মাজত এটা বহুত ডাঙৰ পাৰ্থক্য আমাৰ নাৰী শক্তিৰ প্ৰতিনিধিত্বৰ ৰূপত আহিছে। আজিৰ নতুন ভাৰতত পঞ্চায়ত ভৱনৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰপতি ভৱনলৈকে নাৰী শক্তিৰ পতাকা উৰি আছে। মোক কোৱা হৈছে যে ইয়াত শ্যোপুৰ জিলাত এগৰাকী মোৰ আদিবাসী ভগ্নীয়ে জিলা পঞ্চায়তৰ অধ্যক্ষা হিচাপে কাম কৰি আছে। অলপতে সম্পন্ন হোৱা পঞ্চায়ত নিৰ্বাচনত সমগ্ৰ মধ্য প্ৰদেশত প্ৰায় ১৭ হাজাৰ ভগ্নী জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছে। এয়া বৃহৎ পৰিৱৰ্তনৰ সংকেত, বৃহৎ পৰিৱৰ্তনৰ আহ্বান।

 

বন্ধুসকল,

স্বাধীনতা আন্দোলনত সশস্ত্ৰ সংঘৰ্ষৰ পৰা আৰম্ভ কৰি সত্যাগ্ৰহলৈকে, দেশৰ কন্যাসকল পিছপৰি থকা নাই। আজি যেতিয়া ভাৰতে নিজৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি আছে। সেই সময়ত, আমি সকলোৱে দেখিছো যে কেনেকৈ যেতিয়া ঘৰে ঘৰে ত্ৰিৰংগা উৰিল তেতিয়া তাত আপোনালোক সকলো ভগ্নীয়ে, মহিলা আত্ম সহায়ক গোটসমূহে কিমান ডাঙৰ কাম কৰিলে। আপোনালোকে বনোৱা ত্ৰিৰংগাই ৰাষ্ট্ৰীয় গৌৰৱৰ এই ক্ষণক উজ্জ্বলাই তুলিলে। কৰোণা কালত সংকটৰ সেই সময়ত, সকলো মানুহৰ সেৱা কৰাৰ উদ্দেশ্যে আপোনালোকে বহুত বৃহৎ মাত্ৰাত মাস্ক বনালে, পিপিই কিটছ বনোৱাৰ পৰা আৰম্ভ কৰি লাখ লাখ ত্ৰিৰংগা অৰ্থাৎ এটাৰ পাছত এটা প্ৰতিটো কামত দেশৰ নাৰী শক্তিয়ে প্ৰতিটো সময়ত প্ৰতিটো প্ৰত্যাহ্বানক নিজৰ নিজৰ উদ্যমিতাৰ বাবে দেশত নতুন বিশ্বাস সৃষ্টি কৰিলে আৰু নাৰীশক্তিৰ পৰিচয় দি দিলে। আৰু সেয়ে আজি মই বহুত দায়িত্বসহকাৰে এটা মন্তব্য কৰিব বিচাৰো। বহুত দায়িত্বসহকাৰে কৰিব বিচাৰো। যোৱা ২০-২২ বছৰৰ শাসন ব্যৱস্থাৰ অভিজ্ঞতাৰ আধাৰত ক'ব বিচাৰো। আপোনালোকৰ গোটৰ যেতিয়া জন্ম হয়। ১০-১২গৰাকী ভগ্নী একত্ৰিত হৈ যিকোনো কাম আৰম্ভ কৰে। যেতিয়া আপোনালোকৰ এই এক্টিভিটিৰ বাবে জন্ম হয়, তেতিয়াই আপোনালোক আত্ম সহায়ক গোট হয়। যেতিয়া আপোনালোকৰ কাম আৰম্ভ হয়। এটা এটা ডাগ ৰাখি কাম আৰম্ভ কৰে। কিছু পইচা এইফালৰ পৰা কিছু পইচা সেইফালৰ পৰা একত্ৰিত কৰি চেষ্টা কৰে, সেই বাবেই তো আপোনালোক আত্ম সহায়ক গোট। কিন্তু মই দেখিছো আপোনালোকৰ পুৰুষাৰ্থৰ কাৰণেই, আপোনালোকৰ সংকল্পৰ কাৰণে চাওঁতে চাওঁতে এই আত্ম সহায়ক গোট ৰাষ্ট্ৰ সহায়ক গোট হৈ পৰে। আৰু সেয়ে কালি হয়তো আপোনালোক আত্ম সহায়ক গোট আছিল কিন্তু আজি আপোনালোক ৰাষ্ট্ৰ সহায়ক গোট হৈ পৰিছে। ৰাষ্ট্ৰৰ সহায় কৰি আছে। মহিলা আত্ম সহায়ক গোটৰ এই শক্তিয়েই স্বাধীনতাৰ অমৃত কালত বিকশিত ভাৰত, আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণত বহুত বিশেষ ভূমিকা, বহুত মহত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আজি প্ৰতিশ্ৰুতিবদ্ধ, সংকল্পবদ্ধ।

 

বন্ধুসকল,

মোৰ এয়া অভিজ্ঞতা যে যিবোৰ ক্ষেত্ৰতেই মহিলাৰ প্ৰতিনিধিত্ব বাঢ়িছে, সেই ক্ষেত্ৰত, সেই কামত সফলতা নিজে নিজেই নিৰ্ণয় হৈ যায়। স্বচ্ছ ভাৰত অভিযানৰ সফলতা ইয়াৰ ভাল উদাহৰণ, যাক মহিলাসকলে নেতৃত্ব দিছে। আজি গাঁৱত খেতিয়েই হওক, পশুপালনৰ কাম হওক, ডিজিটেল সেৱা হওক, শিক্ষা হওক, বেংক সেৱা হওক, বীমা সম্পৰ্কীয় কাম হওক, মাৰ্কেটিং হওক, ভাণ্ডাৰণ হওক, পোষণ হওক, অধিকৰো অধিক ক্ষেত্ৰত ভগ্নী-কন্যাক প্ৰবন্ধনৰ সৈতে সংযুক্ত কৰা হৈছে। মই আনন্দিত যে ইয়াত দীন দয়াল অন্ত্যোদয় যোজনাই মহত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। আমাৰ আজি যিসকল ভগ্নী আছে, তেওঁলোকৰো কাম চাওক, কেনেকুৱা বিবিধ মৰ্চা চম্ভালে। কিছু মহিলাই পশু সখীৰ ৰূপত, কোনোবাই বেংক সখীৰ ৰূপত, কোনোৱে পোষণ সখী হিচাপে, এনেকুৱা অনেক সেৱাৰ প্ৰশিক্ষণ লৈ তেওঁলোকে চমকপ্ৰদ কাম কৰি আছে। আপোনালোকৰ সফল নেতৃত্ব সফল অংশগ্ৰহণৰ এটা উত্তম উদাহৰণ জল জীৱন মিছনো। এতিয়া মোৰ এগৰাকী ভগ্নীৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ হ'ল। ঘৰে ঘৰে পাইপেৰে পানী দিয়াৰ এই অভিযানত মাত্ৰ ৩ বছৰত ৭ কোটি নতুন পানীৰ কানেকচন দিয়া হৈছে। ইয়াৰ ভিতৰত মধ্য প্ৰদেশতো ৪০ লাখ পৰিয়ালক নলেৰে পানী দিয়া হৈছে আৰু য'ত য'ত নলেৰে পানী দিয়া হৈছে তাত মাতৃ-ভগ্নীসকলে ডবল ইঞ্জিনৰ চৰকাৰক বহুত আশীৰ্বাদ দিছে। মই এই সফল অভিযানৰ সৰ্বাধিক কৃতিত্ব মোৰ দেশৰ মাতৃ-ভগ্নীসকল আপোনালোকক দিছো। মোক কোৱা হৈছে যে মধ্য প্ৰদেশত ৩ হাজাৰতকৈ অধিক নল জল পৰিকল্পনাৰ প্ৰবন্ধন আজি আত্ম সহায়ক গোটৰ হাতত আছে। তেওঁলোক ৰাষ্ট্ৰ সহায়ক গোট হৈ পৰিছে। পানী সমিতিবোৰত ভগ্নীসকলৰ অংশগ্ৰহণ হওক, পাইপলাইনৰ তত্বাৱধান হওক বা পানীৰে জড়িত পৰীক্ষা হওক, ভগ্নী-কন্যাসকলে বহুত প্ৰশংসনীয় কাম কৰি আছে। এই যি কিটছ আজি ইয়াত দিয়া হৈছে, এয়া পানীৰ প্ৰবন্ধনত ভগ্নী-কন্যাৰ ভূমিকা বঢ়োৱাৰেই প্ৰয়াস।

 

বন্ধুসকল,

যোৱা ৮ বছৰত আত্ম সহায়ক গোটসমূহক শক্তিশালী কৰি তুলিবলৈ আমি সকলো ধৰণে সহায় কৰিছো। আজি সমগ্ৰ দেশত ৮ কোটিতকৈ অধিক ভগ্নী এই অভিযানৰ সৈতে সংযুক্ত হৈছে। অৰ্থাৎ একপ্ৰকাৰে ৮ কোটি পৰিয়াল এই কামৰ সৈতে সংযুক্ত। আমাৰ লক্ষ্য হৈছে প্ৰত্যেক গ্ৰামীণ পৰিয়ালৰ পৰা কমেও এগৰাকী মহিলা, এগৰাকী ভগ্নী হওক, কন্যা হওক, মাতৃ হওক, এই অভিযানৰ সৈতে সংযুক্ত হওক। ইয়াত মধ্য প্ৰদেশৰো ৪০ লাখৰো অধিক ভগ্নী আত্ম সহায়ক গোটৰ সৈতে জড়িত। ৰাষ্ট্ৰীয় জীৱিকা মিছনৰ জৰিয়তে ২০১৪ৰ আগৰ ৫ বছৰত যিমান সহায় দিয়া হৈছিল, যোৱা ৭ বছৰত তাত প্ৰায় ১৩গুণ বৃদ্ধি হ'ল। প্ৰত্যেক আত্ম সহায়ক গোটক আগতে য'ত ১০ লাখ টকাৰ গেৰাণ্টী নোহোৱাকৈ ঋণ পাইছিল, এতিয়া এই সীমাও দুগুণ অৰ্থাৎ ১০ লাখৰ পৰা বাঢ়ি ২০ লাখ হ'লগৈ। ফুড প্ৰচেছিঙৰ সৈতে জড়িত ছেল্ফ হেল্প গ্ৰুপক নতুন ইউনিট লগাবলৈ ১০ লাখ টকাৰ পৰা আৰম্ভ কৰি ৩ কোটি টকালৈকে সহায় দি থকা হৈছে। চাওক, মাতৃ-ভগ্নীসকলৰ ওপৰত তেওঁলোকৰ সততাৰ ওপৰত, তেওঁলোকৰ প্ৰয়াসৰ ওপৰত, তেওঁলোকৰ ক্ষমতাৰ ওপৰত কিমান ভৰষা আছে চৰকাৰৰ যে এই গোটসমূহক ৩ কোটি টকা দিবলৈ সাজু হৈ যায়।

 

বন্ধুসকল,

গাঁৱৰ অৰ্থব্যৱস্থাত, মহিলা উদ্যমীসকলক আগবাঢ়িবলৈ, তেওঁলোকৰ বাবে নতুন সম্ভাৱনা সৃষ্টি কৰিবলৈ আমাৰ চৰকাৰে নিৰন্তৰ কাম কৰি আছে। ৱান ডিষ্ট্ৰিক্ট ৱান প্ৰডাক্টৰ মাধ্যমত আমি প্ৰতিখন জিলাৰ লোকেল সামগ্ৰীক ডাঙৰ বজাৰলৈ নিয়াৰ প্ৰয়াস কৰি আছো। ইয়াৰ বহুত ডাঙৰ লাভ মহিলা আত্ম সহায়ক গোটৰো হৈ আছে। অলপ সময়ৰ আগতে ইয়াত ৱান ডিষ্ট্ৰিক্ট ৱান প্ৰডাক্ট অভিযানৰ সৈতে জড়িত ভগ্নীসকলৰ সৈতে মোৰ বাৰ্তালাপ কৰাৰ সুযোগ হৈছিল। কিছুমান সামগ্ৰী দেখাৰ সুযোগ পালো আৰু কিছুমান সামগ্ৰী তেওঁলোকে মোক উপহাৰ হিচাপেও দিছে। গ্ৰামীণ ভগ্নীসকলৰ দ্বাৰা বনোৱা এই সামগ্ৰী মোৰ বাবেই নহয় বৰং সমগ্ৰ দেশৰ বাবে অতুলনীয়। মই আনন্দিত যে ইয়াত মধ্য প্ৰদেশত আমাৰ শিৱৰাজ জীৰ চৰকাৰে এনে সামগ্ৰীক বজাৰলৈ নিয়াৰ বিশেষ প্ৰয়াস কৰি আছে। চৰকাৰে অনেক গ্ৰামীণ বজাৰ আত্ম সহায়ক গোটৰ সৈতে জড়িত ভগ্নীসকলৰ বাবেই বনাইছে। মোক কোৱা হৈছে যে এই বজাৰবোৰত আত্ম সহায়ক গোটসমূহে ৫০০ কোটি টকাৰ অধিক সামগ্ৰী বিক্ৰী কৰিছে। ৫০০ কোটি, অৰ্থাৎ ইমান পইচা আপোনালোকৰ পৰিশ্ৰমৰ ফলত গাঁৱৰ ভগ্নীসকলৰ হাতলৈ গৈছে।

 

বন্ধুসকল,

আদিবাসী অঞ্চলত যি বন শস্য আছে, তাক উন্নত সামগ্ৰীত পৰিণত কৰিবলৈ আমাৰ আদিবাসী ভগ্নীসকলে প্ৰশংসনীয় কাম কৰি আছে। মধ্য প্ৰদেশসহ দেশৰ লাখ লাখ আদিবাসী ভগ্নীয়ে প্ৰধানমন্ত্ৰী বনধন যোজনাৰ সুবিধা লৈ আছে। মধ্য প্ৰদেশত আদিবাসী ভগ্নীসকলৰ দ্বাৰা বনোৱা উন্নত সামগ্ৰীৰ বহুত প্ৰশংসাও হয়। পিএম দক্ষতা বিকাশ যোজনাৰ জৰিয়তে আদিবাসী ক্ষেত্ৰসমূহত নতুন স্কিলিং চেণ্টাৰৰ জৰিয়তে এনেধৰণৰ প্ৰয়াসে অধিক শক্তি পাব।

 

মাতৃ-ভগ্নীসকল,

আজিকালি অনলাইন ক্ৰয়ৰ প্ৰচলন বাঢ়ি আছে। সেয়ে চৰকাৰৰ যি GeM অৰ্থাৎ গভৰ্ণমেণ্ট ই-মাৰ্কেট প্লেচ পৰ্টেল আছে, তাতো আপোনালোকৰ সামগ্ৰীৰ বাবে, 'সৰস' নামেৰে এটা বিশেষ স্থান ৰখা হৈছে। ইয়াৰ মাধ্যমত আপোনালোকে নিজৰ সামগ্ৰী পোনপটীয়াকৈ চৰকাৰক, চৰকাৰী বিভাগক বিক্ৰী কৰিব পাৰে। যেনেদৰে ইয়াত শ্যোপুৰত কাঠত চিত্ৰাংকনৰ ইমান ভাল কাম হয়। ইয়াৰ দেশত বহুত ডাঙৰ চাহিদা আছে। মোৰ আহ্বান যে আপোনালোকে যিমান পাৰে অধিক ইয়াত নিজক, নিজৰ সামগ্ৰীক এই GeMত ৰেজিষ্টাৰ কৰাওক।

 

বন্ধুসকল,

ছেপ্তেম্বৰৰ এই মাহটো দেশত পোষণ মাহ হিচাপে পালন কৰি থকা হৈছে। ভাৰতৰ চেষ্টাত যুক্তৰাষ্ট্ৰই ২০২৩ চনক অহা বছৰ আন্তঃৰাষ্ট্ৰীয় স্তৰত মোটা শস্যৰ বৰ্ষ হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিছে। মধ্য প্ৰদেশ তো পোষণেৰে ভৰা এই মোটা শস্যৰ ক্ষেত্ৰত দেশৰ অগ্ৰণী ৰাজ্যসমূহৰ ভিতৰত আছে। বিশেষকৈ আমাৰ আদিবাসী অঞ্চলসমূহত ইয়াৰ এক সমৃদ্ধ প্ৰক্ৰিয়া আছে। আমাৰ চৰকাৰৰ দ্বাৰা কোদো, কুটকী, জোৱাৰ, বাজৰা আৰু ৰাগীৰ দৰে মোটা শস্যক নিৰন্তৰ উৎসাহিত কৰি থকা হৈছে, আৰু মই তো নিৰ্ণয় কৰিছো যদি ভাৰত চৰকাৰত কোনো বিদেশী অতিথিৰ বাবে খাদ্য দিবলগা হয় তাত কিবা নহয় কিবা মোটা শস্যৰ থাকিবই লাগিব। যাতে মোৰ যিসকল ক্ষুদ্ৰ কৃষকে কাম কৰে, সেয়া বিদেশী অতিথিৰ থালতো পৰিৱেশন হোৱা উচিত। আত্ম সহায়ক গোটৰ বাবে ইয়াত বহুত অধিক সুযোগ আছে।

 

বন্ধুসকল,

এটা সময় আছিল, যেতিয়া ঘৰ-পৰিয়ালৰ ভিতৰতে মাতৃ-ভগ্নীসকলৰ অনেক সমস্যা আছিল, ঘৰৰ সিদ্ধান্তত ভূমিকা বহুত সীমিত হৈছিল। তেওঁলোকৰ ঘৰ এনেধৰণৰ হৈছিল যদি পিতা আৰু পুত্ৰই বেপাৰৰ কথা পাতি আছিল, যদি মাই ঘৰৰ পৰা পাকঘৰৰ পৰা বাহিৰলৈ আহে তেন্তে লগেলগে পুত্ৰই কৈ দিয়ে, নহ'লে বাপেকে কৈ দিয়ে- যা যা তই পাকঘৰত কাম কৰ, আমাক অলপ কথা পাতিবলৈ দে। আজি এনেকুৱা নহয়। আজি মাতৃ-ভগ্নীসকলৰ বিচাৰ-পৰামৰ্শ পৰিয়ালতো তাৰ গুৰুত্ব হ'বলৈ ধৰিছে। কিন্তু ইয়াৰ অন্তৰালত যোজনাবদ্ধ পদ্ধতিৰে আমাৰ চৰকাৰে প্ৰয়াস কৰিছে। আগতে এনে ভাবি চিন্তি কৰা প্ৰয়াস নহৈছিল। ২০১৪ৰ পাছৰ পৰা দেশে মহিলাৰ গৰিমা বঢ়োৱা, মহিলাৰ সন্মুখলৈ অহা প্ৰত্যাহ্বানৰ সমাধানত লাগি আছে। শৌচাগাৰৰ অভাৱত যি সংকট আহিছিল, পাকঘৰত খৰিৰ ধোঁৱাৰ পৰা যি কষ্ট হৈছিল, পানী ল'বলৈ দুই-দুই, চাৰি-চাৰি কিলোমিটাৰ যাবলগা হৈছিল। আপোনালোকে এই সকলো কথা ভালদৰে জানে। দেশত ১১ কোটিতকৈ অধিক শৌচালয় বনাই, ৯ কোটিৰ অধিক উজ্জ্বলাৰ গেছ কানেকচন দি কোটি কোটি পৰিয়ালত নলেৰে জল দি আপোনালোকৰ জীৱন সহজ কৰা হৈছে।

 

মাতৃ-ভগ্নীসকল,

গৰ্ভাৱস্থাৰ সময়ত কিমান সমস্যা আছিল, এই কথা আপোনালোকে ভালদৰেই জানে। ঠিকমতে খোৱা-বোৱাও নহৈছিল, চেকআপৰ সুবিধাৰো অভাৱ আছিল। সেয়ে আমি মাতৃবন্দনা যোজনা আৰম্ভ কৰিলো। ইয়াৰ জৰিয়তে ১১ হাজাৰ কোটি টকাৰ অধিক পোনপটীয়াকৈ গৰ্ভৱতী মহিলাৰ বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰা হ'ল। মধ্য প্ৰদেশৰ ভগ্নীসকলকো ইয়াৰ জৰিয়তে প্ৰায় ১৩০০ কোটি টকা এনেকুৱা গৰ্ভৱতী মহিলাৰ একাউণ্টত দিয়া হৈছে। আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে পাই থকা ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসায়ো গৰীব পৰিয়ালৰ ভগ্নীসকলৰ বহুত ডাঙৰ সহায় কৰিছে।

 

মাতৃ-ভগ্নীসকল,

বেটী বচাও, বেটী পঢ়াও অভিযানৰ ভাল পৰিণাম আজি দেশে অনুভৱ কৰি আছে। কন্যাসকলে ভালদৰে পঢ়া-শুনা কৰিব পাৰক, তেওঁলোকে মাজতে স্কুল এৰিবলগা নহওক, ইয়াৰ বাবে বিদ্যালয়সমূহত কন্যাসকলৰ বাবে পৃথকে শৌচালয় বনোৱা হৈছে, ছেনিটেৰী পেডৰ ব্যৱস্থা কৰা হৈছে। সুকন্যা সমৃদ্ধি যোজনাৰ জৰিয়তে প্ৰায় আঢ়ৈ কোটি শিশুৰ একাউণ্ট খোলা হৈছে।

 

বন্ধুসকল,

আজি জনধন বেংক একাউণ্ট দেশত মহিলা সবলীকৰণৰ বহুত ডাঙৰ মাধ্যম হৈছে। কৰোণা কালত চৰকাৰে যদি আপোনালোক ভগ্নীসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ পইচা ট্ৰেন্সফাৰ কৰিব পাৰিছে, তাৰ অন্তৰালত জনধন একাউণ্টৰ শক্তি আছে। আমাৰ ইয়াত সম্পত্তিৰ ক্ষেত্ৰত বেছিভাগ নিয়ন্ত্ৰণ পুৰুষৰ ওচৰতে থাকে। যদি খেতি আছে তেন্তে পুৰুষৰ নামত, দোকান আছে তেন্তে পুৰুষৰ নামত, ঘৰ আছে তেন্তে পুৰুষৰ নামত, গাড়ী আছে তেন্তে পুৰুষৰ নামত, স্কুটাৰ আছে তেন্তে পুৰুষৰ নামত, মহিলাৰ নামত একো নাথাকে আৰু যদি পতি নাথাকে তেন্তে পুত্ৰৰ নামত গুছি যায়। আমি এই ব্যৱস্থা শেষ কৰি মোৰ মাতৃ-ভগ্নীসকলক শক্তি দিছো। আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে পাবলগা ঘৰ আমি পোনপটীয়াকৈ মহিলাৰ নামত দিওঁ, মহিলা তাৰ গৰাকী হৈ যায়। আমাৰ চৰকাৰে দেশৰ দুই কোটিতকৈ অধিক মহিলাক নিজৰ ঘৰৰ গৰাকী বনাইছো। এয়া বহুত ডাঙৰ কাম মাতৃ আৰু ভগ্নীসকল। মুদ্ৰা যোজনাৰ জৰিয়তেও এতিয়ালৈকে দেশজুৰি ১৯ লাখ কোটি টকাৰ গেৰাণ্টী বিহীন ঋণ সৰু সৰু বেপাৰ-বাণিজ্যৰ বাবে দিয়া হৈছে। এই যি পইচা তাৰ প্ৰায় ৭০% মোৰ মাতৃ-ভগ্নীসকল যি উদ্যম কৰে তেওঁলোকে পাইছে। মই আনন্দিত যে চৰকাৰৰ এনে প্ৰয়াসৰ কাৰণে আজি ঘৰৰ অৰ্থনৈতিক সিদ্ধান্তত মহিলাৰ ভূমিকা বাঢ়ি আছে।

 

বন্ধুসকল,

মহিলাৰ অৰ্থনৈতিক সবলীকৰণে তেওঁলোকক সমাজতো সিমানেই শক্তিশালী কৰি তোলে। আমাৰ চৰকাৰে কন্যাসকলৰ বাবে যিমান দুৱাৰ বন্ধ আছিল, সকলো দুৱাৰ খুলি দিলে। এতিয়া কন্যাসকল সৈনিক স্কুলতো সোমাই আছে। পুলিচ কমাণ্ডোত গৈ দেশৰ সেৱা কৰি আছে। ইমানেই নহয় সীমান্তত ভাৰত মাতৃৰ কন্যাসকলে ভাৰত মাতাৰ ৰক্ষা কৰাৰ কাম ফৌজত গৈ কৰি আছে। যোৱা ৮ বছৰত দেশৰ পুলিচ ফ'ৰ্চত মহিলাৰ সংখ্যা ১ লাখৰ পৰা বাঢ়ি দুগুণ অৰ্থাৎ ২ লাখৰো অধিক হৈছেগৈ। কেন্দ্ৰীয় বাহিনীতো যি বেলেগ বেলেগ সুৰক্ষা বাহিনী আছে, আজি আমাৰ ৩৫ হাজাৰতকৈ অধিক কন্যাই দেশৰ শত্ৰুৰ সৈতে, সন্ত্ৰাসবাদীৰ সৈতে মুখামুখী হৈ আছে বন্ধুসকল। সন্ত্ৰাসবাদীক ধুলিস্যাত কৰি আছে। এই সংখ্যা ৮ বছৰৰ আগৰ তুলনাত প্ৰায় দুগুণ হৈগ'ল। অৰ্থাৎ পৰিৱৰ্তন আহি আছে, প্ৰতিটো ক্ষেত্ৰলৈ আহি আছে। মোৰ আপোনালোকৰ শক্তিৰ ওপৰত সম্পূৰ্ণ ভৰষা আছে। সকলোৰে প্ৰয়াসত এখন উন্নত সমাজ আৰু শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণত আমি নিশ্চয় সফল হ'ম। আপোনালোক সকলোৱে ইমান বৃহৎ সংখ্যাত আহি আমাক আশীৰ্বাদ দিছে। আপোনালোকৰ বাবে অধিক কাম কৰাৰ বাবে আপোনালোকে মোক প্ৰেৰণা দিছে। আপোনালোকে মোক শক্তি দিছে। মই আপোনালোকক হৃদয়ৰ পৰা বহুত বহুত কৃতজ্ঞতা জনাইছো। বহুত বহুত ধন্যবাদ জনাইছো।

 

মোৰ সৈতে দুয়োখন হাত ওপৰলৈ তুলি জোৰেৰে কওক,

ভাৰত মাতা কী- জয়,

ভাৰত মাতা কী- জয়,

ভাৰত মাতা কী- জয়,

ভাৰত মাতা কী- জয়,

বহুত বহুত ধন্যবাদ!

 

***

 

DS/ST/DK



(Release ID: 1860459) Visitor Counter : 123