প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২০২২ বৰ্ষৰ এছচিঅ’ সন্মিলনত প্ৰথমবাৰলৈ বাৰাণসীক এছচিঅ’ পৰ্যটন আৰু সাংস্কৃতিক ৰাজধানী হিচাপে মনোনীত

Posted On: 16 SEP 2022 11:07PM by PIB Guwahati

১. ২০২২ চনৰ ১৬ ছেপ্টেম্বৰত উজবেকিস্তানৰ সমৰকন্দত অনুষ্ঠিত হোৱা ছাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ’) ৰাষ্ট্ৰসমূহৰ মুৰব্বীসকলৰ পৰিষদৰ ২২সংখ্যক বৈঠকত ২০২২-২০২৩ বৰ্ষত বাৰাণসী চহৰখনে প্ৰথমবাৰৰ বাবে এছচিঅ’ পৰ্যটন আৰু সাংস্কৃতিক ৰাজধানী হিচাপে মনোনীত কৰিছে৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মিলনত অংশগ্ৰহণ কৰে৷

২. বাৰাণসীক প্ৰথমবাৰৰ বাবে এছচিঅ’ পৰ্যটন আৰু সাংস্কৃতিক ৰাজধানী হিচাপে মনোনীত কৰাটোৱে ভাৰত আৰু এছচিঅ’ৰ সদস্য দেশসমূহৰ মাজত পৰ্যটন, সাংস্কৃতিক আৰু মানৱীয় আদান-প্ৰদানক প্ৰসাৰিত কৰিব। ইয়াৰ উপৰি এছচিঅ’ৰ সদস্য ৰাষ্ট্ৰ বিশেষকৈ মধ্য এছিয়ান গণৰাজ্যসমূহৰ সৈতে ভাৰতৰ প্ৰাচীন সভ্যতাগত সম্পৰ্কক আলোকপাত কৰা হৈছে।

৩. এই বৃহৎ সাংস্কৃতিক প্ৰসাৰ কাৰ্যসূচীৰ পৰিসৰৰ অধীনত ২০২২-২৩ চনৰ ভিতৰত বাৰাণসীত কেইবাটাও অনুষ্ঠান আয়োজন কৰা হ’ব, যাৰ বাবে এছচিঅ’ৰ সদস্য ৰাষ্ট্ৰৰ পৰা অতিথিসকলক অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হ’ব। এই অনুষ্ঠানসমূহে ইণ্ডোলজিষ্ট, পণ্ডিত, লেখক, সংগীতজ্ঞ আৰু শিল্পী, ফটো সাংবাদিক, ভ্ৰমণ ব্লগাৰ আৰু অন্যান্য আমন্ত্ৰিত অতিথিসকলক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে।

৪৷ সংস্কৃতি আৰু পৰ্যটন ক্ষেত্ৰত এছচিঅ’ৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ২০২১ চনত দুশানবে এছচিঅ’ সন্মিলনত এছচিঅ’ পৰ্যটন আৰু সাংস্কৃতিক পুঁজিৰ মনোনীতকৰণৰ বাবে নিয়মাৱলী গ্ৰহণ কৰা হৈছিল।

 

***

DS/SKS/DB



(Release ID: 1860456) Visitor Counter : 94