প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া চিতা মুকলি কৰি দিয়াক লৈ দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰধানমন্ত্ৰীৰ


“আজি ভাৰতৰ মাটিলৈ ঘূৰি আহিছে চিতা”

“যেতিয়া আমি আমাৰ শিপাৰ পৰা আঁতৰত থাকো, তেতিয়া আমি বহুত হেৰুৱাৰ প্ৰৱণতা থাকে”

“মৃত লোককো পুনৰুজ্জীৱিত কৰাৰ ক্ষমতা আছে অমৃতৰ”

“ভাৰতে আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনা মানি চলিছে আৰু এই চিতাবোৰক বসতি স্থাপনৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে”

“ক্ৰমবৰ্ধমান ইক’-টুৰিজিমৰ ফলত নিয়োগৰ সুযোগ বৃদ্ধি পাব”

“ভাৰতৰ বাবে প্ৰকৃতি আৰু পৰিৱেশ, ইয়াৰ জীৱ-জন্তু আৰু চৰাই, কেৱল বহনক্ষমতা আৰু নিৰাপত্তাৰ বিষয় নহয় বৰঞ্চ ভাৰতৰ সংবেদনশীলতা আৰু আধ্যাত্মিকতাৰ আধাৰ”

“আজি আমাৰ অৰণ্য আৰু জীৱনৰ এটা ডাঙৰ শূন্যতা চিতাৰ জৰিয়তে পূৰণ কৰা হৈছে”

“এফালে আমি বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছো, আনফালে দেশৰ বনাঞ্চলসমূহো দ্ৰুতগতিত সম্প্ৰসাৰণ ঘটিছে”

“২০১৪ চনৰ পৰা দেশত প্ৰায় ২৫০টা নতুন সংৰক্ষিত অঞ্চল সংযোজন কৰা হৈছে”

“আমি আগতীয়াকৈ বাঘৰ সংখ্যা দুগুণ কৰাৰ লক্ষ্যত উপনীত হৈছো”

“যোৱা কেইবছৰমানত হাতীৰ সংখ্যাও বৃদ্ধি পাই ৩০হাজাৰৰো অধিক হৈছে”

“বৰ্তমান দেশৰ ৭৫টা জলাশয়ক ৰামছাৰ স্থান হিচাপে ঘোষণা কৰা হৈছে, ইয়াৰে যোৱা ৪ বছৰত ২৬টা স্থান সংয

Posted On: 17 SEP 2022 12:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুনো ৰাষ্ট্ৰীয় উদ্যানত ভাৰতত বিলুপ্ত হৈ পৰা বনৰীয়া চিতা মুকলি কৰি দিয়ে। নামিবিয়াৰ পৰা অনা চিটাক ভাৰতত প্ৰজেক্ট চিতাৰ অধীনত অন্তৰ্ভূক্ত কৰা হৈছে, যিটো বিশ্বৰ প্ৰথমটো আন্তঃমহাদেশীয় বৃহৎ বন্য মাংসভোজী স্থানান্তৰ প্ৰকল্প।

প্ৰধানমন্ত্ৰীয়ে কুনো ৰাষ্ট্ৰীয় উদ্যানৰ দুটা স্থানত চিতাসমূহ মুকলি কৰি দিয়ে৷ সেই স্থানত প্ৰধানমন্ত্ৰীয়ে চিতা মিত্ৰ, চিতা পুনৰ্বাসন ব্যৱস্থাপনা গোটৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে। এই ঐতিহাসিক ক্ষণ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে৷

দেশবাসীক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে মানৱজাতিক অতীতক শুধৰণি কৰি নতুন ভৱিষ্যত গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰা মুষ্টিমেয় সুযোগৰ ওপৰত আলোকপাত কৰি কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজি আমাৰ সন্মুখত এনেকুৱা এটা মুহূৰ্ত আছে। “কেইবা দশক পূৰ্বে যি জৈৱ বৈচিত্ৰ্যৰ যুগ যুগ ধৰি চলি অহা লিংকটো ভাঙি বিলুপ্ত হৈ পৰিছিল, আজি আমি ইয়াক পুনৰুদ্ধাৰ কৰাৰ সুযোগ পাইছো” বুলি উল্লেখ কৰি তেওঁ কয়, “আজি ভাৰতৰ মাটিলৈ চিতা ঘূৰি আহিছে।” প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই স্মৃতিসৌধৰ অনুষ্ঠানৰ ফলত ভাৰতৰ প্ৰকৃতিপ্ৰেমী চেতনা পূৰ্ণ শক্তিৰে জাগ্ৰত হৈছে। শ্ৰী মোদীয়ে এই ঐতিহাসিক ক্ষণ উপলক্ষে সকলো দেশবাসীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে নামিবিয়া আৰু ইয়াৰ চৰকাৰৰ বিশেষ উল্লেখ কৰে যাৰ সহযোগত দশক দশক পিছত ভাৰতৰ মাটিলৈ চিতা ঘূৰি আহিছে। “মই নিশ্চিত, এই চিতাবোৰে আমাক প্ৰকৃতিৰ প্ৰতি থকা দায়িত্বৰ প্ৰতি সচেতন কৰাই নহয় আমাৰ মানৱীয় মূল্যবোধ আৰু পৰম্পৰাৰ প্ৰতিও সচেতন কৰি তুলিব”, প্ৰধানমন্ত্ৰীয়ে কয়।

আজাদী কা অমৃতকালৰ কথা লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে ‘পঞ্চ প্ৰণ’ক স্মৰণ কৰি ‘আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰা’ আৰু ‘দাসত্বৰ মানসিকতাৰ পৰা মুক্তি’ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “যেতিয়া আমি আমাৰ শিপাৰ পৰা আঁতৰত থাকোঁ, তেতিয়া আমি বহুত হেৰুৱাৰ প্ৰৱণতা থাকে।” তেওঁ আৰু স্মৰণ কৰে যে যোৱা শতিকাবোৰত প্ৰকৃতিৰ শোষণক ক্ষমতা আৰু আধুনিকতাৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল। “১৯৪৭ চনত যেতিয়া দেশত মাত্ৰ শেষৰ তিনিটা চিতাহে বাকী আছিল, তেতিয়া সিহঁতকো শাল অৰণ্যত নিৰ্দয় আৰু দায়িত্বহীনভাৱে চিকাৰ কৰা হৈছিল”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ১৯৫২ চনত ভাৰতৰ পৰা চিতা বিলুপ্ত হ’লেও বিগত সাতটা দশক ধৰি চিতাবোৰক পুনৰুদ্ধাৰৰ বাবে কোনো অৰ্থপূৰ্ণ প্ৰচেষ্টা চলোৱা হোৱা নাছিল। আজাদী কা অমৃত মহোৎসৱত দেশত নতুন শক্তিৰে চিতাক পুনৰুদ্ধাৰ কৰা আৰম্ভ হোৱাত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে। “মৃতককো পুনৰুজ্জীৱিত কৰাৰ ক্ষমতা আছে অমৃতৰ”, শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আজাদী কা অমৃত মহোৎসৱৰ প্ৰতি কৰ্তব্য আৰু বিশ্বাসৰ এই অক্ষৰে কেৱল আমাৰ ঐতিহ্যক পুনৰুজ্জীৱিত কৰাই নহয়, এতিয়া চিতাবোৰে ভাৰতৰ মাটিত ভৰি দিছে।

এই পুনৰ্বাসন সফল কৰাৰ পিছত বছৰ বছৰ ধৰি চলি অহা কঠোৰ পৰিশ্ৰমৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যিটো অঞ্চলত অত্যধিক ৰাজনৈতিক গুৰুত্ব দিয়া হোৱা নাই সেই অঞ্চলৰ বাবে পৰম শক্তি নিয়োগ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে আমাৰ প্ৰতিভাৱান বিজ্ঞানীসকলে দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ বিশেষজ্ঞসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি বিস্তৃত গৱেষণা চলোৱাৰ সময়ত এক বিশদ চিতা একচন প্লেন প্ৰস্তুত কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে চিতাৰ বাবে আটাইতকৈ উপযুক্ত অঞ্চলটোৰ স্থান নিৰ্ণয় কৰিবলৈ সমগ্ৰ দেশতে বৈজ্ঞানিক জৰীপ চলোৱা হৈছিল আৰু তাৰ পিছত এই শুভ আৰম্ভণিৰ বাবে কুনো ৰাষ্ট্ৰীয় উদ্যান বাছনি কৰা হৈছিল। “আজি আমাৰ কঠোৰ পৰিশ্ৰম ফলস্বৰূপে আমাৰ সন্মুখত আছে”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে পুনৰ দোহাৰে যে যেতিয়া প্ৰকৃতি আৰু পৰিৱেশ সুৰক্ষিত হয় তেতিয়া আমাৰ ভৱিষ্যত সুৰক্ষিত হৈ পৰে আৰু বৃদ্ধি আৰু সমৃদ্ধিৰ পথ মুকলি হয়। শ্ৰী মোদীয়ে লগতে কয় যে যেতিয়া কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাবোৰে স্প্ৰিণ্ট কৰে তেতিয়া ঘাঁহনিৰ পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰ হ’ব আৰু ইয়াৰ ফলত জৈৱ বৈচিত্ৰ্যও বৃদ্ধি পাব। শ্ৰী মোদীয়ে আলোকপাত কৰে যে অঞ্চলটোত বৃদ্ধি পোৱা ইক’-টুৰিজিমৰ ফলত কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাব যাৰ ফলত উন্নয়নৰ বাবে নতুন সম্ভাৱনা মুকলি হ’ব।

প্ৰধানমন্ত্ৰীয়ে সকলো দেশবাসীক অনুৰোধ জনায় যে তেওঁলোকে ধৈৰ্য্যৰে কাম কৰি কেইমাহমান অপেক্ষা কৰি কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া চিতাবোৰৰ সাক্ষী হওক। “আজি এই চিতাবোৰ অতিথি হিচাপে আহিছে আৰু এই অঞ্চলৰ বিষয়ে অজ্ঞাত” তেওঁ কয়, “এই চিতাবোৰে কুনো ৰাষ্ট্ৰীয় উদ্যানক নিজৰ ঘৰ কৰি ল’ব পৰাকৈ আমি তেওঁলোকক কেইমাহমানৰ সময় দিব লাগিব।” প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনা মানি চলিছে আৰু এই চিতাবোৰক বসতি স্থাপনৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে। “আমি আমাৰ প্ৰচেষ্টা বিফল হ’বলৈ দিব নালাগে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি যেতিয়া বিশ্বই প্ৰকৃতি আৰু পৰিবেশৰ ফালে চায় তেতিয়া বহনক্ষম উন্নয়নৰ কথা কয়। “ভাৰতৰ বাবে প্ৰকৃতি আৰু পৰিৱেশ, ইয়াৰ প্ৰাণী আৰু চৰাই, কেৱল বহনক্ষমতা আৰু নিৰাপত্তাৰ বিষয় নহয় বৰঞ্চ ভাৰতৰ সংবেদনশীলতা আৰু আধ্যাত্মিকতাৰ আধাৰ”, তেওঁ কয়। “আমাক আমাৰ চাৰিওফালে বাস কৰা সৰু সৰু জীৱবোৰৰ প্ৰতিও যত্ন ল’বলৈ শিকোৱা হয়। আমাৰ পৰম্পৰাবোৰ এনেকুৱা যে যদি কোনো কাৰণ নোহোৱাকৈ কোনো জীৱৰ মৃত্যু হয়, তেন্তে আমি অপৰাধবোধ কৰো। তেতিয়া আমি কেনেকৈ মানি ল’ম যে আমাৰ বাবেই এটা সম্পূৰ্ণ প্ৰজাতিৰ অস্তিত্ব হেৰাই গৈছে?”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আজি আফ্ৰিকাৰ কিছুমান দেশ আৰু ইৰাণত চিতা পোৱা যায়, অৱশ্যে সেই তালিকাৰ পৰা ভাৰতৰ নাম কেতিয়াবাই মচি দিয়া হৈছিল। “আগন্তুক বছৰবোৰত শিশুসকলে এই বিড়ম্বনাৰ মাজেৰে পাৰ হ’ব নালাগিব। মই নিশ্চিত যে তেওঁলোকে নিজৰ দেশতে, কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতা দৌৰি থকা দেখিবলৈ পাব৷ আজি আমাৰ অৰণ্য আৰু জীৱনৰ এটা ডাঙৰ শূন্যতা চিতাৰ জৰিয়তে পূৰণ কৰা হৈছে”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে একবিংশ শতিকাৰ ভাৰতে সমগ্ৰ বিশ্বক এটা বাৰ্তা দিছে যে অৰ্থনীতি আৰু পৰিৱেশ বিজ্ঞান সংঘাতপূৰ্ণ ক্ষেত্ৰ নহয়। তেওঁ কয় যে পৰিবেশ ৰক্ষাৰ সমান্তৰালভাৱে দেশৰ অৰ্থনৈতিক অগ্ৰগতি যে হ’ব পাৰে তাৰ এক জীৱন্ত উদাহৰণ ভাৰত। “আজি এফালে আমি বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছো, আনফালে দেশৰ বনাঞ্চলসমূহো দ্ৰুতগতিত সম্প্ৰসাৰণ ঘটিছে”, প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে।

চৰকাৰে চলোৱা কামৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনত আমাৰ চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা দেশত প্ৰায় ২৫০টা নতুন সংৰক্ষিত অঞ্চল সংযোজন কৰা হৈছে। ইয়াত এছিয়াটিক সিংহৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে আৰু গুজৰাট দেশত এছিয়াটিক সিংহৰ আধিপত্যশীল ক্ষেত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। “ইয়াৰ আঁৰত দশক দশক ধৰি চলি অহা কঠোৰ পৰিশ্ৰম, গৱেষণাভিত্তিক নীতি আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ ডাঙৰ ভূমিকা আছে”, শ্ৰী মোদীয়ে লগতে কয়, “মোৰ মনত আছে, আমি গুজৰাটত এটা প্ৰতিশ্ৰুতি লৈছিলো-আমি বন্যপ্ৰাণীৰ প্ৰতি সন্মান বৃদ্ধি কৰিম আৰু সংঘাত হ্ৰাস কৰিম। আজি সেই চিন্তাৰ প্ৰভাৱৰ ফলস্বৰূপে আমাৰ সন্মুখত আছে।” প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আমি সময়ৰ আগতেই বাঘৰ সংখ্যা দুগুণ কৰাৰ লক্ষ্যত উপনীত হৈছো। তেওঁ স্মৰণ কৰে যে এসময়ত অসমত এশিঙীয়া গঁড়ৰ অস্তিত্ব বিপন্ন হৈছিল, কিন্তু বৰ্তমান ইয়াৰ সংখ্যাও বৃদ্ধি পাইছে। যোৱা কেইবছৰমানৰ পৰা হাতীৰ সংখ্যাও বৃদ্ধি পাই ৩০হাজাৰৰো অধিক হৈছে৷ শ্ৰী মোদীয়ে জলাশয়ৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভাৰতৰ উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণৰ বাবে কৰা কামৰ কথাও আঙুলিয়াই দিয়ে। তেওঁ কয় যে সমগ্ৰ বিশ্বৰ কোটি কোটি লোকৰ জীৱন আৰু প্ৰয়োজনীয়তা জলাশয়ৰ পৰিস্থিতিতন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। “আজি দেশৰ ৭৫টা জলাশয়ক ৰামছাৰ স্থান হিচাপে ঘোষণা কৰা হৈছে, ইয়াৰে ২৬টা স্থান বিগত ৪ বছৰত সংযোজন কৰা হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়, “দেশৰ এই প্ৰচেষ্টাৰ প্ৰভাৱ আগন্তুক শতিকালৈ দৃশ্যমান হ’ব আৰু প্ৰগতিৰ নতুন পথ প্ৰশস্ত কৰিব।”

প্ৰধানমন্ত্ৰীয়ে আজি ভাৰতে যিবোৰ বিশ্বজনীন বিষয়ক সম্বোধন কৰি আছে, সেইবোৰৰ প্ৰতিও সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেওঁ বিশ্বজনীন সমস্যা, ইয়াৰ সমাধান আনকি আমাৰ জীৱনকো সামগ্ৰিকভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰে। লাইফ (LiFE) অৰ্থাৎ বিশ্বৰ বাবে পৰিৱেশৰ বাবে জীৱনশৈলীৰ মন্ত্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বিশ্বক এক মঞ্চ প্ৰদান কৰিছে। এই প্ৰচেষ্টাৰ সফলতাই বিশ্বৰ দিশ আৰু ভৱিষ্যত নিৰ্ণয় কৰিব।

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে এনে সময় আহিছে যেতিয়া আমি বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ মূল্যায়ন কৰিব লাগিব কিয়নো আমাৰ নিজৰ ব্যক্তিগত প্ৰত্যাহ্বান আৰু আমাৰ জীৱনত এটা সৰু পৰিৱৰ্তন সমগ্ৰ পৃথিৱীৰ ভৱিষ্যতৰ আধাৰ হ’ব পাৰে। “মই নিশ্চিত যে ভাৰতৰ প্ৰচেষ্টা আৰু পৰম্পৰাই সমগ্ৰ মানৱ জাতিক এই দিশত পথ প্ৰদৰ্শন কৰিব আৰু এখন উন্নত বিশ্বৰ সপোনক শক্তি প্ৰদান কৰিব”, এই মন্তব্যৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

পটভূমি

কুনো ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানমন্ত্ৰীয়ে বন্য চিতা মুকলি কৰি দিয়াটো ভাৰতৰ বন্যপ্ৰাণী আৰু ইয়াৰ বাসস্থানক পুনৰুজ্জীৱিত আৰু বৈচিত্ৰ্যময় কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টাৰ অংশ। ১৯৫২ চনত ভাৰতৰ পৰা বিলুপ্ত বুলি ঘোষণা কৰা চিতাবিধক মুকলি কৰি দিবলগীয়া চিতাবোৰ নামিবিয়াৰ আৰু চলিত বৰ্ষৰ আৰম্ভণিতে স্বাক্ষৰিত বুজাবুজি চুক্তিৰ অধীনত ভাৰতলৈ অনা হৈছে। ভাৰতত চিতাৰ প্ৰৱৰ্তন প্ৰকল্প চিতাৰ অধীনত কৰা হৈছে, যিটো বিশ্বৰ প্ৰথমটো আন্তঃমহাদেশীয় বৃহৎ বন্য মাংসভোজী জীৱৰ স্থানান্তৰ প্ৰকল্প।

ভাৰতত মুকলি বনাঞ্চল আৰু ঘাঁহনিৰ পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰ কৰাত চিতাই সহায় কৰিব। ইয়াৰ দ্বাৰা জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰাত সহায়ক হ’ব আৰু জল সুৰক্ষা, কাৰ্বন নিষ্কাশন আৰু মাটিৰ আৰ্দ্ৰতা সংৰক্ষণৰ দৰে পৰিস্থিতিতন্ত্ৰৰ সেৱাসমূহ বৃদ্ধি কৰা হ’ব যাৰ ফলত সমাজখনক সামগ্ৰিকভাৱে উপকৃত হ’ব। পৰিৱেশ সুৰক্ষা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি এই প্ৰচেষ্টাই পৰিৱেশ উন্নয়ন আৰু পৰিৱেশ পৰ্যটন কাৰ্যকলাপৰ জৰিয়তে স্থানীয় জনগোষ্ঠীৰ বাবে জীৱিকাৰ সুবিধাও বৃদ্ধি কৰিব।

***

DS/TS/DB



(Release ID: 1860358) Visitor Counter : 125