প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছেমিকণ্ডাক্টৰ আৰু ডিছপ্লে ফেব নিৰ্মাণৰ বাবে বেদান্ত-ফক্সকন গ্ৰুপৰ সৈতে গুজৰাট চৰকাৰে ১.৫৪ লাখ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰৰ পাছত আশা প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


১.৫৪ লাখ কোটি টকা বিনিয়োগে অৰ্থনীতি আৰু চাকৰি বৃদ্ধিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব

प्रविष्टि तिथि: 13 SEP 2022 2:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছেমিকণ্ডাক্টৰ আৰু ডিছপ্লে ফেব নিৰ্মাণৰ বাবে বেদান্ত-ফক্সকন গ্ৰুপৰ সৈতে গুজৰাট চৰকাৰে ১.৫৪ লাখ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰৰ পাছত আশা প্ৰকাশ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে এই বিনিয়োগে অৰ্থনীতি আৰু চাকৰি বৃদ্ধিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱাৰ বিপৰীতে আনুষংগিক উদ্যোগৰ বাবে এক বৃহৎ পৰিস্থিতিতন্ত্ৰ গঢ় দিয়াত সহায়ৰ হাত আগবঢ়োৱাৰ লগতে আমাৰ এমএছএমইসমূহক সহায় কৰিব৷

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেলৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইটত লিখে, “এই বুজাবুজি চুক্তি ভাৰতৰ ছেমিকণ্ডাক্টৰ নিৰ্মাণৰ উচ্চাকাংক্ষাক ত্বৰান্বিত কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ ১.৫৪লাখ কোটি টকাৰ বিনিয়োগে অৰ্থনীতি আৰু চাকৰি বৃদ্ধিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱাৰ বিপৰীতে আনুষংগিক উদ্যোগৰ বাবে এক বৃহৎ পৰিস্থিতিতন্ত্ৰ গঢ় দিয়াত সহায়ৰ হাত আগবঢ়োৱাৰ লগতে আমাৰ এমএছএমইসমূহক সহায় কৰিব৷”

***

DS/TS/DB


(रिलीज़ आईडी: 1859069) आगंतुक पटल : 165
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam