প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰবীণ তেলেগু অভিনেতা শ্ৰী ইউভি কৃষ্ণম ৰাজু গুৰুৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 11 SEP 2022 10:53AM by PIB Guwahati

তেলেগু চিনেমাৰ প্ৰবীণ অভিনেতা শ্ৰী ইউভি কৃষ্ণম ৰাজু গুৰুৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা টুইটত কয়,

“শ্ৰী ইউভি কৃষ্ণম ৰাজু গুৰুৰ মৃত্যুৰ বতৰাই বাৰুকৈয়ে ব্যথিত কৰিছে। আগন্তুক প্ৰজন্মসমূহে তেওঁৰ কথাছবিৰ পাৰদৰ্শিতা আৰু সৃষ্টিশীলতা স্মৰণ কৰিব। সমাজ সেৱাৰ লগতে ৰাজনীতিৰ ক্ষেত্ৰখনতো তেওঁ নেতৃত্ব দানৰ স্বাক্ষৰ ৰাখি থৈ গৈছে। তেওঁৰ গুণমুদ্ধসকলৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো। ওঁম শান্তি”।

 

***

DS/ST/KB


(ৰিলিজ আই ডি : 1858509) অতিথি কক্ষ : 146