প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আহমেদাবাদত ভিডিঅ’ কনফাৰেন্সিংযোগে ‘কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলন’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ


“বিজ্ঞান একবিংশ শতিকাৰ ভাৰতৰ বিকাশত সেই শক্তিৰ দৰেই, যাৰ হাতত প্ৰতিটো অঞ্চল আৰু ৰাজ্যৰ বিকাশ ত্বৰান্বিত কৰাৰ ক্ষমতা আছে”

“চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ দিশত অগ্ৰসৰ হোৱা যাত্ৰাত ভাৰতৰ বিজ্ঞান আৰু এই ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ”

“জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞানৰ লগতে জয় অনুসন্ধন আদি লৈ আগবাঢ়িছে নতুন ভাৰত”

“বিজ্ঞান হৈছে সমাধান, বিৱৰ্তন আৰু উদ্ভাৱনৰ আধাৰ”

“যেতিয়া আমি আমাৰ বিজ্ঞানীসকলৰ কৃতিত্ব উদযাপন কৰো, তেতিয়া বিজ্ঞান আমাৰ সমাজ আৰু সংস্কৃতিৰ অংশ হৈ পৰে”

“বিজ্ঞানভিত্তিক উন্নয়নৰ চিন্তাধাৰাৰে চৰকাৰে কাম কৰি আছে”

“ৰাজ্য চৰকাৰসমূহে অধিক সংখ্যক বৈজ্ঞানিক প্ৰতিষ্ঠান সৃষ্টি আৰু প্ৰক্ৰিয়াসমূহ সৰলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি উদ্ভাৱনক উৎসাহিত কৰিব পাৰি”

“চৰকাৰ হিচাপে আমি আমাৰ বিজ্ঞানীসকলৰ সৈতে সহযোগিতা আৰু সহযোগিতা কৰিব লাগিব, ইয়াৰ ফলত এক বৈজ্ঞানিক আধুনিকতাৰ পৰিৱেশৰ সৃষ্টি হ’ব”

Posted On: 10 SEP 2022 11:57AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদত ভিডিঅ’ কনফাৰেন্সিংযোগে ‘কেন্দ্ৰ-ৰাজ্য বিজ্ঞান সন্মিলন’ উদ্বোধন কৰে।

এই উপলক্ষে উপস্থিত দৰ্শকক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই সন্মিলন সংগঠনটো সবকা প্ৰয়াৰ এক স্পষ্ট উদাহৰণ। প্ৰধানমন্ত্ৰীয়ে কয়, “একবিংশ শতিকাৰ ভাৰতৰ বিকাশত বিজ্ঞান সেই শক্তিৰ দৰেই, যাৰ হাতত প্ৰতিটো অঞ্চলৰ উন্নয়ন আৰু প্ৰতিখন ৰাজ্যৰ বিকাশ ত্বৰান্বিত কৰাৰ ক্ষমতা আছে। আজি যেতিয়া ভাৰত চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ নেতৃত্ব দিয়াৰ দিশত অগ্সৰ হৈছে, তেতিয়া ভাৰতৰ বিজ্ঞান আৰু এই ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। এনে অৱস্থাত প্ৰশাসন আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত মানুহৰ দায়িত্ব বহু পৰিমাণে বৃদ্ধি পায়।”

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে বিজ্ঞান হৈছে সমাধান, বিৱৰ্তন আৰু উদ্ভাৱনৰ আধাৰ। এই অনুপ্ৰেৰণাৰে আজিৰ নতুন ভাৰত জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞানৰ লগতে জয় অনুসন্ধনৰ সৈতে অগ্ৰসৰ হৈছে।

কেন্দ্ৰ আৰু ৰাজ্য উভয়কে সহায় কৰিব পৰা ইতিহাসৰ পৰা আমি লাভ কৰিব পৰা শিক্ষাৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যদি আমি যোৱা শতিকাৰ প্ৰাৰম্ভিক দশকবোৰ মনত পেলাওঁ, তেন্তে আমি বিচাৰি পাও যে পৃথিৱীখন কেনেকৈ বিধ্বংসী আৰু দুখজনক সময়ৰ মাজেৰে পাৰ হৈ আছিল। কিন্তু সেই যুগতেও পূবৰ কথাই হওক বা পশ্চিমৰ কথাই হওক, সকলোতে বিজ্ঞানীসকলে তেওঁলোকৰ মহান আৱিষ্কাৰত নিয়োজিত হৈ আছিল। পশ্চিমত আইনষ্টাইন, ফাৰ্মি, মেক্স প্লেংক, নীলছ ব’ৰ, টেছলাৰ দৰে বিজ্ঞানীয়ে নিজৰ পৰীক্ষা-নিৰীক্ষাৰে বিশ্বৰ চকু কপালত তুলি ধৰিছিল। একে সময়তে চি ভি ৰমন, জগদীশ চন্দ্ৰ বসু, সত্যেন্দ্ৰনাথ বসু, মেঘনাদ সাহা, এছ চন্দ্ৰশেখৰকে ধৰি বহু বিজ্ঞানীয়ে নিজৰ নতুন আৱিষ্কাৰক চৰ্চালৈ আনিছিল। প্ৰধানমন্ত্ৰীয়ে আমাৰ বিজ্ঞানীসকলৰ কাম-কাজক আমি যথাযথ স্বীকৃতি নিদিয়াৰ বাবে পূব আৰু পশ্চিমৰ পাৰ্থক্যৰ আঁত ধৰে। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে যেতিয়া আমি আমাৰ বিজ্ঞানীসকলৰ কৃতিত্ব উদযাপন কৰো, তেতিয়া বিজ্ঞান আমাৰ সমাজৰ অংশ হৈ পৰে, ই সংস্কৃতিৰ অংশ হৈ পৰে। শ্ৰী মোদীয়ে আমাৰ দেশৰ বিজ্ঞানী সকলৰ সাফল্যক উদযাপন কৰিবলৈও সকলোকে অনুৰোধ জনায়। প্ৰধানমন্ত্ৰীয়ে কয়, “বিজ্ঞানীসকলে দেশক তেওঁলোকক উদযাপন কৰাৰ যথেষ্ট কাৰণ দিছে।” তেওঁ ক’ৰোনা ভেকচিন প্ৰস্তুত কৰাৰ লগতে বিশ্বৰ সৰ্ববৃহৎ ভেকচিন অভিযানত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত ভাৰতীয় বিজ্ঞানীসকলৰ ভূমিকাক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে চৰকাৰে বিজ্ঞানভিত্তিক উন্নয়নৰ দিশত কাম কৰাৰ কথা চিন্তা কৰে। ২০১৪চনৰ পৰা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বিনিয়োগ ক্ৰমান্বয়ে বৃদ্ধি কৰা হৈছে। চৰকাৰৰ প্ৰচেষ্টাৰ ফলতে বৰ্তমান ভাৰতে বিশ্ব উদ্ভাৱন সুচকাংকত ২০১৫ চনৰ ৮১সংখ্যক স্থানৰ পৰা ৪৬সংখ্যক স্থানলৈ উন্নীত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে লগতে কয়। তেওঁ দেশত অভিলেখসংখ্যক পেটেণ্ট পঞ্জীয়নৰ হোৱাৰ কথা স্বীকাৰ কৰে। তেওঁ লগতে উদ্ভাৱনৰ জলবায়ু আৰু এক স্পন্দনশীল ষ্টাৰ্ট আপ ইক’ছিষ্টেমৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে “বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ প্ৰতি প্ৰৱণতা আমাৰ যুৱ প্ৰজন্মৰ ডিএনএত আছে। আমি এই যুৱ প্ৰজন্মক পূৰ্ণ শক্তিৰে সমৰ্থন কৰিব লাগিব।” প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলৰ উদ্ভাৱনী মনোভাৱক সমৰ্থন কৰিবলৈ গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নতুন খণ্ড আৰু মিছনসমূহৰ তালিকা প্ৰস্তুত কৰে। তেওঁ মহাকাশ অভিযান, ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটিং মিছন, ছেমিকণ্ডাক্টৰ মিছন, মিছন হাইড্ৰ’জেন আৰু ড্ৰ’ন প্ৰযুক্তিৰ উদাহৰণ দাঙি ধৰে। একেদৰে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে মাতৃভাষাত বিজ্ঞান আৰু প্ৰযুক্তিৰ শিক্ষা প্ৰদান কৰি ইয়াৰ প্ৰচাৰ চলাই আছে।

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই অমৃত কালত ভাৰতক এক আন্তঃৰাষ্ট্ৰীয় গৱেষণা আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ হ’লে আমি একেলগে বিভিন্ন দিশত কাম কৰিব লাগিব। তেওঁ বিজ্ঞান আৰু প্ৰযুক্তি সম্পৰ্কীয় গৱেষণাক স্থানীয় পৰ্যায়লৈ লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ৰাজ্যসমূহক তেওঁলোকৰ স্থানীয় প্ৰয়োজন অনুসৰি গৱেষণা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰিবলৈ কয়। প্রধানমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰসমূহে অধিক সংখ্যক বৈজ্ঞানিক প্রতিষ্ঠান সৃষ্টি আৰু প্রক্রিয়াসমূহ সৰল কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উদ্ভাৱনক উৎসাহিত কৰিব পাৰে৷ তেওঁ লগতে কয় যে ৰাজ্যসমূহৰ উচ্চ শিক্ষানুষ্ঠানসমূহতো উদ্ভাৱন গৱেষণাগাৰৰ সংখ্যা বৃদ্ধি কৰিব লাগে। তেওঁ লগতে প্ৰতিখন ৰাজ্যক বিজ্ঞান, উদ্ভাৱন আৰু প্ৰযুক্তি সম্পৰ্কীয় আধুনিক নীতি নিৰ্ধাৰণ কৰিবলৈ কয়। “চৰকাৰ হিচাপে আমি আমাৰ বিজ্ঞানীসকলৰ সৈতে অধিক সহযোগিতা আৰু সমন্বয় ৰক্ষা কৰিব লাগিব, ইয়াৰ ফলত এক বৈজ্ঞানিক আধুনিকতাৰ পৰিৱেশৰ সৃষ্টি হ’ব।”

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে ৰাজ্যসমূহে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন বৈজ্ঞানিক প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় পৰীক্ষাগাৰৰ সামৰ্থ্য আৰু বিশেষজ্ঞতাৰ সম্পূৰ্ণ সুবিধা ল’ব লাগে। “বৈজ্ঞানিক প্ৰতিষ্ঠান আৰু বিশেষজ্ঞতাৰ সঠিক ব্যৱহাৰৰ বাবে আমি আমাৰ বিজ্ঞান সম্পৰ্কীয় প্ৰতিষ্ঠানসমূহকো মেৰপেচৰ পৰা বাহিৰলৈ আনিব লাগিব”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়। তেওঁ তৃণমূল পৰ্যায়ত বিজ্ঞান প্ৰচাৰ অনুষ্ঠানৰ বাবে অনুৰোধ জনায়। তেওঁ লগতে ৰাজ্যৰ বিজ্ঞান মন্ত্ৰীসকলক তেওঁলোকৰ বিজ্ঞান পাঠ্যক্ৰমৰ ভাল পদ্ধতি আৰু দিশসমূহ ভাগ-বতৰা কৰিবলৈ পৰামৰ্শ দিয়ে।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে বিশ্বাসেৰে কয় যে ‘ৰাজ্য-কেন্দ্ৰ বিজ্ঞান সন্মিলনে’ দেশত বিজ্ঞানৰ অগ্ৰগতিৰ দিশত এক নতুন মাত্ৰা আৰু সংকল্প সংযোজন কৰিব। তেওঁ লগতে বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ সুযোগ এৰি নিদিবলৈ সকলোকে আহ্বান জনায়। ‘আগন্তুক ২৫ বছৰ ভাৰতৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বছৰ কাৰণ ইয়েই আগন্তুক ভাৰতৰ নতুন পৰিচয় আৰু শক্তি নিৰ্ধাৰণ কৰিব’, প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণকাৰীসকলক এই সন্মিলনৰ পৰা শিকা কথাখিনি নিজৰ ৰাজ্যলৈ লৈ গৈ দেশ নিৰ্মাণৰ দিশত অৰিহণা যোগাবলৈও আহ্বান জনায়।

এই উপলক্ষে অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং উপস্থিত থাকে।

পটভূমিঃ

দেশত উদ্ভাৱন আৰু উদ্যোগীকৰণৰ সুবিধাৰ বাবে প্ৰধানমন্ত্ৰীৰ অদম্য প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি সহযোগিতামুলক যুক্তৰাষ্ট্ৰবাদৰ মনোভাৱেৰে প্ৰথমবাৰলৈ আয়োজিত এই সন্মিলনে কেন্দ্ৰ-ৰাজ্যৰ সমন্বয় আৰু সহযোগিতা ব্যৱস্থাক শক্তিশালী কৰিব আৰু সমগ্ৰ দেশতে এক শক্তিশালী বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন(এছটিআই)ৰ পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিব৷

১০-১১ ছেপ্টেম্বৰ, ২০২২ত ছায়েন্স চিটী, আহমেদাবাদত দুদিনীয়াকৈ এই সন্মিলন অনুষ্ঠিত কৰা হৈছে। ইয়াত বিভিন্ন বিষয়বস্তুকেন্দ্ৰিক অধিৱেশন অন্তৰ্ভুক্ত কৰা হ’ব৷ সেইবোৰ হৈছে-এছটিআই ভিজন ২০৪৭; ৰাজ্যসমূহত এছটিআইৰ বাবে ভৱিষ্যত বৃদ্ধিৰ পথ আৰু দৃষ্টিভংগী; স্বাস্থ্য-সকলোৰে বাবে ডিজিটেল স্বাস্থ্যসেৱা; ২০৩০ চনৰ ভিতৰত গৱেষণা আৰু উন্নয়নত ব্যক্তিগত খণ্ডৰ বিনিয়োগ দুগুণ কৰা; কৃষি-কৃষকৰ আয় উন্নত কৰাৰ বাবে প্ৰযুক্তিগত হস্তক্ষেপ; পানী-খোৱাপানী উৎপাদনৰ বাবে উদ্ভাৱন; শক্তি-হাইড্ৰজেন মিছনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভূমিকাকে ধৰি সকলোৰে বাবে স্বচ্ছ শক্তি; গভীৰ মহাসাগৰ অভিযান আৰু উপকূলীয় ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ লগতে দেশৰ ভৱিষ্যত অৰ্থনীতিৰ বাবে ইয়াৰ প্ৰাসংগিকতা ইত্যাদি।

সন্মিলনত গুজৰাটৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী (এছএণ্ডটি), ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী আৰু সচিবসকল, উদ্যোগৰ নেতা, উদ্যোগী, বেচৰকাৰী সংস্থা, যুৱ বিজ্ঞানী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

 

***

DS/TS/DB



(Release ID: 1858502) Visitor Counter : 155