প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সূৰত ত্ৰিৰংগা যাত্ৰাত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পাঠ

Posted On: 10 AUG 2022 7:23PM by PIB Guwahati

আপোনালোক সকলোকে আজাদী কে অমৃত মহোৎসৱৰ আন্তৰিক শুভকামনা।

আজিৰ পৰা মাত্ৰ কেইদিনমানৰ পিছতেই দেশে নিজৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিব, আৰু আমি সকলোৱে এই ঐতিহাসিক স্বাধীনতা দিৱসৰ পূৰ্ণোদ্যমে প্ৰস্তুতিও চলাই আছো। হিন্দুস্তানৰ প্ৰতিটো কোণত ত্ৰিৰংগাই ত্ৰিৰংগা জিলিকি আছে। গুজৰাটৰো কোনো কোণ এনেকুৱা নাই, যি উদ্দীপনাৰে পৰিপূৰ্ণ নহয়। আৰু সূৰতে তো ইয়াত সোণত সুৱগা চৰালে। আজি সমগ্ৰ দেশৰ মনোযোগ সূৰতৰ ওপৰত। সূৰতৰ ত্ৰিৰংগা যাত্ৰাৰে একপ্ৰকাৰৰ ক্ষুদ্ৰ ভাৰতৰ দৰ্শন হৈ আছে অথবা হয়তো হিন্দুস্তানৰ কোনো কোণ এনেকুৱা নহ'ব, যাৰ মানুহ সূৰতত নাথাকে আৰু আজি একপ্ৰকাৰৰ সমগ্ৰ হিন্দুস্তান সূৰতৰ মাটিত ত্ৰিৰংগা যাত্ৰাৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। আৰু এইটোও আনন্দৰ কথা যে সমাজৰ প্ৰতিটো বৰ্গ অন্তৰ্ভুক্ত আছে। ত্ৰিৰংগাত সংযুক্ত কৰাৰ কিমান শক্তি আছে, এয়া আজি সূৰতত আমি দেখি আছো। সূৰতে নিজৰ বেপাৰ-বাণিজ্য, নিজৰ উদ্যোগৰ বাবে পৃথিৱীত নিজৰ এটা সুকীয়া পৰিচয় গঢ় দিছে। আজি সূৰতত হৈ থকা ত্ৰিৰংগা যাত্ৰা, পৃথিৱীজুৰি আকৰ্ষণৰ কেন্দ্ৰ হ'ব।

 

বন্ধুসকল,

আপোনালোকে ত্ৰিৰংগা যাত্ৰাত ভাৰত মাতাৰ অৱলোকনৰ সমান্তৰালকৈ দেশৰ সংস্কৃতি আৰু পৰিচয়ৰ সৈতে সংযুক্ত অৱলোকনো অন্তৰ্ভুক্ত কৰিছে। বিশেষকৈ, কন্যাসকলৰ দ্বাৰা শৌৰ্য প্ৰদৰ্শন আৰু যুৱকসকলৰ যি অংশগ্ৰহণ, সেয়া সঁচাই অদ্ভূত। সূৰতৰ লোকসকলে আমাৰ স্বাধীনতা সংগ্ৰামৰ ভাবনাক ত্ৰিৰংগা যাত্ৰাত জীৱন্ত কৰি দিছে। কোনোবা বস্ত্ৰ বিক্ৰেতা, দোকানী, কোনোবা লুমছৰ কাৰিকৰ, কোনোবা চিলাই বা এম্ব্ৰইডাৰীৰ কাৰিকৰ, কোনোবা ট্ৰেন্সপৰ্টেচনৰ সৈতে সংযুক্ত, কোনোবা হীৰা-ৰত্নৰ সৈতে সংযুক্ত। সূৰতৰ গোটেই টেক্সটাইল ইণ্ডাষ্ট্ৰী, সূৰতৰ মানুহে এই আয়োজনক বহুত ভব্য কৰি তুলিলে। ঘৰে ঘৰে ত্ৰিৰংগা অভিযানৰ এই জন অংশগ্ৰহণৰ বাবে, আৰু এই বিশেষ ত্ৰিৰংগা যাত্ৰাৰ বাবে মই আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো। মই বিশেষকৈ, সাঁৱৰ প্ৰসাদ বুধিয়া জী, আৰু 'সাকেত-সেৱাই লক্ষ্য' গ্ৰুপৰ সৈতে জড়িত সকলো ভলণ্টিয়াৰৰ শলাগ লৈছো, যিসকলে এই পদক্ষেপ আৰম্ভ কৰে। সংসদৰ মোৰ সতীৰ্থ চি আৰ পাটিল জীৰ সহযোগে এই পদক্ষেপক আৰু শক্তিশালী কৰি আছে।

 

বন্ধুসকল,

আমাৰ ৰাষ্ট্ৰীয় পতাকা নিজস্ব ৰূপতেই দেশৰ বস্ত্ৰ উদ্যোগ, দেশৰ খাদী আৰু আমাৰ আত্মনিৰ্ভৰতাৰ এটা প্ৰতীক। এই ক্ষেত্ৰত সূৰতে সদায়েই আত্মনিৰ্ভৰ ভাৰতৰ বাবে আধাৰ প্ৰস্তুত কৰিছে। সূৰতৰ বস্ত্ৰ উদ্যোগে ভাৰতৰ উদ্যোগ ভাবনাৰ, ভাৰতৰ দক্ষতা আৰু ভাৰতৰ সমৃদ্ধিৰ প্ৰতিনিধিত্ব কৰিছে। সেয়ে, এই ত্ৰিৰংগা যাত্ৰাত নিজস্ব ৰূপতেই সেই গৌৰৱ আৰু প্ৰেৰণাও সমাহিত হৈ আছে।

 

বন্ধুসকল,

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত গুজৰাটে গৌৰৱশালী যোগদানৰ নিজৰ এক সুকীয়া সোণালী অধ্যায় লিখিলে। গুজৰাটে বাপুৰ ৰূপত স্বাধীনতাৰ যুদ্ধক নেতৃত্ব দিলে। সূৰতে লৌহ পুৰুষ চৰদাৰ পেটেল জীৰ দৰে নায়ক দিলে, যি স্বাধীনতাৰ পাছত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ বুনিয়াদ ৰচনা কৰিলে। বাৰডোলী আন্দোলন আৰু দাণ্ডী যাত্ৰাৰ পৰা ওলোৱা বাৰ্তাই সমগ্ৰ দেশক একত্ৰিত কৰিছিল। গুজৰাটৰ এই গৌৰৱপূৰ্ণ অতীতৰ এক অভিন্ন অংশ আমাৰ সূৰত আৰু ইয়াৰ ঐতিহ্য আছে।

 

বন্ধুসকল,

ভাৰতৰ ত্ৰিৰংগাই কেৱল তিনিটা ৰঙকে নিজৰ ভিতৰত ধৰি ৰখা নাই। আমাৰ ত্ৰিৰংগাই আমাৰ অতীতৰ গৌৰৱক, আমাৰ বৰ্তমানৰ কৰ্তব্যনিষ্ঠাক, আৰু ভৱিষ্যতৰ সপোনৰো এক প্ৰতিবিম্ব। আমাৰ ত্ৰিৰংগা ভাৰতৰ একতা, ভাৰতৰ অখণ্ডতাৰ আৰু ভাৰতৰ বিবিধতাৰো এটা প্ৰতীক। আমাৰ সেনানিয়ে ত্ৰিৰংগাত দেশৰ ভৱিষ্যতক দেখা পালে, দেশৰ সপোনক দেখা পালে, আৰু ইয়াক কেতিয়াও নত হ'বলৈ নিদিলে। আজি স্বাধীনতাৰ ৭৫ বছৰৰ পাছত যি সময়ত আমি নতুন ভাৰতৰ যাত্ৰা আৰম্ভ কৰি আছো, সেই সময়ত ত্ৰিৰংগাই আকৌ এবাৰ ভাৰতৰ একতা আৰু চেতনাৰ প্ৰতিনিধিত্ব কৰি আছে। মই আনন্দিত যে, দেশজুৰি হৈ থকা ত্ৰিৰংগা যাত্ৰাসমূহত, ঘৰে ঘৰে ত্ৰিৰংগা অভিযানত দেশৰ সেই শক্তি আৰু ভক্তি একেলগে জিলিকি আছে। ১৩ আগষ্টৰ পৰা ১৫ আগষ্টৰ মাজত ভাৰতৰ প্ৰতিটো ঘৰত হ'ব ত্ৰিৰংগা, ভাৰতৰ প্ৰতিটো ঘৰত উত্তোলন কৰিব ত্ৰিৰংগা। সমাজৰ প্ৰতিটো বৰ্গ, প্ৰতিটো জাতি-মত-পন্থৰ মানুহে স্বতঃস্ফুৰ্ত এটা এনেকুৱা ভাবেৰে একতাৰ পৰিচয়েৰে, নতুন সপোন আৰু সংকল্পৰে সমগ্ৰ দেশ সংযুক্ত হৈ আছে। এই পৰিচয় হৈছে- ভাৰতৰ কৰ্তব্যনিষ্ঠ নাগৰিকৰ। এই পৰিচয় হৈছে- মা ভাৰতীৰ সন্তানৰ। মহিলা-পুৰুষ, নজোৱান, জ্যেষ্ঠ, যিজন যি ভূমিকাত আছে, এই অভিযানত নিজৰ সহযোগ দি আছে, নিজৰ কৰ্তব্য পালন কৰি আছে। মই আনন্দিত যে ঘৰে ঘৰে ত্ৰিৰংগা অভিযানৰ বাবে কিমান যে দুখীয়াৰ, বয়ন শিল্পীৰ, হেণ্ডলুমত কাম কৰা লোকৰ অতিৰিক্ত আয়ো হৈ আছে। আজাদী কে অমৃত মহোৎসৱত এনেকুৱা আয়োজনে আমাৰ সংকল্পক এক নতুন শক্তি দিব। জন অংশগ্ৰহণৰ এই অভিযানে নতুন ভাৰতৰ বুনিয়াদ শক্তিশালী কৰিব। এই বিশ্বাসেৰেই, আপোনালোক সকলোকে, গুজৰাটক, সমগ্ৰ দেশক আৰু বিশেষকৈ মোৰ সূৰতৰ মানুহক খুব-খুব শুভকামনা, আৰু সূৰতে এবাৰ যাক আকোৱালি লয় সেয়া কেতিয়াও পিছ নোহুঁহকে। এয়া সূৰতৰ বিশেষত্ব, সূৰত যেনেকৈ আগবাঢ়ি আছে, সূৰতে যেনেকৈ প্ৰগতিৰ নতুন নতুন উচ্চতা অতিক্ৰম কৰি আছে, তাৰ মূলতে আছে এই মোৰ সূৰতৰ জনতা, এই মোৰ সূৰতৰ ভাতৃ-ভগ্নী, আজি এই ত্ৰিৰংগা যাত্ৰাৰ অদ্ভূত দৃশ্য দেশৰ বাবেও প্ৰেৰণাদায়ক হ'ব।

মোৰ আপোনালোক সকলোকে বহুত বহুত শুভকামনা।

ধন্যবাদ!

 

***

DS/ST/AV



(Release ID: 1850875) Visitor Counter : 170