প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২০২২ বৰ্ষৰ কমনৱেল্থ গেমছত মহিলাৰ জেভেলিন থ্ৰ’ত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে অন্নু ৰাণীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 07 AUG 2022 6:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ বৰ্ষৰ কমনৱেল্থ গেমছত মহিলাৰ জেভেলিন থ্ৰ’ত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে অন্নু ৰাণীক অভিনন্দন জনাইছে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“অন্নু ৰাণী এগৰাকী উল্লেখযোগ্য খেলুৱৈ। তেওঁ অতি ধৈৰ্য প্ৰদৰ্শন কৰিলে আৰু সৰ্বোচ্চ দক্ষতা দেখুৱালে৷ তেওঁ জেভেলিনত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে মই আনন্দিত হৈছো৷ তেওঁক অভিনন্দন জ্ঞাপন কৰিলো। অনাগত বছৰবোৰতো তেওঁ পাৰদৰ্শিতা দেখুৱাই থাকিব বুলি মই নিশ্চিত। #Cheer4India”

*****

 

DS/TS/DB


(रिलीज़ आईडी: 1849705) आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam