প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কমনৱেলথ গেমছত একেৰাহে তৃতীয়বাৰৰ বাবে পদক অৰ্জন কৰা বজৰং পুনিয়াক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 05 AUG 2022 11:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছত পদক লাভ কৰা বজৰং পুনিয়াক অভিনন্দন জনাইছে। বজৰং পুনিয়াই চিডব্লিউজি, ২০২২ ত মল্লযুঁজৰ ৬৫ কেজিত সোণৰ পদক লাভ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;

 “প্ৰতিভাৱান বজৰং পুনিয়া ধাৰাবাহিকতা আৰু উৎকৃষ্টতাৰ প্ৰতিৰূপ। বাৰ্মিংহাম চিডব্লিউজিত তেওঁ সোণৰ পদক অৰ্জন কৰিছে। তেওঁৰ এই উল্লেখযোগ্য কৃতিত্ব, চিডব্লিউজিত একেৰাহে ৩য়টো পদকৰ বাবে অভিনন্দন জনালো। তেওঁৰ উদ্দীপনা আৰু আত্মবিশ্বাস প্ৰেৰণাদায়ক। মোৰ শুভেচ্ছা সদায়েই থাকিব।”


***

DS/TS/SB



(Release ID: 1849227) Visitor Counter : 81