কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

আন এক কৃষক অনুকূল পদক্ষেপ, চৰকাৰে ২০২২-২৩ চনৰ চেনিৰ ঋতুৰ বাবে চেনি কলে কুঁহিয়াৰৰ কৃষকসকলক প্ৰদান কৰিবলগীয়া কুঁহিয়াৰৰ ন্যায্য আৰু পাৰিতোষিক মূল্যত অনুমোদন জনায়


কুঁহিয়াৰ কৃষকৰ বাবে এতিয়ালৈকে সৰ্বোচ্চ ন্যায্য আৰু পাৰিতোষিক মূল্য প্ৰতিকুইণ্টলত ৩০৫ টকাকৈ অনুমোদন (কুঁহিয়াৰৰ কৃষক)

কৃষকৰ আয় বৃদ্ধিৰ বাবে চৰকাৰে যোৱা ৮ বছৰত ন্যায্য আৰু পাৰিতোষিক মূল্য (এফআৰপি) ৩৪%তকৈ অধিক বৃদ্ধি কৰিছে

কৃষকৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাৰ বাবে ভাৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ

এই সিদ্ধান্তৰ জৰিয়তে ৫ কোটি কুঁহিয়াৰ কৃষক (কুঁহিয়াৰৰ কৃষক) আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকৰ লগতে চেনি কলসমূহত নিয়োজিত ৫ লাখ শ্ৰমিক আৰু আনুষংগিক কাম-কাজ উপকৃত হ’ব

Posted On: 03 AUG 2022 6:19PM by PIB Guwahati

কুঁহিয়াৰৰ কৃষকসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীৰ বৈঠকত ২০২২-২৩ চনৰ চেনিৰ বতৰত (অক্টোবৰ - ছেপ্টেম্বৰ)ৰ বাবে চেনি কলে কুঁহিয়াৰৰ কৃষকসকলক প্ৰদান কৰিবলগীয়া কুঁহিয়াৰৰ ন্যায্য আৰু পাৰিতোষিক মূল্য প্ৰতি কুইণ্টলত ৩০৫ টকাকৈ অনুমোদন জনায়, যাৰ বচৰি প্ৰিমিয়াম ১০.২৫%ৰ হিচাপত প্ৰতি কুইণ্টলত ইয়াৰ পুনৰুদ্ধাৰ ০.১% প্ৰদান কৰি ৩.০৫টকা কৰাৰ লগতে এফআৰপি ১০.২৫%ৰ ওপৰত ০.১ হ্ৰাস কৰা হৈছে৷

অৱশ্যে কুঁহিয়াৰ কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰে চৰকাৰেও সিদ্ধান্ত লৈছে যে য’ত চেনি কলৰ ক্ষেত্ৰত প্ৰদান কৰিবলগীয়া পৰিমাণ ৯.৫% তকৈ কম, তেনে ক্ষেত্ৰত কোনো ধৰণৰ কৰ্তন কৰা নহ’ব। এইসকল কৃষকে প্ৰতি কুইণ্টলত ২০২১-২২ বৰ্ষৰ ২৭৫.৫০টকা বিপৰীতে ২৮২.১২৫টকাকৈ লাভ কৰিব৷

২০২২-২৩ চনৰ চেনিৰ বতৰৰ বাবে কুঁহিয়াৰৰ উৎপাদনৰ A2+FL ব্যয় (অৰ্থাৎ প্ৰকৃত প্ৰদত্ত উৎপাদন ব্যয় যোগ পাৰিশ্ৰমিকৰ ব্যয়) হৈছে প্ৰতি কুইণ্টলত এফআৰপি ১৬২টকা৷ ১০.২৫% পুনৰুদ্ধাৰৰ হাৰত প্ৰতি কুইণ্টলত ৩০৫ টকাl উৎপাদন ব্যয়ৰ তুলনাত ৮৮.৩% বেছি, যাৰ ফলত কৃষকসকলক তেওঁলোকৰ ব্যয়ৰ ওপৰত ৫০%তকৈ অধিক লাভ দিয়াৰ প্ৰতিশ্ৰুতি নিশ্চিত কৰা হয়। ২০২২-২৩ চনৰ চেনিৰ ঋতুৰ বাবে এফআৰপি বৰ্তমানৰ চেনিৰ বতৰত ২০২১-২২তকৈ ২.৬% অধিক।

কেন্দ্ৰীয় চৰকাৰৰ সক্ৰিয় নীতিৰ বাবে কুঁহিয়াৰ খেতি আৰু চেনি উদ্যোগ বিগত ৮ বছৰত বহু দূৰ আগুৱাই গৈ এতিয়া আত্মনিৰ্ভৰশীলতাৰ পৰ্যায়ত উপনীত হৈছে। এয়া চেনি উদ্যোগ ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ লগতে কৃষকসকলৰ সৈতে সময়মতে চৰকাৰী হস্তক্ষেপ আৰু সহযোগিতাৰ ফল। বিগত বছৰসমূহত চেনি খণ্ডৰ বাবে চৰকাৰে গ্ৰহণ কৰা উল্লেখযোগ্য ব্যৱস্থাসমূহ হ’ল-

• কুঁহিয়াৰ খেতিয়কসকলক নিশ্চিত মূল্য সুনিশ্চিত কৰিবলৈ কুঁহিয়াৰৰ এফআৰপি নিৰ্ধাৰণ কৰা হয়।

• চৰকাৰে বিগত ৮ বছৰত এফআৰপি ৩৪%তকৈ অধিক বৃদ্ধি কৰিছে।

• চেনিৰ এক্স-মিলৰ মূল্য হ্ৰাস আৰু ইয়াৰ বকেয়া জমা হোৱা ৰোধ কৰিবলৈ চৰকাৰে চেনিৰ নূন্যতম বিক্ৰী মূল্য (এমএছপি)ৰ ধাৰণাটোও প্ৰৱৰ্তন কৰিছে (০৭.০৬.২০১৮ত প্ৰথমতে প্ৰতি কিলোত ২৯টকাকৈ এমএছপি কাৰ্যকৰী কৰা ১৪.০২-২০১৯ত প্ৰতি কিলোত ৩১টকাকৈ এমএছপি কাৰ্যকৰী কৰে৷

• চেনি ৰপ্তানিৰ সুবিধা, বাফাৰ ষ্টক বজাই ৰখা, ইথানল উৎপাদন ক্ষমতা বৃদ্ধি আৰু কৃষকৰ বাবদ নিষ্পত্তিৰ বাবে চেনি কললৈ ১৮,০০০ কোটিতকৈ অধিক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।

• ইথানল উৎপাদনৰ বাবে উদ্বৃত্ত চেনিৰ পৃথকীকৰণৰ ফলত চেনি কলৰ বিত্তীয় অৱস্থা উন্নত হয়। ফলত তেওঁলোকে কুঁহিয়াৰ বাবদ আগতীয়াকৈ প্ৰয়োজনীয় ধন বহন কৰিবলৈ সক্ষম হয়।

• ৰপ্তানি আৰু চেনি ইথানললৈ পৃথকীকৰণৰ বাবে চেনি খণ্ড স্ব-বহনক্ষম হৈ পৰিছে আৰু কলসমূহৰ তাৰল্যতা উন্নত কৰিবলৈ ৰপ্তানি আৰু বাফাৰৰ বাবে বাজেট সমৰ্থনৰ প্ৰয়োজন নাই।

তদুপৰি, বিগত কেইটামান চেনিৰ বতৰত চেনি খণ্ডৰ বাবে গ্ৰহণ কৰা বিভিন্ন অন্যান্য ব্যৱস্থাৰ বাবে যিবোৰৰ ভিতৰত আছিল উচ্চ উৎপাদনক্ষম জাতৰ কুঁহিয়াৰ প্ৰৱৰ্তন, ড্ৰিপ জলসিঞ্চন ব্যৱস্থা গ্ৰহণ, উন্নত জাত কুঁহিয়াৰ আৰু অন্যান্য গৱেষণা আৰু বিকাশৰ কাৰ্য্যকলাপ, কুঁহিয়াৰ খেতিৰ ক্ষেত্ৰ, কুঁহিয়াৰ উৎপাদন, গুড়ি গুৰ, চেনি উৎপাদন আৰু ইয়াৰ পুনৰুদ্ধাৰৰ শতাংশ আৰু কৃষকসকলক দিয়া ধন যথেষ্ট বৃদ্ধি পাইছে।

কৃষকৰ আয় বৃদ্ধিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিঃ

এই সিদ্ধান্তৰ জৰিয়তে ৫ কোটি কুঁহিয়াৰ কৃষক আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকৰ লগতে চেনি কলসমূহত নিয়োজিত ৫ লাখ শ্ৰমিক আৰু আনুষংগিক কাম-কাজ উপকৃত হ’ব। ৯ বছৰ পূৰ্বে ২০১৩-১৪ত এফআৰপি আছিল প্ৰতি কুইণ্টলত ২১০টকা আৰু চেনি কলসমূহে মাত্ৰ প্ৰায় ২৩৯৭লাখ মেট্ৰিক টন কুঁহিয়াৰ ক্ৰয় কৰিছিল। কৃষকসকলে চেনি কললৈ কুঁহিয়াৰ বিক্ৰী কৰি মাত্ৰ ৫১,০০০ কোটি টকা লাভ কৰিছিল৷ কিন্তু বিগত ৮ বছৰত চৰকাৰে ৩৪%তকৈ অধিক এফআৰপি  বৃদ্ধি কৰিছে। চলিত চেনি বতৰত ২০২১-২২ত প্ৰায়  ১,১৫,১৯৬ কোটি টকা মূল্যৰ ৩৫৩০ লাখ টন কুঁহিয়াৰ চেনি কলসমূহে ক্ৰয় কৰিছিল, যিটো সৰ্বকালৰ সৰ্বোচ্চ।

চেনিৰ বতৰত ২০২২-২৩ চনত আশা কৰা উৎপাদন বৃদ্ধিৰ হাৰ বৰ্তাই ৰাখি চেনি কলসমূহে ৩,৬০০ লাখ টনতকৈ অধিক কুঁহিয়াৰ ক্ৰয় কৰাৰ সম্ভাৱনা আছে যাৰ বাবে কুঁহিয়াৰ কৃষকসকললৈ মুঠ প্ৰদত্ত ধনতকৈ ১,২০,০০০ কোটি টকা অধিক হ’ব বুলি আশা কৰা হৈছে৷ চৰকাৰে নিজৰ কৃষক সমৰ্থক ব্যৱস্থাৰ জৰিয়তে কুঁহিয়াৰ কৃষকসকলে যাতে সময়মতে তেওঁলোকৰ প্ৰাপ্য ধন লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব।

বিগত চেনিৰ বতৰ ২০২০-২১ত প্ৰদান কৰিবলগীয়া প্ৰায় ৯২,৯৩৮ কোটি টকাৰ বিপৰীতে ৯২,৭১০ কোটি টকা প্ৰদান কৰা হৈছে আৰু মাত্ৰ ২২৮ কোটি টকা প্ৰদান কৰিবলৈ বাকী আছে। চলিত চেনিৰ বতৰত ২০২১-২২ বৰ্ষত প্ৰদান কৰিবলগীয়া কুঁহিয়াৰৰ বাবদ প্ৰদান কৰিবলগীয়া ১,১৫,১৯৬ কোটি টকাৰ বিপৰীতে ০১.০৮.২০২২ তাৰিখলৈকে কৃষকক ১,০৫,৩২২ কোটি প্ৰদান কৰা হৈছে, যিটো পূৰ্বৰ বৰ্ষতকৈ ৯১.৪২% অধিক।

ভাৰত- চেনি উপাদনত বিশ্বৰ সৰ্বৃবহপাদনকাৰী আৰু দ্বিতীয় সৰ্বাধিক ৰপ্তানিকাৰীঃ

চলিত চেনিৰ বতৰত চেনি উৎপাদনত ভাৰতে ব্ৰাজিলক চেৰ পেলাবলৈ সক্ষম হৈছে৷ বিগত ৮ বছৰত চেনিৰ উৎপাদন বৃদ্ধিৰ লগে লগে ভাৰতে ঘৰুৱা ব্যৱহাৰৰ বাবে নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ উপৰি ধাৰাবাহিকভাৱে চেনি ৰপ্তানিও কৰি আহিছে যিয়ে আমাৰ বিত্তীয় ঘাটি হ্ৰাস কৰাত সহায় কৰিছে। বিগত ৪টা চেনিৰ ঋতু ২০১৭-১৮, ২০১৮-১৯, ২০১৯-২০ আৰু ২০২০-২১ত প্ৰায় ৬ লাখ মেট্ৰিক টন (লাখ মেট্ৰিক টন), ৩৮ লাখ মেট্ৰিক টন, ৫৯.৬০ লাখ মেট্ৰিক টন আৰু ৭০ লাখ মেট্ৰিক টন চেনি ৰপ্তানি কৰা হৈছে। চলিত চেনি ঋতু ২০২১-২২ত ০১.০৮.২০২২ লৈকে প্ৰায় ১০০ লাখ মেট্ৰিক টন চেনি ৰপ্তানি কৰা হৈছে আৰু ৰপ্তানিয়ে ১১২ লাখ মেট্ৰিক টন স্পৰ্শ কৰাৰ সম্ভাৱনা আছে।

কুঁহিয়াৰৰ খেতিয়ক আৰু চেনি উদ্যোগে এতিয়া শক্তি খণ্ডলৈও বৰঙণি আগবঢ়াইছেঃ

ভাৰতৰে ইয়াৰ প্ৰয়োজনীয় খাৰুৱা তেল আমদানিৰ জৰিয়তে পুৰণ কৰে৷ খাৰুৱা তেলৰ আমদানি হ্ৰাস কৰা, আৰু প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰা আৰু পেট্ৰ’লিয়াম খণ্ডত ভাৰতক আত্মনিৰ্ভৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি পেট্ৰ’লৰ সৈতে ইথানল মিহলি কৰিবলৈ ইয়াৰ উৎপাদন বৃদ্ধিৰ হকে চৰকাৰে ইথানল মিহলি পেট্ৰ’ল উৎপাদন কাৰ্যসূচীৰ বাবে কেতবোৰ সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে৷ চৰকাৰে চেনি কলসমূহক অতিৰিক্ত কুঁহিয়াৰক পেট্ৰ’লৰ সৈতে মিহলি কৰা ইথানললৈ পৃথকীকৰণ কৰিবলৈ উৎসাহিত কৰিছে, যিয়ে কেৱল সেউজ ইন্ধন হিচাপে কাম কৰাই নহয় খাৰুৱা তেল আমদানিৰ বাবে বৈদেশিক মুদ্ৰাও ৰাহি কৰে। চেনিৰ বতৰ ২০১৮-১৯, ২০১৯-২০ আৰু ২০২০-২১ত প্ৰায় ৩.৩৭ লাখ মেট্ৰিক টন, ৯.২৬ লাখ মেট্ৰিক টন  আৰু ২২ লাখ মেট্ৰিক টন চেনি ইথানললৈ পৃথকীকৰণ কৰা হৈছে। বৰ্তমান চেনিৰ বতৰ ২০২১-২২ত প্ৰায় ৩৫ লাক মেট্ৰিক টন চেনি পৃথকীকৰণ কৰাৰ ধাৰণা1 কৰা হৈছে আৰু ২০২৫-২৬ চনলৈকে ৬০ লাখ মেট্ৰিক টনতকৈ অধিক চেনি ইথানললৈ পৃথকীকৰণ কৰাৰ লক্ষ্য লোৱা হৈছে, যিয়ে অতিৰিক্ত কুঁহিয়াৰ সমস্যাৰ লগতে ধন পৰিশোধ কৰাত পলম হোৱাৰ সমস্যাটো সমাধান কৰিব কাৰণ কৃষকসকলে সময়মতে ধন লাভ কৰিব।

চৰকাৰে ২০২২ চনৰ ভিতৰত পেট্ৰলৰ সৈতে ইন্ধন গ্ৰেডৰ ইথানলৰ ১০% মিশ্ৰণ আৰু ২০২৫ চনৰ ভিতৰত ২০% মিশ্ৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

চেনি উদ্যোগ স্ব-বহনক্ষণ হৈ পৰিছেঃ

পূৰ্বে চেনি কলসমূহ ৰাজহ আহৰণৰ বাবে মূলতঃ চেনি বিক্ৰীৰ ওপৰত নিৰ্ভৰশীল আছিল। যিকোনো ঋতুত উদ্বৃত্ত উৎপাদনে তেওঁলোকৰ তাৰল্যতাত বিৰূপ প্ৰভাৱ পেলায় যাৰ ফলত কৃষকৰ কুঁহিয়াৰ মূল্যৰ বকেয়া জমা হয়। তেওঁলোকৰ তাৰল্যতা উন্নত কৰাৰ বাবে সময়ে সময়ে চৰকাৰী হস্তক্ষেপ কৰা হৈছিল। কিন্তু যোৱা কেইবছৰমানৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ উদ্বৃত্ত চেনি ৰপ্তানি কৰা আৰু চেনিক ইথানললৈ পৃথকীকৰণ কৰাকে ধৰি সক্ৰিয় নীতিৰ বাবে চেনি উদ্যোগটো এতিয়া আত্মনিৰ্ভৰশীল হৈ পৰিছে।

যিহেতু, ২০১৩-১৪ চনলৈ তেল বিপণন কোম্পানীক ইথানল বিক্ৰী কৰি চেনি কলৰ পৰা প্ৰায় ৪৯,০০০ কোটি ৰাজহ লাভ কৰিছে। চলিত চেনিৰ বতৰ ২০২১-২২ত অ’এমচিক ইথানল বিক্ৰীৰ জৰিয়তে চেনি কলৰ পৰা ২০,০০০ কোটি ৰাজহ আহৰণ কৰা হৈছে; যিয়ে চেনি মিলৰ তাৰল্যতা উন্নত কৰি কৃষকসকলৰ পৰা কুঁহিয়াৰৰ বাবদ মুক্ত কৰিবলৈ সক্ষম কৰিছে। চেনি আৰু ইয়াৰ উপ-উৎপাদন বিক্ৰীৰ পৰা পোৱা ৰাজহ, অ’এমচিসমূহক ইথানল যোগান ধৰা, বাগাছভিত্তিক সহ-উৎপাদন উদ্যোগৰ পৰা শক্তি উৎপাদন আৰু প্ৰেছ বোকাৰ পৰা উৎপাদিত পটাছ বিক্ৰীৰ পৰা পোৱা ৰাজহে চেনি কলৰ শীৰ্ষ আৰু তলৰ ৰেখাৰ বৃদ্ধিৰ উন্নতি সাধন কৰিছে।

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা আৰু এফআৰপি বৃদ্ধিয়ে কৃষকসকলক কুঁহিয়াৰ খেতি কৰিবলৈ উৎসাহিত কৰাৰ লগতে চেনিৰ ঘৰুৱা উৎপাদনৰ বাবে চেনি কাৰখানাসমূহ অব্যাহত ৰখাৰ সুবিধা প্ৰদান কৰিছে। চেনি খণ্ডৰ বাবে চৰকাৰে গ্ৰহণ কৰা সক্ৰিয় নীতিৰ বাবেই এতিয়া শক্তি খণ্ডতো ভাৰত আত্মনিৰ্ভৰ হৈ পৰিছে।

 

***

DS/DB



(Release ID: 1848321) Visitor Counter : 191