প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গান্ধীনগৰৰ ‘গীফ্ট চিটী’ত ‘আইএফএছচিএ’-ৰ মুখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰীয়ে ‘গীফ্ট চিটী’ত মুকলি কৰে ভাৰতৰ প্ৰথমটো ‘আন্তঃৰাষ্ট্ৰীয় বুলিয়ন একচেঞ্জ’-‘আইআইবিএক্স’

“গোলকীয় প্ৰেক্ষাপটত বিত্তীয় জগতখনক দিক-নিৰ্দেশনা দিব পৰা আমেৰিকা, ইউনাইটেড কিংডম আৰু ছিংগাপুৰৰ দৰে দেশৰ ‘লীগ’ত প্ৰৱেশ কৰিছে ভাৰতে”

“দেশৰ সৰ্ব সাধাৰণ জনতাৰ আশা-আকাংক্ষা ‘গীফ্ট চিটী’ৰ ৰূপকল্পৰ অন্যতম অংগ”

“‘গীফ্ট চিটী’য়ে সম্পদ আৰু বুদ্ধিমত্তা উভয়কে উদযাপন কৰে”

“আমাক এনে ধৰণৰ প্ৰতিষ্ঠানৰ প্ৰয়োজন যিয়ে বিশ্ব অৰ্থনীতিত আমাৰ বৰ্তমান আৰু বৰ্দ্ধিত ভৱিষ্যতত ভূমিকা পালন কৰিব পাৰে”

“সংহতকৰণ আজি আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যক্ৰমসমূহৰ অন্যতম। আমি বিশ্ব-বাণিজ্য আৰু ‘গোলকীয় যোগান-শৃংখল’ৰ সৈতে ধাৰাবাহিক ভাবে সংপৃক্ত হৈ পৰিছো”

“এহাতে আমি স্থানীয় কল্যাণৰ বাবে গোলকীয় মূলধন আহৰণ কৰিছো, আনহাতে, পৃথিৱীৰ কল্যাণৰ বাবে আমি আমাৰ উত্পাদনশীলতাক প্ৰতিপালন কৰিছো”

“যেতিয়া প্ৰসংগবোৰ প্ৰযুক্তি, বিজ্ঞান তথা ‘ছফ্টৱে’ৰ’ৰ হয়, ভাৰতে সদায়ে অভি়জ্ঞতাৰ লগতে এটা প্ৰান্তত অৱস্থান কৰে”

“‘নিয়ামক’ৰ এক নেতা হোৱা, ‘আইনৰ শাসন’ত এক উচ্চ মাপক স্থাপিত কৰা, আৰু পৃথিৱীৰ এক প্ৰিয় ‘মধ্যস্থতা কেন্দ্ৰ’ হিচাপে মূৰ দাঙি

Posted On: 29 JUL 2022 6:19PM by PIB Guwahati

গান্ধীনগৰৰ ‘গীফ্ট চিটী’ত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা প্ৰাধিকৰণ-‘আইএফএছচিএ’-ৰ মুখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে ‘গীফ্ট চিটী’ত ভাৰতৰ প্ৰথমটো ‘আন্তঃৰাষ্ট্ৰীয় বুলিয়ন একচেঞ্জ’-‘আইআইবিএক্স’-ও মুকলি কৰে। তেওঁ ‘এনএছই আইএফএছচি-এছজিএক্স কনটেক্ট’ৰো শুভাৰম্ভ ঘোষণা কৰে। অনুষ্ঠানত অন্যান্য সকলৰ লগতে গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমন, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী, ৰাষ্ট্ৰদূত, বাণিজ্যিক জগতৰ নেতৃবৃন্দ উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ থন্ ধৰি উঠা অৰ্থনীতি আৰু প্ৰযুক্তিগত সামৰ্থ্যৰ লগতে বিশ্ব-প্ৰেক্ষাপটতত ভাৰতৰ কৌশলৰ প্ৰতি বাঢ়ি অহা আস্থাৰ বাবে আজিৰ দিনটোৱে বিশেষ গুৰুত্ব বহণ কৰিছে। ‘গীফ্ট চিটী’ত আজি ‘আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা প্ৰাধিকৰণ’-‘আইএফএছচিএ’-ৰ মুখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হ’ল। মই ভাবো এই ভৱনৰ ভব্যতাৰ দৰেই ইয়াৰ স্থাপত্যও নিশ্চয়কৈ ভব্য হ’ব। ই ভাৰতক এক অৰ্থনৈতিক মহাশক্তি হিচাপে মূৰ দাঙি উঠাৰ ক্ষেত্ৰত অপৰিসীম সুযোগ প্ৰদান কৰিব’ বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় “আইএফএছচিয়ে উদ্ভাৱনশীলতাৰ উ্ত্তৰণ সম্ভৱ কৰাৰ উপৰি উন্নয়ণৰ ঘটক হোৱাৰ লগতে এনে উন্নয়ণ সম্ভৱকাৰীৰ ভূমিকাত অৱতীৰ্ণ হ’ব”। আজি উদ্বাধন কৰা প্ৰতিষ্ঠান তথা মঞ্চসমূহে ১৩০ কোটি ভাৰতীয়ক আধুনিক গোলকীয় অৰ্থনীতিৰে সংযুক্ত হোৱাত সহায় কৰিব। ভাৰতে এতিয়া গোলকীয় প্ৰেক্ষাপটত বিত্তীয় জগতখনক দিক-নিৰ্দেশনা দিব পৰা আমেৰিকা, ইউনাইটেড কিংডম আৰু ছিংগাপুৰৰ দৰে দেশৰ ‘লীগ’ত প্ৰৱেশ কৰিছে” বুলিও অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

‘গিফ্ট-চিটী’ সন্দৰ্ভত তেওঁ গ্ৰহণ কৰা মূল দৃষ্টিভংগীৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় “গিফ্ট চিটী কেৱল বাণিজ্যক লৈয়ে সীমিত নহয়, বৰঞ্চ দেশৰ সৰ্ব সাধাৰণ জনতাৰ আশা-আকাংক্ষাও ‘গীফ্ট চিটী’ৰ ৰূপকল্পৰ অন্যতম অংগ। গীফ্ট চিটীৰ সৈতে ভাৰতৰ ভৱিষ্যতৰ দৃষ্টিভংগী আৰু ভাৰতৰ সোণালী অতীতৰ সপোনো সংযুক্ত হৈ আছে”।

২০০৮ চনৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “যেতিয়া পৃথিৱীয়ে অৰ্থনীতিৰ এক সংকট আৰু মন্দাৱস্থাৰ সন্মুখীন হৈছিল, তেতিয়া ভাৰতত নীতি-ভ্ৰষ্টতাৰ এক বাতাবৰণে বিৰাজ কৰিছিল। পিচে, সেই সময়তে কিন্তু গুজৰাটে ‘ফিনটেক’-ক্ষেত্ৰত নতুন আৰু বৃহত্ পদক্ষেপ গ্ৰহণ কৰিছিল। এই পৰ্যন্ত সেই চিন্তাই গতি লাভ কৰা দেখি মই বাৰুকৈয়ে সন্তুষ্ট হৈছো” বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

‘গ্ৰীফ্ট চিটী’য়ে বাণিজ্য আৰু প্ৰযুক্তি খণ্ডৰ এক প্ৰাণকেন্দ্ৰ হিচাপে শক্তিশালী স্থিতি লাভ কৰাৰ কথা প্ৰধানমন্ত্ৰীয়ে বিশেষ ভাবে উল্লেখ কৰে। “‘গীফ্ট চিটী’য়ে সম্পদ আৰু বুদ্ধিমত্তা উভয়কে উদযাপন কৰে” বুলিও মন্তব্য কৰে। ‘গীফ্ট চিটী’ৰ জৰিয়তে ভাৰতে বিশ্ব-প্ৰেক্ষাপটত সেৱা-খণ্ডত শক্তিশালী ৰূপত নিজৰ উপস্থিতি সাব্যস্ত কৰাৰ দিশত আগবাঢ়িবলৈ সক্ষম হোৱা বাবেও তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে “সম্পদৰ সৃষ্টি, পৃথিৱীৰ উত্তম মস্তিষ্ক আৰু শিক্ষণৰ সমাহাৰৰ স্থান হৈছে এই গীফ্ট চিটী। এই অৰ্থত্ ইয়াক বিত্ত আৰু বাণিজ্যৰ ক্ষেত্ৰত ভাৰতৰ হৃত্ গৌৰৱ পুনৰুদ্ধাৰৰ মাধ্যম বুলিব পাৰি” বুলিয়ে মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয়, “উজ্জীৱিত ‘ফিনটেক’ খণ্ডই কেৱল সহজ বাণিজ্যিক বাতাবৰণ, সংস্কাৰ আৰু নিয়ামককে কেৱল নুসূচাই বুলি আমি মনত ৰাখিব লাগিব। ই বিভিন্ন ক্ষেত্ৰত পেচাদাৰী কাম-কাজ সম্পাদন কৰিব পৰাকৈ নতুন সম্ভাৱনা আৰু এক উন্নত জীৱনৰো মাধ্যম”।

তেওঁ কয় যে আমাক এনে ধৰণৰ প্ৰতিষ্ঠানৰ প্ৰয়োজন যিয়ে বিশ্ব অৰ্থনীতিত আমাৰ বৰ্তমান আৰু বৰ্দ্ধিত ভৱিষ্যতত ভূমিকা পালন কৰিব পাৰে।

প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে কয়, “সংহতকৰণ আজি আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যক্ৰমসমূহৰ অন্যতম। আমি বিশ্ব-বাণিজ্য আৰু ‘গোলকীয় যোগান-শৃংখল’ৰ সৈতে ধাৰাবাহিক ভাবে সংপৃক্ত হৈ পৰিছো। এহাতে আমি স্থানীয় কল্যাণৰ বাবে গোলকীয় মূলধন আহৰণ কৰিছো, আনহাতে, পৃথিৱীৰ কল্যাণৰ বাবে আমি আমাৰ উত্পাদনশীলতাক প্ৰতিপালন কৰিছো। যেতিয়া প্ৰসংগবোৰ প্ৰযুক্তি, বিজ্ঞান তথা ছফ্টৱেৰৰ হয়, ভাৰতে সদায়ে অভি়জ্ঞতাৰ লগতে এটা প্ৰান্তত অৱস্থান কৰে”।

‘নিয়ামক’ৰ এক নেতা হোৱা, ‘আইনৰ শাসন’ত এক উচ্চ মাপক স্থাপিত কৰা, আৰু পৃথিৱীৰ এক প্ৰিয় ‘মধ্যস্থতা কেন্দ্ৰ’ হিচাপে মূৰ দাঙি উঠাটো আপোনালোকৰ লক্ষ্য হোৱা উচিত” বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

 

***

DS/AK/KB



(Release ID: 1846882) Visitor Counter : 127