প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কমনৱেল্থ গেমছ, ২০২২ত স্বৰ্ণ পদক জয়ী ভাৰত্তোলক মীৰাবাই চানুক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
30 JUL 2022 11:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেল্থ গেমছ, ২০২২ত স্বৰ্ণ পদক জয়ী ভাৰত্তোলক মীৰাবাই চানুক অভিনন্দন জনাইছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“ব্যতিক্ৰমী@mirabai_chanuয়ে আকৌ ভাৰতক গৌৰৱান্বিত কৰিলে! প্ৰতিগৰাকী ভাৰতীয়ই আনন্দিত যে তেওঁ এটা সোণ লাভ কৰাৰ লগতে বাৰ্মিংহাম গেমছত কমনৱেলথৰ নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। তেওঁৰ সফলতাই বহু ভাৰতীয়ক, বিশেষকৈ উদীয়মান খেলুৱৈক অনুপ্ৰাণিত কৰিব।”
***
DS/SH/DB
(रिलीज़ आईडी: 1846713)
आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam