প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২০ জুলাইত কমনৱেলথ গেমছ ২০২২ত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় দলৰ সৈতে আলোচনা কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 18 JUL 2022 5:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ জুলাই, ২০২২ তাৰিখে পুৱা ১০ বজাত কমনৱেলথ গেমছ (চিডব্লিউজি) ২০২২ত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বাৰ্তালাপ কৰিব। বাৰ্তালাপটোত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকো অন্তৰ্ভুক্ত থাকিব।

প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ মুখ্য ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ আগতে খেলুৱৈসকলক অনুপ্ৰাণিত কৰাৰ তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ এটা অংশ। যোৱা বছৰ প্ৰধানমন্ত্ৰীয়ে টকিঅ' ২০২০ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ দলৰ লগতে টকিঅ' ২০২০ পেৰালিম্পিক গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় পেৰা-এথলীটৰ দলৰ সৈতে বাৰ্তালাপ কৰিছিল।

আনকি ক্ৰীড়া প্ৰতিযোগিতাৰ সময়তো প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলৰ প্ৰগতিৰ প্ৰতি গভীৰ আগ্ৰহ দেখে। কেইবাবাৰো তেওঁ খেলুৱৈসকলক ব্যক্তিগতভাৱে ফোন কৰে আৰু তেওঁলোকৰ সফলতা আৰু আন্তৰিক প্ৰচেষ্টাৰ বাবে অভিনন্দন জনায় আৰু তেওঁলোকক উন্নত প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰে। তদুপৰি, ভাৰতীয় দলটো দেশলৈ উভতি অহাৰ পাছতো প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে সাক্ষাৎ আৰু বাৰ্তালাপ কৰে।

কমনৱেলথ গেমছ (চিডব্লিউজি) ২০২২ অনুষ্ঠিত হ’ব ২৮ জুলাই, ২০২২ ৰ পৰা ০৮ আগষ্ট, ২০২২ লৈ। এই প্ৰতিযোগিতা বাৰ্মিংহামত অনুষ্ঠিত হ'ব। ১৯ বিধ ক্ৰীড়াৰ ১৪১ টা ইভেণ্টত কমনৱেলথ গেমছ (চিডব্লিউজি) ২০২২ত মুঠ ২১৫ জন খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিব।

 

***

DS/SH/RD



(Release ID: 1844107) Visitor Counter : 38