কেবিনেট

উদ্যোগ আৰু উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত ভাৰত আৰু সংযুক্ত আৰৱ আমিৰাত (UAE) ৰ বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 08 JUN 2022 5:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাধীন কেন্দ্ৰীয় কেবিনেটে আজি উদ্যোগ আৰু উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰখনত ভাৰত আৰু সংযুক্ত আৰৱ আমিৰাত (UAE) ৰ মাজৰ সহযোগিতাৰ দ্বিপাক্ষিক বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰৰ প্ৰস্তাৱত অনুমোদন জনালে।

ভাৰত-ইউএইৰ অৰ্থনৈতিক আৰু ব্যৱসায়িক বৰ্ধিত সম্পৰ্কই দুয়োখন দেশৰ মাজৰ ক্ষীপ্ৰ বৈচিত্র্যময় আৰু গভীৰ দ্বিপাক্ষিক সম্পৰ্কৰ সুস্থিৰতা আৰু সুদৃঢ়কৰণৰ ক্ষেত্ৰত বৰঙণি যোগাইছে। ১৯৭০ ত ভাৰত-ইউএইৰ দ্বিপাক্ষিক বাণিজ্যৰ মূল্য আছিল বছৰি $১৮০ মিলিয়ন (১৩৭৩ কোটি টকা)। পৰৱৰ্তী সময়ত ইয়াৰ বৃদ্ধি হৈ $৬০ বিলিয়ন (৪.৫৭ লাখ কোটি টকা) হোৱাৰ ফলত ২০১৯-২০ ত চীন আৰু যুক্তৰাষ্ট্ৰৰ পিছতে ইউএই ভাৰতৰ তৃতীয় সৰ্ববৃহৎ ব্যৱসায়িক অংশীদাৰ হৈ উঠে। তদুপৰি, ২০১৯-২০ বৰ্ষত ৰপ্তানি মূল্য $২৯ বিলিয়ন (২.২১ লাখ কোটি টকা) ৰে ইউএই ভাৰতৰ দ্বিতীয় (যুক্তৰাষ্ট্ৰৰ পিছত) সৰ্ববৃহৎ ৰপ্তানিৰ স্থান হৈ পৰে। আনুমানিক $১৮ বিলিয়ন (১.৩৭ লাখ কোটি টকা) ৰ বিনিয়োগ মূল্যৰে ইউএই হৈছে ভাৰতত বিনিয়োগ কৰা অষ্টম সৰ্ববৃহৎ বিনিয়োগকাৰী। ইউএইত ভাৰতীয় বিনিয়োগ আনুমানিক প্ৰায় $৮৫ বিলিয়ন (৬.৪৮ লাখ কোটি টকা)।

১৮/০২/২০২২ ত ভাৰত আৰু ইউএইয়ে "কম্প্ৰিহেনছিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেন্ট" (CEPA) শীৰ্ষক এখনি দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত কৰিছিল। এই চুক্তিৰ জৰিয়তে ভাৰত আৰু ইউএইৰ মাজৰ বাণিজ্য আগন্তুক পাঁচটা বছৰত $৬০ বিলিয়ন (৪.৫৭ লাখ কোটি টকা) ৰপৰা বৃদ্ধি হৈ $১০০ বিলিয়ন (৭.৬৩ লাখ কোটি টকা) হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

বুজাবুজিৰ চুক্তিখনিয়ে নিম্ন উল্লেখিত ক্ষেত্ৰসমূহত পাৰস্পৰিক লাভালাভৰ জৰিয়তে সহযোগিতা কামনা কৰিছেঃ

ক। উদ্যোগসমূহৰ যোগান শৃংখলৰ প্ৰাণোচ্ছলতা সুদৃঢ়কৰণ

খ। নৱীকৰণ ও শক্তি কাৰ্য্যক্ষমতা

গ। স্বাস্থ্য আৰু জীৱন বিজ্ঞান

ঘ। মহাকাশ ব্যৱস্থা

ঙ। কৃত্ৰিম বুদ্ধিমত্তা

চ। ইণ্ডাষ্ট্ৰী ৪.০ ৰ জৰিয়তে প্ৰযুক্তিসমূহক সক্ষমতা প্ৰদান

ছ। মানকীকৰণ,মেট্ৰলজী,অনুপালন মূল্যায়ন, স্বীকৃতি প্ৰদান আৰু হালাল চাৰ্টিফিকেশ্যন।

এই বুজাবুজিৰ চুক্তিখনৰ লক্ষ্য হৈছে উদ্যোগসমূহত বিনিয়োগ, প্ৰযুক্তিৰ হস্তান্তৰ আৰু মূল প্ৰযুক্তিসমূহ ব্যৱহাৰৰ জৰিয়তে উভয় ৰাষ্ট্ৰৰ উদ্যোগসমূহৰ সুদৃঢ়কৰণ আৰু উন্নয়ন সাধন। এই অনুমোদনে সমগ্ৰ অৰ্থনীতিত নিয়োগ সৃষ্টি কৰিব।

বুজাবুজিৰ চুক্তিখনি ৰূপায়ণৰ ফলত পাৰস্পৰিক সহযোগিতাৰ সকলো ক্ষেত্ৰতে গৱেষণা আৰু উদ্ভাৱনৰ বৰ্ধন ঘটাব পাৰে, বিশেষকৈ নবীকৰণযোগ্য শক্তি, কৃত্ৰিম বুদ্ধিমত্তা, উদ্যোগ সক্ষম প্ৰযুক্তি, স্বাস্থ্য আৰু জীৱন বিজ্ঞানৰ ক্ষেত্ৰখনত ইতিবাচক প্ৰভাৱ পৰিব। ইয়াৰ ফলত এই খণ্ডসমূহৰ বিকাশ ঘটিব, ঘৰুৱা উৎপাদন বৃদ্ধি, ৰপ্তানিৰ বৰ্ধন আৰু আমদানি হ্ৰাস পাব।

এই বুজাবুজিৰ চুক্তি স্বাক্ষৰে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য পৰিপূৰণ কৰিব, ভাৰতক এখনি আত্ম-নিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ আহ্বানক সাকাৰ ৰূপ প্ৰদান কৰিব।

 

***

DS/SB



(Release ID: 1844098) Visitor Counter : 143