প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

Posted On: 21 JUL 2022 9:12PM by PIB Guwahati

কেইবাটাও টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"ভাৰতে ইতিহাস ৰচনা কৰিছে। যি সময়ত ১.৩ বিলিয়ন ভাৰতীয়ই স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে, তেনে সময়তে পূৱ ভাৰতৰ এক প্ৰান্তীয় অঞ্চলত জন্মগ্ৰহণ কৰা জনজাতীয় সম্প্ৰদায়ৰ এগৰাকী ভাৰতীয় কন্যা আমাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে!

শ্ৰীমতী দ্ৰৌপদী মুৰ্মুজীক এই কৃতিত্বৰ বাবে অভিনন্দন জনাইছোঁ।"

"শ্ৰীমতী দ্ৰৌপদী মুৰ্মুজীৰ জীৱন, তেওঁৰ প্ৰাৰম্ভিক জীৱন আছিল সংগ্ৰামেৰে পৰিপূৰ্ণ। তেওঁৰ সমৃদ্ধ সেৱা আৰু তেওঁৰ দৃষ্টান্তমূলক সফলতাই প্ৰতিজন ভাৰতীয়ক অনুপ্ৰাণিত কৰে। তেওঁ আমাৰ নাগৰিকসকলৰ বাবে, বিশেষকৈ দৰিদ্ৰ, উপেক্ষিত আৰু দলিত সকলৰ বাবে আশাৰ কিৰণ।"

"শ্ৰীমতী দ্ৰৌপদী মুৰ্মুজী এগৰাকী উৎকৃষ্ট বিধায়ক আৰু মন্ত্ৰী আছিল। ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে তেওঁ উল্লেখনীয় সেৱা আগবঢ়াইছে। মই নিশ্চিত যে তেওঁ এগৰাকী উৎকৃষ্ট ৰাষ্ট্ৰপতি হ'ব যিয়ে সন্মুখৰ পৰা নেতৃত্ব দিব আৰু ভাৰতৰ উন্নয়ন যাত্ৰাক শক্তিশালী কৰিব।"

"মই বিভিন্ন দলৰ সেই সকলো সাংসদ আৰু বিধায়কক ধন্যবাদ জনাইছোঁ যিসকলে শ্ৰীমতী দ্ৰৌপদী মুৰ্মুজীৰ প্ৰাৰ্থিত্বক সমৰ্থন জনাইছে। অভিলেখসংখ্যক ভোট লাভেৰে তেওঁৰ বিজয়ে আমাৰ গণতন্ত্ৰক আৰু শক্তিশালী কৰিছে।"

 

 ***

DS/SH/KG



(Release ID: 1844093) Visitor Counter : 107