প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
प्रविष्टि तिथि:
01 JUL 2022 3:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।
দুয়োগৰাকী নেতাই ২০২১ চনৰ ডিচেম্বৰত ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ত লোৱা সিদ্ধান্তসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা কৰে। বিশেষকৈ, দুয়োগৰাকী নেতাই কৃষিজাত সামগ্ৰী, সাৰ আৰু ফাৰ্মা সামগ্ৰীৰ ক্ষেত্ৰত দ্বিপাক্ষিক বাণিজ্যক অধিক উৎসাহিত কৰাৰ ক্ষেত্ৰত মত বিনিময় কৰে।
দুয়োগৰাকী নেতাই আন্তঃৰাষ্ট্ৰীয় শক্তি আৰু খাদ্য বজাৰৰ পৰিস্থিতিকে ধৰি বিভিন্ন গোলকীয় বিষয়ৰ ওপৰতো আলোচনা কৰে। ইউক্ৰেইনত চলি থকা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে আলোচনা আৰু কূটনীতিৰ সপক্ষে ভাৰতৰ পুৰণি স্থিতিৰ কথা দোহাৰে। দুয়োগৰাকী নেতাই গোলকীয় আৰু দ্বিপাক্ষিক বিষয়ত নিয়মীয়া আলোচনা অব্যাহত ৰাখিবলৈ সন্মত হৈছে।
***
DS/LP/RD
(रिलीज़ आईडी: 1841163)
आगंतुक पटल : 181
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam