প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হিমাচল প্ৰদেশৰ কুল্লুত সংঘটিত বাছ দূৰ্ঘটনাত ব্যথিত প্ৰধানমন্ত্ৰী
পি এম এন আৰ এফৰ পৰা আৰ্থিক অনুদান ঘোষণা
পোষ্ট কৰা হৈছে:
04 JUL 2022 11:31AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ কুল্লু জিলাত সংঘটিত এক মৰ্মান্তিক বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। তদুপৰি প্রধানমন্ত্রীয়ে মৃতকৰ আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ এই পুঁজি প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধি(পিএমএনআৰএফ)ৰ পৰা প্ৰদান কৰা হ’ব।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এইদৰে টুইট কৰে;
"হিমাচল প্ৰদেশৰ কুল্লুত সংঘটিত হোৱা বাছ দুৰ্ঘটনাটো হৃদয় বিদাৰক। এই মৰ্মান্তিক সময়ত মই শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো। আশাকৰোঁ আহতসকল অতি সোনকালে সুস্থ হৈ উঠিব। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছেঃ PM @narendramodi।"
"হিমাচল প্ৰদেশত সংঘটিত মৰ্মান্তিক বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ আত্মীয়ৰ বাবে প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ আৰ্থিক অনুদানত অনুমোদন জনাইছে। আহতসকলক ৫০ হাজাৰ টকাকৈ দিয়া হ'ব।"
****
DS/ST/MS
(ৰিলিজ আই ডি : 1839345)
অতিথি কক্ষ : 145
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam