প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত মহামহিম য়াইৰ লাপিডক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 01 JUL 2022 1:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত মহামহিম য়াইৰ লাপিডক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে ভাৰতৰ এজন প্ৰকৃত বন্ধু হৈ উঠা মহামহিম নফটালি বেনেটকো ধন্যবাদ জ্ঞাপন কৰে।

 

এলানি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

 

"ইজৰাইলৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত মহামহিম @yairlapid ক উষ্ম শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আমি সম্পূৰ্ণ কূটনৈতিক সম্পৰ্কৰ ৩০ বছৰ উদযাপনৰ শুভ লগনত মই আমাৰ কৌশলগত অংশীদাৰিত্বক আগুৱাই নিবলৈ আগ্ৰহী হৈ উঠিছো।"

 

"ভাৰতৰ এজন প্ৰকৃত বন্ধু হৈ উঠা মহামহিম @naftalibennett ক ধন্যবাদ জনাইছো। আমাৰ ফলপ্ৰসূ মত-বিনিময়ক মই স্মৰণ আৰু আপোনাৰ নতুন দায়িত্বৰ সফলতা কামনা কৰিছো।"

***

DS/SH/SB


(रिलीज़ आईडी: 1839116) आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam