প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ব্যাপক সমৃদ্ধি আৰু উদ্যোগশীলতাক প্ৰোৎসাহিত কৰাৰ বাবে সংস্কাৰৰ ৮ বছৰ সম্পৰ্কীয় বিৱৰণ সকলোৰে সৈতে ভাগ বতৰা কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 11 JUN 2022 12:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'ব্যৱসায় সহজ কৰি তোলা'ৰ ক্ষেত্ৰত বিগত ৮ বছৰত গৃহীত বিভিন্ন সংস্কাৰমূলক পদক্ষেপৰ বিৱৰণী আৰু ব্যাপক সমৃদ্ধি তথা উদ্যোগশীলতাক প্ৰোৎসাহিত কৰাৰ বাবে বিভিন্ন প্ৰয়াস সকলোৰে সৈতে ভাগ বতৰা কৰিছে। তেওঁ মাইগভৰ পৰা এটা টুইট থ্ৰেড আৰু তেওঁৰ ৱেবছাইট আৰু নমো এপৰ পৰা এই সম্পৰ্কীয় কেইবাটাও প্ৰবন্ধ সকলোৰে সৈতে ভাগ বতৰা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ

"সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰ'ৰ নীতিৰ দ্বাৰা পৰিচালিত হৈ ভাৰত চৰকাৰে কেইবাটাও সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে, যি 'ব্যৱসায় সহজ কৰি তোলা'ৰ সহায়ক হৈছে। একে সময়তে, বিকাশৰ পথত বাধা সৃষ্টি কৰা বহুতো পুৰণি আইন বাতিল কৰা হৈছে। #সংস্কাৰৰ ৮বছৰ"

"ব্যাপক সমৃদ্ধি আৰু উদ্যোগশীলতাক উৎসাহিত কৰাৰ বাবে ব্যাপক সংস্কাৰ। #সংস্কাৰৰ ৮বছৰ"

 

 ***

DS/KG



(Release ID: 1833257) Visitor Counter : 114