প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰৌংখ গাঁৱত অনুষ্ঠিত এক সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

Posted On: 03 JUN 2022 9:39PM by PIB Guwahati

নমস্কাৰ!

এইখন গাঁৱৰ সন্তান, পৰৌংখ গাঁৱৰ মাটিত জন্ম লাভ কৰা দেশৰ ৰাষ্ট্ৰপতি আদৰণীয় ৰামনাথ কোৱিন্দ জী, আদৰণীয় শ্ৰীমতী সৱিতা কোৱিন্দ জী, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দী বেন পেটেল, উত্তৰ প্ৰদেশৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, মঞ্চত উপৱিষ্ট মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ, উত্তৰ প্ৰদেশ মন্ত্ৰী পৰিষদৰ মন্ত্ৰীসকল, সাংসদসকল, বিধায়কসকল আৰু বিশাল সংখ্যাত সমৱেত হোৱা মোৰ প্ৰিয় ভাই-ভনীসকল।

ৰাষ্ট্ৰপতি জীয়ে যেতিয়াই মোক ক’লে যে মই ইয়ালৈ আহিব লাগিব, তেতিয়াৰে পৰা মই আপোনালোকৰ কাষলৈ আহি গাঁওবাসীৰে মিলিত হোৱাৰ বাবে অপেক্ষা কৰি আছিলো। আজি ইয়ালৈ আহি সঁচায়ে মনত বহুত শান্তি পাইছো, খুবেই ভাল লাগিছে। এইখন গাঁৱে ৰাষ্ট্ৰপতি জীৰ ল’ৰালি দেখিছে আৰু ডাঙৰ হোৱাৰ পিচত তেখেত প্ৰতিগৰাকী ভাৰতীয়ৰ গৌৰৱ হোৱাও দেখিবলৈ পাইছে।

ইয়ালৈ অহাৰ আগতে ৰাষ্ট্ৰপতি জীয়ে মোৰ আগত এইখন গাঁৱৰ বহুবোৰ স্মৃতি সোঁৱৰণ কৰিছিল। মই জানিব পাৰিছো যে পঞ্চমমানৰ পিচত তেখেতক যেতিয়া ৫-৬ মাইল দূৰৰ গাঁৱত নাম লিখাই দিছিল, শুদা ভৰিৰে স্কুললৈ দৌৰি দৌৰি যাবলগীয়া হৈছিল, এই দৌৰ স্বাস্থ্য ৰক্ষাৰ বাবে দৌৰা দৌৰ নাছিল। এই দৌৰ আছিল গৰমত তপত হৈ উঠা ৰাস্তাত যাতে ভৰি দুখনে কমত তাপ সহিবলগীয়া হয় তাৰ উপায়হে আছিল এয়া।

ভাৱকচোন এনে একোটা তপত দুপৰীয়া পঞ্চম মানত পঢ়ি থকা কোনো কিশোৰে খালী ভৰিৰে স্কুললৈ বুলি দৌৰি গৈ আছে। জীৱনৰ বাবে এনে সংঘৰ্ষ, এনে তপস্যাই মানুহক মানুহ হোৱাৰ বাবে বহুত সহায় কৰে। আজি ৰাষ্ট্ৰপতি জীৰ গাঁৱলৈ অহাৰ এই অভিজ্ঞতা মোৰ বাবে জীৱনৰ এক সুখবহ স্মৃতিৰ দৰেই হৈ ৰ’ব।

ভাই-ভনীসকল,

মই যেতিয়া ৰাষ্ট্ৰপতি জীৰ সৈতে বিভিন্ন ঠাই চাই আছিলো, তেতিয়া মই পৰৌংখত ভাৰতীয় গাঁৱৰ কেতবোৰ আদৰ্শ প্ৰতিচ্ছবি দেখিবলৈ পাইছিলো। ইয়ালৈ আহি মই পোণ প্ৰথমে পথৰী মাতাৰ আশীৰ্বাদ লোৱাৰ সুযোগ পাইছিলো। এইটো মন্দিৰ এইখন গাঁৱৰ, এইটো অঞ্চলৰ আধ্যাত্মিক আভাৰ লগতে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰো প্ৰতীক স্বৰূপ। আৰু মই কৈ দিব পাৰো যে এনে এটা মন্দিৰ য’ত দেৱভক্তিও আছে, দেশভক্তিও আছে। আৰু দেশভক্তি বুলি এইকাৰণেই কৈছো, কিয়নো ৰাষ্ট্ৰপতি জীৰ পিতৃদেৱৰ ভাৱনাক মই প্ৰণাম কৰিছো। তেখেতৰ কল্পনাশক্তিক মই প্ৰণাম জনাইছো। তেখেতে জীৱনত তীৰ্থভ্ৰমণ কৰা, বিভিন্ন যাত্ৰাত ভাগ লোৱা, ঈশ্বৰৰ আশীৰ্বাদ লোৱা, ইয়াৰ বাবে প্ৰায়েই ঘৰৰ পৰা ওলাই যায়। কেতিয়াবা বদ্ৰীনাথ, কেতিয়াবা কেদাৰনাথ, কেতিয়াবা যদি অযোধ্যা, কেতিয়াবা আকৌ কাশী, মথুৰা, এনেদৰে বিভিন্ন স্থান ভ্ৰমণ কৰে।

সেই সময়ত তেখেতৰ আৰ্থিক অৱস্থা ইমান টনকিয়ালো নাছিল যে গাঁৱৰ সকলো লোকৰ বাবে তাৰ পৰা সৰহকৈ প্ৰসাদ আনিব পাৰে, গোটেই গাঁওখনকে কিবা ভগাই দিবহি পাৰে। কিন্তু তেওঁৰ কল্পনা খুবেই মজাৰ আছিল, তেখেতে সেই তীৰ্থস্থানসমূহৰ পৰা, সেই মন্দিৰসমূহৰ চৌহদৰ পৰা কেডোখৰ মান শিল লৈ আহিছিল। আৰু সেইবোৰ শিল ইয়াৰ গছৰ তলত জমা কৰি ৰাখিছিল। আৰু সেইবোৰ পবিত্ৰ স্থানৰ পৰা অনা শিল, ভাৰতৰ বিভিন্ন স্থানৰ পৰা অনা শিল, সেয়ে সকলোৰে মনত এক ধৰণৰ পবিত্ৰ ভাব জাগৃত হৈছিল, আৰু গাঁওবাসীয়ে পবিত্ৰ ভাবৰে বিভিন্ন প্ৰান্তৰ এই শিলবোৰক লৈ ভক্তি ভাবত গদগদ হৈ পৰিছিল। সেয়ে, মই কওঁ ইয়াত দেৱভক্তি আৰু দেশভক্তি উভয়েই সংপৃক্ত হৈ আছে।

ৰাষ্ট্ৰপতি জীৰ পিতৃদেৱে এই মন্দিৰত পূজা কৰিছিল। এই পবিত্ৰ মন্দিৰটো দৰ্শন কৰাৰ সময়ত স্বাভাৱিকতেই মোৰ মনত বিভিন্ন ভাবৰ বুৰবুৰণি উঠিছিল। আৰু মই নিজকে ধন্য মানিছো যে মই আজি এই মন্দিৰ দৰ্শনৰ সুযোগ লাভ কৰিছো।

বন্ধুসকল,

পৰৌংখৰ মাটিত ৰাষ্ট্ৰপতি জীৰ সংস্কাৰ মিলিত হৈ আছে, তাৰ সাক্ষী আজি সমগ্ৰ পৃথিৱীয়ে হ’বলৈ পালে। আৰু মই আজি দেখিবলৈ পাইছো যে এফালে সংবিধান, আৰু আনফালে সংস্কাৰ, আৰু আজি গাঁৱত ৰাষ্ট্ৰপতি জীয়ে পদৰ দ্বাৰা লাভ কৰা সকলো মৰ্যাদাৰ পৰা বাহিৰলৈ ওলাই আহি মোক আজি আচৰিত কৰি তুলিলে। তেখেতে, আগবঢ়াই অনাৰ বাবে নিজেই হেলিপেড পাইছিলগৈ। মই লজ্জা অনুভৱ কৰিছিলো, কিয়নো তেখেতৰ মাৰ্গদৰ্শনৰে আমি কাম কৰি আছো, তেখেতৰ পদৰ এক গৰিমা আছে, এক জ্যেষ্ঠতা আছে।

মই যেতিয়া ৰাষ্ট্ৰপতি মহোদয়ক ‘আপুনি মোৰ লগত আজি অন্যায় কৰিলে’ বুলি কৈ উঠিছিলো, তেতিয়া তেখেতে নিতান্ত সহজ ভাবেই কৈ উঠিছিল সংবিধানে প্ৰদান কৰা মৰ্যাদাসমূহতো মই পালন কৰোৱেই, কিন্তু কেতিয়াবা কেতিয়াবা সংস্কাৰৰ নিজা শক্তি থাকে। আৰু আজি আপুনি মোৰ গাঁৱলৈ আহিছে। মই ইয়ালৈ অতিথি সত্কাৰৰ বাবে আহিছো, মই ৰাষ্ট্ৰপতিৰ ৰূপত ইয়ালৈ অহা নাই। মই এইখন গাঁৱৰ এটি শিশুৰ ৰূপত, য’ৰ পৰা মোৰ জীৱনৰ আৰম্ভণি হৈছিল, সেইখন গাঁৱৰ এগৰাকী নাগৰিকৰ ৰূপত মই আপোনাক স্বাগত জনাইছো। ‘অতিথি দেৱো ভৱঃ’-ৰ সংস্কাৰ ভাৰতত কেনেদৰে আমাৰ শিৰাই সিৰাই প্ৰবাহিত হৈ আছে, তাৰ উত্তম নিদৰ্শনেই আজি ৰাষ্ট্ৰপতি জীয়ে প্ৰদৰ্শন কৰিলে। মই ৰাষ্ট্ৰপতি জীক আদৰপূৰ্ব প্ৰণাম জনাইছো।

ৰাষ্ট্ৰপতি মহোদয়ে তেখেতৰ পৈতৃক বাসগৃহটোক ‘মিলন কেন্দ্ৰ’ৰ ৰূপত বিকশিত কৰাৰ বাবে অৰ্পণ কৰিছে। আজি সেই গৃহটোৱে আলোচনা আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ ৰূপত মহিলা সৱলীকৰণক নতুন শক্তি প্ৰদান কৰি আছে। তেখেতৰ প্ৰয়াসতে ইয়াত আম্বেডকৰ ভৱনৰ ৰূপত বাবা চাহাবৰ আদৰ্শৰ প্ৰেৰণা কেন্দ্ৰও নিৰ্মাণ কৰা হৈছে। মই ভাবো, ভৱিষ্যতে পৰৌংখত আপোনালোকৰ সামূহিক প্ৰয়াসৰে বিকাশৰ পথত আৰু অধিক দ্ৰুতগতিৰে আগবাঢ়ি যাব, আৰু দেশৰ সন্মুখত গ্ৰমীণ বিকাশৰ এক আৰ্হি দাঙি ধৰিব।

বন্ধুসকল,

আমি য’লৈকে নাযাওঁ কিয়, ডাঙৰ ডাঙৰ চহৰ-নগৰ, আনকি পৃথিৱীৰ কোনো এটা প্ৰান্তৰতে নিগাজী নহওঁগৈ কিয়, কিন্তু আমাৰ মনৰ মাজত যদি আমাৰ নিজৰ গাঁওখনক লৈ ফুৰো, তেন্তে সেইখন গাঁৱক কোনেও কেতিয়াও আমাৰ মনৰ মাজৰ পৰা উলিয়াই আঁতৰাই নিব নোৱাৰে। সেইখন গাঁও আমাৰ তেজে তেজে সমাহিত হৈ যায়, আমাৰ ভাৱনাত সদায়ে ৰৈ যায়। আমি চাগৈ এই কাৰণেই কওঁ যে ভাৰতৰ আত্মা গাঁৱত থাকে, কিয়নো গাঁৱে আমাৰ আত্মাত বসতি কৰে।

আজি যেতিয়া দেশে স্বাধীনতাৰ অমৃত মহোত্সৱ উদযাপন কৰি আছে, তেতিয়া গ্ৰামীণ ভাৰতৰ বাবে, আমাৰ গাঁৱৰ বাবে আমাৰ সপোনবোৰ আৰু অধিক গুৰুত্বপূৰ্ণ হৈ উঠে। আমাৰ স্বাধীনতা সংগ্ৰামৰ সময়ত মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতাক ভাৰতৰ গাঁৱসমূহৰ সৈতে সংযুক্ত কৰি চাব বিচাৰিছিল। ভাৰতৰ গাঁও, অৰ্থাত্, য’ত আধ্যাত্মও থাকে, আদৰ্শও থাকে! ভাৰতৰ গাঁও, অৰ্থাত্, য’ত পৰম্পৰাও থাকে, আৰু প্ৰগতিশীলতাও থাকে! ভাৰতৰ গাঁও অৰ্থাত্, য’ত সংস্কাৰো থাকে আৰু সহযোগিতাও থাকে। য’ত সমতাও থাকে আৰু মমতাও থাকে!

আজি স্বাধীনতাৰ অমৃতকালত এনেবোৰ গাঁৱৰে পুনৰ্গঠন, সেইবোৰৰ পুনৰ্জাগৰণৰ দিহা কৰাটো আমাৰ কৰ্তব্য। আজি এই সংকল্পকে গ্ৰহণ কৰি দেশে গাঁও-গৰিব, কৃষি-কৃষক আৰু পঞ্চায়তী গণতন্ত্ৰৰ বিভিন্ন নিকায়সমূহত কাম কৰি আছে। আজি ভাৰতৰ গাঁৱত সকলোতকৈ দ্ৰুত গতিৰে পথৰ নিৰ্মাণ হ’বলৈ ধৰিছে। আজি ভাৰতৰ গাঁওসমূহত সকলোতকৈ ‘অপ্টিকেল ফাইবাৰ’ বহুওৱাৰ কাম কৰি থকা হৈছে। আজি ভাৰতৰ গাঁওসমূহত দ্ৰুত গতিৰে ঘৰৰ নিৰ্মাণ হ’বলৈ ধৰিছে, ‘এলইডি ষ্ট্ৰীট লাইট’ লগোৱা হৈছে। চহৰসমূহৰ লগতে আমাৰ গাঁওসমূহৰো বিকাশৰ প্ৰতিটো পথতে খোজত খোজ মিলাই আগবঢ়িবলৈ ধৰিছে, এয়াই নতুন ভাৰতৰ ভৱনা, এয়াই নতুন ভাৰতৰ সংকল্পও হয়।

আপোনালোকে ভাবকচোন, কোনোবাই বাৰু কল্পনা কৰিছিলনে যে এনে এটা দিনো আহিব, খেতিৰে জড়িত কঠিনৰো কঠিন কাম এতিয়া ড্ৰোনৰ জৰিয়তেও হ’ব ধৰিছে। কিন্তু দেশে এতিয়া এই দিশেৰেও আগবাঢ়িবলৈ লৈছে। মোক জনোৱা হৈছে যে ইয়াত, এইখন গাঁৱটো ৩০০ৰো অধিক লোকক স্বামিত্বৰ আধাৰত মালিকানা প্ৰদান কৰা হৈছে, সা-সম্পত্তিৰ নথি-পত্ৰ প্ৰদান কৰা হৈছে। প্ৰযুক্তিৰ জৰিয়তে কৃষকসকলৰ কেনেকৈ সুবিধা হ’ব, কেনেকৈ তেওঁলোকৰ আয় বাঢ়িব, এইবোৰ ক্ষেত্ৰতো কাম কৰি থকা হৈছে।

বন্ধুসকল,

আমাৰ গাঁওসমূহৰ হাতত সকলোতকৈ ডাঙৰ সামৰ্থ্য আছে, সকলোতকৈ অধিক শ্ৰম শক্তি আছে, আৰু সকলোতকৈ অধিক সমৰ্পণৰ মনোভাৱো আছে। সেয়ে আমাৰ চৰকাৰৰ সৰ্বোচ্চ প্ৰথমিকতাসমূহৰ অন্যতম হৈছে ভাৰতৰ গাঁওসমূহৰ সৱলীকৰণ। ‘জনধন যোজনা’ই হওক, আবাস যোজনাই হওক, ‘উজ্জ্বলা যোজনা’ৰ অধীনত লাভ কৰা গেছৰ সংযোগেই হওক, প্ৰতিটো ঘৰতে পানীৰ সংযোগেই হওক, ‘আয়ুষ্মান ভাৰত যোজনা’ই হওক, এই সকলোবৰৰে লাভ কোটি কোটি গাঁওবাসীয়ে পাইছে। দৰিদ্ৰসকলৰ কল্যাণৰ বাবে দেশে যি গতিৰে কাম কৰিছে, সেয়া নিতান্তই অভুতপূৰ্ব।

এতিয়া দেশৰ এটাই লক্ষ্য হৈছে, প্ৰতিখন যোজনাৰ এশ শতাংশ লাভ এশ শতাংশ হিতাধিকাৰীক প্ৰদান কৰাটো। অৰ্থাত্, এশ শতাংশই সৱলীকৰণ সম্ভৱ কৰি তোলা। কোনো ধৰণৰ ভেদভাৱ নৰখাকৈ, কোনো ধৰণৰ পাৰ্থক্য নৰকাকৈ। এয়াইতো সামাজিক ন্যায়। সমতা আৰু একতাৰ বাবে বাবা চাহাবে দেখা এয়াইতো সপোন আছিল, যাক আধাৰ কৰি তেখেতে আমাক আমাৰ সংবিধান প্ৰদান কৰিছিল। বাবা চাহাবৰ সেই সপোন আজি পূৰ্ণ হ’বলৈ ধৰিছে।

বন্ধুসকল,

আজিৰ এই উপলক্ষ আৰু এটা কথাৰ বাবেও খুবেই ঐতিহাসিক বুলি চিহ্নিত হৈছে। আৰু এই কথা সকলোৱেৰে বাবে উল্লেখনীয়ও, কিয়নো এয়াই দেশৰ গণতন্ত্ৰৰ সামৰ্থ্য, দেশৰ গাঁওসমূহৰ সামৰ্থ্য একেলগে প্ৰদৰ্শিত কৰে। ইয়াত, এইখন মঞ্চত আদৰণীয় ৰাষ্ট্ৰপতি জী, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেল জী, আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী উপস্থিত আছে। মোকো আপোনালোক সকলো দেশবাসীয়ে দেশৰ সেৱা কৰাৰ বাবে ইমান ডাঙৰ দায়িত্ব অৰ্পণ কৰিছে। আমি চাৰিওজনেই কোনোবা নহয় কোনোবা এখন সৰু গাঁও অথবা অঞ্চলৰ পৰা আহি এইখিনি পাইছোহি।

মোৰো জন্ম গুজৰাটৰ এটা সৰু এলেকাত হৈছিল। গাঁৱৰ সংস্কৃতি, সংস্কাৰ, আৰু আমাৰ দেশত সংঘৰ্ষই আমাৰ দৰে কিমানকে যে পৰীক্ষা লৈছে, আমাৰ সংস্কাৰক শক্তিশালী কৰিছে। এয়াই আমাৰ গণতন্ত্ৰৰ শক্তি। ভাৰতত গাঁৱত জন্ম হোৱা দুখীয়া ব্যক্তিও ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী-ৰাজ্যপাল-মুখ্যমন্ত্ৰীৰ পদত স্থলাভিষিক্ত হ’বগৈ পাৰে।

কিন্তু ভাই-ভনীসকল,

আজি যেতিয়া আমি গণতন্ত্ৰৰ এই শক্তিৰ চৰ্চা কৰিছো তেতিয়া আমি ইয়াৰ সন্মুখত থিয় দিয়া পৰিবাৰবাদৰ দৰে প্ৰত্যাহ্বানৰ পৰাও সাৱধান হৈ থকাৰ প্ৰয়োজন আছে। এয়া পৰিবাৰবাদেই যি কেতিয়াও ৰাজনীতিয়েই নহয়, বৰঞ্চ প্ৰতিটো ক্ষেত্ৰতে প্ৰতিভাক ডিঙি চোপা দিয়ে, তেওঁলোকক আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰে।

বন্ধুসকল,

মই যেতিয়া পৰিবাৰবাদৰ বিৰুদ্ধে কথা কওঁ, তেতিয়া কিছুমান মানুহে ইয়াক ৰাজনৈতিক মন্তব্য বুলি গণ্য কৰে, মই কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে কৈছো বুলি প্ৰচাৰ চলায়। মই দেখিছো যে পৰিবাৰবাদ সন্দৰ্ভত মই আগবঢ়োৱা ব্যাখ্যাৰ সৈতে যিসকল মিলি যায়, তেওঁলোক মোৰ ওপৰত খড়্গহস্ত হৈ উঠে, খঙত একো নাই হৈ উঠে। দেশৰ প্ৰান্তে প্ৰান্তে এইসকল পৰিবাৰবাদী এতিয়া মোৰ বিৰুদ্ধে একজোঁট হৈছে। দেশৰ যুৱ-প্ৰজন্মই কিয়নো পৰিবাৰবাদৰ বিৰুদ্ধে মোদীয়ে কোৱা কথাবোৰক ইমানকৈ গুৰুত্ব দিয়ে বুলিও তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰে।

বন্ধুসকল,

মই এইসকল লোকক ক’ব খোজো যে মই কোৱা কথাবোৰৰ ভুল অৰ্থ নুলিয়াব। কোনো ৰাজনৈতিক দল, কিম্বা কোনো ব্যক্তিৰ বিৰুদ্ধে মোৰ কোনো অসন্তুষ্টি নাই। মইতো দেশত এক শক্তিশালী বিৰোধীপক্ষ থকাটোকে বিচাৰো, গণতন্ত্ৰৰ প্ৰতি সমৰ্পিত ৰাজনৈতিক দল থকাটোকে বিচাৰো। মইতো বিচাৰো যে পৰিবাৰবাদৰ হাতোৰাত বন্দী দলবোৰে নিজকে এই ৰোগৰ পৰা মুক্ত কৰক, নিজেই নিজৰ চিকিত্সা কৰক। তেতিয়াহে ভাৰতৰ গণতন্ত্ৰ শক্তিশালী হ’ব, দেশৰ যুৱ-প্ৰজন্মই ৰাজনীতিলৈ অহাৰ অধিক সুযোগ লাভ কৰিব।

কিন্তু কি হ’ব, পৰিবাৰবাদী দলসমূহৰ পৰা মই অলপ বেছিয়েই বিচাৰিছো হ’বলা! সেয়ে মই আপোনালোকৰ মাজতো কওঁ যে এয়া আমাৰ দায়িত্বই হয় যে আমি দেশত পৰিবাৰবাদৰ দৰে অপকৰ্মক আগবাঢ়িবলৈ দিব নালাগিব। গাঁৱৰ দুখীয়াজনৰ ল’ৰা, গাঁৱৰ দুখীয়াজনৰ ছোৱালীও যাতে ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী হ’বগৈ পাৰে, সেয়া নিশ্চিত কৰিবলৈকে পৰিবাৰবাদী ৰাজনৈতিক দলসমূহক বাধা দিয়াটো খুবেই জৰুৰী হৈ উঠিছে।

বন্ধুসকল,

ৰাষ্ট্ৰপতি মহোদয়ৰ এইখন গাঁৱলৈ আহি আজি মই উপহাৰ হিচাপে আপোনালোকৰ পৰা কিবা ভিক্ষা খুজিব বিচাৰিছো। আপোনালোকে চাগৈ ভাবিব এইজন আকৌ কেনেকুৱা প্ৰধানমন্ত্ৰী, আমাৰ গাঁৱলৈ আহিছে, আমালৈ একোতো অনাই নাই, ওলোটাই আমাৰ পৰা কিবা বিচাৰিছেহে। মই বিচাৰিব খুজিছো, আপোনালোকে বাৰু দিবনে...মই যদি গাঁৱৰ পৰা বিচাৰো পামনে বাৰু...যিসমূহ গাঁৱৰ পৰা আপোনালোক আহিছে, তেওঁলোকেও বাৰু দিবনে! চাওক, আপোনালোকে নিজৰ গাঁৱত ইমানকৈ বিকাশ কৰিছে।

আজি যেতিয়া দেশে স্বাধীনতাৰ অমৃত মহোত্সৱ উদযাপন কৰি আছে, তেতিয়াতো আপোনালোকে নিজৰ প্ৰয়াসো বৃদ্ধি কৰিব লাগিব। অমৃতকালত দেশে সংকল্প গ্ৰহণ কৰিছে যে দেশৰ প্ৰতিখন জিলাত ৭৫টা অমৃত সৰোবৰ খন্দা হ’ব। আৰু অলপ আগতে যোগীজীয়ে কৈছিল যে এই পৰৌংখতো ২টা অমৃত সৰোবৰ খন্দাৰ কাম চলি আছে। আপোনালোকে এই অমৃত সৰোবৰ খন্দাৰ কামত সহায়ো কৰিব লাগিব, কৰসেৱাও আগবঢ়াব লাগিব আৰু ইয়াৰ বিশলতাও অটুত ৰাখিব লাগিব।

মই আপোনালোকৰ পৰা আৰু এটা কথাও বিচাৰিব খুজিছো আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোকে মই বিচৰা কথাটো ৰাখিব আৰু সেয়া হৈছে প্ৰকৃতিক খেতি, ‘নেশ্যাৰেল ফাৰ্মিং’। পৰৌংখ গাঁৱৰ খেতিয়কসকলে যিমান পাৰে সিমান অধিককৈ প্ৰাকৃতিক খেতিত মনোনিৱেশ কৰক। আপোনালোকে যদি প্ৰাকৃতিক খেতি কৰিবলৈ লয় দেশৰ বাবে এয়া এক বহুত ডাঙৰ নিদৰ্শন হৈ উঠিব।

বন্ধুসকল,

ভাৰতৰ সাফল্যৰ এটাই হৈছে পথ- সকলোৰে প্ৰয়াস। সকলোৰে প্ৰয়াসৰেহে আত্মনিৰ্ভৰ ভাৰতৰ সপোনটো সাকাৰ কৰিব পৰা যাব। আৰু, আত্মনিৰ্ভৰ ভাৰতৰ অৰ্থ হৈছে আত্মনিৰ্ভৰ গাঁও, আত্মনিৰ্ভৰ্ যুৱ-প্ৰজন্ম। আমাৰ গাঁওসমূহে গতি লাভ কৰিলেই, আমাৰ গাঁওসমূহে উন্নতি কৰিলেই দেশে উন্নতি কৰিব।

আদৰণীয় কৱিন্দ জীৰ ৰূপত দেশক ৰাষ্ট্ৰপতি দিয়া পৰৌংখে গাঁৱৰ মাটিত কিমান সামৰ্থ্য থাকে এই কথা  সাব্যস্ত কৰি দেখুৱালে। আমি এই সামৰ্থ্যৰ, এই প্ৰতিভাৰ উচিত ব্যৱহাৰ কৰিব লাগিব। আমি সকলোৱে মিলি কাম কৰিম, আৰু দেশৰ সপোন সাকাৰ কৰিম।

এই সংকল্পৰে, মই আকৌ এবাৰ আদৰণীয় ৰাষ্ট্ৰপতি মহোদয়ক তেওঁৰ সৈতে মোকো ইয়ালৈ অহাৰ সুযোগ প্ৰদান কৰাৰ বাবে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো। আপোনলোক সকলোকে পুনৰ বাৰ অভিনন্দন জনাইছো আৰু গাঁৱৰ প্ৰতিটো চুবুৰিৰ য’লৈকো গ’লো, যিমান উত্সাহৰে আপোনালোকে আদৰণি জনালে, অভিবাদন কৰিলে, পুষ্পবৃষ্টি কৰিলে, চেনেহ যাঁচিলে, মৰমৰে অভিভুত কৰিলে। মই আপোনালোকৰ এই মৰম কেতিয়াও নাপাহৰিম। আপোনালোকক কেতিয়াও পাহৰিব নোৱাৰিম। আৰু গাঁৱত যিমানখিনি সময় কটোৱাৰ সুযোগ পালো, নিজকে শৈশৱৰ সৈতে জড়িত কৰিব পৰা যেন লাগিল। সেই কাৰণেও মই আপোনালোক গাঁওবাসীক হৃদয়ৰে অভিনন্দন জনাই মোৰ দুৱাষাৰ সামৰিছো।

বহুত বহুত ধন্যবাদ!

 

***

DS/ST/NS/KB



(Release ID: 1831291) Visitor Counter : 109