প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘সুশাসনৰ ৮ বছৰ’ ৰ উল্লেখযোগ্য দিশসমূহ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 04 JUN 2022 2:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ৮ বছৰত দেশৰ শাসন ব্যৱস্থাত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ আৰু সংস্কাৰ সন্দৰ্ভত তেওঁৰ ৱেবছাইট (narendramodi.in) আৰু MyGovৰ পৰা প্ৰবন্ধ আৰু টুইটৰ যোগসূত্ৰ শ্বেয়াৰ কৰিছে। এই প্ৰবন্ধ আৰু টুইটৰ যোগসূত্ৰৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰত, চৰকাৰৰ জনকেন্দ্ৰিক আৰু মানৱীয় দৃষ্টিভংগী, প্ৰতিৰক্ষা খণ্ডৰ সংস্কাৰ আৰু দৰিদ্ৰ কল্যাণমূলক প্ৰশাসনিক ব্যৱস্থাৰ বিকাশৰ দিশসমূহ দাঙি ধৰা হৈছে।

 

এক শৃংখলাবদ্ধ টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়ঃ

"১৩০ কোটি ভাৰতীয়ই সিদ্ধান্ত লৈছে যে তেওঁলোকে ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিব। আত্মনিৰ্ভৰশীলতাৰ বাবে আমাৰ প্ৰচেষ্টা বিশ্বব্যাপী সমৃদ্ধিত অৰিহণা যোগোৱাৰ দৃষ্টিভংগীৰ মাধ্যমেৰে পৰিচালিত হয়। #সুশাসনৰ ৮বছৰ"

"আমাৰ চৰকাৰ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে যত্নশীল। আমি জনকেন্দ্ৰিক আৰু মানৱীয় দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত। #সুশাসনৰ ৮বছৰ"

"নমো এপৰ এই প্ৰবন্ধটোৱে স্বদেশীকৰণ, প্ৰতিৰক্ষা কৰিডৰ নিৰ্মাণ, প্ৰতিৰক্ষা সৰঞ্জাম ৰপ্তানি বৃদ্ধি আৰু আন বহু খণ্ডত গুৰুত্ব আৰোপ কৰাৰ উপৰি প্ৰতিৰক্ষা খণ্ডত কেইবাটাও সংস্কাৰৰ ওপৰত আলোকপাত কৰিছে। #সুশাসনৰ ৮বছৰ"

"সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস'ৰ মন্ত্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমাৰ চৰকাৰে জনসাধাৰণৰ কল্যাণৰ উপযোগী প্ৰশাসনিক ব্যৱস্থাক জোৰদাৰ কৰি তোলাৰ বাবে কেইবাটাও প্ৰচেষ্টা হাতত লৈছে, যিয়ে দৰিদ্ৰ, যুৱক, কৃষক, মহিলা আৰু প্রান্তীয় লোকসকলক সহায় কৰিছে। #সুশাসনৰ ৮বছৰ"

 

 ***

DS/ST/KG



(Release ID: 1831275) Visitor Counter : 153