যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
আজি বিশ্ব চাইকেল দিৱস উপলক্ষে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে শ্ৰী কিৰেণ ৰিজিজু, শ্ৰী মনসুখ মাণ্ডবিয়া আৰু শ্ৰীমতী মীনাক্ষী লেখীৰ উপস্থিতিত দেশজোৰা কাৰ্য্যক্ৰমৰ শুভাৰম্ভ কৰিলে
ফিট ইণ্ডিয়া আন্দোলন, খেল’ ইণ্ডিয়া আন্দোলন, স্বচ্ছ ভাৰত অভিযান ও হেল্থী ইণ্ডিয়া আন্দোলন, এই সকলোবোৰ চাইকেল চলাই সফল কৰিব পাৰিঃ শ্ৰী অনুৰাগ ঠাকুৰ
শ্ৰী অনুৰাগ ঠাকুৰে মন্ত্ৰী, সাংসদসকল আৰু ৭৫০ জন যুৱ চাইকেল আৰোহীৰে ৭.৫ কিলোমিটাৰ চাইকেল চলালে
এনৱাইকেএছে ৭৫ টা আইকনিক স্থানকে ধৰি সমগ্ৰ দেশৰ ১০০ ৰোধিক স্থানত চাইকেল ৰেলীৰ আয়োজন কৰে
Posted On:
03 JUN 2022 2:21PM by PIB Guwahati
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা ও ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে বিশ্ব চাইকেল দিৱস উপলক্ষে নতুন দিল্লীৰ মেজৰ ধ্যান চান্দ ষ্টেডিয়ামৰপৰা দেশজোৰা কাৰ্য্যক্ৰমৰ শুভাৰম্ভ কৰিলে। এই অনুষ্ঠানত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডবিয়া আৰু বৈদেশিক পৰিক্ৰমা আৰু সাংস্কৃতিক দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী মীনাক্ষী লেখীকে প্ৰমুখ্য কৰি প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী আৰু সাংসদ ডাঃ হৰ্ষবৰ্ধন, সাংসদ শ্ৰী মনোজ তিৱাৰী, সাংসদ শ্ৰী ৰমেশ বিধুৰী, যুৱ পৰিক্ৰমা বিভাগৰ সচিব শ্ৰী সঞ্জয় কুমাৰ, ক্ৰীড়া বিভাগৰ সচিব শ্ৰীমতী সুজাতা চতুৰ্বেদী আৰু মন্ত্ৰালয়টোৰ আন-আন বিষয়াসকলো উপস্থিত থাকে।
দিল্লীত আয়োজন কৰা শ্ৰী অনুৰাগ সিং ঠাকুৰ নেতৃত্বাধীন চাইকেল ৰেলীটো ধ্যান চান্দ ষ্টেডিয়ামৰপৰা ৰাওনা হয়। ইয়াত উপস্থিত মন্ত্ৰী আৰু সাংসদসকলে তেওঁক সংগদান কৰে। দিল্লীৰ ৭.৫ কিলোমিটাৰজোৰা এই ৰেলীত ১৫০০ ৰোধিক লোকে অংশগ্ৰহণ কৰে। ইয়াৰোপৰি, এনৱাইকেএছে সমগ্ৰ দেশৰ ৭৫ টা আইকনিক স্থানকে ধৰি ৩৫ খন ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানীৰ ১০০ ৰোধিক স্থানত চাইকেল ৰেলীৰ আয়োজন কৰে। এনে প্ৰতিটো ৰেলীতে ৭৫ জন অংশগ্ৰহণকাৰীয়ে ৭.৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে।
শুভাৰম্ভণিৰ পূৰ্বে শ্ৰী অনুৰাগ সিং ঠাকুৰে উপস্থিতসকলক সম্বোধন কৰি কয় যে ভাৰতে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি থকাৰ সময়তে স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষৰ এই শুভলগনত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে এখনি ‘হেল্থী ইণ্ডিয়া' ক প্ৰোৎসাহিতকৰণৰ সংকল্পৰে সমগ্ৰ দেশখনতে চাইকেল ৰেলীৰ আয়োজনৰ দৰে অনন্য পদক্ষেপ গ্ৰহণ কৰিছে। এই কাৰ্য্যক্ৰমৰ লক্ষ্য হৈছে জনসাধাৰণক শাৰীৰিক সুস্থতাৰ অৰ্থে চাইকেল চলোৱাক তেওঁলোকৰ দৈনন্দিন জীৱন যাত্ৰাত অন্তৰ্ভুক্ত আৰু অভিযোজনা কৰিবলৈ প্ৰেৰণা যোগোৱা।
শ্ৰী ঠাকুৰে কয়, ‘প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনৰ জনসাধাৰণে এই ফিটনেছ অভিযানত যোগদান কৰিব লাগে বুলি বিশ্বাস কৰে। ফিট ইণ্ডিয়া অভিযানত চাইক্লিঙে সৰ্ববৃহৎ ভূমিকা পালন কৰিব পাৰে। বিশ্ব চাইকেল দিৱস উপলক্ষে আমি সকলোৱে চাইকেল চালনাক নিজৰ দৈনন্দিন জীৱন যাত্ৰাৰ এটা অংশ কৰি তোলাৰ স্পষ্ট বাৰ্তা প্ৰদান কৰিছো। চাইকেল চালনাই আপোনাক সুস্থ কৰি ৰাখিব আৰু এখন স্বচ্ছ ভাৰত গঢ়ি তোলাত সহায় কৰিব।
শ্ৰী ঠাকুৰে লগতে কয় যে ফিট ইণ্ডিয়া আন্দোলন, খেল’ ইণ্ডিয়া আন্দোলন, স্বচ্ছ ভাৰত অভিযান ও হেল্থী ইণ্ডিয়া আন্দোলন, এই সকলোবোৰ চাইকেল চলাই সফল কৰিব পাৰি। ইয়াৰ ফলত প্ৰদূষণৰ মাত্ৰাও হ্ৰাস পাব। চাইকেল ব্যৱহাৰেৰে আমি কেৱল নিজকে ফিট কৰি ৰখাই নহয় বৰঞ্চ ফিট ইণ্ডিয়াৰ বাৰ্তাও প্ৰদান কৰিব পাৰো। শ্ৰী মনসুখ মাণ্ডবিয়া আৰু শ্ৰী কিৰেণ ৰিজিজুৰ উদাহৰণ দাঙি ধৰি শ্ৰী ঠাকুৰে এই দুগৰাকী মন্ত্ৰীয়ে চাইকেলক যাতায়াতৰ মাধ্যম হিচাপে ব্যৱহাৰেৰে ইয়াক সদায়েই প্ৰোৎসাহিত আৰু আনকো অনুপ্ৰাণিত কৰাৰ কথা ব্যক্ত কৰে।
আজাদী কা অমৃত মহোৎসৱ - ভাৰত@৭৫ উদযাপনৰ অংশ হিচাপে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আজি সমগ্ৰ দেশখনতে বিশ্ব চাইকেল দিৱস পালন কৰে। ২০২১ ৰ ১২ মাৰ্চত আজাদী কা অমৃত মহোৎসৱৰ শুভাৰম্ভণিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰপৰা লাভ কৰা অনুপ্ৰেৰণাৰে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে একচন আৰু সংকল্প @ ৭৫ স্তম্ভৰ অধীনত আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ ৰূপৰেখা অংকন কৰিছে।
***
(Release ID: 1831003)
Visitor Counter : 121
Read this release in:
Telugu
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam