প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৯ মে’ত শ্ৰী স্বামীনাৰায়ণ মন্দিৰৰ দ্বাৰা আয়োজিত ‘যুৱ শিৱিৰ’ত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে
Posted On:
18 MAY 2022 7:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ মে’, ২০২২ৰ পুৱা ১০.৩০বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে বদোদৰাৰ কাৰেলিবাগত আয়োজিত ‘যুৱ শিৱিৰ’ত ভাষণ আগবঢ়াব৷ কুণ্ডলধামৰ শ্ৰী স্বামীনাৰায়ণ মন্দিৰ আৰু বদোদৰাৰ কাৰেলিবাগৰ শ্ৰী স্বামীনাৰায়ণ মন্দিৰে এই শিৱিৰৰ আয়োজন কৰিছে৷
এই শিৱিৰৰ লক্ষ্য হৈছে সমাজ সেৱা আৰু ৰাষ্ট্ৰ নিৰ্মাণত অধিক যুৱক-যুৱতীক জড়িত কৰা৷ তদুপৰি, এক ভাৰত শ্ৰেষ্ঠ ভাৰত, আত্মনিৰ্ভৰ ভাৰত, স্বচ্ছ ভাৰত ইত্যাদিৰ দৰে পদক্ষেপৰ জৰিয়তে এখন নতুন ভাৰত নিৰ্মাণত যুৱক-যুৱতীসকলক সহযোগী কৰাটোও ইয়াৰ লক্ষ্য৷
****
DS/LP/DB
(Release ID: 1827482)
Visitor Counter : 152
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam