তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

কাঁ চলচ্চিত্ৰ মহোত্সৱত প্ৰদৰ্শিত হ’বলগীয়া কথাছবিৰ তালিকা

‘ৰকেট্ৰী- দ নাম্বী ইফেক্ট’ৰ কাঁত হ’ব ৱৰ্ল্ড প্ৰিমিয়াৰ

তামিল, মাৰাঠী, মালয়ালম, মিচিং আৰু হিন্দী ভাষাৰ কথাছবি হব মুখ্য আকৰ্ষণ

Posted On: 12 MAY 2022 3:17PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আজি কাঁ চলচ্চিত্ৰ মহোত্সৱত প্ৰদৰ্শিত হ’বলগীয়া কথাছবিসমূহৰ তালিকা ঘোষণা কৰিছে। এই তালিকাত ‘ৰকেট্ৰী’ৰ বিশ্ব প্ৰিমিয়াৰকো অন্তৰ্ভূক্ত কৰা হৈছে। ছবিখনত শ্ৰী আৰ মাধৱনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু ছবিখনৰ পৰিচলনাও মাধৱনেই কৰিছে। ‘ৰকেট্ৰী-দ নাম্বী ইফেক্ট’-ৰ প্ৰিমিয়াৰ পলাইছত হোৱাৰ বিপৰীতে বাকী ছবিসমূহৰ প্ৰদৰ্শন ‘অলিম্পিয়া থিয়েটাৰ’ত কৰা হ’ব। ৭৫ সংখ্যক চলচ্চিত্ৰ মহোতসৱত প্ৰদৰ্শিত হ’বলগীয়া ছবিসমূহ হ’ল:

1. ৰকেট্ৰী- দ নাম্বী ইফেক্ট

নিৰ্দেশক: শ্ৰী আৰ মাধৱন

নিৰ্মাতা: শ্ৰী আৰ মাধৱন

ভাষা: হিন্দী, ইংৰাজী, তামিল

সাৰাংশ

‘ৰকেট্ৰী- দ নাম্বী ইফেক্ট’ ছবিখনত নাম্বী নাৰায়ণৰ জীৱন-কাহিনীক চিত্ৰায়িত কৰা হৈছে, যিটো কাহিনী এটি টেলিভিশ্বন কাৰ্যক্ৰমত জনপ্ৰিয় ছুপাৰষ্টাৰ আৰু বলিউদৰ বাদশ্বাহ শাহৰুখ খানে এটি সাক্ষাত্কাৰত দৰ্শকৰ সন্মুখত উপস্থাপন কৰিছিল। বহু গৰাকী মহান ব্যক্তিৰ দৰেই নাম্বীৰ ক্ষেত্ৰতো কিবা নহয় কিবা দুৰ্বলতা আছিল। নিজৰ প্ৰতিভা আৰু দুৰ্বাৰ আকাংক্ষাৰ বাবেই তেওঁ শত্ৰু আৰু বিৰোধীৰ সন্মুখীন হ’বলগীয়া হৈছিল। এইবোৰ কথাই তেওঁক এক আকৰ্ষণীয় আধুনিক নায়ক কৰি গঢ়ি তুলিছিল।

কথাছবিখনত মৌনতা অৱলম্বন কৰিও সাফল্য অৰ্জন কৰা তথা ইয়াতকৈয়ো আগুৱাই গৈ কিবা কৰা ব্যক্তিৰ জীৱনৰ কথা বৰ্ণিত কৰা হৈছে। ছৱিখনে দৰ্শকসকলক বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলক পৰিচিত কৰোৱা আৰু তেওঁলোকক সন্মানিত কৰাৰ দায়িত্ব গ্ৰহণৰ প্ৰত্যাহ্বান জনাই, সেয়া লাগিলে নাম্বী নাৰায়ণেই হওক, অথবা দুখীয়া ল’ৰা-ছোৱালীৰ শিক্ষা প্ৰদান কৰা শিক্ষকেই হওক, কিম্বা সীমান্তত কৰ্তব্যৰত সৈনিকেই হওক, বা দূৰ্গম অঞ্চলৰ গাঁৱত সেৱা আগবঢ়াই থকা চিকিত্সকগৰাকী কিম্বা আৰ্তজনৰ বাবে সেৱা আগবঢ়োৱা স্বয়ংসেৱকজনেই হওক। ছবিখনত এটা গুৰুত্বপূৰ্ণ প্ৰশ্নও উথ্থাপন কৰা হৈছে: আমি শক্তিৱন্ত লোকৰ আধিপত্যৰ বিৰুদ্ধে নিৰ্দোষ আৰু শক্তিহীনসকলৰ সুৰক্ষাৰ বাবে সামূহীয়া ভাবে কিয় বাৰু থিয়  নিদিওঁ? এজন নাম্বীৰ বিপৰীতে, এনেকৈ মৌন হৈ থাকি অভিজ্ঞতা অৰ্জন কৰা হাজাৰ হাজাৰ লোক আছে যিয়ে ন্যায়ৰ আশাত সংঘৰ্ষ কৰি থাকিবলগীয়া হৈছে।

এনে কাহিনী জনাৰ আৱ্শ্যক আছে। এয়া নম্বীৰে আৰম্ভ হয়, কিন্তু এয়া মাথোঁ এক আৰম্ভণীহে।

 

2. গোদাৱৰী

নিৰ্দেশক: শ্ৰী নিখিল মহাজন

নিৰ্মাতা: ব্লু ড্ৰপ ফিল্মছ প্ৰাইভেট লিমিটেড

ভাষা: মাৰাঠী

 

সাৰাংশ

এয়া নিশিকান্ত দেশমুখৰ কাহিনী- যিগৰাকী ব্যক্তিয়ে এখন নৈৰ কাষত পৰিয়ালৰ সৈতে এটা পুৰণি হাউলীত বাস কৰিছিল। বহুকেইটা প্ৰজন্ম ধৰি নিশি আৰু তেওঁৰ পৰিয়াল ভাড়া আদায় কৰোতা আছিল। চহৰৰ সমীপবৰ্তি এলেকাত তেওঁলোকৰ বিশাল সম্পত্তি আছিল। তেওঁলোকৰ ককাক নৰোপন্ত ডেমিন্সিয়া ৰোগত আক্ৰান্ত, তেওঁৰ পিতৃ নীলকান্তৰ আকৌ পাহৰি যোৱা ৰোগ আছিল।

এইটো পৰিয়ালৰ বৰ্তমানৰ উত্তৰাধিকাৰীৰ ৰূপত নিশিকান্ত কিন্তু নিজৰ জীৱনটোক লৈ খুবেই নিৰাশ। তেওঁ পুৰণি চহৰখনৰ আদব-কায়দাক লৈ অসন্তুষ্ট, তেওঁ নিজৰ জীৱনৰ তুচ্চতাক লৈ অসন্তুষ্ট, তেওঁ এইটো কথাক লৈয়ো অসন্তুষ্ট যে তেওঁ ভাবিলেও একো কৰিব নোৱাৰে- কিন্তু অধিকাংশ ভাৰতীয় পুৰুষৰ দৰেই তেওঁ নিজৰ অসন্তুষ্টি নিজৰ মনতে সমাহিত কৰি সকলো দোষ ভাড়াতীয়াসকলৰ বা চহৰখনৰ ওপৰতে দিয়াৰ চেষ্টা কৰে। অৱশ্যে তেওঁলোককো সম্পূৰ্ণ ৰূপে দোষ মুক্ত বুলিও ক’ব পৰা নাযায়। নিশিকান্তই ভাড়া আদায় কৰে আৰু নদীৰ পৰা দূৰৈত থকা তেওঁৰ এপাৰ্মেণ্টত ভিডিঅ’ গেমছ খেলি দিন পাৰ কৰে। পত্নী আৰু ছোৱালীজনীক তেওঁৰ মাক-দেউতাকৰ লগত থৈ, তেওঁ পৰিয়ালৰ এই হাউলীৰ পৰা দূৰৈত এই এপাৰ্টমেণ্ট থাকেহি। তেওঁ সকলো সময়তে নদী আৰু তেওঁৰ সন্মুখত পোৱা সকলো বস্তুৰ ওপৰত খং উজাৰিয়েই পাৰ কৰে। নিজৰ জীৱনটো অৰ্থহীন হৈ পৰা বুলি ধৰিয়েই লৈছে তেওঁ।

যদিও, জীৱন আৰু মৃত্যু সদায়ে একেলগেই আহে, বাধাহীন ভাবেই পৰস্পৰে সংযোজিত হৈ থাকে আৰু এই মিলন সেইখন চহৰত আৰু অধিক স্পষ্ট হৈ উঠে, য’ত এগৰাকী ব্যক্তিৰ মৃত্যু, ইমানবোৰ লোকৰ বাবে জীয়াই থকাৰ পদ্ধতি হৈ উঠে।

3. আল্ফা বিটা গামা

নিৰ্দেশক: শ্ৰী শংকৰ শ্ৰীকুমাৰ

নিৰ্মাতা: ছোটী ফিল্ম প্ৰডাক্শ্যন

ভাষা: হিন্দী

 

সাৰাংশ

পৰিচালনাৰ ক্ষেত্ৰখনত জয়ৰ কেৰিয়াৰ নিৰন্তৰ উৰ্ধ্বমুখী হৈ গৈ আছে যদিও তেওঁৰ বৈবাহিক জীৱন সংকটাপন্ন হৈছে, ইফালে তেওঁ প্ৰেমিকা কায়ৰাৰ সৈতে জীৱনটোক আগুৱাই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। তেওঁৰ পত্নী মিতালীয়ে তালাক বিচাৰিছে যাতে তেওঁ তেওঁৰ ইঞ্জিনিয়াৰ প্ৰেমিক ৰবিৰ সৈতে বিয়াত বহিব পাৰে। ৰবিৰ স্বভাৱ তেওঁৰ পতিৰ সম্পূৰ্ণ বিপৰীত। তেওঁ শান্ত-শিষ্ট আৰু আনৰ কথা চিন্তা কৰা এগৰাকী ব্যক্তি।

তালাকৰ কথা পাতিবলৈ অহাৰ সময়ত জয়ে এটা সময়ত তেওঁ আৰু মিতালী একেলগে বাস কৰা ফ্লেটটোত লগ পায় ৰবিক। ৰবিয়ে ভাবিলে যে পৰস্পৰে বিৰক্ত হৈ তালাক বিচৰা এক দম্পতিৰ কথা-বতৰাৰ মাজত তেওঁ উপস্থিত থকাটো উচিত নহ’ব। সেয়ে তেওঁ তাৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লয়।

পিচে, মিতালীৰ জীৱনলৈ আন এগৰাকী ব্যক্তিৰ আগমন হোৱাৰ আগতেই ক’ৰোনা ভাইৰাছৰ কাৰণে ‘লকডাউন’ জাৰি কৰা হ’ল।

এনে পৰিস্থিতিত প্ৰেমৰ ভাইৰাছে আক্ৰান্ত কৰা তিনিগৰাকী ব্যক্তিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে যুঁজিবলৈ ধৰিলে যে দৰাচলতে তেওঁলোকে কি বিচাৰিছে, আৰু কি মূল্যৰ বিনিময়ত সেয়া আহৰণ কৰিব খুজিছে। অথচ তেওঁলোকৰ হাতত এতিয়া নিজৰ মনৰ আভ্যন্তৰত মন্থন কৰাৰ বাহিৰে কোনো গত্যন্তৰ নাই।  

 

 

4. বুম্বা ৰাইড

নিৰ্দেশক- শ্ৰী বিশ্বজিত্ বৰা

নিৰ্মাতা- কোৱাটাৰ মুন প্ৰডাক্শ্যনছ

ভাষা-মিচিং

সাৰাংশ

‘গড অন দ বেলকনী’ৰ পৰিচালক বিশ্বজিত্ বৰাৰ ‘বুম্বা ৰাইড’ ভাৰতৰ গ্ৰাম্য শিক্ষা পদ্ধতিত অব্যাহত থকা ব্যাপক ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে তীৰ্যক হাস্য-ব্যংগৰে ভৰা সমালোচনাত্মক ছবি। ছবিখনত এটি আঠ বছৰীয়া ল’ৰা(নৱোদিত ইন্দ্ৰজিত্ পেগু এটি উল্লেখনীয় ভূমিকাত অৱতীৰ্ণ হৈছে)ৰ বিষয়ে বৰ্ণনা কৰা হৈছে, যিটো ল’ৰাই অন্যায় কৰি খেল জিকিব পাৰে। এটা সঁচা কাহিনীৰ আধাৰত নিৰ্মাণ কৰা ছবিখন অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অপেচাদাৰী শিল্পীৰ জৰিয়তে নিৰ্মাণ কৰা হৈছে।

এখন তেনেই সা-সুবিধা নথকা বিদ্যালয়ক কেন্দ্ৰ কৰিয়েই ছবিখনৰ কাহিনীভাগ আগবাঢ়িছে, য’ত কেৱল বুম্বা নামৰ ছাত্ৰ (অনিচ্ছুক) এজন আছে। নিজৰ চাকৰিটো সুৰক্ষিত কৰাৰ লগতে বিত্তীয় পুঁজি অব্যাহত ৰখাৰ বাবেই স্কুলখনৰ কেউগৰাকী শিক্ষকে স্কুললৈ আহিবলৈ মন নকৰা এইজন ছাত্ৰক শ্ৰেণীলৈ অহাৰ বাবে আনকি ঘোচ পৰ্যন্ত দিয়ে। পিচে বুম্বাই আকৌ চহৰৰ এখন উন্নত মানৰ ধনাঢ্য স্কুললৈ যোৱাৰ বাবেহে মন পাঙি থাকিছিল, যিখন স্কুলত তাতকৈ অলপ ডাঙৰ কিন্তু খুবেই ধুনীয়া ছোৱালী এজনীয়ে পঢ়ে।

পৰিচালক বিশ্বজিত্ বৰাই কয়, “বুম্বা ৰাইড’ ছবিখন মোৰ হৃদয়ৰ নিচেই কাষৰ। মোৰ জন্ম আৰু পালন-পোষন অসমৰ গাঁৱত হৈছে। সেইবোৰ ঠাইত মই এনে ধৰণৰ বহু কাহিনীৰ সাক্ষী হোৱাৰ সুযোগ পাইছো, য’ত চৰকাৰী পৃষ্ঠপোষকতাৰে পৰিচালিত বিদ্যালয়সমূহত থাকিবলগীয়া সা-সুবিধাসমূহ নাথাকে। মই ভাবো সজাগতা সৃষ্টি কৰাৰ লগতে আমাৰ দুখীয়া আৰু বঞ্চিত শ্ৰেণীৰ ল’ৰা-ছোৱালীবোৰক শিক্ষিত কৰি তোলাৰ দায়িত্ব স্বীকাৰ কৰিহে আমি ব্যাপক ধৰণে পৰিৱৰ্তনৰ সূচনা কৰিব পাৰিম। এই ছবিখন নিৰ্মাণ কৰাটো সহজ কথা নাছিল কিয়নো মই অপেছাদাৰী অভিনেতাসকলক লগত লৈ শ্বুটিং কৰিছো, আমাৰ মাজত ভাষাৰ সমস্যাও আছিল। অৱশ্যে, এইখিনি সময়ত লাভ কৰা অভিজ্ঞতাক মই ইমান দিনে লাভ কৰা আটাইতকৈ ভাল অনুভৱৰ অন্যতম বুলিয়ে স্বীকাৰ কৰিছো, কিয়নো গাঁৱৰ লোকসকল সঁচাকৈয়ে সহজ-সৰল। এই কথাটোৱে মোৰ হৃদয় বাৰুকৈয়ে চুই গৈছে। গাঁৱৰ লোকেশ্যনবোৰো খুবেই ধুনীয়া। আমি স্থানীয় লোকৰ সৈতে নিতান্তই বাস্তৱসন্মত লোকেশ্যনত শ্বুটিং কৰিছো। নায়ক বুম্বাও খুবেই সৰলচিতীয়া ল’ৰা। তেওঁ আজিলৈকে চিনেমা হল এটাও দেখা নাই বুলি ক’লে চাগৈ সকলো আচৰিতেই হ’ব। মই ভাবো ছবিখনৰ হাস্য-ব্ংগ মিশ্ৰিত গম্ভীৰ কাহিনীটোক ৰাইজে আদৰি ল’বই, কাৰণ ইয়াত আমাৰ জীৱনৰ বাস্তৱিকতাক সুক্ষ্ম ভাবে বিশ্লেষণ কৰাৰ আন্তৰিক প্ৰয়াস কৰা হৈছে”। 

5. ধুইঁ

নিৰ্দেশক: শ্ৰী অচল মিশ্ৰ

নিৰ্মাতা: অচল-চিত্ৰ

ভাষা: হিন্দী, মাৰাঠী

সাৰাংশ

পংকজে এজন অভিনেতা হোৱাৰ কথা ভাবিছিল আৰু নগৰ পালিকাৰ বাবে নুক্কৰ নাটকত ভাগ লৈছিল, যাতে তেওঁৰ জীৱিকাৰো ব্যৱস্থা হৈ যায়। তেওঁ সপোনবোৰ বহুত ডাঙৰ আছিল। তেওঁ বন্ধু প্ৰশান্তৰ সৈতে মাহচেৰেকৰ ভিতৰতে মুম্বাইলৈ যোৱাৰ কথা ভাবিছিল, তাৰ বাবে তেওঁ পৰ্যাপ্ত পৰিমানে ধনো সাঁচিছিল। পিচে, ‘লকডাউন’ৰ পিচত তেওঁলোকৰ ঘৰলৈ আৰ্থিক সংকট নামি আহিল আৰু তেওঁৰ অৱসৰপ্ৰাপ্ত দেউতাকে কিবা এটা চাকৰি বিচাৰিবলৈ ধৰিলে।

তেওঁ দিনটো চহৰ ঘূৰি-ফুৰে, থিয়েটাৰবোৰত তেওঁৰ বন্ধু-বান্ধৱক লগ কৰে আৰু তেওঁৰ জ্যেষ্ঠ সকলে তেওঁক লৈ তামাচা কৰে। তেঁৱো তেওঁতকৈ সৰুবোৰক বিভিন্ন দিহা-পৰামৰ্শ দি থাকে। এনেকুৱাতে মুম্বাইৰ এগৰাকী ফিল্ম-নিৰ্মাতাৰ সৈতে তেওঁৰ দেখা-সাক্ষাত্ হ’ল, আৰু নিতান্ত অপ্ৰত্যশিত এক পৰিণতি লাভ কৰিলে। তেওঁৰ হৃদয় পৰৱৰ্তন ঘটিবলৈ ধৰিলে আৰু তেওঁ সিদ্ধান্ত ল’লে যে তেওঁৰ হাতত থকা জমা ধন খিনি তেওঁ দেউতাকৰ হাতত দি দিব যাতে তেওঁ আৰু চাকৰি কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ নহয়।

মুম্বাইৰ পৰা ঘৰলৈ উভতি আহি প্ৰতিটো সন্ধিয়াই তেওঁ ঘৰত কয়হি যে অতি সোনকালেই তেওঁ ওচৰৰ চহৰ খনত এটা চাকৰি পাব। সেইখন চহৰলৈ তেওঁ দেউতাককো লৈ যাব। তালৈ অহা-যোৱা কৰাৰ লগতে চাকৰিৰ সময়লৈকে যিহেতু কিছু পইচাৰ প্ৰয়োজন হ’ব, তেতিয়ালৈকে ঘৰখনে কিবা ব্যৱস্থা কৰি ল’ব লাগিব। অৱশেষত যেতিয়া তালৈ যোৱাৰ বাবে এখন মটৰ চাইকেল যোগাৰ কৰাৰ কথা কোৱা হ’ল, তেওঁ পিচে সেই দায়িত্ব লোৱাৰ পৰা আঁতৰি থাকি এয়া কৰিবলৈ অস্বীকাৰহে কৰিলে।

6. ট্ৰী ফুল অব পেৰট্ছ

নিৰ্দেশক: শ্ৰী জয়ৰাজ

নিৰ্মাতা: নৱনীত ফিল্মছ

ভাষা: মালয়ালম

সাৰাংশ

আঠ বছৰীয়া ল’ৰা পূজন এটা সাধৰণ শিশু নাছিল। তেওঁ বিলত মাছ ধৰাৰ দৰে সৰু সৰু কাম-বন কৰি পেট প্ৰবৰ্তোৱাই নহয় আনকি তেওঁলোকৰ পৰিয়ালটোৰো চোৱা-চিতাও কৰিছিল। তেওঁৰ পৰিয়ালত সুৰাপায়ী দেউতাক, ককা আৰু আজু ককাকো আছিল। তেওঁৰ মাক আকৌ কেইবছৰমানৰ আগতে কাৰোবাৰ লগত পলাই গৈছিল।

এদিন মাছ ধৰি থাকোতে পূজনে এজন অন্ধ ব্যক্তিক দেখিলে, যি গৰাকী ব্যক্তি নাওঁ বন্ধা ঠাইত অকলশৰীকৈ বহি আছিল। দেখাত এনে লাগিছিল যেন তেওঁ নিজৰ ঘৰলৈ যোৱা বাটটো উলিয়াব পৰা নাই। তেওঁ যেন সকলো পাহৰি গৈছে। তেওঁৰ ইমানখিনিয়েই মনত আছে যে তেওঁৰ ঘৰৰ সন্মুখত থকা গছজোপাত বহুত ভাটৌ পৰি থাকে। আৰক্ষী থানাত ব্যক্তিজনৰ বিষয়ে কোৱাৰ পিচতো একো উৱাদিহ উলিয়াব পৰা নগ’ল।

নদীৰ পাৰত উপস্থিত হৈ তেওঁ মানুহবোৰক সোধা-পোচা কৰিবলৈ ধৰিলে, কিন্তু কোনেও তেওঁক একোৱে ক’ব নোৱাৰিলে। নিৰাশ হৈ পূজনে চেষ্টা এৰি দিয়াৰ সিদ্ধান্ত ল’লে। সেই সময়তে তেওঁ ভাটৌ এটাৰ মাত শুনিলে। সেই মাতটোৰ পিচে পিচে গৈ গৈ তেওঁ অৱশেষত ভাটৌজাকৰে ভৰি থকা গছজোপাৰ সন্ধান কৰিব পাৰিব বুলি ভাবিলে!

অৱশেষত পূজনে সিদ্ধান্ত ল’লে যে তেওঁ ভাটৌৰে ভৰি থকা গছজোপা বিচাৰি উলিয়াই অন্ধ মানুহজনৰ ঘৰৰ ৰাস্তা বিচাৰি উলিয়াব।

অন্ধ ব্যক্তিজনৰ ল’ৰা আৰু বোৱাৰীয়েকে অৱশ্যে তেওঁলোকক মুকলি মনেৰেই স্বাগত জনাইছিল, কিন্তু পূজনৰ কিবা ভাল লগা নাছিল। পূজনৰ সন্দেহ তেতিয়াই দৃঢ় হৈছিল যেতিয়া তেওঁ ল’ৰাটো আৰু বোৱাৰীয়েকৰ কথাবতৰা শুনিবলৈ পাইছিল। তেওঁলোকে তেওঁলোকৰ পূৰণা ঘৰটো বিক্ৰী কৰি এটা নতুন ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰিছিল আৰু সেই অন্ধ ব্যক্তিজনৰ পৰা পৰিত্ৰাণ পোৱাৰহে চেষ্টাত আছিল। তেওঁলোকৰ কথা-বতৰাত এইটো কথা স্পষ্ট হৈছিল যে তেওঁলোকে অন্ধ ব্যক্তিজনক বোজা বুলিহে গণ্য কৰিছিল আৰু তেওঁৰ পৰা নিস্তাৰ পোৱাৰহে কথা ভাবি আছিল।

উভতি অহাৰ সময়ত পূজনে অন্ধ ব্যক্তিজনৰ পৰা বিদায় ল’লে আৰু নাঁৱত বহি পাৰিল। তেওঁ বাৰুকৈয়ে বুজিছিল ইয়াৰ পিচত সেই অন্ধ ব্যক্তি জনৰ দশা কি হ’ব। সেয়ে পূজনৰ অন্তৰাত্মাই মানুহজনক অকলে এৰি থৈ যোৱাত বাধা দিবলৈ ধৰিছিল। অৱশেষত পূজনে কাকো একো নকৈ সিদ্ধান্ত ললে যে তেওঁ অন্ধ ব্যক্তি জনক ওভতাই লৈ যাব। পূজনে অন্ধ ব্যক্তিজনক নাঁৱত উঠাই উভতি যাবলৈ ধৰিলে।

 

***

एमजी/एएम/जेके/आर/एकेपी/एसके/KB



(Release ID: 1824953) Visitor Counter : 144