প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰসিদ্ধ সন্তুৰ বিশাৰদ পণ্ডিত শিৱকুমাৰ শৰ্মাৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 10 MAY 2022 1:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ সন্তুৰ বাদক পণ্ডিত শিৱকুমাৰ শৰ্মাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"পণ্ডিত শিৱকুমাৰ শৰ্মা জীৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতখনৰ বাবে বৃহৎ ক্ষতি। তেওঁ সন্তুৰক বিশ্ব স্তৰত জনপ্ৰিয় কৰি তুলিছিল। তেওঁৰ সংগীতে আগন্তুক প্ৰজন্মসমূহক বিমুগ্ধ কৰি থাকিব। মই তেওঁৰে হোৱা মত-বিনিময়ক সস্নেহে মনত ৰাখিছো। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনালো। ঔম শান্তি।"

 

***

DS/ST/SB



(Release ID: 1824528) Visitor Counter : 95