বিত্ত মন্ত্ৰালয়

সামাজিক সুৰক্ষা প্ৰদানত ৭ বছৰ সম্পূৰ্ণ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (পিএমজেজেৱাই), প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা (পিএমএছবিৱাই) আৰু অটল পেন্সন যোজনা (এপিৱাই)ৰ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয়-নিম্ন ব্যয়ৰ বীমা আঁচনি আৰু নিশ্চিত পেন্সন আঁচনিয়ে এইটো সুনিশ্চিত কৰে যে জন সুৰক্ষাই এতিয়া সমাজৰ অন্তিমজন ব্যক্তিক সামৰি লৈছে

বেংক আৰু বীমা কোম্পানীসমূহক উদ্যম আৰু উচৰ্গা মনোভাৱেৰে এই আঁচনিসমূহৰ সম্প্ৰসাৰণ কৰি যাবলৈ আহ্বান বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ ভাগৱত কাৰাডৰ

Posted On: 09 MAY 2022 11:11AM by PIB Guwahati
  • পিএমজেজেৱাইঃ মুঠ ১২.৭ কোটিতকৈ অধিক লোকৰ পঞ্জীয়ন
  • পিএমএছবিৱাইঃ মুঠ ২৮.৩৭ কোটিতকৈ অধিক লোকৰ পঞ্জীয়ন
  • এপিৱাইঃ ৪ কোটিতকৈ অধিক ছাবস্ক্ৰাইবাৰ

 

প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা(পিএমজেজেবিৱাই), প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (পিএমএছবিৱাই) আৰু অটল পেন্সন যোজনাকে ধৰি এই তিনি সামাজিক সুৰক্ষা আঁচনিয়ে ৭ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে এই আঁচনিসমূহে কিদৰে জনসাধাৰণক সুলভ বীমা আৰু সুৰক্ষা প্ৰদান কৰিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সফলতা আৰু বৈশিষ্ট্যসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ ৯ মে’ত পশ্চিমবংগৰ কলকাতাৰ পৰা পিএমজেজেৱাই, পিএমএছবিৱাই আৰু এপিৱাইৰ শুভাৰম্ভ কৰিছিল।

এই তিনিখন সামাজিক সুৰক্ষা আঁচনি নাগৰিকসকলৰ কল্যানৰ নামত উচৰ্গিত, যিসকলৰ অদৃশ্য ক্ষতিশংকা/হেৰুওৱাৰ আশংকা আৰু বিত্তীয় অনিশ্চিয়তাৰ পৰা মানৱ জীৱনক প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰে৷ দেশৰ অসংগঠিত শ্ৰেণীৰ লোকসকলৰ বিত্তীয় সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে চৰকাৰে দুথন বীমা আঁচনি ক্ৰমে—প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা (পিএমজেজেবিৱাই) আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (পিএমএছবিৱাই) আৰু প্ৰৌঢ় অৱস্থাৰ প্ৰয়োজনীয়তা পুৰণৰ বাবে অটল পেন্সন যোজনা (এপিৱাই)ৰ শুভাৰম্ভ কৰে।

পিএমজেজেবিৱাই আৰু পিএমএছবিৱায়ে জনসাধাৰণক নিম্ন ব্যয়ত জীৱন/দুৰ্ঘটনা বীমাৰে সামৰি লোৱাৰ বিপৰীতে এপিৱায়ে বৰ্তমানৰ উপাৰ্জনৰ পৰা ধন জমা কৰাৰ সুযোগ প্ৰদান কৰি বৃদ্ধ বয়সত নিয়মীয়া পেন্সনৰ সুবিধা দিয়ে।

এই আঁচনিসমূহ শুভাৰম্ভ কৰাৰ ৭টা বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয়, “মাননীয় প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ ১৫আগষ্টত ঘোষণা কৰা বিত্তীয় অন্তৰ্ভুক্তিৰ ৰাষ্ট্ৰীয় অভিযানৰ মুল উদ্দেশ্য হৈছে সুলভ মুল্যত সমাজৰ দুখীয়া আৰু প্ৰান্তীয় লোকসকলক অত্যাৱশ্যকীয় বিত্তীয় সুৰক্ষা প্ৰদানৰ বাবে বীমা আৰু পেন্সনেৰে ব্যাপক হাৰত সামৰি লোৱা।”

বিত্তমন্ত্ৰীয়ে কয়, “তিনিখন জন সুৰক্ষা আঁচনিযে সাধাৰণ জনতাৰ বাবে বীমা আৰু পেন্সনৰ সুবিধা প্ৰদান কৰিছে। বিগত সাত বছৰত উল্লেখিত আঁচনিত নাম পঞ্জীয়ন আৰু সুবিধা আদায় কৰা লোকৰ সংখ্যাই ইয়াৰ সফলতাৰ সাক্ষ্য বহন কৰিছে। এই নিম্ন ব্যয়ৰ বীমা আঁচনি আৰু নিশ্চিত পেন্সন আঁচনিয়ে সেই বিত্তীয় সুৰক্ষাক সুনিশ্চিত কৰে, যিটো পূৰ্বতে নিৰ্বাচিত ব্যক্তিয়ে লাভ কৰাৰ বিপৰীতে বৰ্তমান সমাজৰ অন্তিমজন ব্যক্তিযে এই সুবিধা পাইছে।”

দুখীয়া লোকসকলে লাভ কৰা সুবিধাৰ আলোকপাত কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে কয়, “বৰ্তমান পিএমজেজেবিৱাইৰ অধীনত দৈনিক ১টকাতকৈ কম ব্যয়তে দৰিদ্ৰতম ব্যক্তিসকলে ২লাখ টকাৰ জীৱন বীমা আৰু এমাহত ১টকাতকৈ কম ব্যয়তে পিএমএছবিৱাইৰ অধীনত ২লাখ টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা লাভ কৰিছে। ইফালে, প্ৰতি মাহত ন্যূনতম ৪২টকাকৈ ব্যয় কৰি দেশৰ ১৮ৰ পৰা ৪০ বছৰ বয়সৰ যিকোনো নাগৰিকে ৬০ বছৰৰ পাছত পেন্সন লাভৰ বাবে ছাবস্ক্ৰাইব কৰিব পাৰে।”

পিএমজেজেবিৱাইৰ জৰিয়তে নাগৰিকসকলৰ সুবিধাৰ্থে বিশেষকৈ ক’ভিডৰ সময়ত প্ৰদান কৰা সুৰক্ষাৰ সন্দৰ্ভত সীতাৰমণে কয়, “পিএমজেজেবিৱাইৰ অধীনত ইয়াৰ শুভাৰম্ভ কৰা দিনৰে পৰা সৰ্বমুঠ ১২.৭৬ কোটি লোকে জীৱন বীমাৰ বাবে পঞ্জীয়ন কৰিছে আৰু ৫,৭৬,১২১গৰাকী লোকে এই আঁচনিৰ অধীনত ইতিমধ্যে ১১,৫২২ কোটি লাভ কৰিছে। এই আঁচনিয়ে কম আয়ৰ লোকসকলক মহামাৰীৰ সময়ত ২০২১ বিত্তীয় বৰ্ষত ব্যাপকভাৱে সহায় কৰে। ক’ভিড-১৯ত মৃত্যু হোৱাৰ লোকৰ বিপৰীতে প্ৰায় ৫০শতাংশ দাবীকৃত ধন প্ৰদান কৰা হৈছে। মহামাৰীৰ সময়ত দাবীকৃত ধনৰ নিষ্পত্তি প্ৰক্ৰিয়া সহজ কৰি তোলা হৈছে। মহামাৰীৰ আৰম্ভণিৰে পৰা অৰ্থাৎ ২০২০ৰ ১ এপ্ৰিলৰ পৰা ২০২২ৰ ২৩ ফেব্ৰুৱাৰীলৈকে ২.১০ লাখ দাবীৰ বিপৰীতে ৪,১৯৪.২৮ কোটি টকা প্ৰদান কৰা হৈছে, যিটো নিষ্পত্তিৰ হাৰ হৈছে ৯৯.৭২শতাংশ।”

বিত্তমন্ত্ৰীয়ে লগতে কয়, পিএমএছবিৱাই শুভাৰম্ভ কৰাৰে পৰা মুঠ ২৮.৩৭ কোটি লোকে নিজৰ নাম পঞ্জীযন কৰিছে আৰু বৰ্তমানলৈকে ৯৭,২৭৭টা দাবীৰ বিপৰীতে ১,৯৩০ কোটি টকা প্ৰদান কৰা হৈছে। ৪কোটিতকৈ অধিক লোকে এপিৱাই আঁচনি ছাবস্ক্ৰাইব কৰিছে।”

এই উপলক্ষে অনুষ্ঠানত বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ ভাগৱত কিষাণ ৰাও কাৰাডে কয়, “এই আঁচনিসমূহৰ সপ্তম বৰ্ষপূৰ্তিত মই সকলো বেংক আৰু কোম্পানীত এই আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে অভিনন্দন জনাইছো আৰু একেই উদ্যম আৰু উচৰ্গা মনোভাৱেৰে সমাজৰ অন্তিমজন লোকক সামৰি লোৱাৰ বাবে কাম কৰি যাবলৈ আহ্বান জনাইছো৷ তেওঁ সকলো যোগ্য ব্যক্তিক এই আঁচনিৰ জৰিয়তে সামৰি লোৱাটো সুনিশ্চিত কৰিবলৈ কয়৷”

পিএমজেজেবিৱাই, পিএমএছবিৱাই আৰু এপিৱাই আঁচনিৰ সপ্তম বৰ্ষপূৰ্তিত আহক ইয়াৰ বৈশিষ্ট্যবোৰৰ লগতে বৰ্তমানলৈকে ইয়াৰ সফলতাসমূহৰ আলোকপাত কৰোঃ

১৷ প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা (পিএমজেজেবিৱাই)

আঁচনিঃ পিএমজেজেবিৱাই হৈছে এক এবছৰীয়া বীমা আঁচনি যিটো প্ৰতি বছৰে নবীকৰণ হয় আৰু যিকোনো মৃত্যুৰ বিপৰীতে আত্মীয়ই সুবিধা পায়৷

যোগ্যতাঃ বেংক বা ডাকঘৰত একাউণ্ট থকা যিকোনো ব্যক্তি, যাৰ বয়স ১৮-৫০ বছৰ, তেওঁলোকে এই আঁচনিত নাম পঞ্জীয়ন কৰিব পাৰিব৷ ৫০ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ পূৰ্বে এই আঁচনিত পঞ্জীয়ন কৰা ব্যক্তিসকলক তেওঁলোকৰ প্ৰিমিয়ামৰ ভিত্তিত ৫৫ বছৰলৈ জীৱন বীমাৰ জৰিয়তে সামৰি ল’ব পাৰিব৷

লাভঃ বছৰি ৩৩০টকাৰ প্ৰিমিয়াম প্ৰদানৰ বিপৰীতে যিকোনো কাৰণত মৃত্যু হোৱা ব্যক্তিৰ বিপৰীতে ২লাখ টকাৰ বীমাৰ সুবিধা প্ৰদান কৰা হয়৷

পঞ্জীয়নঃ এই আঁচনিত যিকোনো ব্যক্তিয়ে তেওঁলোকৰ বেংকৰ শাখাত গৈ বা বেংকৰ ৱেবছাইটত গৈ অথবা ডাকঘৰৰ ক্ষেত্ৰত ডাকঘৰ ছেভিংছ একাউণ্টৰ বিপৰীতে নাম পঞ্জীয়ন কৰিব পাৰে৷ প্ৰতিবছৰে সেই নিৰ্দিষ্ট পৰিমাণৰ প্ৰিমিয়াম ছাবস্ক্ৰাইবাৰৰ বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ নিজে নিজে কৰ্তন হয়৷ https://jansuraksha.gov.inৰ ৱেবছাইটতক গৈ যিকোনো ব্যক্তিয়ে আঁচনিখনৰ সবিশেষ তথ্য আৰু প্ৰ-পত্ৰ(হিন্দী, ইংৰাজী আৰু আঞ্চলিক ভাষা) লাভ কৰিব পাৰিব৷

সফলতাঃ ২৭.০৪.২০২২লৈকে এই আঁচনিৰ অধীনত মুঠ পঞ্জীয়ন কৰা লোকৰ সংখ্যা ১২.৭৬ কোটিতকৈ অধিক আৰু ইতিমধ্যে ৫,৭৬,১২১টা দাবীৰ বিপৰীতে ১১,৫২২ কোটি টকা প্ৰদান কৰা হৈছে৷

২৷ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (পিএমএছবিৱাই)

আঁচনিঃ পিএমএছবিৱাই হৈছে এবছৰীয়া দুৰ্ঘটনাজনিত বীমা আঁচনি, যিটো প্ৰতি বছৰে নবীকৰণ হয় আৰু কোনো লোকৰ দুৰ্ঘটনাত মৃত্যু বা আহত হ’লে তেওঁলোকক সুবিধা প্ৰদান কৰা হয়৷

যোগ্যতাঃ ছেভিংছ বেংক বা এটা ডাকঘৰৰ একাউণ্ট থকা ১৮-৭০ বছৰ বয়সৰ যিকোনো ব্যক্তিয়ে এই আঁচনিৰ অধীনত নাম পঞ্জীয়ন কৰিব পাৰে৷

সুবিধাঃ দুৰ্ঘটনাজনিত মৃত্যু বা বিকলাংগতাৰ বিপৰীতে ২লাখ টকাকৈ প্ৰদান কৰা হয়(আংশিক বিকলাংগতাৰ বাবে ১লাখ টকা)৷

পঞ্জীয়নঃ এই আঁচনিত যিকোনো ব্যক্তিয়ে তেওঁলোকৰ বেংকৰ শাখাত গৈ বা বেংকৰ ৱেবছাইটত গৈ অথবা ডাকঘৰৰ ক্ষেত্ৰত ডাকঘৰ ছেভিংছ একাউণ্টৰ বিপৰীতে নাম পঞ্জীয়ন কৰিব পাৰে৷ প্ৰতিবছৰে সেই নিৰ্দিষ্ট পৰিমাণৰ প্ৰিমিয়াম ছাবস্ক্ৰাইবাৰৰ বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ নিজে নিজে কৰ্তন হয়৷ https://jansuraksha.gov.inৰ ৱেবছাইটতক গৈ যিকোনো ব্যক্তিয়ে আঁচনিখনৰ সবিশেষ তথ্য আৰু প্ৰ-পত্ৰ(হিন্দী, ইংৰাজী আৰু আঞ্চলিক ভাষা) লাভ কৰিব পাৰিব৷

সফলতাঃ ২৭.০৪.২০২২লৈকে এই আঁচনিৰ অধীনত মুঠ পঞ্জীয়ন কৰা লোকৰ সংখ্যা ২৮.৩৭ কোটিতকৈ অধিক আৰু ইতিমধ্যে ৯৭,২২৭টা দাবীৰ বিপৰীতে ১,৯৩০ কোটি টকা প্ৰদান কৰা হৈছে৷

৩৷ অটল পেন্সন যোজনা(এপিৱাই)

পটভূমিঃ সকলো ভাৰতীয়, বিশেষকৈ দুখীয়া, পিছপৰা শ্ৰেণী আৰু অসংগঠিত শ্ৰেণীৰ কৰ্মীসকলক এক সাৰ্বজনীন সামাজিক সুৰক্ষা ব্যৱস্থা প্ৰদানৰ লক্ষ্যৰে অটল পেন্সন যোজনা (এপিৱাই) আঁচনি শুভাৰম্ভ কৰা হয়৷ অংসঠিত শ্ৰেণীৰ লোকসকলক বিত্তীয় সুৰক্ষা আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তা পুৰণৰ লক্ষ্যৰে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাষ্ট্ৰীয় পেন্সন আঁচনি (এনপিএছ)ৰ সামগ্ৰিক তত্ত্বাৱধানত পেন্সন পূঁজি নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ (পিএফআৰডিএ)ই এপিৱাই পৰিচালনা কৰে৷

যোগ্যতাঃ ১৮-৪০ বছৰ বয়সৰ সকলো বেংক একাউণ্ট হ’ল্ডাৰে এপিৱাই খুলিব পাৰে আৰু ভৱিষ্যতে বিচৰা ধৰণে পেন্সনৰ পৰিমাণ ভিত্তিত পৃথক বৰঙণি আগবঢ়াব লাগে৷

লাভঃ ছাবস্ক্ৰাইবাৰসকলে এই আঁচনিত নাম পঞ্জীয়ন কৰি মাহিলী বৰঙণিৰ ভিত্তিৰ ৬০ বছৰ বয়সৰ পৰা ১,০০০, ২০০০, ৩,০০০, ৪০০০ বা ৫,০০০টকাকৈ নিশ্চিত পেন্সন লাভ কৰিব৷

আঁচনি লাভঃ এই আঁচনিৰ অধীনত ছাবস্ক্ৰাইবাৰসকলে মাহিলনী পেন্সন লাভ কৰাৰ উপৰি তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পত্মীয়ে মৃত ব্যক্তিজনৰ ৬০ বছৰৰ সম্পূ্ৰ্ণ হোৱাৰ পাছৰ পৰা এই পেন্সনৰ সুবিধা লাভ কৰিব৷

যদি ছাবস্ক্ৰাইবাৰগৰাকীৰ অকাল মৃত্যু হয় (৬০বছৰ বয়সৰ পূৰ্বে মৃত্যু হ’লে) পত্নীয়ে ছাবস্ক্ৰাইবাৰগৰাকীৰ হৈ বাকী বছৰ কেউটাৰ বাবে এপিৱাই একাউণ্টত বৰঙণি আগবঢ়াব পাৰে, যেতিয়ালৈকে সেই ব্যক্তিজনৰ বয়স ৬০ বছৰ নহয়৷

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা বৰঙণিঃ চৰকাৰে ন্যূনতম পেন্সনৰ নিশ্চিত প্ৰদান কৰে, যদি আহৰিত ধনৰ পৰিমাণ বিনিয়োগৰ তুলনাত আনুমানিক ঘুৰাই দিয়া ধনতকৈ কম হয় আৰু ন্যূনতম নিশ্চিত পেন্সন অপৰ্যাপ্ত হয়, তেতিয়া কেন্দ্ৰীয় চৰকাৰে সেই সেই ধৰণৰ জোৰা মাৰে৷ ইয়াৰ বিপৰীতে ঘুৰাই পোৱা ধনতকৈ অধিক বিনিয়োগ কৰিলে পেন্সনৰ পৰিমাণ অধিক হয়৷

ধনাদায় ব্যৱস্থাঃ ছাবস্ক্ৰাইবাৰসকলে তেওঁলোকৰ এপিৱাইৰ বৰঙণি মাহিলী/ত্ৰিমাসিক/ছয় মাহিলী/বছেৰীয়া হিচাপত প্ৰদান কৰিব পাৰে৷

আঁচনি প্ৰত্যাহাৰঃ ছাবস্ক্ৰাইবাৰসকলে স্বেচ্চাই এপিৱাই আঁচনি বন্ধ কৰিব পাৰে আৰু তেওঁ কৰা বিনিয়োগৰ বিপৰীতে সুদসদ ধন ঘূৰাই পাব পাৰে৷

সফলতাঃ ২৭.০৪.২০২২লৈকে এই আঁচনিত ৪ কোটিতকৈ অধিক লোকে ছাবস্ক্ৰাইব কৰিছে৷

****

DB



(Release ID: 1823778) Visitor Counter : 261