প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কোপেনহেগেনত ভাৰত-ডেনমার্ক বাণিজ্য ফ’ৰামত অংশগ্ৰহণ প্রধানমন্ত্রীৰ
प्रविष्टि तिथि:
03 MAY 2022 8:16PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ডেনমার্কেৰ প্রধানমন্ত্রী মেট্টে ফ্রেডেৰিকছনৰ লগতে দেশখনৰ যুৱৰাজ ফ্রেডেৰিকৰ সৈতে কনফেডাৰেচন অফ ডেনিচ ইণ্ডাষ্ট্ৰীত ভাৰত-ডেনমার্ক বাণিজ্য ফ’ৰামৰ আলোচনাত অংশগ্ৰহণ কৰে৷
প্রধানমন্ত্রীয়ে দুয়োখন দেশৰ অর্থনীতিৰ পাৰস্পৰিক দক্ষতা সংক্রান্তীয় বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ ভাৰতত পৰিৱেশ অনুকূল প্রযুক্তি, ক’ল্ড চেইন, আৱৰ্জনাৰ পৰা সম্পদ, জাহাজ পৰিবহণ আৰু বন্দৰৰ দৰে ক্ষেত্রৰ বিপুল সম্ভাৱনাক কামত লগোৱাৰ বাবে ডেনিচ সংস্থাসমূহক তেওঁ আমন্ত্রণ জনায়৷ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বাণিজ্য অনুকূল পদক্ষেপসমূহৰ সম্পর্কে বিশদভাৱে অৱগত কৰে৷ তেওঁ লগতে যুটীয়াভাবে কাম কৰাৰ সুযোগৰ সদ্ব্যৱহাৰৰ বাবে দুয়োখন দেশৰ বাণিজ্যিক সংস্থাসমূহক আমন্ত্রণ জনায়৷
ডেনমার্কৰ প্রধানমন্ত্রী ফ্রেডেৰিকচনে দুয়োখন দেশৰ মাজত সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত ব্যৱসায়ী সম্প্রদায়ৰ ভূমিকাৰ কথা উল্লেখ কৰে৷
অনুষ্ঠানত অংশগ্ৰহণ কৰা ভাৰত-ডেনমার্কৰ ব্যৱসায়িক খণ্ডসমূহ হৈছেঃ-
পৰিৱেশ অনকূল প্রযুক্তি, উদ্ভাৱন আৰু ডিজিটাইজেচন, ইন্ধনমুক্ত আৰু নবীকৰনযোগ্য শক্তি, পানী, পৰিৱেশ আৰু কৃষি, আন্তঃগাঁথনি, পৰিবহণ আৰু সেৱা আদি৷
বাণিজ্য ফ’ৰামত বিভিন্ন বাণিজ্যিক প্রতিষ্ঠানৰ শীর্ষ কর্মকর্তাসকলে অংশগ্ৰহণ কৰে৷ ইয়াৰে ভাৰতৰ বাণিজ্যিক প্রতিনিধি দলৰ সদস্যসকলঃ-
শ্রী সঞ্জীৱ বাজাজ, অধ্যক্ষ তথা পৰিচালন সঞ্চালক বাজাজ ফিনছাৰ্ভ লিমিটেড,
শ্রী বাবা এন কল্যানী, অধ্যক্ষ তথা পৰিচালন সঞ্চালক, ভাৰত ফৰ্জ
শ্রী মহেন্দ্র সিংঘি, পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া, ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেড,
শ্রী ৰিজৱান সুমাৰ, মুখ্য কাৰ্যবাহী বিষয়া তথা পৰিচালন সঞ্চালক, হিন্দুস্তান প’র্টছ প্রাইভেট লিমিটেড,
শ্রী দর্শন হীৰানন্দানী, অধ্যক্ষ, হীৰানন্দানী গ্রুপ
শ্রী পুনিত ছাতৱাল, পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া, ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেড
শ্রী দীপক বাগলা, পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া, ইনভেষ্ট ইণ্ডিয়া
শ্রী ঋতেশ আগৰৱাল, প্রতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া, অ’য়’ ৰুমছ,
শ্রী সলিল সিংঘল, অধ্যক্ষ এমিৰিটাছ, পিআই ইণ্ডাষ্ট্ৰীজ প্রাইভেট লিমিটেড
শ্রী দীনেশ খাঁড়া, অধ্যক্ষ, ষ্টেট বেংক অফ ইণ্ডিয়া,
শ্রী চিপি গুৰনানি, পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া, টেক মাহিন্দ্রা লিমিটেড আৰু
শ্রী তুলসী তাঁতি, সুজলোন এনার্জি লিমিটেড৷
ডেনমার্কৰ বাণিজ্যিক প্রতিনিধি দলৰ সদস্যসকল হ’লঃ-
নিলস আগে কজেৰ, স্বত্তাধিকাৰী, এভিকে,
পেটৰ পাল্লিছোজ, মুখ্য কাৰ্যবাহী বিষয়া, বায়েট্র
চিষ্ট হার্ট, মুখ্য কাৰ্যবাহী বিষয়া, কাৰলছবাগ,
ইয়াকুব বাৰুয়েল পলছন, মেনেজিং পার্টনাৰ, কোপেনহেগেন ইনফ্রাষ্ট্ৰাকচাৰ পার্টনাৰছ
জুক্কা পাৰটোলা, অধ্যক্ষ, চিঅ’ডব্লিউআই এণ্ড চিমেন্স উইণ্ড’ পাৱাৰ,
ইয়োৰগেন মাডছ ক্লাউচেন, স্বত্তাধিকাৰী, ডানফোচ
থ’মাছ প্লেনবোর্গ, অধ্যক্ষ, ডিএছভি
কিম ভেল্বি হান্সেন, মূখ্য কাৰ্যবাহী বিষয়া, ফছ,
জেন্স মোবার্গ, অধ্যক্ষ, গ্রুণ্ডফচ,
ৰোলেণ্ড বান, মূখ্য কাৰ্যবাহী বিষয়া, হাল্ডোৰ টোপ্সোচ
লাৰছ পিটাৰছন, মূখ্য কাৰ্যবাহী বিষয়া, হেম্পেল
নিলছ স্মেডেগার্ড, অধ্যক্ষ, আইএছএছ,
অলিভাৰ ফণ্টান, মূখ্য কাৰ্যবাহী বিষয়া, এলএম উইণ্ডো পাৱাৰ ব্লেড,
জেনছ-পিটাৰ সাউল, মূখ্য কাৰ্যবাহী বিষয়া, ৰামবোল
জে বির্গাৰচন, মূখ্য কাৰ্যবাহী বিষয়া, ৰকউল
মাডছ নিপাৰ, মূখ্য কাৰ্যবাহী বিষয়া, এষ্টেড৷
***
DS/ST/DB
(रिलीज़ आईडी: 1823182)
आगंतुक पटल : 188
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam