কেবিনেট
বাওঁপন্থী উগ্ৰবাদ (এল ডব্লিউ ই) প্ৰভাৱিত অঞ্চলৰ নিৰাপত্তা ক্ষেত্ৰসমূহত মোবাইল পৰিসেৱা ২ জিৰ পৰা ৪জিলৈ উন্নীতকৰণৰ প্ৰস্তাৱত অনুমোদন জনাইছে কেন্দ্ৰীয় মন্ত্ৰীসভাই
এই এল ডব্লিউ ই অঞ্চলসমূহত ইয়াৰ ফলত উন্নত ইণ্টাৰনেট আৰু ডাটা সেৱা উপলব্ধ হ’ব
আত্মনিৰ্ভৰ ভাৰত অভিযানক সফল কৰি তুলিবলৈ দেশীয় সংস্থাসমূহক সহায় আগবঢ়োৱা হ’ব
প্ৰকল্পটোৰ মুঠ ব্যয় ধাৰ্য কৰা হৈছে ২৪২৬.৩৯ কোটি টকা
प्रविष्टि तिथि:
27 APR 2022 4:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে বাওঁপন্থী উগ্ৰবাদ (এল ডব্লিউ ই) প্ৰভাৱিত অঞ্চলৰ নিৰাপত্তা ক্ষেত্ৰত ২জি মোবাইল সেৱা ৪জিলৈ উন্নীত কৰাৰ বাবে এক সাৰ্বজনীন সেৱা বাধ্যবাধকতা পুঁজি (ইউএছঅ'এফ) গঠনৰ প্ৰস্তাৱত অনুমোদন জনাইছে।
এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ত ২৩৪৩ টা বাওঁপন্থী উগ্ৰবাদ (এল ডব্লিউ ই) প্ৰভাৱিত অঞ্চলত মোবাইল পৰিসেৱা ২জি মোবাইল সেৱা ৪জিলৈ উন্নীত কৰা হব। ইয়াৰ বাবে আনুমানিক ব্যয়ে হব ১৮৮৪.৫৯ কোটি টকা(কৰ আৰু শুল্ক বাদ দি)। পাঁচ বছৰৰ বাবে সেৱা পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ বাবে এই ধন ব্যয় কৰা হব। অৱশ্যে, বিএছএনএল-এ নিজৰ ব্যয়ত আৰু পাঁচ বছৰৰ বাবে ছাইটবোৰ ৰক্ষণাবেক্ষণৰ কাম কৰিব। যিহেতু এই ছাইটবোৰ বিএছএনএলৰ সেয়ে এই প্ৰতিষ্ঠানকে কামখিনি বাস্তৱায়িত কৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে।
কেবিনেটে আনুমানিক ৫৪১.৮০ কোটি টকা ব্যয়ত পাঁচ বছৰৰ চুক্তিবদ্ধ ম্যাদৰ বাহিৰেও এক বৰ্ধিত সময়ৰ বাবে বিএছএনএলৰ দ্বাৰা বাওঁপন্থী উগ্ৰবাদ (এল ডব্লিউ ই) প্ৰভাৱিত অঞ্চলত প্ৰথম পৰ্যায়ত ২জি ছাইটসমূহৰ পৰিচালনা আৰু তত্বাৱধান ব্যয়ৰ বাবে পুঁজি যোগান ধৰা প্ৰস্তাৱত অনুমোদন জনাইছে। কেবিনেটে যিদিনা এই প্ৰস্তাৱত অনুমোদন জনাইছে তাৰ পাছৰ ১২ মাহ নাইবা যিদিনা ৪জি সেৱা আৰম্ভ হৈছে- এই দুয়োটাৰ ভিতৰত যিটো আগতে হব সেই দিনৰ পৰা বৰ্দ্ধিত সময়সূচীক বিবেচনা কৰা হ'ব।
চৰকাৰে থলুৱা প্ৰযুক্তিৰ মাধ্যমেৰে ৪জি টেলিকম সঁজুলি ব্যৱহাৰ কৰিবলৈ বিএছএনএলক বাছনি কৰিছে। ইয়াৰ জৰিয়তে টেলি-যোগাযোগ ব্যৱস্থাত আত্মনিৰ্ভৰশীলতা গঢ়ি উঠিব আৰু বিদেশৰ পৰা আমদানি কৰা সৰঞ্জামৰ উপৰিও দেশত প্ৰস্তুত কৰা সৰঞ্জামো এখন বজাৰতেই লাভ কৰিব।
বাওঁপন্থী উগ্ৰবাদ (এল ডব্লিউ ই) প্ৰভাৱিত অঞ্চলসমূহে ইয়াৰ ফলত উন্নত ইণ্টাৰনেট আৰু ডাটা সেৱা লাভ কৰিব। ই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰসমূহৰ বিভিন্ন চাহিদা পূৰণ কৰিব। সংশ্লিষ্ট অঞ্চলসমূহত নিয়োজিত নিৰাপত্তা কৰ্মীসকলৰ যোগাযোগৰ প্ৰয়োজনীয়তাও পূৰণ কৰিব। গ্ৰামাঞ্চলৰ মোবাইল সেৱা উন্নত কৰাৰ লগতে বিভিন্ন ই-গভৰ্ণেন্স সেৱা, বেংকিং সেৱা, টেলি-মেডিচিন সেৱা; এই ক্ষেত্ৰসমূহত মোবাইল ব্ৰডবেণ্ডৰ জৰিয়তে টেলি-শিক্ষা আদি সহজেই উপলব্ধ হ'ব।
***
DS/KG
(रिलीज़ आईडी: 1821510)
आगंतुक पटल : 277
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
Telugu
,
Urdu
,
Odia
,
English
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam