প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তামিল নাডুৰ তাঞ্জাৱুৰত সংঘটিত দুৰ্ঘাটনাত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে
হতাহতৰ পৰিয়াললৈ ‘পিএমএনআৰএফ’ৰ পৰা এককালীন সাহায্য ঘোষণা
प्रविष्टि तिथि:
27 APR 2022 9:51AM by PIB Guwahati
তামিল নাডুৰ তাঞ্জাৱুৰত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ইফালে এই দুৰ্ঘটনাত হতাহত হোৱা সকলৰ পৰিয়ালবৰ্গলৈ ‘প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধি’(পিএমএনআএফ)ৰ পৰা এক কালীন সাহায্যও ঘোষণা কৰিছে শ্ৰী মোদীয়ে।
এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰা হয়;
“তামিল নাডুৰ তাঞ্জাৱুৰত সংঘটিত দুৰ্ঘটনাটোৱে বৰুকৈয়ে ব্যথিত কৰিছে। এই মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কিছো। আহতসAকলৰ আশু আৰোগ্য কামনা কৰিছো”।: প্ৰধানমন্ত্ৰী
“তাঞ্জাৱুৰত সংঘটিতত দুৰ্ঘটনাটোত নিহত সকলৰ নিকট আত্মীয়ক ‘প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধি’ৰ পৰা ২ লাখকৈ টকা এককালীন সাহায্য হিচাপে আগবঢ়োৱা হ’ব। আনহাতে, আহতসকলক ৫০,০০০টকাকৈ প্ৰদান কৰা হ’ব”। : প্ৰধানমন্ত্ৰী
***
DS/SH/KB
(रिलीज़ आईडी: 1820486)
आगंतुक पटल : 199
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam