প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৰাম নৱমী উপলক্ষে জুনাগড়ৰ গাথিলাত উমিয়া মাতা মন্দিৰৰ চতুৰ্দশ প্ৰতিষ্ঠা দিৱস উদযাপনত ভাষণ প্ৰদান কৰিব

Posted On: 09 APR 2022 4:16PM by PIB Guwahati

ৰাম নৱমী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ মাধ্যমেৰে ১০ এপ্ৰিল, ২০২২ৰ দুপৰীয়া ১ বজাত গুজৰাটৰ গাথিলাৰ উমিয়া মাতা মন্দিৰত চতুৰ্দশ প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰিব। ২০০৮ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্দিৰটো উদ্বোধন কৰিছিল। ২০০৮ চনত প্ৰধানমন্ত্ৰীয়ে দিয়া পৰামৰ্শ অনুসৰি মন্দিৰ ন্যাসে ইয়াৰ পৰিসৰ বিভিন্ন সামাজিক আৰু স্বাস্থ্য সম্পৰ্কীয় কাৰ্যকলাপ সম্প্ৰসাৰিত কৰিছে। ইয়াৰ ভিতৰত অন্যতম হ’ল বিনামূলীয়া কেটাৰেক্ট অস্ত্ৰোপচাৰ আৰু আৰ্থিকভাৱে দুৰ্বল ৰোগীৰ বাবে বিনামূলীয়া আয়ুৰ্বেদিক ঔষধ বিতৰণ আদি।

উমিয়া মাতাক কদৱ পাতিদাৰসকলৰ গোত্ৰ-দেৱতা বা কুলদেৱী হিচাপে গণ্য কৰা হয়।

 

***

DS/LP/MS



(Release ID: 1818204) Visitor Counter : 116