প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰসিদ্ধ ওড়ীয়া সংগীতজ্ঞ তথা গায়ক প্ৰফুল্ল কৰৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
18 APR 2022 9:19AM by PIB Guwahati
প্ৰসিদ্ধ ওড়ীয়া সংগীতজ্ঞ তথা গায়ক প্ৰফুল্ল কৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
শ্ৰী মোদীয়ে কয় যে ওড়ীয়া সংস্কৃতি তথা সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়াই থৈ যোৱা অনবদ্য অৱদানৰ বাবেই প্ৰফুল্ল জীক স্মৰণ কৰা হ’ব।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“শ্ৰী প্ৰফুল্ল কৰ জীৰ মৃত্যুয়ে ব্যথিত কৰিছে। ওড়ীয়া সংস্কৃতি তথা সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবেই তেওঁক স্মৰণ কৰা হ’ব। বহুমুখী ব্যক্তিত্বৰ গৰাকী হোৱাৰ সৌভাগ্য লভা তেওঁৰ কাম-কাজত সৃষ্টিশীলতা প্ৰতিফলিত হৈছিল। শোকসন্তপ্ত পৰিয়াল আৰু প্ৰশংসকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ওঁম শান্তি”!
***
DS/ST/KB
(ৰিলিজ আই ডি : 1817990)
অতিথি কক্ষ : 164
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam