প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

১৯১৯ চনৰ আজিৰ দিনটোত জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ শ্বহীদসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 13 APR 2022 10:22AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯১৯ চনৰ আজিৰ দিনটোত জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে৷ শ্ৰী মোদীয়ে লগতে জালিয়ানৱালাবাগ স্মাৰক চৌহদৰ পুনৰুজ্জীৱিতকৰণৰ উদ্বোধন উপলক্ষে বিগত বৰ্ষত আগবঢোৱা ভাষণটো শ্বেয়াৰ কৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “১৯১৯ চনৰ আজিৰ দিনটোত জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো৷ তেওঁলোকৰ অসাধাৰণ সাহস আৰু ত্যাগে উঠি অহা প্ৰজন্মই প্ৰেৰণা যোগাই থাকিব৷ জালিয়ানৱালাবাগ স্মাৰক চৌহদৰ পুনৰুজ্জীৱিতকৰণৰ উদ্বোধন উপলক্ষে আগবঢ়োৱা ভাষণটো মই শ্বেয়াৰ কৰিলো৷ ”

 

***

DS/SH/DB


(Release ID: 1817433) Visitor Counter : 207