প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইউক্ৰেইনৰ সংকট আৰু ‘অপাৰেশ্যন গংগা’ সন্দৰ্ভত সদনত সুস্থ আলোচনা অনুষ্ঠিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

পোষ্ট কৰা হৈছে: 06 APR 2022 8:30PM by PIB Guwahati

শেহতীয়া দিন দিয়েকত সদনত ইউক্ৰেইনৰ সংকট আৰু ‘অপাৰেশ্যন গংগা’ সন্দৰ্ভত সুস্থ আলোচনা অনুষ্ঠিত কৰাৰ বাবে প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ সংসদৰ সন্মানীয় সদস্যসকলে তেওঁলোকৰ দৃষ্টিভংগী দাঙি ধৰি আলোচনাক সমৃদ্ধি প্ৰদান কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰতিকূল পৰিস্থিতিত আমাৰ সহ নাগৰিকসকৰ সুৰক্ষা আৰু কল্যাণৰ বাবে চিন্তা কৰাটো আমাৰ সমূহীয়া কৰ্তব্য হোৱা উচিত বুলিও মন্তব্য কৰে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“শেহতীয়া দিন দিয়েকত ইউক্ৰেইনৰ সংকট আৰু ‘অপাৰেশ্যন গংগা’ৰ জৰিয়তে আমাৰ নাগৰিকসকলক ওভতাই অনাৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত হোৱা এলানি সুস্থ আলোচনাৰ প্ৰত্যক্ষদৰ্শী হ’ল সংসদ। সাংসদসকলে তেওঁলোকৰ দৃষ্টিভংগী প্ৰকট কৰি আলোচনাক সমৃদ্ধি প্ৰদান কৰাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছো”।

“বৈদেশিক নীতিৰ প্ৰসংগত আলোচনাৰ সময়ত কেনেকৈ সকলোৱে সহমতৰ আধাৰত ইতিবাচক আলোচনাৰ নিদৰ্শন দাঙি ধৰি আলোচনাক মহীয়ান কৰি তোলে। এনে একমত্যই বিশ্ব প্ৰেক্ষাপটত ভাৰতৰ বাবে শুভ সংকেত কঢ়িয়াই আনে”।

“প্ৰতিকূল পৰিস্থিতিত পৰা আমাৰ সহ-নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণ সাদানৰ বাবে আহোপুৰুষাৰ্থ কৰাটো আমাৰ সমূহীয়া কৰ্তব্য আৰু সেয়া নিশ্চিত কৰাৰ বাবে যি কৰিব লাগে সকলোখিনি কৰিবলৈ ভাৰত চৰকাৰ বদ্ধ পৰিকৰ”।

 

****

DS/ST/KB


(ৰিলিজ আই ডি : 1815896) অতিথি কক্ষ : 165