প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুজৰাটৰ অম্বাজী তীৰ্থধামত ধ্বনি আৰু পোহৰ প্ৰদৰ্শনীত ভক্তসকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
Posted On:
08 APR 2022 1:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ অম্বাজী তীৰ্থধামত ধ্বনি আৰু পোহৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ ভক্তসকলক আহ্বান জনায়। তেওঁ কয় যে, আজি সন্ধিয়া ৭ বজাৰ পৰা ৫১খন শক্তিপীঠৰ পৰিক্ৰমা উৎসৱ আৰম্ভ হৈছে। ধ্বনি আৰু পোহৰ প্ৰদৰ্শনীত আমাৰ পুৰাণৰ নানা কাহিনী প্ৰদৰ্শিত হ'ব।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"গুজৰাটৰ অম্বাজী তীৰ্থধামত ভক্তসকলৰ বাবে এটা অতি পৱিত্ৰ অনুষ্ঠান আৰম্ভ হৈছে। আজি সন্ধিয়া ৭ বজাৰ পৰা ৫১খন শক্তিপীঠৰ পৰিক্ৰমা উৎসৱ আৰম্ভ হৈছে, যাৰ ভিতৰত আছে আমাৰ পুৰাণৰ আকৰ্ষণীয় উপস্থাপনৰ সৈতে সম্পৰ্কিত এক পোহৰ আৰু ধ্বনি প্ৰদৰ্শনী। মই আপোনালোক সকলোকে এই সুন্দৰ অনুষ্ঠানত যোগদান কৰিবলৈ অনুৰোধ জনাইছোঁ।"
********************************
DS/ST/KG
(Release ID: 1815866)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam