প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ড০ ৰাম মনোহৰ লোহিয়াৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Posted On: 23 MAR 2022 9:20AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ ৰাম মনোহৰ লোহিয়াৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷ এই উপলক্ষে তেওঁ ইতিহাসৰ পাতৰ কেইটামান আকর্ষনীয় বিষয় সকলোৰে সৈতে শ্বেয়াৰ কৰে৷ ইয়াৰ ভিতৰত লর্ড লিনলিথগো’লৈ ড০ লোহিয়াই লিখা চিঠি আৰু ড০ লোহিয়াৰ পিতৃ আৰু তেওঁলোকৰ মাজত চিঠিপত্রৰ আদান-প্ৰদান উল্লেখযোগ্য৷

এলানি টুইটযোগে প্রধানমন্ত্রীয়ে কয়, “ড০ লোহিয়াক তেওঁৰ জন্ম বার্ষিকীত স্মৰণ কৰিছো৷ তেওঁ বহু ঐতিহাসিক ঘটনাত আগভাগ লৈছিল আৰু আমাৰ স্বাধীনতা সংগ্রামত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ নীতিগত ৰাজনীতি আৰু বুদ্ধিদীপ্ত কৌশলৰ বাবে তেওঁক সর্বত্র সন্মানীত হৈছিল৷

ইতিহাসৰ পাতৰ কেইটামান আকর্ষণীয় বিষয় হৈছে-লর্ড লিনলিথগো’লৈ ড০ লোহিয়াই লিখা চিঠি আৰু ড০ লোহিয়াৰ পিতৃ আৰু তেওঁলোকৰ মাজত চিঠিপত্রৰ আদান-প্ৰদান”।

***

DS/ST/DB



(Release ID: 1809527) Visitor Counter : 153