প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আৰু শ্লোভাক গণৰাজ্যৰ প্রধানমন্ত্রী শ্ৰীযুত এডুয়ার্ড হেগাৰৰ মাজত টেলিফোনিক বার্তালাপ

Posted On: 28 FEB 2022 10:18PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি শ্লোভাক গণৰাজ্যৰ প্রধানমন্ত্রী শ্ৰীযুত এডুয়ার্ড হেগাৰৰ সৈতে টেলিফোনযোগে কথা পাতে৷

প্রধানমন্ত্রী মোদীয়ে ইউক্রেইনৰ পৰা ভাৰতীয় নাগৰিকসকলক দেশলৈ ঘূৰাই অনা আৰু বিশেষ উদ্ধাৰকাৰী ভাৰতীয় বিমানক অনুমতি দিয়াৰ বাবে শ্লোভাক গণৰাজ্যৰ সহায়ৰ বাবে এডুয়ার্ড হেগাৰক ধন্যবাদ জনায়৷ ভাৰতে যাতে ইয়াৰ অন্য নাগৰিকসকলৰ সংঘাতপূর্ণ এলেকাৰ পৰা উদ্ধাৰ কৰাৰ বাবে অনাগত কেইটামান দিন শ্লোভাক গণৰাজ্যক সহায়ৰ অনুৰোধ কৰে৷

ভাৰতীয় নাগৰিকসকলক দেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত তদাৰক কৰাৰ বাবে কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রী শ্রী কিৰেণ ৰিজিজুক তেওঁৰ বিশেষ দূত হিচাপে নিযুক্ত কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰী হেগাৰক অৱগত কৰে প্রধানমন্ত্রী মোদীয়ে৷

প্রধানমন্ত্রী মোদীয়ে ইউক্রেইনত বর্তমান হিংসা আৰু মানৱীয় সংকটজনক পৰিস্থিতিৰ বাবে গভীৰ দুঃখ প্রকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে সংঘাত পৰিহাৰ কৰি আলাপ-আলোচনাত বহাৰ বাবে ভাৰতৰ একেৰাহে কৰি অহা আহ্বানৰ কথা পুনৰ দোঁহাৰে। প্রধানমন্ত্রী মোদীয়ে দেশৰ সার্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সন্মান কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে৷\

 

***

DS/AK/DB



(Release ID: 1802261) Visitor Counter : 106