প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম ইব্ৰাহিম মহম্মদ ছোলিহক তেওঁৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হোৱাৰ বাবে শুভেচ্ছা জনাইছে
পোষ্ট কৰা হৈছে:
25 FEB 2022 12:09PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম ইব্ৰাহিম মহম্মদ ছোলিহক তেওঁৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হোৱাৰ বাবে শুভেচ্ছা জনাইছে আৰু আশু আৰোগ্য কামনা কৰিছে। মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মই মালদ্বীপৰ ৰাষ্ট্ৰপতিক সফল অস্ত্ৰোপচাৰ আৰু শীঘ্ৰে সুস্থ হোৱাৰ বাবে শুভকামনা জ্ঞাপন কৰিছো।”
মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম ইব্ৰাহিম মহম্মদ ছোলিহে এই মহানুভৱতাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছে।
মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে এইদৰে টুইট কৰে,
"মহানুভৱতা আৰু শুভকামনাৰ বাবে প্ৰধানমন্ত্ৰীলৈ অশেষ ধন্যবাদ।"
***
DS/SH/MS
(ৰিলিজ আই ডি : 1801721)
অতিথি কক্ষ : 184
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam