প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ১৮ ফেব্ৰুৱাৰীত ঠাণে আৰু দিৱাক সংযুক্ত কৰা ৰে'ললাইন ৰাষ্ট্ৰক সমৰ্পণ কৰিব


প্ৰধানমন্ত্ৰীয়ে মুম্বাই উপনগৰীয় ৰে'লৱেৰ দুখন উপনগৰীয় ৰে'লগাড়ীও পতাকা দেখুৱাই ৰাওনা কৰাব

প্ৰায় ৬২০ কোটি টকাৰ ব্যয়েৰে নিৰ্মিত, অতিৰিক্ত ৰে'লৱে লাইনে উপনগৰীয় ৰে'লগাড়ীৰ যাতায়াতত দীর্ঘ দূৰত্বৰ ৰে'লগাড়ীৰ যাতায়াতত থকা বাধা যথেষ্ট আঁতৰাব

এই ৰে'লপথসমূহেৰে ৩৬খন নতুন উপনগৰীয় ৰে'লগাড়ীও চলিব পাৰিব

Posted On: 17 FEB 2022 12:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ ফেব্ৰুৱাৰী, ২০২২ৰ সন্ধিয়া ৪:৩০ বজাত ঠাণে আৰু দিৱাক  সংযুক্ত কৰা দুটা অতিৰিক্ত ৰে'লৱে লাইন ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত ৰাষ্ট্ৰক সমৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীয়ে মুম্বাই উপনগৰীয় ৰে'লৱেৰ দুখন উপনগৰীয় ৰে'লগাড়ীও পতাকা দেখুৱাই ৰাওনা কৰাব। ইয়াৰ পাছত তেওঁ এই উপলক্ষে ভাষণ দিব।

 

কল্যাণ মধ্য ৰে'লৱেৰ মুখ্য জংচন। দেশৰ উত্তৰ আৰু দক্ষিণ ভাগৰ পৰা অহা যাতায়াত কল্যাণত একেলগ হৈ যায় আৰু ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ (চিএছটিএম)ৰ দিশত গুছি যায়। কল্যাণ আৰু চিএছটিএমৰ মাজত চাৰিটা ৰে'লপথৰ দুটা ট্ৰেক ধীৰ গতিৰ লোকেল ট্ৰেইনৰ বাবে আৰু দুটা ট্ৰেক দ্ৰুত লোকেল, মেইল এক্সপ্ৰেছ আৰু মালগাড়ীৰ বাবে ব্যৱহাৰ কৰা হৈছিল। উপনগৰীয় আৰু দীৰ্ঘ দূৰত্বৰ ৰে'লগাড়ীসমূহক পৃথক কৰিবৰ বাবে দুটা অতিৰিক্ত ৰে'লপথৰ যোজনা প্ৰস্তুত কৰা হৈছিল।

 

ঠাণে আৰু দিৱাক সংযুক্ত কৰা দুটা অতিৰিক্ত ৰে'ললাইন প্ৰায় ৬২০ কোটি টকাৰ ব্যয়েৰে বনোৱা হৈছে আৰু ইয়াত ১.৪ কিঃমিঃ দীঘল ৰে'ল ফ্লাইঅভাৰ, ৩খন প্ৰধান দলং, ২১খন সৰু দলং অন্তৰ্ভুক্ত আছে। এই লাইনবিলাকে মুম্বাইত উপনগৰীয় ৰে'লগাড়ীসমূহৰ যাতায়াতৰ লগতে দীৰ্ঘ দূৰত্বৰ ৰে'লগাড়ীসমূহৰ যাতায়াতত থকা অন্তৰায়বিলাক যথেষ্ট দূৰ কৰিব। এই লাইনবিলাকৰ জৰিয়তে চহৰত ৩৬খন নতুন উপনগৰীয় ৰে'লগাড়ীও চলাব পৰা যাব।

***

DS/LP/AK



(Release ID: 1799241) Visitor Counter : 180