প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘আইচিআৰআইএছএটি’-ৰ ৫০সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানৰ শুভাৰম্ভ ঘোষণা আৰু আন দুটা গৱেষণা প্ৰকল্পৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে


“কৃষি খণ্ডক সহজসাধ্য আৰু বহণক্ষম কৰি তুলিছে আপোনালোকৰ গৱেষণাই”

“গ্ৰহ-অনুকূল গণ আন্দোলন কেৱল কথাতে সীমাবদ্ধ নহয়, বৰঞ্চ ই ভাৰত চৰকাৰৰ কাম-কাজতো প্ৰতিম্বিত হৈছে”

“জলবায়ুয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ পৰা খেতিয়কসকলক সুৰক্ষিত কৰাৰ বাবে ভাৰতে ‘মূললৈ ওভতা’ আৰু ‘ভৱিষ্যতলৈ আগবঢ়া’ নীতিৰ সংমিশ্ৰণ ঘটোৱাত গুৰুত্ব দিছে ভাৰতে”

“ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে কৃষকসকলৰ সৱলীকৰণৰ পৰিসৰ বৃদ্ধিৰ বাবে নিৰন্তৰ প্ৰয়াস কৰিছে ভাৰতে”

“অমৃত কালত কৃষিখণ্ডৰ উচ্চ হাৰৰ উন্নয়ণৰ লগতে সমাবেশী বিকাশত গুৰুত্ব আৰোপ কৰিছে ভাৰতে”

“দেশত স্থাপন কৰা সহস্ৰ ‘এফপিঅ’ত ক্ষুদ্ৰ কৃষকসকলক ঐক্যবদ্ধ কৰি আমি এখন সতৰ্ক আৰু প্ৰবল শক্তিশালী বজাৰ গঢ়ি তুলিব বিচাৰিছো”

“আমি পুষ্টি-সুৰক্ষাৰ লগতে খাদ্য-সুৰক্ষা নিশ্চিত কৰাতো গুৰুত্ব আৰোপ কৰিছো। এই লক্ষ্য পূৰণৰ উদ্দেশ্যে বিগত ৭টা বছৰত আমি বহু সংখ্যক ‘জৈৱ-সংবৰ্দ্ধনযুক্ত সঁচ’ বিকশিত কৰিছো

Posted On: 05 FEB 2022 4:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীয়ে আজি ‘ইণ্টাৰনেশ্যনেল কৰ্পছ ৰিছাৰ্চ ইন্ষ্টিটিউট ফৰ ছেমি-এৰিড ট্ৰপিক্ছ’- থোৰতে ‘আইচিআৰআইএছএটি’-ৰ হাইদৰাবাদৰ পটানচেৰু চৌহদত সংস্থাটোৰ ৫০সংখ্যক বৰ্ষপূৰ্তি সমাৰোহৰ শুভাৰম্ভ ঘোষণা কৰে। একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে ‘আইচিআৰআইএছএটি’-ৰ ‘শস্য সুৰক্ষাৰ ক্ষেত্ৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ’ তথা ‘আইচিআৰআইএছএটি’-ৰ ‘দ্ৰুত উত্পাদন উন্নয়ণ সুবিধা’ সম্পৰ্কীয় আন দুটা প্ৰকল্পও উদ্বোধন কৰে। এই দুয়োটা সেৱা প্ৰকল্প এছীয়া আৰু আফ্ৰিকাৰ চাহাৰাঞ্চলৰ ক্ষুদ্ৰ কৃষকৰ নামত উত্সৰ্গিত। প্ৰধানমন্ত্ৰীয়ে ‘আইচিআৰআইএছএটি’-ৰ বাবে বিশেষ ভাবে যুগুতাই উলিওৱা এটা প্ৰতীকৰ লগতে এটা ডাক টিকটো আনুষ্ঠানিক ভাবে উন্মোচন কৰে। অনুষ্ঠানত তেলেংগাণাৰ ৰাজ্যপাল শ্ৰীমতী তামিলিসাই সৌন্দাৰাজন, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু শ্ৰী জি কিষাণ ৰেড্ডীও উপস্থিত থাকে।

‘বসন্ত পঞ্চমী’ৰ পবিত্ৰ উপলক্ষৰ কথা উল্লেখ কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে ‘আইচিআৰআইএছএটি’-ক ৫০সংখ্যক সফল বৰ্ষপূতিৰ বাবে অভিনন্দন জ্ঞাপন কৰে। দেশ আৰু ‘আইচিআৰআইএছএটি’-ৰ বাবে আগন্তুক ২৫টা বছৰৰ গুৰুত্ব দোহৰি প্ৰধানমন্ত্ৰীয়ে নতুন লক্ষ্য নিৰ্দ্ধাৰিত কৰি সেই লক্ষ্যত উপনীত হ’ব পৰাকৈ কাম কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ ভাৰতকে ধৰি পৃথীৱীৰ বৃহত্ অংশ এটাৰ কৃষি উন্নয়ণৰ ক্ষেত্ৰত ‘আইচিআৰআইএছএটি’-য়ে আগবঢ়োৱা অৰিহণাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ ভূমি প্ৰবন্ধন, শস্যৰ সঁচৰ উন্নয়ণ সাধন, পথাৰ বৈচিত্ৰতা আৰু পশুধন সংহতকৰণ আদিৰ ক্ষেত্ৰত সংস্থাটোৱে আগবঢ়োৱা অৱদানৰো প্ৰশংসা কৰে। বজাৰৰ সৈতে কৃষকসকলৰ সংহতকৰণ তথা তেলেংগাণাত মাহ আৰু কাবুলী বুটৰ খেতিৰ বাবে গ্ৰহণ কৰা বিস্তৃত পদক্ষেপৰ বাবেও তেওঁ শলাগ লয়। এই প্ৰসংগত মন্তব্য কৰি তেওঁ কয়, “কৃষি খণ্ডক সহজসাধ্য আৰু বহণক্ষম কৰি তুলিছে আপোনালোকৰ গৱেষণাই”।

প্ৰধানমন্ত্ৰীয়ে কয় যে জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা সংকটে আটাইকৈ প্ৰভাৱিত কৰে ক্ষুদ্ৰ সমলৰে জীৱন নিৰ্বাহ কৰা বিকাশৰ অন্তিম সীমাত থকা লোকসকলক। এনে প্ৰেক্ষাপটতে তেওঁ জলবায়ু পৰিৱৰ্তনৰ সংকটৰ প্ৰতি বিশেষ দৃষ্টিভংগী গ্ৰহণৰ ভাবে পৃথিৱীৰ প্ৰতি ভাৰতে জনোৱা আহ্বান দোহাৰে। তেওঁ ‘লাইফ-লাইফষ্টাইল ফৰ এনভাৰ্ণমেণ্ট’, ‘পি৩- প্ৰ’ প্লেনেট পিপুল মভমেণ্টছ’ তথা ২০৭০-ৰ ভিতৰত ভাৰতে গ্ৰহণ কৰা ‘নেট জিৰো’ৰ লক্ষ্যৰ প্ৰসংগ উল্লেখ কৰে। প্ৰ প্লেনেট পিপুল মভমেণ্ট অথবা গ্ৰহ অনুকূল গণ আন্দোলন-য়ে জলবায়ু পৰিৱৰ্তনক ৰুধিবলৈ দায়িত্ব প্ৰদান কৰি সকলো সম্প্ৰদায়, সকলো ব্যক্তিকে সংযোজিত কৰে। গ্ৰহ-অনুকূল গণ আন্দোলন কেৱল কথাতে সীমাবদ্ধ নহয়, বৰঞ্চ ই ভাৰত চৰকাৰৰ কাম-কাজতো প্ৰতিম্বিত হৈছে” বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, “জলবায়ুয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ পৰা খেতিয়কসকলক সুৰক্ষিত কৰাৰ বাবে ভাৰতে ‘মূললৈ ওভতা’ আৰু ‘ভৱিষ্যতলৈ আগবঢ়া’ নীতিৰ সংমিশ্ৰণ ঘটোৱাত গুৰুত্ব দিছে।”

ইফালে, “ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে কৃষকসকলৰ সৱলীকৰণৰ পৰিসৰ বৃদ্ধিৰ বাবেও ভাৰতে নিৰন্তৰ প্ৰয়াস কৰিছে” বুলিও তেওঁ মন্তব্য কৰে।

প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে কয়, “অমৃত কালত ভাৰতে কৃষিখণ্ডৰ উচ্চ হাৰৰ উন্নয়ণৰ লগতে সমাবেশী বিকাশত গুৰুত্ব আৰোপ কৰিছে। দেশত স্থাপন কৰা সহস্ৰ ‘এফপিঅ’ত ক্ষুদ্ৰ কৃষকসকলক ঐক্যবদ্ধ কৰি আমি এখন সতৰ্ক আৰু প্ৰবল শক্তিশালী বজাৰ গঢ়ি তুলিব বিচাৰিছো”

 

আনহাতে, “আমি পুষ্টি-সুৰক্ষাৰ লগতে খাদ্য-সুৰক্ষা নিশ্চিত কৰাতো গুৰুত্ব আৰোপ কৰিছো। এই লক্ষ্য পূৰণৰ উদ্দেশ্যে বিগত ৭টা বছৰত আমি বহু সংখ্যক ‘জৈৱ-সংবৰ্দ্ধনযুক্ত সঁচ’ বিকশিত কৰিছো” বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে, ‘আইচিআৰআইএছএটি’ হৈছে এছীয়া আৰু আফ্ৰিকীয় ছাহাৰাঞ্চলৰ কৃষি গৱেষণা তথা উন্নয়ণৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা এটি সংস্থা। বিভিন্ন প্ৰজাতিৰ শস্যৰ উন্নত সঁচৰ উদ্ভাৱন তথা বহু সংখ্যক বৰ্ণ-সংকৰ প্ৰজাতিৰ সঁচ বিকশিত কৰাৰ লগতে এই সংস্থাই শুষ্ক অঞ্চলৰ খেতিয়কসকলক জলবায়ু-পৰিৱৰ্তনে সৃষ্টি কৰা সংকটৰে যুঁজাৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াই আহিছে।

 

***

DS/KB



(Release ID: 1796080) Visitor Counter : 133