বিত্ত মন্ত্ৰালয়

২০২১-২২ত ঘেহু আৰু ধান ক্ৰয় কৰাৰ বাবে ১৬৩ লাখ খেতিয়কলৈ প্ৰত্যক্ষ হস্তান্তৰণৰ ব্যৱস্থাৰে ২.৩৭ লাখ কোটি টকাৰ এমএছপি মূল্য প্ৰদানৰ দিহা


খেতিয়কৰ বাবে ‘ডিজিটেল আৰু হাই-টেক’ সেৱা আগবঢ়োৱাৰ বাবে ‘পিপিপি মোড’ত আঁচনি

কৃষি আৰু গ্ৰামীণ প্ৰতিষ্ঠানৰে জড়িত ‘ষ্টাৰ্ট আপ’ক বিত্তীয় সাহায্য আগবঢ়োৱাৰ বাবে পুঁজিৰ ব্যৱস্থা

৯.০৮ লাখ হেক্টৰ কৃষিভূমক উপকৃত কৰাৰ বাবে ‘কেন-বেতৱা সংযোগী প্ৰকল্প’

দেশ জুৰি ৰাসায়নিক দ্ৰব্য মুক্ত প্ৰকৃতিক কৃষিৰ উত্তৰণৰ বাবে ‘কিষাণ ড্ৰোন’ৰ ব্যৱহাৰ

‘মিলেট’ সামগ্ৰীৰ প্ৰমূল্য-বৰ্দ্ধন তথা ‘ব্ৰেণ্ডিং’-ত বিশেষ গুৰুত্ব

তৈলবীজৰ ঘৰুৱা উত্পাদন বৃদ্ধিৰ বাবে বিস্তৃত আঁচনি ৰূপায়ণৰ ব্যৱস্থা

Posted On: 01 FEB 2022 1:04PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত তথা কৰ্পোৰেট পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত উথ্থাপন কৰা ২০২২-২৩ বৰ্ষৰ বাজেটত ২০২১-২২ বৰ্ষৰ ৰবি শস্যৰ বতৰত ঘেহু আৰু খাৰিফ শস্যৰ বতৰত ধানৰ আনুমানিক ক্ৰয়ত ১৬৩ কোটি খেতিয়কৰ পৰা ১২০৮ লাখ মেট্ৰিক টন পৰিমাণৰ ঘেহু আৰু ধানৰ সংগ্ৰহ কৰা হ’ব আৰু ইয়াৰ বাবদ আদায় দিবলগীয়া ২.৩৭ লাখ কোটি টকা পৰিমানৰ ‘এমএছপি’ ৰাশি পোণপতীয়া ভাবে খেতিয়কসকলৈ প্ৰেৰণ কৰা হ’ব বুলি উল্লেখ কৰে।

খেতিয়কৰ বাবে ডিজিটেল আৰু হাইটেক সেৱা

বিত্ত মন্ত্ৰীয়ে কয় যে ‘পিপিপি মোড’ত এখন নতুন আঁচনি আৰম্ভ কৰা হ’ব যাৰ আধাৰত খেতিয়কসকলক ‘ডিজিটেল আৰু হাইটেক সেৱা’সমূহ প্ৰদান কৰা হ’ব। ইয়াত সাৰ্বজনীন ক্ষেত্ৰৰ অনুসন্ধান আৰু সম্প্ৰসাৰণ সেৱাৰ লগতে ব্যক্তিগত কৃষি-প্ৰযুক্তি কোম্পানী আৰু কৃষি প্ৰমূল্য-শৃংখলাৰ হিতাধিকাৰীসকল অন্তৰ্ভুক্ত হ’ব।

কৃষি আৰু গ্ৰামীণ উদ্যোগৰ বাবে ষ্টাৰ্ট-আপ

কৃষিক্ষেত্ৰত ‘ষ্টাৰ্ট-আপ’ ব্যৱস্থাক গুৰুত্ব প্ৰদান কৰি শ্ৰীমতী সীতাৰমণে কয় যে ‘সহ-বিনিয়োগ আৰ্হি’ৰ অন্তৰ্গত মিশ্ৰিত মূলধনী পুঁজিৰ বাবে ‘নাবাৰ্ড’ৰ পৰা সহযোগিতা আগবঢ়োৱা হ’ব। এই পুঁজিৰ উদ্দেশ্য কৃষি উত্পাদনৰ প্ৰমূল্য-শৃংখলৰ বাবে উপযুক্ত কৃষি আৰু গ্ৰাম্য উদ্যোগৰে সম্পৰ্কিত ‘ষ্টাৰ্ট-আপ’ৰ বিত্তীয় সহযোগিতা আগবঢ়োৱাৰ প্ৰয়োজন। এই ‘ষ্টাৰ্ট-আপ’সমূহৰ ক্ৰিয়া-কলাপত অন্য কথাৰ বাহিৰেও খেতিয়কসকলক পথাৰ পৰ্যায়ত ভাড়াৰ আধাৰত বিকেন্দ্ৰীকৃত যন্ত্ৰ-পাতি উপলব্ধ কৰোৱা, ‘এফপিঅ’-ৰ বাবে ‘আইটি’ আধাৰিত সহযোগিতা আগবঢ়োৱাৰ দৰে কামবোৰ অন্তৰ্ভুক্ত কৰা হ’ব।

কেন বেতৱা সংযোগী পৰিযোজনা

বিত্ত মন্ত্ৰীয়ে কয়, ৪৪,৬০৫ কোটি টকাৰ আনুমানিক বিনিয়োগৰে ‘কেন বেতৱা সংযোগী পৰিযোজনা’ ৰূপায়ণ কৰা হ’ব। এই যোজনাৰ উদ্দেশ্য হ’ব ৯.০৮ লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা। এই পৰিযোজনাই ৬২লাখ লোকৰ বাবে খোৱাপানীৰ যোগান নিশ্চিত কৰাৰ লগতে ১০৩মেগাৱাট জলবিদ্যুত আৰু ২৭মেগাৱাট সৌৰ শক্তিও উপলব্ধ কৰাব। তেওঁ কয় যে এই পৰিযোজনাৰ বাবে ২০২১-২২বৰ্ষত সংশোধিত প্ৰাককলনৰ আধাৰত ৪,৩০০ কোটি টকা আৰু ২০২২-২৩ত ১,৪০০ কোটি টকাৰ পুঁজি আৱণ্টিত কৰা হৈছে। আনহাতে পাঁচখন নদীৰ সংযোগ তথা দমনগংগা-পিঞ্জল, পাৰ-তাপী-নৰ্মদা, গোদাৱৰী-কৃষ্ণা, কৃষ্ণ-পেন্নাৰ-কাৱেৰীৰ খচৰা বিস্তৃত প্ৰকল্প প্ৰতিবেদনৰ অন্তিম ৰূপ দিয়া হৈছে। তেওঁ কয় যে ইয়াৰ জৰিয়তে লাভান্বিত হ’বলগীয়া ৰাজ্যসমূহৰ মাজত এই প্ৰসংগত সহমত স্থাপন হ’লেই কেন্দ্ৰীয় চৰকাৰে ইয়াক ৰূপায়ণৰ বাবে সাহায্য আগবঢ়োৱাৰ কাম আৰম্ভ কৰিব।

কিষাণ ড্ৰোন

নতুন প্ৰযুক্তিৰ সদ্ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰি বিত্ত মন্ত্ৰীয়ে কয় যে কৃষি উত্পাদনৰ সমীক্ষা কৰা, মাটিৰ নথি-পত্ৰৰ ‘ডিজিটাইজেশ্যন’ কৰা, কীটনাশক আৰু পুষ্টিতত্ব সিঁচাৰ বাবে ‘কিষাণ ড্ৰোন’ৰ ব্যৱহাৰ কৰাৰ বাবে উত্সাহ যোগোৱা হ’ব।

ৰাসায়নমুক্ত প্ৰাকৃতিক খেতি

বাজেটত ৰাসায়নৰ ব্যৱহাৰ নকৰি প্ৰাকৃতিক খেতিৰ প্ৰতি অধিক গুৰুত্ব প্ৰদানৰ আহ্বান জনোৱা হৈছে। দেশজুৰি ৰাসায়ন মুক্ত প্ৰাকৃতিক খেতিৰ হাৰ বঢ়োৱাত গুৰুত্ব আৰোপ কৰা হৈছে। এই ক্ষেত্ৰত প্ৰথম পৰ্যায়ত গংগা নদীৰ পৰা পাঁচ কিলিমিটাৰ বহল কৰিডৰ-ৰ মাজত পৰা খেতিমাটিসমূহত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব।

মিলেট উত্পাদনৰ বাবে সাহায্য

বাজেটত ফচলৰ সংগ্ৰহৰ পৰৱৰ্তি পৰ্যায়ত প্ৰমূল্য বৰ্দ্ধন, ঘৰুৱা ব্যৱহাৰৰ পৰিমান বৃদ্ধি কৰা তথা মিলেটৰ উত্পাদন বঢ়োৱাৰ লগতে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ ব্ৰেণ্ডিং কৰাৰ বাবে ব্যৱস্থা কৰা হৈছে।

তৈলবীজৰ উত্পাদনৰ বাবে আঁচনি

বিত্ত মন্ত্ৰীয়ে ঘৰুৱা তৈলবীজৰ উত্পাদন বৃদ্ধি কৰাৰ বাবে সমগ্ৰ আঁচনি ৰূপায়ণৰ কথা ঘোষণা কৰিছে। তেওঁ কয় যে তৈলবীজৰ আমদানীৰ ক্ষেত্ৰত নিৰ্ভৰশীলতা কম কৰাৰ বাবে তৈলবীজৰ ঘৰুৱা উত্পাদন বৃদ্ধিৰ উদ্দেশ্যে এক যুক্তি সংগত আৰু বিস্তৃত পৰিসৰৰ আঁচনি ৰূপায়ণৰ দিহা কৰা হ’ব।

খাদ্য সংসাধন

বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰে যে ফল আৰু শাক-পাচলিৰ উপযুক্ত সঁচক আদৰি লোৱা আৰু উত্পাদন আৰু ফচল কটাৰ বাবে যথোচিত পদ্ধতি প্ৰয়োগ কৰাৰ বাবে খেতিয়কসকলক সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বৰে এক ব্যাপক পেকেজ আগবঢ়োৱা হ’ব।

 

***

 

RM/VP/KB



(Release ID: 1794587) Visitor Counter : 234