বিত্ত মন্ত্ৰালয়

সেৱাসমূহে জিডিপিলৈ ৫০% ৰোধিক বৰঙণি আগবঢ়াইছে


২০২১-২২ ৰ প্ৰথমাৰ্ধত খণ্ডৰ ১০.৮% বৃদ্ধি

সামগ্ৰিক সেৱা খণ্ডত ৮.২% বৃদ্ধি আশা কৰা হৈছে

২০২১-২২ ৰ প্ৰথমাৰ্ধ (H1) ত $১৬.৭৩ বিলিয়নৰ এফডিআই প্ৰবাহ লাভ কৰা হৈছে

২০২১-২২ ত সেৱাৰ মুঠ ৰপ্তানিত ২২.৮% বৃদ্ধি

আইটি-বিপিএম ৰাজহ $১৯৪ বিলিয়নত উপনীত হৈছে, ২০২০-২১ ত ২.২৬% বৃদ্ধি

২০২১ ত ৪৪ টা ষ্টাৰ্টআপ ইউনিকৰ্ণ স্থিতিত উপনীত হৈছে

২০১৪ ত ১০৫২.২৩ এমটিপিএৰপৰা ২০২১ ত মুঠ কাৰ্গ’ ক্ষমতা ১,২৪৬.৮৬ এমটিপিএলৈ বৃদ্ধি

ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ বাবে মহাকাশ খণ্ডত ভিন্ন সংস্কাৰ সাধন

Posted On: 31 JAN 2022 2:49PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত উত্থাপন কৰা ২০২১-২২ ৰ অৰ্থনৈতিক সমীক্ষাই সেৱা খণ্ডই ভাৰতৰ জিডিপিত ৫০% ৰোধিক বৰঙণি আগবঢ়াইছে বুলি আলোকপাত কৰে। সমীক্ষাটোৱে লগতে উল্লেখ কৰে যে সেৱা খণ্ডই চলিত বিত্তীয় বৰ্ষটোৰ প্ৰথমাৰ্ধত দৃঢ় পুনৰুদ্ধাৰ পঞ্জীয়ন কৰিছিল। "সামগ্ৰিকভাৱে, সেৱা খণ্ডটো ২০২১-২২ ৰ প্ৰথমাৰ্ধ (H1) বছৰি (YoY) ১০.% বৃদ্ধি পাইছে", সমীক্ষাটোত প্ৰকাশ।

সামগ্ৰিক সেৱা খণ্ডটোৰ জিভিএ ২০২১-২২ ত ৮.২ শতাংশ বৃদ্ধিৰ সম্ভাৱনা আছে, অৱশ্যে অ’মিক্ৰন প্ৰজাতিৰ বিস্তাৰে নিকট ম্যাদৰ বাবে বিশেষকৈ মানুহৰ সম্পৰ্কৰ প্ৰয়োজন হোৱা খণ্ডসমূহত এক অনিশ্চয়তা কঢ়িয়াইছে বুলি সমীক্ষাটোৱে গুৰুত্ব আৰোপ কৰে।

সেৱাত এফডিআই

অৰ্থনৈতিক সমীক্ষাটোত উল্লেখ কৰা হৈছে যে সেৱা খণ্ড হৈছে ভাৰতত এফডিআই প্ৰবাহৰ সৰ্ববৃহৎ গ্ৰহণকাৰী। ২০২১-২২ ৰ এইচ১ ত, সেৱা খণ্ডই $১৬.৭৩ বিলিয়ন এফডিআই ইকুইটি প্ৰবাহ লাভ কৰে। "শিক্ষা উপ খণ্ডৰ সৈতে বিত্তীয়, ব্যৱসায়, আউটচৰ্চিং, আৰএণ্ডডি, কুৰিয়াৰ, টেক টেষ্টিং বিশ্লেষণত শক্তিশালী এফডিআই প্ৰবাহ দেখা গৈছে", সমীক্ষাটোত এইবুলি উল্লেখ কৰা হৈছে।

সেৱাৰ ব্যৱসায়

অৰ্থনৈতিক সমীক্ষাটোৱে উল্লেখ কৰে যে বৈশ্বিক সেৱা ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ প্ৰভাৱশালী উপস্থিতি আছে। ই ২০২০ ত শীৰ্ষ দহ সেৱা ৰপ্তানিকাৰী দেশৰ ভিতৰত আছিল, বিশ্ব বাণিজ্যিক সেৱা ৰপ্তানিত ইয়াৰ অংশ ২০১৯ ৰ ৩.৪% ৰপৰা ২০২০ ত ৪.১% লৈ বৃদ্ধি হৈছে। "সামগ্ৰী ৰপ্তানিৰ তুলনাত ভাৰতৰ সেৱা ৰপ্তানিত ক’ভিড-১৯ সৃষ্ট বৈশ্বিক লকডাউনৰ প্ৰভাৱ কম গুৰুতৰ আছিল", বুলি অৰ্থনৈতিক সমীক্ষাটোত কোৱা হৈছে। সমীক্ষাটোত তদুপৰি উল্লেখ কৰা হৈছে যে পৰিবহণ ৰপ্তানিৰ ওপৰত ক’ভিড-১৯ ৰ প্ৰভাৱ থকা সত্বেও, ছফ্টৱেৰ, ব্যৱসায় আৰু পৰিবহণ সেৱাৰ ৰপ্তানিৰদ্বাৰা সহায় কৰা সেৱাৰ মুঠ ৰপ্তানিত দুটা অংকৰ বৃদ্ধিৰ ফলত ২০২১-২২ ৰ এইচ১ ত সেৱাৰ মুঠ ৰপ্তানি ২২.৮% বৃদ্ধি হৈছে।

উপ-খণ্ড অনুসাৰে প্ৰদৰ্শন

আইটি-বিপিএম (তথ্য প্ৰযুক্তি- ব্যৱসায় প্ৰক্ৰিয়া ব্যৱস্থাপনা) খণ্ড

অৰ্থনৈতিক সমীক্ষাটোৱে আইটি-বিপিএম খণ্ডক ভাৰতৰ সেৱাৰ এক মুখ্য অংশ হিচাপে অভিহিত কৰে।

ষ্টাৰ্টআপ আৰু পেটেন্ট

অৰ্থনৈতিক সমীক্ষাটোত উল্লেখ কৰা হৈছে যে যোৱা ছবছৰত ভাৰতত ষ্টাৰ্টআপসমূহ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে, যাৰ বেছিভাগ সেৱা খণ্ডৰ অন্তৰ্ভুক্ত।

পৰ্যটন খণ্ড

অৰ্থনৈতিক সমীক্ষাটোত কোৱা হৈছে যে জিডিপি বৃদ্ধি, বৈদেশিক মুদ্ৰা উপাৰ্জন আৰু নিয়োগৰ ক্ষেত্ৰত পৰ্যটন খণ্ড এক মুখ্য অৱদানকাৰী, অৱশ্যে, ক’ভিড-১৯ মহামাৰীটোৱে ভাৰতকে ধৰি সকলো ঠাইতে বিশ্ব ভ্ৰমণ আৰু পৰ্যটনৰ ওপৰত প্ৰভাৱ পেলাইছিল।

বন্দৰ, জাহাজ পৰিবহণ আৰু জলমাৰ্গ সেৱা

অৰ্থনৈতিক সমীক্ষাটোৱে লক্ষ্য কৰে যে বন্দৰসমূহৰ বিকাশ সাধন অৰ্থনীতিৰ বাবেই গুৰুত্বপূৰ্ণ। বন্দৰসমূহে ৰপ্তানি-আমদানি কাৰ্গ’ৰ প্ৰায় ৯০% পৰিমাণ আৰু মূল্য অনুসৰি ৭০% পৰিচালনা কৰে।

মহাকাশ খণ্ড

অৰ্থনৈতিক সমীক্ষাটোত উল্লেখ কৰা হয় যে ১৯৬০ ৰ দশকৰ আৰম্ভণিৰেপৰা, ভাৰতীয় মহাকাশ কাৰ্য্যক্ৰম যথেষ্ট বৃদ্ধি পাইছে।

***

RM/BY/SJ/SB



(Release ID: 1794121) Visitor Counter : 303