বিত্ত মন্ত্ৰালয়

মহামাৰীটোৰ সময়ত সামাজিক সেৱাত চৰকাৰৰ ব্যয় যথেষ্ট বৃদ্ধি পায়


২০২১-২২ ত চৰকাৰৰ সামাজিক সেৱা খণ্ডৰ আবন্টনত ৯.৮% বৃদ্ধি দেখা যায়

২০২১-২২ ত স্বাস্থ্য ব্যয় আবন্টন ৭৩% বৃদ্ধি; শিক্ষাত ২০%

জল জীৱন অভিযানৰ অধীনত ১৯-০১-২০২২ লৈকে ৮ লাখৰোধিক বিদ্যালয়ক টেপৰ পানী যোগান ধৰা হয়

২০১৯-২০ ত প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক পৰ্য্যায়ত ড্ৰপ-আউট হাৰ হ্ৰাস

২০১৯-২০ ত ২৬.৪৫ কোটি শিশুৱে বিদ্যালয়ত নামভৰ্তি কৰিছে; পূৰ্বৱৰ্তী বৰ্ষসমূহত মুঠ নামভৰ্তিৰ অনুপাত হ্ৰাসৰ প্ৰৱণতাৰ পৰিৱৰ্তন

গ্ৰামাঞ্চলৰ শিশুসকলক ব্যক্তিগতৰপৰা চৰকাৰী বিদ্যালয়লৈ স্থানান্তৰত 'শিক্ষাৰ বাৰ্ষিক স্থিতি প্ৰতিবেদন, ২০২১' পৰিস্ফূত

Posted On: 31 JAN 2022 3:04PM by PIB Guwahati

মহামাৰীটোৰ সময়ত সামাজিক সেৱাত চৰকাৰখনৰ ব্যয় যথেষ্ট বৃদ্ধি পোৱা বুলি অৰ্থনৈতিক সমীক্ষা, ২০২১-২২ ত প্ৰকাশ। কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত ২০২১-২২ ৰ অৰ্থনৈতিক সমীক্ষা দাঙি ধৰে। ২০২০-২১ তকৈ ২০২১-২২ ত সামাজিক সেৱা খণ্ডলৈ ব্যয় আবন্টন ৯.৮% বৃদ্ধি কৰা হৈছে।

সামাজিক খণ্ডত ব্যয়

সমীক্ষাটোত কোৱা হৈছে যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ২০২১-২২ (বিই) ত সমাজ সেৱা খণ্ডত ব্যয়ৰ বাবে মুঠ ৭১.৬১ লাখ কোটি টকা ধাৰ্য্য কৰিছে। যোৱা বছৰ (২০২০-২১) ৰ সংশোধিত ব্যয়ো বাজেটৰ পৰিমাণৰপৰা ৫৪,০০০ কোটি টকা বৃদ্ধি পাইছে। অৰ্থনৈতিক সমীক্ষাটোত তদুপৰি উল্লেখ কৰা হৈছে যে ২০২১-২২ (বিই) ত খণ্ডটোৰ পুঁজি মুঠ ঘৰুৱা উৎপাদন (GDP) ৰ ৮.৬% লৈ বৃদ্ধি হৈছে ইয়াৰ বিপৰীতে ২০২০-২১ (আই) ত আছিল জিডিপিৰ ৮.৩%। যোৱা পাঁচ বছৰত, সামাজিক সেৱাসমূহ মুঠ চৰকাৰী ব্যয়ৰ প্ৰায় ২৫% আছিল। ২০২১-২২ (বিই) ত আছিল ২৬.৬%।

অৰ্থনৈতিক সমীক্ষাটোত লগতে উল্লেখ কৰা হৈছে যে স্বাস্থ্য খণ্ডৰ ব্যয় ২০১৯-২০ ত ২.৭৩ লাখ কোটি টকাৰপৰা ২০২১-২২ (বিই) ত ৪.৭২ লাখ কোটি টকালৈ বৃদ্ধি হয়, যি প্ৰায় ৭৩% বৃদ্ধি হৈছে। শিক্ষা খণ্ডটোৰ বাবে, একে সময়তে বৃদ্ধি আছিল ২০%, সমীক্ষাটোৱে কয়।

শিক্ষা

তথ্য উপলব্ধ থকা প্ৰাক মহামাৰী বৰ্ষ ২০১৯-২০ ৰ বাবে এক মূল্যায়নত প্ৰকাশ পোৱা অনুসৰি, প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাহিৰে ২০১৮-১৯ আৰু ২০১৯-২০ ৰ ভিতৰত স্বীকৃত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি হৈ আছে বুলি সমীক্ষাটোত কোৱা হৈছে। জল জীৱন অভিযান, স্বচ্ছ ভাৰত অভিযানৰ অধীনত বিদ্যালয়সমূহত খোৱা পানী আৰু অনাময় ব্যৱস্থাৰ অগ্ৰাধিকাৰ প্ৰদানৰ লগতে সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত প্ৰয়োজনীয় সম্পদ প্ৰদান কৰা আৰু বিদ্যালয়সমূহত সম্পত্তি সৃষ্টিকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হৈছে বুলি অৰ্থনৈতিক সমীক্ষাটোত উল্লেখ কৰা হৈছে। ১৯-০১-২০২২ লৈকে, জল জীৱন অভিযানৰ অধীনত ৮,৩৯,৪৪৩ খন বিদ্যালয়ক টেপৰ পানী যোগান ধৰা হয়। লগতে, ২০১২-১৩ ৰপৰা ২০১৯-২০ লৈ সকলো স্তৰত শিক্ষকৰ উপলব্ধতা নিৰন্তৰ উন্নত হৈছে।

সমীক্ষাটোৱে লক্ষ্য কৰে যে ২০১৯-২০ ত প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক স্তৰত ড্ৰপ-আউট হাৰ হ্ৰাস পাইছে।

অৰ্থনৈতিক সমীক্ষাটোত লগতে কোৱা হয় যে ২০১৯-২০ ত সকলো স্তৰত মুঠ নামভৰ্তিৰ অনুপাত (GER) ৰ অগ্ৰগতি আৰু লিংগ সমতাৰ উন্নতি দেখা যায়।

উচ্চ শিক্ষাত মুঠ নামভৰ্তিৰ অনুপাত ২০১৯-২০ ত ২৭.১% হৈছে, যি ২০১৮-১৯ ৰ ২৬.৩% ৰপৰা সামান্য বেছি।

সমগ্ৰ ভাৰতৰ লাখ-লাখ বিদ্যালয় আৰু মহাবিদ্যালয়ক মহামাৰীটোৱে গুৰুতৰভাৱে প্ৰভাৱিত কৰিছে বুলি সমীক্ষাটোত প্ৰকাশ।

***

RM/BY/NB/NJ/UD/SB



(Release ID: 1794107) Visitor Counter : 176